গৃহ মন্ত্ৰালয়

আজি ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে মণিপুৰত ২,৪৫০ কোটি টকা মূল্যৰ ২৯ টা উন্নয়নমূলক কাম উদ্বোধন আৰু আধাৰশিলা স্থাপন কেন্দ্ৰীয় গৃহ আৰু সহযোগিতা মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ

Posted On: 06 JAN 2022 7:15PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ আৰু সহযোগিতা মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে মণিপুৰত ২,৪৫০ কোটি টকা মূল্যৰ ২৯ টা উন্নয়নমূলক কাম উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এই কাৰ্য্যসূচীত মণিপুৰৰ মুখ্যমন্ত্ৰী শ্ৰী এন. বীৰেন সিঙো উপস্থিত থাকে।

এই কাৰ্য্যসূচী সম্বোধন কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে কয় যে নেতাজী সুভাষ চন্দ্ৰ বসুৰ জৰিয়তে মণিপুৰক আমাৰ স্বাধীনতা সংগ্ৰামৰ স্বাধীনতাৰ প্ৰৱেশদ্বাৰ হিচাপে গঢ়ি তোলা হৈছিল আৰু মণিপুৰেও আইএনএৰ প্ৰথমখন পতাকা উত্তোলনৰ সুযোগ লাভ কৰিছে। এই বছৰটো ৰাষ্ট্ৰখনৰ স্বাধীনতাৰ ৭৫ সংখ্যক বছৰ আৰু সমগ্ৰ দেশে আজাদী কা অমৃত মহোৎসৱ উদযাপন কৰি আছে আৰু মণিপুৰেও ইয়াৰ গঠনৰ ৫০ বছৰ সম্পূৰ্ণ কৰিব। এক অৰ্থত, স্বাধীনতাৰ ৭৫ বছৰ আৰু মণিপুৰৰ ৫০ বছৰ হৈছে সকলো মণিপুৰী লোকৰ বাবে বহু বছৰৰ নতুন সংকল্প আৰু নতুন শক্তি।

শ্ৰী অমিত শ্বাহে কয় যে মুখ্যমন্ত্ৰী শ্ৰী এন. বীৰেন সিঙৰ নেতৃত্বত ৰাজ্য চৰকাৰখন বিগত পাঁচ বছৰত মণিপুৰৰ প্ৰতিটো কোণৰ উন্নয়নৰ অৰ্থে অতিশয় নিষ্ঠা সহকাৰে অংগীকাৰবদ্ধ। পৰ্বত, উপত্যকা, বন, গাঁও বা চহৰেই হওঁক, মুখ্যমন্ত্ৰী শ্ৰী এন বীৰেন সিঙে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সকলো ঠাইতে উন্নয়নৰ সঞ্চাৰ কৰাত সফলতা অৰ্জন কৰিছে। মণিপুৰৰ ইতিহাস ৰচনা কৰা মাত্ৰেকে, এই পাঁচ বছৰ সোণালী যুগ বুলি লিপিবদ্ধ হৈ ৰ'ব। এই পাঁচ বছৰত উন্নয়ন সাধন কৰা হৈছে, কেতিয়াও স্তব্ধ কৰা হোৱা নাই, কেতিয়াও বন্ধ কৰা হোৱা নাই আৰু হিংসাও যথেষ্ট পৰিমাণে নিয়ন্ত্ৰণ কৰা হৈছে। স্থিৰতা আৰু শান্তি নাথাকিলে, উন্নয়ন অসম্ভৱ আৰু বীৰেন সিং চৰকাৰখনৰ সৰ্ববৃহৎ সাফল্য হৈছে যে ই মণিপুৰৰ বাবে স্থিৰতা আৰু শান্তিৰ লগতে উন্নয়নৰ পথ প্ৰশস্ত কৰিছে। মণিপুৰে পূৰ্বৰ চৰকাৰসমূহৰ অৱৰোধ, হিংসা, দুৰ্নীতি, বন্ধ, ড্ৰাগছ ব্যৱসায়ৰ পৰম্পৰাৰপৰা ওলাই আহিবলৈ সফল প্ৰয়াস কৰিছে।

কেন্দ্ৰীয় গৃহ আৰু সহযোগিতা মন্ত্ৰীজনে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ৩,০০০ কোটি টকাৰোধিক মূল্যৰ ২১ টা প্ৰকল্প উদ্বোধন কৰি আধাৰশিলা স্থাপন কৰে আৰু পাঁচটা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে খোৱা পানী যোগান, স্বাস্থ্য, নগৰ উন্নয়ন, তথ্য প্ৰযুক্তি, দক্ষতা বিকাশ, কলা আৰু সংস্কৃতিৰ দৰে ক্ষেত্ৰসমূহক সামৰি কেইবাটাখনো আঁচনিৰ শুভাৰম্ভ কৰে। আজি, এই কাৰ্য্যসূচীত ২৬৫ কোটি টকাৰোধিক ব্যয়ৰ ১৫ টা প্ৰকল্প উদ্বোধন কৰা হৈছে আৰু ২,১৯৪ কোটি টকা মূল্যৰ ১৪ টা প্ৰকল্প উদ্বোধন কৰা হৈছে। শ্ৰী নৰেন্দ্ৰ মোদী আৰু শ্ৰী এন. বীৰেন সিঙে মণিপুৰক প্ৰায় ২,৪৫০ কোটি টকা মূল্যৰ প্ৰকল্প উপহাৰস্বৰূপে প্ৰদান কৰিছে। মাত্ৰ দুদিনৰ ভিতৰত, মণিপুৰৰ লোকসকলৰ বাবে প্ৰায় ৫,৫০০ কোটি টকা ব্যয় সাপেক্ষে কাম আৰম্ভ হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে পূৰ্বৰ চৰকাৰসমূহৰ দীঘলীয়া শাসনকালত এনে দুদিন আছে নেকি, য’ত ৫,৫০০ কোটি টকাৰ কাম উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰা হৈছিল বুলি প্ৰশ্ন উত্থাপন কৰে।

শ্ৰী অমিত শ্বাহে কয় যে অনাগত সময়ত জৈৱিক খাদ্য সামগ্ৰীৰ গুৰুত্ব বৃদ্ধি পাবলৈ ধৰিছে। এই ক্ষেত্ৰত কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ অধীনত উত্তৰ-পূৰ্বাঞ্চলৰ বাবে জৈৱিক মিছনৰ বিশেষ আঁচনিৰ অধীনত চাঞ্জেনথঙত জৈৱিক বিপনী, শীতল কোঠা আৰু পেকিং গোট উদ্বোধন কৰা হৈছে। তেওঁ মণিপুৰৰ কৃষকসকলক কয় যে তেওঁলোকে যিধৰণেৰে জৈৱিক কৃষিকাৰ্য্য কৰিছে সেইদৰে তেওঁলোকে উৎপাদিত সামগ্ৰীৰ সৰ্বাধিক মূল্য লাভ কৰিব পাৰে আৰু ভাৰত আৰু মণিপুৰ চৰকাৰ ইয়াৰ বাবে অংগীকাৰবদ্ধ আৰু আজি এই দিশত এক নতুন আৰম্ভণি কৰা হৈছে। প্ৰধানমন্ত্ৰী কৃষি জলসিঞ্চন আঁচনিখনৰ অধীনত আজি ৮ কোটি টকা ব্যয় সাপেক্ষে ৭৫ টা টিউবেলো আৰম্ভ কৰা হয়। পশুপালন খণ্ডটোত ১৬ কোটি টকা ব্যয় সাপেক্ষে পাঁচটা প্ৰকল্প আৰম্ভ কৰা হৈছে, ২১ কোটি টকা ব্যয় সাপেক্ষে চাৰিখন দলং আৰু পথ নিৰ্মাণ কৰা হ'ব, মুঠ ৩৬ কোটি টকা ব্যয় সাপেক্ষে সম্পূৰ্ণ কৰা চাৰিটা খোৱা পানী যোগান প্ৰকল্পই কাইলৈৰপৰা প্ৰায় ৩১,০০০ লোকক সহায় কৰিব। পৰ্যটন থলীসমূহৰ বাবেও কাম কৰা হৈছে, মণিপুৰ বিশ্ববিদ্যালয় চৌহদত এটা আন্তৰ্জাতিক হোষ্টেল ভৱন উৎসৰ্গা কৰা হৈছে আৰু আজি এটা আৰক্ষী স্মাৰকো উদ্বোধন কৰা হৈছে। লগতে ৪৬ কোটি টকা ব্যয় সাপেক্ষে চিৰুই মহোৎসৱৰ বাবে আন্তঃগাঁথনি উন্নয়ন প্ৰকল্প, ইম্ফলত 'অলিম্পিয়ান পাৰ্ক' ৰ আধাৰশিলা, 'হুনাৰ হাব' ৰ উন্নয়ন, লুৱাংচাংবামৰ ক্ৰিকেট ষ্টেডিয়ামত সুবিধা সম্প্ৰসাৰণৰ কথা ঘোষণা কৰা হয়। সেনাপতি, ননি আৰু কাকচিং জিলাত ১০৮ কোটি টকা ব্যয় সাপেক্ষে জিলা আদালত কমপ্লেক্সৰ আধাৰশিলা, থাংগাপাতত ২২ কোটি টকা ব্যয় সাপেক্ষে পাঁচটা জলাধাৰ আৰু দুটা মুখ্য প্ৰকল্পৰ কথা ঘোষণা কৰা হয়। ৪৫০ একৰ লেম্পহেল্পেট জলাশয়ৰ বিকাশৰ বাবেও এটা পৰিকল্পনা কৰা হৈছে।

***

NW/AY/RR/SB



(Release ID: 1788351) Visitor Counter : 182