জল শক্তি মন্ত্ৰালয়

২০২৪ চনৰ ভিতৰত 'হৰ ঘৰ জল' ৰাজ্য হোৱাৰ পথত অসম


যোৱা ৬ মাহত ৯ লাখ ঘৰত নলৰ পানী যোগান ধৰা হৈছে

জেজেএম লক্ষ্য প্ৰাপ্ত কৰাৰ বাবে ৰাজ্যক কেন্দ্ৰই সম্পূৰ্ণ সহায় আগবঢ়াব: সচিব, ডিডিডব্লিউএছ

Posted On: 19 JAN 2022 5:58PM by PIB Guwahati

খোৱা পানী আৰু অনাময় বিভাগৰ সচিব বিন্নী মহাজনে আজি অসমৰ মুখ্য সচিব শ্ৰী জিষ্ণু বৰুৱাৰ সৈতে জল জীৱন মিছন আৰু স্বচ্ছ ভাৰত মিছনৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। মহাজনে ৰাজ্যখনৰ দুটা মুখ্য অভিযান ৰূপায়ণৰ পৰ্যালোচনা বৈঠকত গ্ৰাম্য পৰিয়ালসমূহক নলৰ পানী যোগান ধৰাৰ ক্ষেত্ৰত অসমে কৰা অগ্ৰগতিৰ প্ৰশংসা কৰে।  তেওঁ কয় যে ২০২৪ চনৰ ভিতৰত প্ৰতিটো পৰিয়ালক পৰিষ্কাৰ নলৰ পানী যোগান ধৰাৰ লক্ষ্য প্ৰাপ্ত কৰাৰ বাবে অসম ৰাজ্য সঠিক পথত আগবাঢ়িছে আৰু কেন্দ্ৰই এই লক্ষ্য প্ৰাপ্ত কৰাৰ বাবে ৰাজ্যখনক সম্পূৰ্ণ সহায় আগবঢ়াইছে। অনলাইন পৰ্যালোচনাৰ সময়ত ডিডিডব্লিউএছৰ অতিৰিক্ত সচিব শ্ৰী অৰুণ বাৰোকা, এছবিএম আৰু জেজেএমৰ ইন চাৰ্জ শ্ৰী এছ আব্বাছি, এচিএছ আৰু অসমৰ বিত্ত সচিব শ্ৰী সমীৰ সিনহাকে ধৰি আৰু ডিডিডব্লিউএছৰ বিষয়াসকলো উপস্থিত আছিল।


উদ্বোধনী ভাষণত শ্ৰীমতী মহাজনে কয়, "জল জীৱন মিছন হৈছে এক বিকেন্দ্ৰীকৃত, চাহিদা-চালিত, সম্প্ৰদায়-পৰিচালিত পানী যোগান আঁচনি যাৰ উদ্দেশ্য হৈছে প্ৰতিটো পৰিয়ালক বিশুদ্ধ নলৰ পানী যোগান ধৰি গ্ৰাম্য লোকসকলৰ জীৱন উন্নত কৰা। তেওঁ যোৱা ছয় মাহত ৰাজ্যখনে কৰা কামৰ প্ৰশংসা কৰে।


১৫ আগষ্ট, ২০১৯ তাৰিখে জল জীৱন মিছন ঘোষণা কৰাৰ সময়ত, ৰাজ্যখনৰ মুঠ ৬৩.৩৫ লাখ পৰিয়ালৰ ভিতৰত মাত্ৰ ১.১১ লাখ (১.৭৬%) পৰিয়ালকহে নলৰ পানী যোগান ধৰা হৈছিল। প্ৰায় ২৮ মাহত ১৭.৪৬ লাখ পৰিয়ালক পৰিষ্কাৰ নলৰ পানী যোগান ধৰা হৈছে। কেৱল যোৱা ছয় মাহত ৮.৫ লাখতকৈও অধিক পৰিয়ালক পৰিষ্কাৰ নলৰ পানী যোগান ধৰা হৈছে।


ৰাজ্যখনৰ প্ৰদৰ্শন উপস্থাপন কৰি অসমৰ মুখ্য সচিব শ্ৰী জিষ্ণু বৰুৱাই কয়, "যদি আমি উত্তৰ-পূবৰ সৰ্ববৃহৎ ৰাজ্যখনত মাত্ৰ ১% নলৰ পানীৰে সামৰি লোৱা স্থানটো চাওঁ, তেন্তে ভাল প্ৰগতি হৈছে। আমি যোৱা ছয় মাহত ভাল অগ্ৰগতি লাভ কৰিছো। যিহেতু ৰাজ্যখন নিম্ন ভিত্তিত আৰম্ভ হৈছিল, কাৰ্যসূচীটো ৰূপায়ণৰ প্ৰক্ৰিয়াটো সুশৃংখল কৰিবলৈ সময় লাগিছিল। এতিয়া, বাকী কামবোৰ সোনকালেই সম্পন্ন কৰা হ'ব।’’


'সবকা সাথ, সবকা বিকাশ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াস'ৰ সৈতে সংগতি ৰাখি কাম কৰি জল জীৱন মিছনৰ মূলমন্ত্ৰ হৈছে 'কোনো যাতে বাদ নপৰে' আৰু ইয়াৰ লক্ষ্য হৈছে খোৱা নলৰ পানী যোগানৰ সাৰ্বজনীন প্ৰৱেশাধিকাৰ।


জল জীৱন মিছন আৰু জেজেএম ডেশ্বব'ৰ্ড ৰূপায়ণত স্বচ্ছতা আৰু দায়বদ্ধতা নিশ্চিত কৰিবলৈ জল জীৱন মিছনৰ বিষয়ে সকলো তথ্য ৰাজহুৱা কৰা হৈছে আৰু জেজেএম ডেশ্বব’ৰ্ড https://ejalshakti.gov.in/jjmreport/JJMIndia.aspx ত চাব পাৰি

***

BY/AS/MANN



(Release ID: 1791147) Visitor Counter : 280