কেবিনেট কমিটি - বিত্তীয় পৰিক্ৰমা
২০২২বৰ্ষৰ বাবে নাৰিকলৰ ন্যূনতম সমৰ্থন মূল্য(এমএছপি)ত কেবিনেটৰ অনুমোদন
এমএছপিয়ে ন্যূনতম ৫০ শতাংশ লাভ নিশ্চিত কৰিব
Posted On:
22 DEC 2021 5:19PM by PIB Guwahati
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত অর্থনৈতিক পৰিক্ৰমাৰ কেন্দ্ৰীয় কেবিনেট কমিটীয়ে ২০২২ বৰ্ষত নাৰিকলৰ বাবে ন্যূনতম সমৰ্থন মূল্য বৃদ্ধিত অনুমোদন জনাইছে।
২০২১চনত কাৰখানাজাত নাৰিকলৰ ফেয়াৰ এভাৰেজ কোৱালিটী অনুসৰি (এফএকিউ) কুইণ্টলে প্ৰতি ন্যূনতম সমৰ্থন মূল্য আছিল ১০,৩৩৫ টকা। ২০২২চনত সেই মূল্য বৃদ্ধি কৰি কুইণ্টলে প্ৰতি ১০,৫৯০ টকা কৰা হৈছে৷ ইফালে, ২০২১চনত বল নাৰিকলৰ কুইণ্টলে প্ৰতি ন্যূনতম সমৰ্থন মূল্য ১০,৬০০টকা আছিল। ২০২২চনত সেই মূল্য বৃদ্ধি কৰি ১১,০০০ টকা কৰা হৈছে। সেই হিচাপে কাৰখানাজাত নাৰিকলৰ ক্ষেত্রত ৫১.৮৫ শতাংশ আৰু বল নাৰিকলৰ ক্ষেত্রত ৫৭.৭৩ শতাংশ উৎপাদন ব্যয়ত সাহায্য পাব৷
কৃষিজাত সামগ্ৰীৰ ব্যয় আৰু মূল্য আয়োগ (চিএচিপি)ৰ পৰামৰ্শৰ ভিত্তিত এই সিদ্ধান্ত লোৱা হৈছে৷
২০২২চনৰ ভিতৰত কৃষকসকলৰ আয় দুগুণ কৰাৰ বাবে এয়া এক গুৰুত্বপূর্ণ পদক্ষেপ। নেচনেল এগ্রিকালচাৰেল কো-অপাৰেটিভ মার্কেটিং ফেডাৰেশন অফ ইণ্ডিয়া লিমিটেড আৰু নেচনেল কো-অপাৰেটিং কনজিউমাৰ ফেডাৰেশন অফ ইণ্ডিয়া লিমিটেডে নাৰিকল উৎপাদনকাৰী ৰাজ্যসমূহত ন্যূনতম সমৰ্থন মূল্য সংক্রান্তীয় নীতি নির্ধাৰণৰ ক্ষেত্রত সমন্বয়ৰক্ষী সংস্থা হিচাপে কাম কৰি আহিছে৷
***
DS/SKS/DB
(Release ID: 1785468)
Read this release in:
Marathi
,
Tamil
,
Gujarati
,
Kannada
,
Manipuri
,
Bengali
,
Odia
,
English
,
Urdu
,
Hindi
,
Punjabi
,
Telugu
,
Malayalam