প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে হিমাচল প্ৰদেশত সংঘটিত ফেক্টৰী দূৰ্ঘটনাত নিহতসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰে


ভুক্তভোগীসকললৈ পিএমএনআৰএফৰ পৰা আৰ্থিক সাহায্য ঘোষণা

Posted On: 22 FEB 2022 1:51PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হিমাচল প্ৰদেশত সংঘটিত ফেক্টৰী দূৰ্ঘটনাত নিহত লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে ভুক্তভোগীসকললৈ প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য নিধি(পিএমএনআৰএফ)ৰ পৰা আৰ্থিক অনুদানো ঘোষণা কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এইদৰে টুইট কৰিছেঃ

"হিমাচল প্ৰদেশৰ উনাৰ এটা কাৰখানাত সংঘটিত দূৰ্ঘটনা অত্যন্ত দুখজনক। এই ঘটনাত যিয়ে নিজৰ পৰিয়াল আৰু আত্মীয়-স্বজনক হেৰুৱাবলগীয়া হ’ল, তেওঁলোকৰ প্ৰতি মই গভীৰ সমবেদনা জ্ঞাপন কৰিছো। লগতে দূৰ্ঘটনাটোত আঘাতপ্ৰাপ্ত লোকসকল শীঘ্ৰে সুস্থ হৈ উঠিব বুলি মই আশা কৰিছোঃ প্ৰধানমন্ত্ৰী "

"হিমাচল প্ৰদেশত কাৰখানা দূৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালবৰ্গলৈ প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য নিধি(পিএমএনআৰএফ)ৰ পৰা ২লাখকৈ টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱা হ’বঃ প্ৰধানমন্ত্ৰী।"

 

***

DS/SH/MS



(Release ID: 1800738) Visitor Counter : 127