নৌ-পৰিবহন মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মণিপুৰৰ লোকটক হ্ৰদত আইডব্লিউএআই জেটি পৰিদৰ্শন কৰে; ই ইয়াক বিশ্বৰ অন্যতম অতিশয় গুৰুত্বপূৰ্ণ পৰ্যটন স্থল হিচাপে পৰিণত কৰিব বুলি কয়

Posted On: 04 DEC 2021 7:51PM by PIB Guwahati

আজি মণিপুৰ ভ্ৰমণলৈ অহা কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ ও জলপথ আৰু আয়ুষ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে মোহনীয়া লোকটক হ্ৰদত ভাৰতৰ অভ্যন্তৰীণ জলপথ (IWAI) জেটি পৰিদৰ্শন কৰে। তেওঁ হ্ৰদটোত নৌকা বিহাৰো কৰে। মন্ত্ৰীজনে লোকটক হ্ৰদৰ সৌন্দৰ্য্য আৰু পৰ্যটন আৰু আনুষংগিক কাৰ্য্যকলাপৰ ক্ষেত্ৰত ইয়াৰ অপৰিসীম সম্ভাৱনাৰ বিষয়ে সবিস্তাৰে কয়। তেওঁ কয়, লোকটক এছিয়াৰ অন্যতম সৰ্ববৃহৎ জলাশয় আৰু ইয়াৰ সৌন্দৰ্য্য, সেউজ আৱৰণ, নৌ জীৱনক সুনীল পৰ্বতে আগুৰি আছে। মন্ত্ৰীজনে হ্ৰদটোৰ প্ৰচাৰ আৰু উন্নয়ন আৰু ইয়াক বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ পৰ্যটন স্থল হিচাপে গঢ়ি তোলা সন্দৰ্ভত বিস্তাৰিতভাৱে ভাষণ প্ৰদান কৰে।

শ্ৰী সোণোৱালে অভ্যন্তৰীণ জলপথ উন্নয়ন আৰু আয়ুষ খণ্ডত মণিপুৰ চৰকাৰক সম্পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। তেওঁ কয়, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে যোগাযোগ ব্যৱস্থা, আন্তঃগাঁথনি, যুৱ আৰু কৃষক উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপেৰে উত্তৰ-পূৰ্বাঞ্চলত সম্পূৰ্ণ মনোযোগ প্ৰোথিত কৰিছে। মন্ত্ৰীজনে মণিপুৰৰ মুখ্যমন্ত্ৰী শ্ৰী এন বীৰেন সিঙক উত্তম সেৱা আগবঢ়োৱাৰ বাবে সন্মান জনাই, যাৰ নেতৃত্বত ৰাজ্যখনৰ যথেষ্ট বিকাশ হৈছে।

এই কাৰ্য্যসূচীত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰী আৰকে ৰঞ্জন সিং, বিধায়ক শ্ৰী পি শৰৎচন্দ্ৰ সিং, লোকটক উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ শ্ৰী এল সুশেন্দ্ৰ মেইটেই আৰু অন্যান্য বিশিষ্ট লোকসকল উপস্থিত আছিল।

 

*****

MJPS/MS/jk/SB


(Release ID: 1778729) Visitor Counter : 129