প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

কোৱাড নেতৃবৰ্গৰ ভাৰ্চুৱেল সন্মিলনত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ

Posted On: 03 MAR 2022 10:55PM by PIB Guwahati

প্ৰধানমন্ত্ৰীয়ে আজি মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেন, অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিছন আৰু জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ কিশিদাৰ সৈতে কোৱাড নেতৃবৰ্গৰ এখন ভাৰ্চুৱেল সন্মিলনত অংশগ্ৰহণ কৰে৷

বৈঠকত ২০২১ চনৰ কোৱাড সন্মিলনৰ পৰা গ্ৰহণ কৰা কোৱাড প্ৰচেষ্টাৱলীৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰা হয়৷ নেতৃবৰ্গই চলিত বৰ্ষৰ শেষভাগত জাপানত অনুষ্ঠিত হ’বলগীয়া সন্মিলনত এক সুস্পষ্ট ফলাফল লাভৰ উদ্দেশ্যে সহযোগিতা বৃদ্ধিত সহমত পোষণ কৰে৷

প্ৰধানমন্ত্ৰীয়ে কোৱাডে ইয়াৰ মুল উদ্দেশ্য অৰ্থাৎ ভাৰত-প্ৰশান্ত মহাসাগৰীয় এলেকাত শান্তি, সুস্থিৰতা আৰু সমৃদ্ধি বৰ্তাই ৰখাত গুৰুত্ব দিব লাগিব বুলি সজোৰে কয়৷ তেওঁ কোৱাডৰ ভিতৰত মানৱতাবাদ আৰু দুৰ্যোগজনিত সাহাৰ্য, ঋণৰ বহনযোগ্যতা, যোগান শৃংখল, স্বচ্ছ শক্তি, যোগাযোগ আৰু সক্ষমতা নিৰ্মাণ ইত্যাদি বিষয়ত এক সু-স্পষ্ট আৰু বাস্তৱসন্মত সহযোগিতাৰ আহ্বান জনায়৷

বৈঠকত ইউক্ৰেইনৰ সংকট আৰু মানৱতাবাদত ইয়াৰ প্ৰভাৱ সন্দৰ্ভতো আলোচনা কৰা হয়৷ প্ৰধানমন্ত্ৰীয়ে এই ক্ষেত্ৰত কূটনৈতিক আলোচনাৰ ওপৰত অধিক জোৰ দিয়ে৷

কোৱাড নেতৃবৰ্গই লগতে দক্ষিণ এছিয়াৰ পৰিস্থিতি, ভাৰত মহাসাগৰ এলেকা আৰু প্ৰশান্ত মহাসাগৰীয় দ্বীপপুঞ্জকে ধৰি কেতবোৰ প্ৰাসংগিক সমস্যাৰ সন্দৰ্ভতো আলোচনা কৰে৷ প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰসংঘৰ চনদ, আন্তঃৰাষ্ট্ৰীয় আইন মানি চলা আৰু সাৰ্বভৌমত্ব আৰু ভোগৌলিক অখণ্ডতাৰ প্ৰতি সন্মান জনোৱাৰ গুৰুত্ব সম্পৰ্কে পুনৰ দোঁহাৰে৷

নেতৃবৰ্গই জাপানত অনুষ্ঠিত হ’বলগীয়া পৰৱৰ্তী সন্মিলনৰ অভিলাষী বিষয়সমূহৰ ক্ষেত্ৰত সঘনাই সম্পৰ্ক ৰক্ষাৰ লগতে একেলগে কাম কৰি যোৱাৰ সহমত পোষণ কৰে৷

***

DS/AK/DB



(Release ID: 1802859) Visitor Counter : 111