প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

কেদাৰনাথত দেশবাসীৰ উদ্দেশ্যে বিভিন্ন প্রকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন অনুষ্ঠানত প্রধানমন্ত্রীৰ ভাষণৰ অসমীয়া অনুবাদ

Posted On: 05 NOV 2021 5:42PM by PIB Guwahati

জয় বাবা কেদাৰ!

জয় বাবা কেদাৰ!

জয় বাবা কেদাৰ!

দৈবী আভাত সুসজ্জিত এই পবিত্র কাৰ্যসূচীত মোৰ সৈতে মঞ্চত উপস্থিত সকলো বিশিষ্ট ব্যক্তি, এই পবিত্রভূমিলৈ অহা শ্রদ্ধাশীল ভক্তবৃন্দ, আপোনালোক সকলোকে মোৰ নমস্কাৰ৷

আজি সকলো মঠ, দ্বাদশ জ্যোতিলিংগৰ সকলোতে, বহু শিবদৌল, বহু শক্তিধামত, বহু তীর্থ ক্ষেত্রত, দেশৰ গণ্যমান্য মহাপুৰুষ, পূজনীয় সন্ন্যাসী, আচার্যবৃন্দ, পূজনীয় শংকৰাচার্য পৰম্পৰাৰ সৈতে জড়িত সকলো জ্যেষ্ঠ ঋষি-মনীষী, আৰু বহু ভক্তই দেশৰ প্রতিটো প্রান্তৰ পৰা আজি কেদাৰনাথৰ এই পবিত্রভূমিৰ সৈতে, এই পবিত্র পৰিৱেশৰ সৈতে শাৰিৰীকভাৱে নহ’লেও কিন্তু আত্মিকভাৱে, ভার্চুৱেলী, প্রযুক্তিৰ সহায়ত, তেওঁলোকে তাৰ পৰা মোক আশীর্বাদ দিছে৷ আপোনালোক সকলোৱে আজি আদি শংকৰাচার্যৰ সমাধিৰ পুনঃস্থাপনৰ সাক্ষী হ’ল৷ এয়া ভাৰতৰ আধ্যাত্মিক সমৃদ্ধি আৰু ব্যাপকতাৰ অভিজ্ঞানস্বৰূপ, এক অত্যন্ত অলৌকিক দৃশ্য। আমাৰ দেশ ইমান বিশাল, ইয়াত ইমান মহান ঋষি-পৰম্পৰা আছে, সকলোৱে ডাঙৰ ড়াঙৰ তপস্বী, আজিও ভাৰতৰ প্রতিটো প্রান্তত আধ্যাত্মিক চেতনা জাগ্ৰত কৰাৰ কাম কৰে৷ এনে বহু সন্ন্যাসীয়ে আজি দেশৰ প্রতিটো কোণত, আৰ ইয়াতো আমাৰ সৈতে যুক্ত হৈছে। কিন্তু ভাষণত যদি মই কেৱল তেওঁলোকৰ নাম উল্লেখ কৰো, তেতিয়াহ’লে হয়তো এসপ্তাহতো শেষ নহ’ব৷ এজনৰ নাম পাহৰি গ’লেই মই হয়তো আজীৱন পাপৰ বোজাত পৰিব লাগিব৷ মই ইচ্ছা থাকিলেও আজি এই সময়ত সকলোৰেৰ নাম উল্লেখ কৰিব পৰা নাই৷ কিন্তু তেওঁলোক সকলোকে সাদৰ প্রণাম জনাইছো৷ তেওঁলোকে য’ৰ পৰা এই অনুষ্ঠানৰ সৈতে যুক্ত হৈছে, তেওঁলোকৰ আশীর্বাদ, মোৰ বাবে ডাঙৰ শক্তি। বহুত পবিত্র কাম কৰাৰ বাবে তেওঁলোকৰ আশীর্বাদে আমাক শক্তি যোগাব-সেয়া মোৰ দৃঢ় বিশ্বাস।

আমাৰ শাস্ত্রত কোৱা হৈছে—

“আবাহনম ন জানামি

ন জানামি বিসর্জনম,

পূজনম চৈব না

জানামি ক্ষমস্ব পৰমেশ্বৰঃ!”

সেইবাবে মই হৃদয়ৰ পৰা এনে সকলো পূজনীয় ব্যক্তিৰ ওচৰত ক্ষমা বিচাৰি এই পূণ্য অনুষ্ঠানত দেশৰ বিভিন্ন প্রান্তৰ পৰা সংযুক্ত হোৱা শংকৰাচার্য, ঋষিগণ, মহান সন্ন্যাসী পৰম্পৰাৰ সকলো অনুসাৰী, আপোনালোক সকলোকে এতিয়াৰ পৰাই প্রণাম জনাই, মই আপোনালোকৰ আশীর্বাদ বিচাৰিছো৷

বন্ধুসকল,

আমাৰ উপনিষদত আদি শংকৰাচার্যজীৰ ৰচনাত বহু ঠাইত—নেতি, নেতিঃ! যেতিয়াই দেখিব, নেতি, নেতিঃ। এক ভাৱবিশ্ব। নেতি নেতিঃ বুলি চিন্তাৰ বিস্তাৰ কৰা হৈছে৷ ৰামচৰিতমানসতো যদি মই চাও, তেতিয়া তাতো এই কথা পুনৰ উচ্চাৰণ কৰা হৈছে—

‘অবিগত অকথ অপাৰ

নেতি-নেতি নিত নিগম কহ

নেতি-নেতি নিত নিগম কহ’

অর্থাৎ, কিছুমান অনুভৱ, ইমান অলৌকিক, ইমান অনন্ত যে সেইবোৰ শব্দৰ মাধ্যমেৰে বর্ণনা কৰা সম্ভৱ নহয়৷ বাবা কেদাৰনাথৰ স্মৰণত যেতিয়াই আহো, ইয়াৰ প্রতিটো ধুলিকণাৰ সৈতে সংপৃক্ত হৈ যাও, ইয়াৰ বতাহ, এই হিমালয়ৰ শৃংগবোৰ, এই বাবা কেদাৰৰ সান্নিধ্য, নাজানো কেনে অনুভূতিৰ দিশে টানি লৈ যায়, সেয়া প্রকাশৰ বাবে মোৰ শব্দৰ অভাৱ৷ দীপাৱলীৰ পবিত্র উৎসৱৰ বাবে কালি মই সীমান্তত আমাৰ সৈনিকসকলৰ সৈতে আছিলো। আজিও এই সৈনিকসকলৰ ভূমিত আছো। মই উৎসৱৰ আনন্দ মোৰ দেশৰ বীৰ সৈনিকসকলৰ সৈতে ভাগবতৰা কৰিছো৷ দেশবাসীৰ ভালপোৱাৰ বার্তা, দেশবাসীৰ তেওঁলোকৰ প্রতি শ্রদ্ধা, দেশবাসীৰ তেওঁলোকৰ প্রতি আশীর্বাদ, ১৩০ কোটি জনতাৰ আশীর্বাদ লৈ মই কালি সেনা জোৱানসকলৰ ওচৰলৈ গৈছিলো। আজি মই গোৱর্ধন পুজাৰ দিন, গুজৰাটৰ মানুহৰ বাবেতো আজি নৱবর্ষ, গোৱর্ধন পুজাৰ দিনা কেদাৰনাথজীৰ মন্দিৰ দর্শন-পূজন কৰাৰ সৌভাগ্য হৈছে৷ বাবা কেদাৰৰ দর্শনৰ লগতে মই আদি শংকৰাচার্যজীৰ সমাধিত কিছু সময় কটাইছো, সেই ক্ষণ দিব্য অনুভুতিৰ ক্ষণ আছিল। তেওঁৰ সন্মুখত বহিয়েই, মই শংকৰৰ চকুৰ সন্মুখৰ পৰা মই তেজপুঞ্জ দেখিবলৈ পাই, সেই আলোক বিচ্ছুৰিত হৈছে, যি উন্নত ভাৰতৰ আস্থা জগাই তুলিছে। শংকৰাচার্যৰ সমাধি আৰু এবাৰ, আৰু অধিক দিব্য স্বৰূপলৈ আমাৰ সকলোৰে মাজত আছে। ইয়াৰ সমান্তৰালভাৱে সৰস্বতীৰ পাৰত ঘাট নির্মাণো সম্পন্ন হৈছে৷ মন্দাকিনীৰ ওপৰত নির্মিত সেঁতুৰ জৰিয়তে গৰুণচট্টিৰ পথো সুগম হৈছে৷ গৰুণচট্টিৰ সৈতেতো মোৰ বিশেষ সম্পর্ক আছিল, এতিয়াও দুই এজন পুৰণি চিনাকী ব্যক্তি আছে৷ আপোনালোকৰ সৈতে সাক্ষাৎ কৰিবলৈ পাই মোৰ যথেষ্ট ভাল লাগিছে। সন্যাশীসকলৰ ভাষাত কয় ‘চলতা ভলা’ অর্থাৎ, বহুত পুৰণি মানুষ এতিয়া বিয়োগ হ’ল৷ বহুতে এই স্থান এৰি গৈছে, বহুতে এই ধৰা এৰি গ’ল৷ এতিয়া মন্দাকিনীৰ পাৰত বানৰ পৰা সুৰক্ষাৰ বাবে যি দেৱাল নির্মিত হৈছে, ইয়াৰ ফলত ভক্তসকলৰ ভ্ৰমণ এতিয়া আৰু সুৰক্ষিত হ’ব৷ তীর্থ-পুৰোহিতসকলৰ বাবে নৱনির্মিত আবাসসমূহে তেওঁলোকৰ সকলো ঋতুত থকাৰ সুবিধা হ’ব, ভগবান কেদাৰনাথৰ সেৱা সৰল হ’ব, সহজ হ’ব। আগতেও মই দেখিছো, কেতিয়াও প্রাকৃতিক দুৰ্যোগ আহিলে যাত্রীসকলে ইয়াত আৱদ্ধ হৈ যায়৷ তেতিয়া ইয়াৰ পুৰোহিতসকলৰ ঘৰতে এটা-এটা কোঠাত ইমান মানুহ থাকিবলৈ বাধ্য হয়, মই দেখিছিলো, আমাৰ এই পুৰোহিতসকলে বহুত সময় নিজে বাহিৰত ঠাণ্ডাত ঠকঠক কৈ কঁপিছিল, কিন্তু পৰ্যটনসকলৰ অসুবিধাৰ চিন্তা কৰিছিল৷ এইবোৰ মই দেখিছো, তেওঁলোকৰ ভক্তিভাৱ দেখিছো। এতিয়া তেওঁলোকে এইধৰণৰ সমস্যাৰ পৰা মুক্তি পাইছে৷

বন্ধুসকল,

আজি ইয়াত যাত্রী সেৱা আৰ সুবিধা সংক্রান্তীয় কেতবোৰ প্রকল্পৰ আধাৰশিলাও স্থাপন কৰা হৈছে৷ পর্যটক সেৱা কেন্দ্রৰ নির্মাণেই হওক, যাত্রী আৰু এই এলেকাৰ মানুহৰ বাবে আধুনিক হাস্পতালৰ পৰা আৰম্ভ কৰি সকলো সুবিধাসম্পন্ন হাস্পতাল, আশ্ৰয়গৃহ-এই সকলো সেৱাই ভক্তসকলৰ সেৱাৰ মাধ্যম হৈ পৰিব৷ তেওঁলোকৰ তীর্থযাত্রা এতিয়া কষ্টমুক্ত, কেদাৰযুক্ত, জয় ভোলাৰ চৰণত লীন হোৱাৰ দৰে যাত্রীসকলৰ বাবে সুখকৰ অভিজ্ঞতা হ’ব৷

বন্ধুসকল,

বহু বছৰৰ পূৰ্বে ইয়াত যি দুৰ্যোগ আছিল, যিমান লোকচান হৈছিল, সেয়া অকল্পনীয়। মই মুখ্যমন্ত্রীতো গুজৰাটৰ আছিলো, কিন্তু নিজকে বান্ধি ৰাখিব পৰা নাছিলো, মই ইয়ালৈ দৌৰি আহিছিলো৷ মই নিজৰ চকুত সেই ভয়ংকৰ দুৰ্যোগ দেখিছো, মানুহৰ কষ্ট দেখিছো। সেই দুৰ্যোগৰ পাছত যিসকলে ইয়ালৈ আহিছে, তেওঁলোকে ভাৱিছিল যে এতিয়া আমাৰ কেদাৰধাম, এই কেদাৰপুৰী আকৌ কেতিয়াবা মুৰ দাঙি উঠিব পাৰিবনে? কিন্তু মই ভিতৰতৰ আত্মাক কৈছিলো যে ইয়াত পূৰ্বৰতকৈও সুন্দৰ সকলো ব্যৱস্থা গঢ় লৈ উঠিব, আৰ মোক এই বিশ্বাস বাবা কেদাৰৰ বাবে সম্ভৱ হৈছিল। আদি শংকৰাচার্যৰ সাধনাৰ ফলত হৈছিল, ঋষি-মুণিসকলৰ তপস্যাৰ ফলত হৈছিল। ইয়াৰ সমান্তৰালভাৱে মই কচ্ছৰ ভূমিকম্পৰ পাছত পুনৰ নিৰ্মাণৰ অভিজ্ঞতা আছিল আৰু সেইবাবে মোৰ বিশ্বাস আছিল আৰু আজি সেই বিশ্বাসক নিজ চকুৰ সন্মুখত বাস্তৱায়িত হোৱা দেখিছো, ইয়াতকৈ জীৱনত আৰু কি সন্তোষ্টি হ’ব পাৰে৷

ইয়াক মই মোৰ সৌভাগ্য বুলি ধৰি লৈছো যে বাবা কেদাৰ, সন্ন্যাসীসকলৰ আশীর্বাদ, এই মাটিৰ আশীর্বাদ, এই মাটি আৰ বতাহে কেতিয়াবা আমাক লালন পালন কৰিছে, ইয়াৰ বাবে কাম কৰাৰ সৌভাগ্য হৈছে, ইয়াৰ পৰা জীৱনত আৰু কি পুণ্য হ’ব পাৰে! এই আদিভূমিত শ্বাশ্বত ঐতিহ্যৰ সৈতে আধুনিকতাৰ এই সমন্বয় সাধন, উন্নয়নৰ এই কাম ভগৱান শংকৰৰ সহজ কৃপাৰে ফল। ইয়াৰ বাবে ঈশ্বৰে কৃতিত্ব ল’ব নোৱাৰে, মানুহে কৃতিত্ব পাব পাৰে৷ ঈশ্বৰৰ কৃপাই এই কৃতিত্বৰ অধিকাৰী৷ মই এই পবিত্র প্রচেষ্টাৱলীৰ বাবে উত্তৰাখণ্ড চৰকাৰৰ প্রাণশক্তিৰে পৰিপূর্ণ নবীন মুখ্যমন্ত্রী ধামীজিৰ আৰু এই প্রকল্পসমূহৰ দায়িত্ব সম্পাদনকাৰী সকলোকে আজি হৃদয়ৰ পৰা ধন্যবাদ জনাইছো। যিসকলে প্রাণপণ চেষ্টা কৰি এই সপোন বাস্তবায়িত কৰিছে, মই জানো, ইয়াত তুষাৰপাতৰ মাজতো, গোটেই বছৰ ইয়াত কাম কৰা কঠিন, বহুত কম সময় পোৱা যায়, কিন্তু তুষাৰপাতৰ মাজতো আমাৰ শ্রমিক বন্ধুসকল, তেওঁলোক পাহাৰৰ নহয়, বাহিৰৰ পৰা আহিছে, ঈশ্বৰৰ কাম বুলি ভাৱি, তুষাৰপাত-বাৰিষাৰ মাজতো শূন্য তাপমানো তেওঁলোকে কাম এৰি যোৱা নাছিল, কাম কৰি গৈছিল। সেইবাবেই এই কাম সম্ভৱ হৈছে৷ মোৰ মন ইয়াতে আছিল৷ সময়ে সময়ে মই ড্রোনৰ জৰিয়তে, প্রযুক্তিৰ জৰিয়তে, মোৰ বিভাগৰ পৰা প্রযুক্তিৰ মাধ্যমেৰে তদাৰক কৰিছিলো, একপ্রকাৰ ভার্চুৱেলী ভ্ৰমণ কৰিছিলো৷ ক্রমান্বয়ে মই কেদাৰনাথত চলি থকা এই কামৰ খুঁটিনাটি তদাৰকি কৰিছিলো। এমাহ পূৰ্বে ক’ত আছিলো, এমাহ পাছত কিমান কাম হৈছে৷

মই কেদাৰনাথ মন্দিৰৰ ৰাৱাল আৰু সকলো পূজাৰীক কৃতজ্ঞতা জনাইছো। কাৰণ তেওঁলোকৰ ইতিবাচক মনোভাৱৰ কাৰণে, তেওঁলোকৰ ইতিবাচক প্রচেষ্টাৰ কাৰণে আৰু তেওঁলোকৰ পৰম্পৰা অনুসৰণৰ ক্ষেত্রত আমি যিদৰে দিকনির্দেশ কৰিছো, ইয়াৰ ফলত মই এক পুৰণি ঐতিহ্যকে ৰক্ষা কৰাৰ লগতে আধুনিকো কৰি তুলিছো। সেই বাবে মই এই পূজাৰীসকলৰ আৰ ৰাৱাল পৰিয়ালসমূহক হৃদয়ৰ পৰা কৃতজ্ঞতা জনাইছো।

বন্ধুসকল,

আদি শংকৰাচার্যজীৰ বিষয়ে আমাৰ বিদ্বানসকলে কৈছে যে শংকৰাচার্যজীৰ বাবে প্রতিগৰাকী বিদ্বানে কৈছে-“শংকৰৰো শংকৰ সাক্ষাৎ!” অর্থাৎ, আচার্য শংকৰ সাক্ষাৎ ভগৱান শংকৰৰে স্বৰূপ আছিল৷ এই মহিমা, এই দেৱত্ব, আপোনালোকে জীৱনৰ প্রতি মুহূর্ততে অনুভৱ কৰিব পাৰিব, চাবলৈ পাব৷ কম বয়সত, বালক অৱস্থাত অদ্ভূত বোধশক্তি, বালক বয়সৰ পৰাই শাস্ত্রৰ প্রতি অনুৰাগ, জ্ঞান-বিজ্ঞানৰে তেওঁৰ নিৰন্তৰ ভাৱনা! যি বয়সত এজন সাধাৰণ মানুহে, সাধাৰণভাবে বিভিন্ন সাংসাৰিক বিষয় বুজিবলৈ লয়, যি বয়সত মানুহে সংসাৰক লৈ সচেতন থাকে, সেই বয়সত বেদবেদান্তৰ গভীৰতাক, গূঢ়তাক আনুসংগিক বিবেচনা আৰু ব্যাখ্যা অবিৰতভাবে কৰিছে! এইবোৰে শংকৰৰ মনত সাক্ষাৎ শংকৰৰে জাগৰণ আছিল। তদুপৰি আৰু একোৱেই হ’ব নোৱাৰে।

বন্ধুসকল,

ইয়াত আপোনালোকৰ দৰে সংস্কৃত আৰ বেদজ্ঞ লোকসকলে বহি আছে, আমাৰ সৈতে ভার্চুৱেলী যুক্ত হৈছে৷ আপোনালোকে জানে যে শংকৰৰ সংস্কৃত আছিল অত্যন্ত সৰল। অৰ্থাৎ ‘শং কৰোতি সঃ শংকৰঃ’ অর্থাৎ, যি কল্যাণ কৰিব, তেৱেই শংকৰ৷ এই কল্যাণকো আচার্য শংকৰে প্রত্যক্ষ প্রমাণ কৰি দিছে৷ তেওঁৰ সমগ্ৰ জীৱন যিমান অসাধাৰণ আছিল, সিমানেই তেওঁ জনসাধাৰণৰ কল্যাণেৰ বাবে সমর্পিত আছিল৷ ভাৰত আৰ বিশ্বৰ কল্যাণৰ হকে অহর্নিশে নিজৰ চেতনাক সমর্পণ কৰিছিল। যেতিয়া ভাৰত, ৰাগ-বিদ্বেষৰ জালত বান্ধ খাই নিজৰ ঐক্য হেৰাইছিল, তেতিয়া নাজানো কিমান দূৰদর্শী আছিল, তেতিয়া শংকৰাচার্য জীয়ে কৈছিল-

“ন মে দ্বেষ ৰাগৌ, ন মে লোভ মোহৌ

মদো নৈব, মে নৈব, মাৎসর্য ভাবঃ”

অর্থাৎ, দ্বেষ, ৰাগ, লোভ, মোহ, ঈর্ষা, অহংকাৰ এইবোৰ আমাৰ স্বভাৱ নহয়৷ যেতিয়া ভাৰতক জাতি-পন্থাৰ সীমাৰ বাহিৰত দেখাৰ, মানৱজাতিৰ শংকা-আশংকাক বাদ দি প্রয়োজন আছিল, তেতিয়া তেওঁ সমাজৰ চেতনা জাগ্রত কৰিব বুলি কয়৷ আদি শংকৰাচার্য কৈছিল-

“ন মে মৃত্যু-শংকা, ন মে জাতিভেদঃ’।

অর্থাৎ, নাশ-বিনাশৰ শংকাসমূহ, জাতপাতৰ বৈষম্য, এইবোৰ আমাৰ পৰম্পৰাৰ সৈতে কোনো সম্পর্ক নাই, পৰম্পৰাৰ অংশ নহয়৷ মোৰ কি, আমাৰ দর্শন আৰু ভাৱনা কি, সেয়া কোৱাৰ বাবে আদি শংকৰাচার্য আছিল, “চিদানন্দ ৰূপঃ শিবোঅহম শিবোঅহম, চিদানন্দৰূপঃ শিবোঅহম শিবোঅহম” অর্থাৎ, আনন্দস্বৰূপ শিব মই। জীৱত্বৰ মাজত শিৱত্ব আছে। অদ্বৈতৰ সিদ্ধান্ত, কেতিয়াবা অদ্বৈতৰ সিদ্ধান্ত বুজিবলৈ ডাঙৰ ডাঙৰ গ্রন্থৰ প্রয়োজন হয়। মই ইমান বিদ্বান নাই, মই সৰল ভাষাত সকলো কথা বুজো, মই এইটো কও, য’ত দ্বৈত নাই, তাত অদ্বৈত আছে৷ শংকৰাচার্যজী ভাৰতৰ চেতনাত আকৌ প্রাণ সঞ্চাৰ কৰে, আমাৰ নিজৰ আর্থিক পৰমার্থিক উন্নতিৰ মন্ত্র বুলি কয়। এইকথা কোৱাৰ বাবে আদি শংকৰাচার্যই কৈছিল-

জ্ঞানবিহীনঃ, … চাওক, জ্ঞানৰ উপাসনাৰ মহিমাক আমাৰ দেশত কিমান গুৰুত্ব দিয়া হৈছিল৷ তেওঁ কৈছিল-

“জ্ঞানবিহীনঃ সর্ব মতেন।

মুক্তিম ন ভজতি জন্ম শতেন।।”

অর্থাৎ, দুঃখ, কষ্ট আৰ সমস্যাৰ পৰা আমাৰ মুক্তিৰ কেৱল এটাই পথ আছে আৰু সেইটো হ’ল জ্ঞান। ভাৰতৰ জ্ঞান-বিজ্ঞান আৰ দর্শন, যা চিৰাচৰিত ঐতিহ্য, তাকে আদি শংকৰাচার্যজীয়ে পুনৰুজ্জীৱিত কৰিছে, চেতনা ভৰাই দিছিল৷

বন্ধুসকল,

এটা সময় আছিল যেতিয়া আধ্যাত্মিক, ধর্মক কেৱল পশ্চাদপদৰ সৈতে জড়িত হয়, কেতবোৰ ভুল মর্যাদা আৰু কল্পনা জড়িত হয়, চোৱা আৰম্ভ হৈছিল। কিন্তু, ভাৰতীয় দর্শনতো মানৱ কল্যাণৰ কথা কোৱা হৈছিল, জীৱনক পূর্ণতাৰে উৎকৰ্ষমূলক দৃষ্টিভংগীৰে, উৎকৰ্ষমূলক দৃষ্টিৰে চোৱা হয়৷ আদি শংকৰাচার্যজীয়ে সমাজৰ এই সত্যৰ সৈতে চিনাকী কৰোৱাৰ কাম কৰিছিল৷ তেওঁ পবিত্র মঠসমুহৰ স্থাপন কৰিছিল, চাৰ ধামৰ স্থাপনা কৰিছে, দ্বাদশ জ্যোতিলিংগৰ পুনৰ জাগৰণ কৰাৰ কাম কৰিছিল। তেওঁ সকলো ত্যাগ কৰি দেশ, সমাজ আৰু মানৱতাৰ বাবে জীয়াই থকাৰ এক শক্তিশালী পৰম্পৰা সৃষ্টি কৰিছিল৷ আজি তেওঁৰ এই প্রতিষ্ঠান ভাৰত আৰু ভাৰতীয়ত্বৰ একপ্রকাৰ সম্বল আৰু পৰিচয় হৈ পৰিছে৷ আমাৰ বাবে ধর্ম কি, ধর্ম আৰ জ্ঞানৰ মাজত সম্পর্ক কি? আৰু এইবাবেই কোৱা হৈছে, ‘অথাতো ব্রহ্ম জিজ্ঞাসা’। অথাতো ব্রহ্ম জিজ্ঞাসাৰ মন্ত্রৰ দাতা উপনিষদীয় পৰম্পৰা কি, যি আমাৰ পল-প্রতিপল প্রশ্ন কৰিবলৈ শিকায়৷ সেইবাবেই কেতিয়াবা বালক নচিকেতা যমৰ দৰবাৰত হৈ যমৰ চকুত চকু ৰাখি প্ৰশ্ন কৰিছিল৷ যমক প্ৰশ্ন কৰিছিল, মৃত্যু কাক কোৱা হয়?

প্রশ্ন কৰা, জ্ঞান অর্জন কৰা, ‘অথাতো ব্রহ্ম জিজ্ঞাসা ভবঃ’৷ আমাৰ এই ঐতিহ্যক আমাৰ মঠ হাজাৰ হাজাৰ বছৰ ৰক্ষা কৰি আহিছে, তাক সমৃদ্ধ কৰি আহিছে। সংস্কৃতেই হওক, সংস্কৃত ভাষাত বৈদিক গণিতৰ দৰে বিজ্ঞানেই হওক, এইবোৰ মঠত আমাৰ শংকৰাচার্য এই সকলোবোৰৰ সংৰক্ষণ কৰি ৰাখিছিল, প্রজন্মৰ পৰ প্রজন্মক পথ দেখুৱাৰ কাম কৰিছিল, আগুৱাই নিছিল৷ মই বুজিব পাৰো, বৰ্তমান সময়ত আদি শংকৰাচার্যজীৰ সিদ্ধান্ত আৰু অধিক প্ৰাসংগিক হৈ পৰিছে৷

বন্ধুসকল,

আমাৰ ইয়াত কেইবা শতিকা ধৰি চাৰধাম যাত্রাৰ মহত্ব আছে, দ্বাদশ জ্যোতিলিংগৰ দর্শন, শক্তিপীঠসমূহৰ দর্শন, অষ্টবিনায়কজীৰ দর্শনৰ এই সকলো যাত্রাৰ পৰম্পৰা, এই তীর্থযাত্রাক আমাৰ দেশত জীৱনকালৰ অংশ বুলি ধৰা হয়৷ এই তীর্থযাত্রা কেৱল পর্যটনৰ বাবেই নহয়, কেৱল ঘুৰি-ফুৰা বাবেই নহয়৷ এইবোৰে ভাৰতক যুক্ত কৰে, ভাৰতক চিনাক্ত কৰাৰ এক সজীৱ পৰম্পৰা৷ আমাৰ ইয়াত কাৰোবাৰ ইচ্ছা হ’লে, যিয়েইই নহওক কিয়, তেওঁৰ জীৱনত অন্তত এবাৰ চাৰধাম চাব বিচাৰে, দ্বাদশ জ্যোতিলিংগ নিশ্চিতভাৱে দর্শন কৰিব বিচাৰে৷ মা গংগাত এবাৰ স্নান কৰিব বিচাৰে৷ আগতে আমাৰ শিশুসকলক সৰুৰে পৰাই শিকোৱাৰ ঐতিহ্য আছিল–

“সৌৰাষ্ট্রে সোমনাথম চ

শ্রীশৈলে মল্লিকার্জুনম”

এয়া সৰু অৱস্থাতে শিকোৱা হয়৷ দ্বাদশ জ্যোতিলিংগৰ এই মন্ত্র ঘৰত বহি বহি বৃহৎ ভাৰতৰ ভ্ৰমণ কৰিছিল৷ শৈশৱৰ পৰাই দেশৰ পৃথক অংশৰ সৈতে সংযুক্ত হৈ এক সহজ শিষ্টাচাৰ গঢ় দিছিল৷ এই আস্থা, এই ভাৱনা পূবৰ পৰা পশ্চিমলৈকে, উত্তৰৰ পৰা দক্ষিণলৈকে ভাৰতক এক সজীৱ একক সলনি কৰি দিছিল, জাতীয় একতাৰ শক্তি বৃদ্ধি কৰিছিল, ‘এক ভাৰত, শ্রেষ্ঠ ভাৰত’ৰ সুন্দৰ দর্শন কৰোৱা সহজ জীৱনযাপনৰ অংশ আছিল। বাবা কেদাৰনাথৰ দর্শন কৰি এজন ভক্তই এক নতুন শক্তি লৈ ঘূৰি গৈছিল৷

বন্ধুসকল,

আদি শংকৰাচার্যৰ পৰম্পৰাৰ এই চিন্তন আজি দেশৰ বাবে এক প্রেৰণা হিচাপে ধৰা দিছে৷ এতিয়া আমাৰ সাংস্কৃতিক পৰম্পৰাক, আস্থাৰ কেন্দ্রসমূহক একেই গৌৰৱৰ দৃষ্টিৰে চাইছে, যিদৰে চোৱা উচিত আছিল। আজি অযোধ্যাত ভগৱান শ্রীৰামৰ সুন্দৰ মন্দিৰ সম্পূর্ণ গৌৰৱৰে নিৰ্মাণ হৈছে, অযোধ্যাই ইয়াৰ গৌৰৱ কেইবা শতিকাৰ পাছত ঘূৰাই পাইছে৷ মাত্র দুদিন পূৰ্বে অযোধ্যাত দীপোৎসৱৰ সুন্দৰ আয়োজন, সমগ্ৰ বিশ্বই দেখিছে। ভাৰতৰ প্রাচীন সাংস্কৃতিক স্বৰূপ কেনে ছিল, আজি মই কল্পনা কৰিব পাৰো৷

এইদৰেই, উত্তৰপ্রদেশত কাশীৰ কায়াকল্প হৈছে, বিশ্বনাথ ধামৰ কাম অতিত ক্ষিপ্ৰ গতিত আগুৱাইছে, পূর্ণতাৰ পথত অগ্ৰসৰ হৈছে৷ বাৰাণসীত সাৰনাথৰ ওচৰত কুশীনগৰ আৰু বুদ্ধগয়ালৈকে বুদ্ধ চার্কিট আন্তঃৰাষ্ট্ৰীয় পর্যটকৰ আকর্ষণ কৰাৰ বাবে অতি দ্রুতগতিত কাম চলিছে৷ ভগৱান ৰামৰ সৈতে যুক্ত স্থানসমূহত ৰাম চার্কিট বনোৱাৰ কাম চলিছে৷ মথুৰা বৃন্দাবনো উন্নয়নৰ লগে লগে তাৰ পবিত্রতাক লৈ সন্ন্যাসীসকলৰ ভাৱনাৰ কথাও গুৰুত্ব দিয়া হৈছে৷ আধুনিকতাৰ কথাৰ প্ৰতিও লক্ষ্য ৰখা হৈছে৷ এইবোৰ আজি এই বাবে হ’ব পাৰিছে, কাৰণ আজিৰ ভাৰত শংকৰাচার্যৰ দৰে মনীষীসকলৰ নির্দেশসমূহৰ প্রতি শ্রদ্ধাৰ ভাৱনাৰ পৰা, সেইবোৰৰ বাবে গৌৰৱ অনুভৱ কৰি আগুৱাই গৈছে৷

বন্ধুসকল,

বৰ্তমান সময়ত আমাৰ দেশত স্বাধীনতাৰ অমৃত মহোৎসৱ পালন কৰা হৈছে৷ দেশে নিজৰ ভৱিষ্যতৰ বাবে, নিজৰ পুনৰ র্নিমাণৰ বাবে নতুন সংকল্প লৈছে। অমৃত মহোৎসৱৰ এই সংকল্পত মই আদি শংকৰাচার্যজীক এক ডাঙৰ প্রেৰণা হিচাপে প্ৰত্যক্ষ কৰিছো৷ এতিয়া দেশে নিজৰ বাবে ডাঙৰ লক্ষ্য স্থিৰ কৰিছে৷ যেতিয়া দেশে নিজৰ বাবে ডাঙৰ লক্ষ্য স্থিৰ কৰে, কঠিন সময়, আৰু কেৱল সময় নহয়, কামৰ বাবে সময়সীমা নির্ধাৰণ কৰি দিয়ে, তেতিয়া একাংশ লোকে কয় ইমান কম সময়ত এইবোৰ কাম কিদৰে সম্ভৱ! হ’ব নে নহ’ব! কেতিয়াব কেনো কোনোৱে সোধে, আকৌ কি হ’ব? তেতিয়া মই ভিতৰৰ পৰা এটা আৱাজ শুনিবলৈ পাও, ১৩০ কোটি ভাৰতীয়ৰ আৱাজ শুনিবলৈ পাও। তেতিয়া মই কও সময়ৰ সীমাত আবদ্ধ হৈ শংকিত হৈ থকাৰ স্বভাৱ এতিয়া আৰু ভাৰতৰ নাই।

আপোনালোকে আদি শংকৰাচার্যজীক চাওক। তেওঁ তেওঁৰ কম বয়সতে সংসাৰ ত্যাগ কৰি সন্ন্যাসী হৈছে৷ ক’ৰ কেৰালাৰ কালড়ি আৰু ক’ত কেদাৰ, ক’ৰ পৰা ক’লৈ আহিছিল৷ সন্ন্যাসী হৈছে, খুব কম বয়সতে এই পবিত্রভূমিত তেওঁৰ শৰীৰ এই মাটিত বিলীন হৈ গৈছে। ইমান কম বসয়তে তেওঁ ভাৰতৰ ভুগোলক চৈতন্য আনি দিছে, ভাৰতৰ বাবে নতুন ভৱিষ্যৎ গঢ় দিছিল। তেওঁ যি শিখা প্রজ্বলিত কৰিছে, সেইটোৱে আজি ভাৰতক গৌৰবান্বিত কৰিছে, অনাগত হাজাৰ হাজাৰ বছৰলৈ গৌৰবান্বিত কৰিব৷

সেইদৰে স্বামী বিবেকানন্দজীলৈ চাওক৷ স্বাধীনতা সংগ্ৰামত বহু সেনানীলৈ চাওক, এনে কিমান মহাত্মা, মহৎ ব্যক্তি, এই দেশত জন্ম লৈছে, যিসকলে সময়ৰ সীমাক নেওচি কম সময়ৰ ভিতৰতে কিমান যুগক প্রোথিত কৰিছে৷ এই ভাৰত মহান ব্যক্তিসকলৰ প্রেৰণাত চলে। মই শ্বাশ্বতক একপ্রকাৰ স্বীকাৰ কৰো, মই ক্রিয়াশীলতাত বিশ্বাস কৰো৷ এই আত্মবিশ্বাস লৈ দেশত আজি এই অমৃতকালত আগুৱাই গৈছে৷ এই সময়ত মই দেশবাসীৰ ওচৰত এটাই অনুৰোধ জনাব বিচাৰো। স্বাধীনতা সংগ্ৰামৰ সৈতে জড়িত ঐতিহাসিক স্থানসমূহক চোৱাৰ লগতে এনে পবিত্র স্থানসমূহ বেছিকৈ ঘুৰিবলৈ যাওক, নতুন প্রজন্মক লৈ যাওক, চিনাকী কৰাওক, ভাৰতমাতাৰ সৈতে সাক্ষাৎ কৰাওক। হাজাৰ বছৰৰ মহান পৰম্পৰাৰ চেতনা আৰু অনুভূতি তেওঁলোকৰ মাজত সঞ্চাৰিত কৰাওক৷ স্বাধীনতাৰ অমৃত মহোৎসৱ পালনৰ এইটো এটা ডাঙৰ উপায় হ’ব পাৰে৷ প্রতিগৰাকী ভাৰতীয়ৰ মনত, দেশৰ প্রতিটো কোণত, প্রত্যেক কেঁকুৰিত যাতে শংকৰভাৱ জাগি উঠাবব পাৰে! এইবাবে এইটো বাহিৰ কৰাৰ সময়। যিসকলে পৰাধীনতাৰ শ শ বছৰ আমাৰ আস্থাক বান্ধি ৰাখিছিল, কেতিয়াবা আস্থাক আঁচোৰ পৰিবলৈ দিয়া নাছিল, দাসত্বৰ কালখণ্ডত এয়া কোনো সৰু সেৱা নাছিল৷ এতিয়া স্বাধীনতাৰ অমৃতকালত সেই মহান সেৱাক পূজা কৰা, তর্পণ কৰা, তপস্যা কৰা, সাধনা কৰাটো প্রতিগৰাকী ভাৰতীয়ৰ কর্তব্য নহয় নে? সেইবাবে মই কও এজন নাগৰিক হিচাপে আমাৰ এই স্থানসমূহ দর্শন কৰা উচিত, এই স্থানসমূহৰ মহিমা জনা উচিত, এই স্থানসমূহলৈ নিশ্চিতভাৱে যোৱা উচিত।

 

বন্ধুসকল,

দেৱভূমিৰ প্রতি অসীম শ্রদ্ধা পোষণ কৰি ইয়াৰ অসীম সম্ভাৱনাৰ প্রতি বিশ্বাস ৰাখি আজি উত্তৰাখণ্ডৰ চৰকাৰে বিকাশৰ মহাযজ্ঞত জড়িত হৈছে৷ সম্পূর্ণ শক্তিৰে কাম কৰিছে৷ চাৰধাম পথ প্রকল্পত দ্রুতগতিত কাম হৈছে, চাৰ ধামক ঘাইপথৰ জৰিয়তে সংযুক্ত কৰা হৈছে৷ ভৱিষ্যতে ইয়াত কেদাৰনাথজীলৈকে শ্রদ্ধালু লোকসকলে যাতে কেৱল গাড়ীৰে আহিব পাৰে সেই প্রক্রিয়াও আৰম্ভ হৈছে। ইয়াৰ কাষতে হেমকুণ্ড চাহেবজীও আছে, হেমকুণ্ড চাহেবৰ দর্শন যাতে সহজ হয়, সেইবাবে তাত ৰোপৱে নিৰ্মাণৰ প্রস্তুতি চলিছে৷ তদুপৰি, ঋষিকেশ আৰু কর্ণপ্রয়াগক ৰে’লেৰে সংযোগ কৰা হৈছে৷ মুখ্যমন্ত্রী ডাঙৰীয়াই কৈছে যে পাহাৰৰ মানুহৰ বাবে ৰে’ল দেখাটো সাঁথৰ আছিল। এতিয়া ৰে’ল পাহাৰত গৈ পাইছে৷

দিল্লী দেৰাদুন ঘাইপথ নিৰ্মাণৰ পাছত দেৰাদুনৰ পৰা দিল্লীলৈ অহা-যোৱাৰ সময় আৰুও কম হৈ পৰিব৷ এই সকলো কামত উত্তৰাখণ্ডৰ, উত্তৰাখণ্ডৰ পর্যটনৰ ডাঙৰ লাভ হ’ব৷ মই এই কথাসমূহ উত্তৰাখণ্ডৰ মানুহে লিখি ৰাখক যে দ্রুতগতিত উত্তৰাখণ্ডত আন্তঃগাঁথনিৰ কাম চলিছে, বিগত ১০০বছৰত যিমান তীর্থযাত্রী ইয়ালৈ আহিছে, অহা দশ বছৰত তাতকৈ অধিক তীর্থযাত্রী ইয়ালৈ আহিব৷ আপোনালোকে কল্পনা কৰকচোন ইয়াৰ অর্থনীতি কিমান শক্তিশালী হ’ব৷ একবিংশ শতিকাৰ তৃতীয় দশক এয়া উত্তৰাখণ্ডৰ দশক হ’ব, এইকথাও লিখি ৰাখক৷ মই পবিত্র ধামত ঠিয় হৈ এই কথা কৈছো৷

শেহতীয়াভাৱে মই সকলো দেখিছো যে কিদৰে চাৰ ধাম যাত্রালৈ অহা ভক্তৰ সংখ্যাই নতুন নতুন অভিলেখ ৰচনা কৰিছে৷ ক’ভিড নোহোৱাহ’লে এই সংখ্যা কিমান হ’লহেতেন কল্পনা কৰিব নোৱাৰি৷ উত্তৰাখণ্ডৰ কথা ক’বলৈ মোৰ আনন্দ লাগিছে, বিশেষকৈ মা-ভনীসকলৰ কথা ভাৱি কৈছো, পাহাৰৰ মা-ভনীসকলৰ, এক বিশেষ ধৰণৰ সামর্থ্য আছে, যিদৰে উত্তৰাখণ্ডৰ বিভিন্ন সৰু সৰু গাঁৱত প্রকৃতিৰ কোলাত হোম-ষ্টে নেটৱর্ক গঢ় দিছে৷ শ শ হোম-ষ্টে নিৰ্মাণ কৰা হৈছে৷ মা-ভনীসকলে দায়িত্ব সহকাৰে কাম কৰিছে, ইয়ালৈ অহা পর্যটকসকলেও হোম-ষ্টেত থকাটো অধিক পছন্দ কৰিছে৷ কর্মসংস্থাপনো হৈছে৷ স্বাভিমানী ভাৱে জীয়াই থকাৰ সুযোগো গঢ় লৈ উঠিছে৷ ইয়াৰ চৰকাৰে যিদৰে বিকাশৰ কামৰ সৈতে জড়িত হৈছে, ইয়াৰ পৰা আন এটা লাভ হৈছে৷

ইয়াত বহুতে প্ৰায়ে কয় যে পাহাৰৰ জল আৰু পাহাৰৰ যৌৱন কেতিয়াও পাহাৰৰ কামত নালাগে৷ মই এই প্রবাদ সলনি কৰিছো৷ এতিয়া পাহাৰৰ জল পাহাৰৰ কামত লাগিব আৰু পাহাৰৰ যৌৱনো পাহাৰৰ কামত লাগিব। আনলৈ যোৱাটো ৰোধ কৰিব লাগিব, এটাৰ পাছত এটাকৈ যিমান পলায়ন কৰিছে, আহক নৱযুৱক বন্ধুসকল, এই দশক আপোনালোক, এই দশক উত্তৰাখণ্ডৰ, এই দশক উজ্জ্বল ভৱিষ্যতৰ৷ বাবা কেদাৰৰ আশীর্বাদ আমাৰ সৈতে আছে।

বন্ধুসকল,

এই দেৱভূমি, মাতৃভূমিৰ ৰক্ষাত নিযুক্ত বহু বীৰ সন্তান-কন্যাৰ জন্মস্থল। ইয়াৰ কোনো ঘৰ, কোনো গাঁও এনে নাই, য’ত পৰাক্রমৰ কোনো কাহিনীৰ পৰিচয় পোৱা নাযায়৷ আজি দেশে যিদৰে নিজৰ সেনাবাহিনীৰ আধুনিকীকৰণ কৰিছে, তাকে আত্মনির্ভৰ কৰিছে, তাত আমাৰ বীৰ সৈনিকসকলৰ শক্তি আৰু অধিক বৃদ্ধি পাইছে৷ আজি তেওঁলোকৰ প্রয়োজন, তেওঁলোকৰ প্রত্যাশাৰ, তেওঁলোকৰ পৰিয়ালৰ প্রয়োজনক অগ্রাধিকাৰ দি কাম কৰা হৈছে৷ আমাৰ চৰকাৰে, ‘এক ৰেংক, এক পেন্সন’ৰ চাৰি দশক পুৰণি দাবী, বিগত শতিকাৰ দাবী, এই শতিকাতে মই পূৰণ কৰিছো৷ মই আনন্দিত হৈছো যে মই মোৰ দেশৰ সৈনিকসকলক সেৱা কৰাৰ সুযোগ পাইছো৷ ইয়াৰ জৰিয়তে উত্তৰাখণ্ডৰ হাজাৰ হাজাৰ পৰিয়ালৰ লাভ হৈছে৷ অৱসৰপ্রাপ্ত সৈনিক পৰিয়ালসমূহ উপকৃত হৈছে৷

বন্ধুসকল,

উত্তৰাখণ্ডই ক’ৰোনাৰ বিৰুদ্ধে যুঁজত যিদৰে অনুশাসন দেখুৱাইছে, তাৰ বাবে তেওঁলোক অভিনন্দনৰ পাত্ৰ তথা প্রশংসনীয়। ভৌগোলিক সমস্যাসমূহ অতিক্রম কৰে আজি উত্তৰাখণ্ড, উত্তৰাখণ্ডৰ জনগণে ১০০ শতাংশ প্ৰথম ড’জৰ লক্ষ্য অর্জন কৰিছে৷ এইটোৱে উত্তৰাখণ্ডৰ শক্তিক তুলি ধৰিছে, উত্তৰাখণ্ডৰ ক্ষমতাক প্ৰতিফলিত কৰিছে৷ যিসকল পাহাৰৰ সৈতে পৰিচিত, তেওঁলোকে জানে যে এই কাম সহজ নহয়৷ ঘণ্টাৰ পৰ ঘণ্টা খোজকাঢ়ি পাহাৰৰ গাঁৱে গাঁৱে গৈ চাৰি-পাঁচটা পৰিয়ালক ভেকচিন দিবলগীয়া হৈছে৷ গোটেই ৰাতি খোজকাঢ়ি ঘৰলৈ ঘূৰিব লাগে৷ ইয়াত কিমান কষ্ট হয়, সেয়া মই অনুমান কৰিব পাৰিছো৷ তাৰপাছতো উত্তৰাখণ্ডই সফলতাৰে সৈতে কাম কৰিছে, কাৰণ ৰাজ্যৰ প্ৰতিজন নাগৰিকৰ জীৱন ৰক্ষা কৰিব লাগিব৷ সেইবাবে মুখ্যমন্ত্রীৰ আৰু গোটেই টীমটোক অভিনন্দন জনাইছো৷ মই বিশ্বাস যে যিমান উচ্চতাত উত্তৰাখণ্ড আজি আছে, যিমান উচ্চতাত উত্তৰাখণ্ড আজি উপনীত হৈছে তাতকৈও অধিক উচ্চ শিখৰ অর্জন কৰিব৷

বাবা কেদাৰৰ ভূমিৰ পৰা আপোনালোক সকলোৰে আশীর্বাদত দেশৰ বিভিন্ন প্রান্তৰ পৰা সন্ত-মহন্ত, ঋষি-মুনি, আচার্যসকলৰ আশীর্বাদ লৈ আজি এই পবিত্র ভূমিৰ পৰা বহুত সংকল্প গ্রহণ কৰি আমি আগুৱাই গৈছো৷ স্বাধীনতাৰ অমৃত মহোৎসৱত দেশক নতুন উচ্চতালৈ নিয়াৰ সংকল্প প্রত্যেকেই লওক। দীপাৱলীৰ পাছত এক নতুন উৎসাহ, এক নতুন পোহৰ, নতুন উদ্দীপনা, নতুন প্রাণশক্তি, আমি নতুন কিবা এটা কৰাৰ শক্তি যোগাওক।

এই শুভকামনাৰে মই আৰু পুনৰবাৰ ভগৱান কেদাৰনাথৰ চৰণত, আদি শংকৰাচার্যৰ চৰণত প্রণাম জনাইছো৷ আপোনালোক সকলোকে পুনৰবাৰ দীপাৱলীৰ মহাপর্বৰ পৰা ষট্ পূজালৈকে এই উৎসৱসমূহৰ বাবে বহুত বহুত শুভকামনা জনাইছো। মোৰ সৈতে সভক্তিকে কওক, প্রাণ উজাৰি কওক-

জয় কেদাৰ!

জয় কেদাৰ!

জয় কেদাৰ!

ধন্যবাদ!

***

DS/VJ/SJ/AK/DB



(Release ID: 1781200) Visitor Counter : 189