নৌ-পৰিবহন মন্ত্ৰালয়

ভাৰত-বাংলাদেশ প্ৰট’কল জলপথৰ জৰিয়তে গংগা আৰু ব্ৰহ্মপুত্ৰৰ মাজত কাৰ্গ’ পৰিবহণ কাৰ্য্যকৰী


পাটনাৰ পৰা এমাহ পূৰ্বে ২০০ মেট্ৰিক টন খাদ্যশস্য কঢ়িয়াই অনা মালবাহী জাহাজৰ প্ৰৱেশ গুৱাহাটীৰ পাণ্ডু বন্দৰত

ভাৰত-বাংলাদেশ প্ৰট’কল জলপথৰ চিৰাজগঞ্জ-দৈখোৱা আৰু আশুগঞ্জ-জাকিগঞ্জৰ অংশৰ বিকাশৰ বাবে ৩০৫.৮৪ কোটিৰ বিনিয়োগ

খাদ্যশস্য আৰু টিএমটি বাৰ কঢ়িয়াই অনা চাৰিখন মালবাহী জাহাজৰ পৰিবহণে অভ্যন্তৰীণ জল পৰিবহণৰ এক নতুন যুগৰ সূচনা কৰিছে

Posted On: 06 MAR 2022 5:19PM by PIB Guwahati

ভাৰত-বাংলাদেশ প্ৰট’কল জলপথৰ জৰিয়তে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জলপথৰ আন্তঃগাঁথনিক ত্বৰান্বিত কৰি পাটনাৰপৰা এমাহ পূৰ্বে ২০০ মেট্ৰিক টন খাদ্যশস্য কঢ়িয়াই অনা এম ভি লালবাহাদুৰ শাস্ত্ৰী শীৰ্ষক জাহাজখনে আজি গুৱাহাটীৰ পাণ্ডু বন্দৰত প্ৰৱেশ কৰে। এই ঐতিহাসিক ক্ষণত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত পাণ্ডু বন্দৰত আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰে আৰু ভাৰতীয় খাদ্য নিগমলৈ অহা ২০০ মেট্ৰিক টন খাদ্যশস্য সম্বলিত জাহাজখনক আদৰণি জনায়। গংগা (ৰাষ্ট্ৰীয় জলপথ-১) আৰু ব্ৰহ্মপুত্ৰ (ৰাষ্ট্ৰীয় জলপথ-২) ৰ এই সংযোগকৰণে অসম আৰু উত্তৰ-পূব ভাৰতৰ অভ্যন্তৰীণ জল পৰিবহণৰ ক্ষেত্ৰত এক নতুন যুগৰ সূচনা কৰিছে।

ৰাষ্ট্ৰীয় জলপথ-১ (গংগা নদী) য়েদি পাটনাৰপৰা যাত্ৰা আৰম্ভ কৰা জাহজখনে ভাগলপুৰ, মণিহাৰী, চাহিবগঞ্জ, ফাৰাক্কা, ত্ৰিবেণী, কলকাতা, হালদিয়া, হেমনগৰ, খুলনা, নাৰায়ণগঞ্জ, চিৰাজগঞ্জ, চিলমাৰী হৈ ব্ৰহ্মপুত্ৰয়েদি ধুবুৰী আৰু যোগীঘোপাৰ মাজেৰে চলাচল কৰি অৱশেষত পাণ্ডুত প্ৰৱেশ কৰিছে। এই যাত্ৰাপথৰ দূৰত্ব হৈছে ২,৩৫০ কিমি। আন এখন জাহাজ এম ভি ৰাম প্ৰসাদ বিছমিলে দুটা বাৰ্জ কল্পনা চাওলা আৰু এ পি জে আব্দুল কালামৰ সৈতে যোৱা ১৭ ফেব্ৰুৱাৰীত হালদিয়াৰপৰা যাত্ৰা আৰম্ভ কৰিছিল আৰু পাণ্ডু অভিমুখে আহি আছে। জাহাজখনে ১৮০০ মেট্ৰিক টন টাটা ষ্টীল কঢ়িয়াই আনিছে আৰু ইতিমধ্যে ধুবুৰীৰ বাংলাদেশ সীমান্তত উপস্থিত হৈছে। নুমলীগড় শোধনাগাৰৰ ২৫২ মেট্ৰিক টন ডাইমেনশ্যনেল কাৰ্গ’ও যোৱা ১৫ ফেব্ৰুৱাৰীত ভাৰত-বাংলাদেশ প্ৰট’কল জলপথৰ মাজেৰে হালদিয়াৰপৰা শিলঘাটত প্ৰৱেশ কৰে। আনহাতে, ২৫০ মেট্ৰিক টনৰ কাৰ্গ’ও জলপথেদি শিলঘাটলৈ গৈ আছে।

এই যুগান্তকাৰী মুহূৰ্তত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “আজি অসমত অভ্যন্তৰীণ জল পৰিবহণৰ দিশত এক নতুন যুগৰ আৰম্ভণি হৈছে। ই ব্যৱসায়ীসকলক এক কাৰ্য্যকৰী, অৰ্থনৈতিক গতিসম্পন্ন আৰু পাৰিপাৰ্শ্বিক বিকল্প প্ৰদান কৰিব। নিৰৱচ্ছিন্ন কাৰ্গ’ পৰিবহণ হৈছে অসমৰ জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণৰ এক পূৰ্ণকালীন যাত্ৰা। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত ভাৰতৰ উত্তৰ-পূব অঞ্চলটো এতিয়া দ্ৰুত প্ৰগতিৰ দিশত আগুৱাই গৈছে আৰু দেশৰ অষ্টলক্ষ্মী হিচাপে উজলি উঠাৰ পথত আগবাঢ়িছে। আমি নিশ্চিত যে জলপথৰ জৰিয়তে কাৰ্গ’ চলাচলৰ পুনৰ আৰম্ভণিয়ে উত্তৰ-পূৰ্বাঞ্চলক ভাৰতৰ বিকাশৰ নতুন ইঞ্জিন হিচাপে উজ্জীৱিত কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।”

তদুপৰি তেখেতে কয়, “এই ঐতিহাসিক কৃতিত্বই উত্তৰ-পূব ভাৰতৰ সকলো ৰাজ্যৰ বাবে বিকাশৰ এক নতুন যুগৰ সূচনা কৰিব। জলপথসমূহৰ সুচলতাই অঞ্চলটোৰ প্ৰগতিৰ পথত কেৱল ভৌগোলিক বাধা আঁতৰ কৰাই নহয়, লগতে অসম তথা উত্তৰ-পূবৰ ব্যৱসায় ত্বৰান্বিত কৰাৰ উপৰিও স্থানীয় জনসাধাৰণৰ বাবে দ্ৰুত অৰ্থনৈতিক প্ৰগতি আৰু সুবিধাজনক পৰিবহণ নিশ্চিত কৰিব। বাংলাদেশ হৈ ঐতিহাসিক বাণিজ্য পথসমূহ পুনৰুজ্জীৱিত কৰাৰ নিৰন্তৰ প্ৰচেষ্টাই প্ৰধানমন্ত্ৰী গতি শক্তিৰ অধীনত এক উৎসাহ যোগাইছে। এনেধৰণৰ প্ৰচেষ্টাই উত্তৰ-পূবক ক্ৰমান্বয়ে যোগাযোগৰ প্ৰাণকেন্দ্ৰলৈ ৰূপান্তৰিত কৰিব ধৰিছে। প্ৰধানমন্ত্ৰী গতি শক্তিৰ অধীনত সমন্বিত উন্নয়ন পৰিকল্পনাক গতি প্ৰদান কৰা হৈছে যাতে ব্ৰহ্মপুত্ৰত কাৰ্গ’ৰ দ্ৰুত চলাচল বৃদ্ধি পায়।”

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰসংগত “এক্ট ইষ্ট নীতি” ৰ প্ৰসংগ উল্লেখ কৰি আৰু আজিৰ দিনটোক ঐতিহাসিক আখ্যা দি কয়, “ভাৰত-বাংলাদেশ প্ৰট’কল পথৰ জৰিয়তে মালবাহী জাহাজৰ আগমনে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্থনৈতিক বিকাশত এক নতুন যাত্ৰাৰ আৰম্ভণিক চিহ্নিত কৰিছে। মই নিশ্চিত যে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্ব আৰু মাননীয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ সবল উদ্যমত অনাগত দিনত অসমৰ জলপথ খণ্ডই অধিক গুৰুত্ব তথা গতি লাভ কৰিব আৰু অৰ্থনৈতিক গতিধাৰাক ত্বৰান্বিত কৰিব।”

উল্লেখযোগ্য যে ভাৰত আৰু বাংলাদেশৰ মাজত অভ্যন্তৰীণ জল পৰিবহণ আৰু বাণিজ্যৰ প্ৰট’কলৰ জৰিয়তে দুয়োখন দেশৰ মাজত সামগ্ৰী চলাচলৰ বাবে পাৰস্পৰিক জলপথ ব্যৱহাৰৰ ব্যৱস্থা আছে। ৰাষ্ট্ৰীয় জলপথ-১ (গংগা নদী) ক ৰাষ্ট্ৰীয় জলপথ-২ (ব্ৰহ্মপুত্ৰ নদী) আৰু ৰাষ্ট্ৰীয় জলপথ-১৬ (বৰাক নদী) ৰ সৈতে ভাৰত-বাংলাদেশ প্ৰট’কল পথৰ জৰিয়তে সংযুক্ত কৰা হৈছে। এই জলপথসমূহেৰে উপযুক্ত চলাচল আৰু আন্তঃগাঁথনি উন্নত কৰাৰ বাবে ভাৰত-বাংলাদেশ প্ৰট’কল পথৰ দুটা অংশ, অৰ্থাৎ চিৰাজগঞ্জ-দৈখোৱা আৰু আশুগঞ্জ-জাকিগঞ্জক ৮০:২০ (ভাৰত:বাংলাদেশ) অনুপাতত মুঠ ৩০৫.৮৪ কোটি টকা ব্যয়সাপেক্ষে উন্নীত কৰি থকা হৈছে। তদুপৰি সাত বছৰৰ বাবে (২০১৯-২০২৬ চনলৈ) জলপথছোৱাত প্ৰয়োজনীয় গভীৰতা নিশ্চিত কৰাৰ বাবে ড্ৰেজিঙৰ বাবেও চুক্তি চলি আছে। ভাৰতৰ ফাৰাক্কাৰ ওচৰৰ মাইয়াৰপৰা বাংলাদেশৰ আৰিচালৈ ভাৰত-বাংলাদেশ প্ৰট’কল পথ নং ৫ আৰু ৬ হোৱাৰ পিছত, ৰাষ্ট্ৰীয় জলপথ-১ (গংগা) আৰু ৰাষ্ট্ৰীয় জলপথ-২ (ব্ৰহ্মপুত্ৰ) ৰ অভ্যন্তৰীণ জল পৰিবহণৰ দূৰত্ব প্ৰায় ১০০০ কিলোমিটাৰ হ্ৰাস পাব, যিয়ে সময় আৰু ব্যয়ো যথেষ্ট পৰিমাণে হ্ৰাস কৰিব।

মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ “এক্ট ইষ্ট” নীতি অনুসৰি, কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ে ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ জৰিয়তে ৰাষ্ট্ৰীয় জলপথ-১, ভাৰত-বাংলাদেশ প্ৰট’কল পথ আৰু ৰাষ্ট্ৰীয় জলপথ-২ ত কেইবাটাও আন্তঃগাঁথনিমূলক প্ৰকল্প হাতত লৈছে। এই পদক্ষেপসমূহে জলপথৰ জৰিয়তে উত্তৰ-পূব অঞ্চলৰ সৈতে ভাৰতৰ অন্য প্ৰান্তৰ উপৰিও ওচৰ-চুবুৰীয়া দেশসমূহৰ লগত যোগাযোগ ব্যৱস্থা অধিক উন্নত কৰিব। কেন্দ্ৰীয় চৰকাৰে ২০০০ টনলৈকে জাহাজৰ সুৰক্ষিত আৰু বহনক্ষম চলাচলৰ লক্ষ্য আগত ৰাখি ৰাষ্ট্ৰীয় জলপথ-১ (গংগা নদী) ৰ ক্ষমতা বৃদ্ধিৰ বাবে প্ৰায় ৪৬০০ কোটি টকা বিনিয়োগেৰে অভিলাষী “জল মাৰ্গ বিকাশ প্ৰকল্প” হাতত লৈছে।

আজিৰ এই বিশেষ অনুষ্ঠানত লগতে উপস্থিত থাকে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ অধ্যক্ষ সঞ্জয় বন্দোপাধ্যায়, শ্যামাপ্ৰসাদ মুখাৰ্জী বন্দৰ ন্যাসৰ অধ্যক্ষ বিনীত কুমাৰ প্ৰমুখ্যে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ সংশ্লিষ্ট বিষয়াসকল।

 

***



(Release ID: 1803404) Visitor Counter : 282