প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ভাগলপুৰত সংঘটিত বিস্ফোৰণত প্ৰাণহানিৰ ঘটনাত দুখ প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
04 MAR 2022 12:02PM by PIB Guwahati
ভাগলপুৰত সংঘটিত বিস্ফোৰণত প্ৰাণহানিৰ ঘটনাত দুখ প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীয়ে এই ঘটনা সম্পৰ্কীয় পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী শ্ৰী নীতিশ কুমাৰৰ সৈতে কথা পাতে। তেওঁ জানিবলৈ দিয়ে যে প্ৰশাসনে সাহায্য আৰু উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে আৰু ক্ষতিগ্ৰস্তসকলক সম্ভৱপৰ সকলো সহায় আগবঢ়োৱা হৈছে।
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;
‘বিহাৰৰ ভাগলপুৰত সংঘটিত বিস্ফোৰণত প্ৰাণহানি হোৱাৰ খবৰ অতি বেদনাদায়ক। মই আঘাতপ্ৰাপ্তসকলৰ আশু আৰোগ্য কামনা কৰিছোঁ। এই ঘটনা সম্পৰ্কীয় পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী @NitishKumar জীৰ সৈতেও কথা পতা হৈছিল। প্ৰশাসনে সাহায্য আৰু উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে, আৰু ভুক্তভোগীসকলক সম্ভৱপৰ সকলো সহায় আগবঢ়োৱা হৈছে।’
***
DS/SH/KG
(रिलीज़ आईडी: 1803392)
आगंतुक पटल : 186
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam