প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্লাদিমিৰ পুটিনৰ সৈতে টেলিফোনত কথা পাতে

प्रविष्टि तिथि: 24 FEB 2022 10:41PM by PIB Guwahati

ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্লাদিমিৰ পুটিনে ইউক্রেন সন্দৰ্ভত উদ্ভূত পৰিস্থিতিৰ বিষয়ে প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীক জনাইছে। প্রধানমন্ত্রীয়ে আকৌ তেওঁৰ দীর্ঘদিনৰ বিশ্বাসৰ কথা উল্লেখ কৰি জনায় যে ৰাছিয়া আৰু নাটো গোষ্ঠীৰ মাজৰ বিবাদ সৎ আৰু আন্তৰিক উদ্যোগৰ মাধ্যমতহে দূৰ হ'ব বুলিয়ে তেওঁ ধাৰণা কৰে। শ্রী মোদীয়ে সকলো ধৰণৰ সংঘাত বন্ধ কৰাৰ আবেদন জনায়। সংশ্লিষ্ট সকলো পক্ষৰ কূটনৈতিক  আলোচনাৰ মাধ্যমত সমস্যাৰ সমাধানৰ ওপৰত তেওঁ জোৰ দিয়ে।   

 

প্রধানমন্ত্রীয়ে এই প্রসঙ্গত ইউক্রেনত বসবাসৰত ভাৰতীয়সকলৰ, বিশেষকৈ ছাত্র-ছাত্রীসকলৰ নিৰাপত্তাৰ বিষয়ত ভাৰতৰ উদ্বেগৰ কথা ৰাছিয়াৰ ৰাষ্ট্রপতিৰ ওচৰত দাঙি ধৰে। তেওঁলোক যাতে দ্রুত নিৰাপদে দেশলৈ উভতি আহিব পাৰে সেই বিষয়টোক ভাৰতে সর্বোচ্চ অগ্রাধিকাৰ দিছে বুলিও তেওঁ জনায়।

 

পাৰস্পৰিক স্বার্থ তথা সংশ্লিষ্ট বিভিন্ন বিষয়ৰ সমাধান কৰিবলৈ উভয় দেশৰ বিষয়া আৰু কূটনৈতিক গোষ্ঠীৰ সদস্যসকলে যোগাযোগ ৰাখি চলিব বুলি উভয় নেতাই সহমত প্রকাশ কৰে।

 

***

 

DS/LP/BM


(रिलीज़ आईडी: 1801726) आगंतुक पटल : 294
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam