প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
গ্ৰাম্য উন্নয়ন খণ্ডত কেন্দ্ৰীয় বাজেটৰ ইতিবাচক প্ৰভাৱক লৈ আয়োজিত ৱেবিনাৰত বক্তব্য ৰাখে প্ৰধানমন্ত্ৰীয়ে
‘চৰকাৰী বিভিন্ন উন্নয়নমূলক আঁচনিৰ সুবিধা যাতে সকলোৱে লাভ কৰে আৰু প্ৰত্যেকে যাতে মৌলিক সুবিধাসমূহ লাভ কৰে সেয়া নিশ্চিত কৰিবলৈ বাজেটত স্পষ্ট নিৰ্দেশ দিয়া হৈছে’
‘গাওঁসমূহত ব্ৰডবেণ্ডে কেৱল সুবিধাই প্ৰদান নকৰে, ইয়াৰ সহায়ত গাওঁসমূহত দক্ষ যুৱ শক্তি গঢ়ি তোলা সম্ভৱ হ’ব’
‘ৰাজহ বিভাগৰ ওপৰত যাতে গাঁৱৰ লোকসকল কম নিৰ্ভৰশীল হয় সেয়া আমি নিশ্চিত কৰিব লাগিব’
‘বিভিন্ন আঁচনিৰ ১০০ শতাংশ সুবিধা মানুহৰ ওচৰ চপাই নিয়াৰ বাবে আমি নতুন নতুন প্ৰযুক্তিৰ ওপৰত গুৰুত্ব দিব লাগিব, যাতে প্ৰকল্পসমূহৰ কাম দ্ৰুততাৰে সম্পূৰ্ণ হয় আৰু গুণমানৰ সৈতেও কোনোধৰণৰ আপোচ কৰা নহয়’
‘গ্ৰাম্য অৰ্থনীতিৰ মূল ভেটি হৈছে মহিলা শক্তি । বিত্তীয় অন্তৰ্ভুক্তিয়ে পৰিয়ালসমূহত আৰ্থিক বিভিন্ন বিষয়ৰ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত মহিলাসকলৰ অধিক অংশগ্ৰহণ নিশ্চিত কৰিছে’
Posted On:
23 FEB 2022 11:44AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰাম্য উন্নয়নৰ ক্ষেত্ৰত কেন্দ্ৰীয় বাজেটৰ ইতিবাচক প্ৰভাৱ সন্দৰ্ভত আয়োজিত এক ৱেবিনাৰ সম্বোধন কৰে। এইধৰণৰ ৱেবিনাৰত প্ৰধানমন্ত্ৰীৰ এয়া দ্বিতীয় অংশগ্ৰহণ। অনুষ্ঠানটোত সংশ্লিষ্ট দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী, ৰাজ্য চৰকাৰৰ প্ৰতিনিধি আৰু অন্যান্য অংশীদাৰসকল উপস্থিত আছিল।
প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণৰ আৰম্ভণিতেই চৰকাৰৰ সকলো নীতি আৰু কাৰ্যকলাপৰ আঁৰত অনুপ্ৰেৰণা হিচাপে সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াস- মন্ত্ৰৰ কথা উল্লেখ কৰে। শ্ৰী মোদীয়ে কয়, ‘স্বাধীনতাৰ অমৃত কালৰ বাবে আমি লোৱা শপতসমূহ তেতিয়াই বাস্তৱায়িত হ’ব, যেতিয়া সকলোৰে অংশগ্ৰহণৰ জৰিয়তে সেইসমূহ ৰূপায়িত হ’ব। ইয়াৰ সুফল সমাজৰ সকলোৱে লাভ কৰিব আৰু সকলো অঞ্চলৰ উন্নয়নৰ মাজেৰে প্ৰতিফলিত হ’ব’।
প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে চৰকাৰী বিভিন্ন উন্নয়নমূলক আঁচনিৰ সুবিধা যাতে সকলোৱে লাভ কৰে আৰু প্ৰত্যেকে যাতে মৌলিক সুবিধাসমূহ লাভ কৰে সেয়া নিশ্চিত কৰিবলৈ বাজেটত স্পষ্ট নিৰ্দেশ প্ৰদান কৰা হৈছে। ‘বাজেটত প্ৰধানমন্ত্ৰী আৱাস যোজনা, গ্ৰামীণ সড়ক যোজনা, জল জীৱন মিছন, উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে যোগাযোগ ব্যৱস্থা গঢ়ি তোলা, গাওঁসমূহত ব্ৰডবেণ্ডৰ সংযোগ প্ৰদান কৰাৰ দৰে প্ৰতিটো আঁচনিৰ বাবে এইবাৰৰ বাজেটত প্ৰয়োজনীয় ধন আৱণ্টন দিয়া হৈছে’, তেওঁ কয়। তেওঁ লগতে কয়, ‘একেদৰে বাজেটত ঘোষণা কৰা ভাইব্ৰেণ্ট ভিলেজ কাৰ্যসূচী সীমান্তৱৰ্তী গাওঁসমূহৰ বাবে অতি গুৰুত্বপূৰ্ণ’।
চৰকাৰে যিসমূহ প্ৰকল্পত অতিৰিক্ত গুৰুত্ব প্ৰদান কৰিছে প্ৰধানমন্ত্ৰীয়ে সেইসমূহৰ বিষয়ে বৰ্ণনা কৰে। তেওঁ কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে বিশেষ উদ্যোগ-প্ৰাইম মিনিষ্টাৰ্ছ ডেভেলপমেণ্ট ইনিচিয়েটিভ ফৰ নৰ্থ-ইষ্ট ৰিজিয়ন(পিএম-ডেভাইন)ৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণে যাতে মৌলিক সুবিধাসমূহ লাভ কৰে সেয়া নিশ্চিত কৰা হৈছে। একেদৰে, স্বামীত্ব আঁচনিয়ে গাওঁসমূহত বাসস্থান আৰু ভূমিৰ সীমা সঠিকভাৱে নিৰ্ধাৰণ কৰাত সহায় কৰি আছে। ইতিমধ্য ৪০ লাখতকৈও অধিক সম্পত্তি কাৰ্ড আৱণ্টন কৰা হৈছে। ইউনিক লেণ্ড আইডেণ্টিফিকেচন পিনৰ জৰিয়তে গ্ৰামাঞ্চলৰ মানুহৰ ৰাজহ বিষয়াসকলৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস পাব। তেওঁ ৰাজ্য চৰকাৰসমূহক নিৰ্দিষ্ট সময়ৰ ভিতৰত আধুনিক প্ৰযুক্তিৰ জৰিয়তে ভূমিৰ ৰেকৰ্ডত নিৰ্ভুল তথ্য অন্তৰ্ভুক্ত কৰিবলৈ আৰু সীমা নিৰ্ধাৰণ সংক্ৰন্তীয় বিভিন্ন সমস্যাৰ সমাধান কৰিবলৈ পৰামৰ্শ দিয়ে। ‘বিভিন্ন আঁচনিৰ ১০০ শতাংশ সুবিধা জনসাধাৰণৰ ওচৰলৈ নিয়াৰ বাবে, আমি নতুন প্ৰযুক্তিৰ ওপৰত গুৰুত্ব দিব লাগিব, যাতে প্ৰকল্পবোৰ দ্ৰুতগতিত সম্পূৰ্ণ হয় আৰু মানদণ্ডৰ সৈতেও আপোচ কৰা নহয়’, তেওঁ লগতে কয়।
জল জীৱন মিছনৰ অধীনত ৪ কোটি পৰিয়ালত পানী সংযোগৰ লক্ষ্যৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে এই প্ৰচেষ্টা বৃদ্ধি কৰিবলৈ কয়। তেওঁ প্ৰতিখন ৰাজ্য চৰকাৰক প্ৰদান কৰিবলগীয়া পানীৰ মানদণ্ডৰ বিষয়ে অতি সতৰ্ক হ'বলৈ আহ্বান জনায়। ‘এই আঁচনিখনৰ এটা মুখ্য বৈশিষ্ট্য হ’ল গাওঁ পৰ্যায়ত প্ৰত্যেকৰ মাজত ইয়াৰ অংশীদাৰিত্ব সম্পৰ্কে আস্থা অৰ্জন কৰি ‘পানী প্ৰশাসন’ক শক্তিশালী কৰা হয়। এই সকলোবোৰ বিবেচনা কৰি আমি ২০২৪ চনৰ ভিতৰত প্ৰতিটো পৰিয়াললৈ নলৰ পানী যোগান ধৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ’, প্ৰধানমন্ত্ৰীয়ে কয়।
প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে গ্ৰামাঞ্চলত ডিজিটেল সংযোগ ব্যৱস্থা এতিয়া কেৱল আকাংক্ষা হৈ থকা নাই, ই বাস্তৱত ৰূপায়িত হৈছে। ‘গাওঁসমূহত ব্ৰডবেণ্ডে কেৱল সুবিধাই প্ৰদান নকৰে, ইয়াৰ সহায়ত গাওঁসমূহতত দক্ষ যুৱ শক্তি গঢ়ি তোলা সম্ভৱ হ’ব’, তেওঁ কয়। প্ৰধানমন্ত্ৰীয়ে কয় যে ব্ৰডবেণ্ডে দেশত সামৰ্থ্য বৃদ্ধিৰ বাবে সেৱা খণ্ড সম্প্ৰসাৰিত কৰিব। তেওঁ ব্ৰডবেণ্ড ক্ষমতাৰ সঠিক ব্যৱহাৰ সম্পৰ্কে সঠিক সজাগতাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।
প্ৰধানমন্ত্ৰীয়ে গ্ৰাম্য অৰ্থনীতিৰ ভেটি হিচাপে নাৰী শক্তিৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ‘বিত্তীয় অন্তৰ্ভুক্তিয়ে পৰিয়ালসমূহত আৰ্থিক বিভিন্ন বিষয়ৰ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত মহিলাসকলৰ অধিক অংশগ্ৰহণ নিশ্চিত কৰিছে। আত্মসহায়ক গোটসমূহৰ জৰিয়তে মহিলাসকলৰ এই অংশগ্ৰহণক আৰু অধিক আগুৱাই নিয়াৰ প্ৰয়োজন আছে’, তেওঁ লগতে কয়।
শেষত গ্ৰামোন্নয়নত প্ৰশাসনিক কাম উন্নত কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ অভিজ্ঞতাৰ পৰা বহুতো পৰামৰ্শ আগবঢ়ায়। তেওঁ পৰামৰ্শ দিয়ে যে যদিহে নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে গাঁৱৰ বিভিন্ন কাম-কাজ সৈতে জড়িত সকলো এটা স্থানত বহি আলোচনা কৰে তেতিয়াহলে পাৰস্পৰিক সমন্বয় বৃদ্ধি পাব। তেওঁ কয়, ‘বহু সময়ত পৰ্যাপ্ত ধন থাকিলেও বিভিন্ন প্ৰকল্পত বেলেগ বেলেগ ধৰণে কাম কৰিলে সেয়া বাস্তৱায়িত নহয়। ইয়াৰ মূল কাৰণ হৈছে পাৰস্পৰিক সমন্বয়ৰ অভাৱ’। তেওঁ বিভিন্ন সীমান্তৱৰ্তী গাওঁসমূহৰ বাবে নানাধৰণৰ প্ৰতিযোগিতাৰ ব্যৱস্থা কৰা, অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়াসকলৰ প্ৰশাসনিক অভিজ্ঞতাক তেওঁলোকৰ গাওঁসমূহৰ উন্নয়নৰ কামত লগোৱাৰ দৰে নানা অভিনৱ উপায়ৰ পৰামৰ্শ দিয়ে। তেওঁ লগতে গাওঁখনৰ এটা জন্মদিন নিৰ্ধাৰণ কৰি উক্ত দিনত গাওঁখনৰ নানা সমস্যা সমাধানৰ পৰামৰ্শ দিয়ে। ইয়াৰ ফলত গাওঁখনৰ মানুহবোৰ বিভিন্ন কামত জড়িত হৈ পৰিব আৰু গ্ৰাম্য জীৱন সমৃদ্ধ হ'ব। কৃষি বিজ্ঞান কেন্দ্ৰৰ জৰিয়তে প্ৰাকৃতিক কৃষিৰ বাবে গাঁৱৰ কেইজনমান কৃষক বাছনি কৰাৰ দৰে পদক্ষেপ, পুষ্টিহীনতা আৰু বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীৰ সমস্যা দূৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা আদি কৰাৰ ফলত ভাৰতৰ গাওঁসমূহ যথেষ্ট উন্নত হৈ উঠিব, প্ৰধানমন্ত্ৰীয়ে কয়।
***
DS /KG
(Release ID: 1800732)
Visitor Counter : 327
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam