প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মহাত্মা গান্ধীক তেওঁৰ পুণ্য তিথিত স্মৰণ প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
30 JAN 2022 9:59AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাত্মা গান্ধীৰ পুণ্য তিথিত তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ আজি শ্বহীদ দিৱসত প্ৰধানমন্ত্ৰীয়ে সেই সকলো মহান ব্যক্তিৰ প্ৰতিও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে, যিসকলে সাহসেৰে আমাৰ দেশক ৰক্ষা কৰিছিল।
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;
‘বাপুক তেখেতৰ পুণ্য তিথিত স্মৰণ কৰিছোঁ। তেওঁৰ মহান আদৰ্শক মানুহৰ মাজত আৰু অধিক জনপ্ৰিয় কৰিবলৈ আমি সামূহিকভাৱে প্ৰয়াস কৰিব লাগিব।
আজি শ্বহীদ দিৱসৰ দিনা আমাৰ দেশক সাহসেৰে ৰক্ষা কৰা প্ৰতিগৰাকী মহান ব্যক্তিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ সেৱা আৰু সাহসিকতা সদায়ে স্মৰণীয় হৈ থাকিব।’
***
DS/SH/KG
(ৰিলিজ আই ডি : 1794136)
অতিথি কক্ষ : 169
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam