প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
উত্তৰ প্ৰদেশৰ মহোবাত বিভিন্ন উন্নয়ণী প্ৰকল্প ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
Posted On:
19 NOV 2021 6:16PM by PIB Guwahati
ভাৰত মাতা কী জয়!
ভাৰত মাতা কী জয়!
যিখন মহোবাৰ মাটিত আল্হা-ঊদল আৰু বীৰ চণ্ডেলোৰ বীৰত্বৰ কথা সংপৃক্ত হৈ আছে, সেইখন মহোবাৰ সকলো বাসিন্দাক মই কোটি কোটি প্ৰণিপাত জনাইছো।
উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দীবেন পেটেল জী, উত্তৰ প্ৰদেশৰ লোকপ্ৰিয় কৰ্মযোগী মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ জী, কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলত মোৰ সহযোগী শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱট জী, উত্তৰ প্ৰদেশ চৰকাৰৰ মন্ত্ৰী ড০ মহেন্দ্ৰ সিং জী, শ্ৰী জী এছ ধৰ্মেশ জী, সংসদত মোৰ বন্ধু আৰ কে সিং জী, উত্তৰ প্ৰদেশ বিধান পৰিষদ আৰু বিধানসভাৰ বন্ধু শ্ৰী স্বতন্ত্ৰদেৱ সিং জী, শ্ৰী ৰাকেশ গোস্বমী জী, জনপ্ৰতিনিধিসকল আৰু ইয়াত উপস্থিত থকা মোৰ প্ৰিয় ভাই-ভনীসকল!
মহোবাৰ ঐতিহাসিক ভূমিত উপস্থিত হৈ এক ধৰণৰ অনুভূতিৰে অভিভূত হৈছো। এই সময়ত দেশ, দেশৰ স্বাধীনতা আৰু ৰাষ্ট্ৰ-নিৰ্মাণত জনজাতীয় বন্ধুসকলৰ যোগদানৰ নামত সমৰ্পিত জনজাতীয় সপ্তাহ উদযাপন কৰি থকা হৈছে। এই সময়ত বীৰ আল্হা আৰু ঊদলৰ পূণ্য ভূমিলৈ অহাটো মোৰ বাবে বহুত ডাঙৰ সৌভাগ্য বুলিয়ে ভাবিছো। পৰাধীনতাৰ সেইটো কালত ভাৰতত এক নতুন চেতনা জাগ্ৰত কৰা গুৰু নানক জীৰ আজি ‘প্ৰকাশ-পৰ্ব’ও হয়। মই দেশ আৰু সমগ্ৰ পৃথিৱীবাসীলৈ ‘গুৰু পূৰৱ’ৰ বহুত বহুত শুভকামনা জ্ঞাপন কৰিছো। আজিৰ দিনটোতে ভাৰতৰ বীৰাংগণা, বুন্দেলখণ্ডৰ গৌৰৱ, ৰাণী লক্ষ্মীবাঈৰো জন্ম জয়ন্তী। এই কাৰ্যক্ৰমৰ পিচতে মই ঝাঁসীলৈ যাম প্ৰতিৰক্ষা বাহিনীৰ এক বহুত ডাঙৰ কাৰ্যক্ৰমত ভাগ লোৱাৰ বাবে।
ভাই-ভনীসকল,
বিগত ৭টা বছৰত আমি কেনেকৈ চৰকাৰক দিল্লীৰ বন্ধ কোঠাৰ পৰা উলিয়াই আনি দেশৰ কোণে কোণে নিয়াৰ ব্যৱস্থা কৰিছো, মোহবা তাৰ সাক্ষাত্ সাক্ষী হৈছে। এইডোখৰ ভূমি এনে যোজনা, এনে সিদ্ধান্তৰ সাক্ষী হৈছে, যিয়ে দেশৰ দুখীয়া আই-ভগ্নী-জীয়াৰীৰ জীৱনলৈ বৃহত্ আৰু সাৰ্থক পৰিৱৰ্তনৰ সূচনা কৰিছে। কেইটামান মাহৰ আগতে ইয়াৰ পৰাই সমগ্ৰ দেশৰ বাবে ‘উজ্জ্বলা যোজনা’ৰ দ্বিতীয়টো পৰ্বৰ শুভাৰম্ভ কৰা হৈছিল। মোৰ মনত আছে, কেইবছৰমান আগতে মই মোহবাৰ পৰাই দেশৰ কোটি কোটি মুছলমান ভগ্নীক কথা দিছিলো যে মই মুছলমান ভগ্নীসকলক ‘তিনি তালাক’ৰ আতিশয্যৰ পৰা মুক্তি দিহে এৰিম। মহোবাত কৰা সেই পণ সম্পূৰ্ণ কৰা হ’ল।
ভাই-ভনীসকল,
এতিয়া, আজি মই ইয়াত বুন্দেলখণ্ডৰ ভগ্নী আৰু মোৰ মৰমৰ কিষাণ ভাই-ভনীসকলক বহুত ডাঙৰ উপহাৰ প্ৰদান কৰিবলৈ আহিছো। আজি ‘অৰ্জুন সহায়ক পৰিযোজনা’, ‘ৰতৌলী বান্ধ পৰিযোজনা’, ‘ভৱানী বান্ধ পৰিযোজনা’ আৰু ‘মজগাঁও ছিল্লী স্প্ৰিংকলাৰ সিঞ্চাই পৰিযোজনা’ উদ্বোধন কৰাৰ সৌভাগ্য মই লাভ কৰিছো। ৩ হাজাৰ কোটি টকাৰো অধিক বিনিয়োগৰে নিৰ্মিত এই পৰিযোজনাসমূহৰ জৰিয়তে মহোবাবাসীৰ লগতে হামীৰপুৰ, বান্দা আৰু ললিতপুৰ জিলাৰো লাখ লাক লোক, লাখ লাখ খেতিয়ক পৰিয়াল উপকৃত হ’ব। ইয়াৰ দ্বাৰা ৪ লাখৰো অধিক লোকে বিশুদ্ধ খোৱাপানীৰ সুবিধা লাভ কৰিব। প্ৰজন্মৰ পিচত প্ৰজন্ম ধৰি যিকণৰ পানীৰ বাবে অপেক্ষা কৰিছিল, সেই অপেক্ষাৰ আজি অন্ত পৰিব।
বন্ধুসকল,
আপোনালোকৰ উত্সাহে মোক আপ্লুত কৰিছে। আপোনালোকৰ চেনেহে মোক অভিভূত কৰিছে। কিন্তু মই আপোনালোকক প্ৰাৰ্থনা জনাব খুজিছো, চাওক আগত আৰু ঠাই নাই, সেয়ে আপোনালোকে আৰু আগলৈ অহাৰ চেষ্টা নকৰিব, আৰু তাতো অলপ শান্তিৰে থাকক।
বন্ধুসকল,
গুৰু নানক জীয়ে কৈছিল-
পহলা পানী জীও হে, জিত হৰিয়া সভ কোয়!!
অৰ্থাত্, পানীক সদায়ে প্ৰথমিকতা প্ৰদান কৰা উচিত, কিয়নো, পানীৰেই সমস্ত সৃষ্টিয়ে জীৱন লাভ কৰে। মহোবাকে ধৰি এই সমগ্ৰ অঞ্চলটোৱেই সুদীৰ্ঘ বছৰ আগতে জল-সংৰক্ষণ আৰু জল প্ৰবন্ধনৰ উত্তম আৰ্হি হিচাপে পৰিগণিত হৈছিল। বুন্দেল, পৰিহাৰ আৰু ছণ্ডেল ৰজাৰ দিনত ইয়াৰ খাল-পুখুৰী আদিত যি কাম কৰা হৈছিল, সেয়া আজিও জল-সংৰক্ষণৰ একোটা উত্তম নিদৰ্শন হৈ আহিছে। সিন্ধ, বেতৱা, ধসান, কেন আৰু নৰ্মদাৰ দৰে নদীসমূহৰ পানীয়ে বুন্দেলখণ্ডক সমৃদ্ধিও দিছিল। ইয়াতে চিত্ৰকূট, ইয়াতে বুন্দেলখণ্ড আছে, যিয়ে বনবাসতো প্ৰভূ ৰামক সংগদান কৰিছিল, ইয়াৰ বনজ সম্পদেও তেওঁক আশীৰ্বাদ প্ৰদান কৰিছিল।
কিন্তু বন্ধুসকল,
কথাটো হ’ল সময় বাগৰাৰ লগে লগে এই অঞ্চলৰ মানুহেই আজি খোৱাপানীৰ অভাৱৰ প্ৰত্যাহ্বান আৰু পলায়নৰ সমস্যাৰ কেন্দ্ৰবিন্দুত উপনীত হ’বলগীয়া কিয়? এইটো অ়ঞ্চললৈ মানুহে আজি নিজৰ ছোৱালীক বিয়া দিবলৈ অনীহা প্ৰকাশ কৰিবলৈ লৈছে কিয়? কিয় আজি এই অঞ্চলৰ ছোৱালীয়ে পানীৰ সুলভ ব্যৱস্থা থকা ঠাইলৈ বিয়া হোৱাৰ কামনা কৰা হৈছে? এইবোৰ প্ৰশ্নৰ উত্তৰ মহোবাবাসীয়ে, বুন্দেলখণ্ডবাসীয়ে বহুত ভালকৈয়ে জানে।
দিল্লী আৰু উত্তৰ প্ৰদেশত সুদীৰ্ঘ কাল শাসন কৰাসকলে পাল পাতি পাতি এইটো অঞ্চলৰ অনিষ্ট সাধান কৰাৰ কোনো সুযোগেই অথলে যাবলৈ দিয়া নাছিল। ইয়াৰ বনাঞ্চলক, ইয়াৰ সংসাধনসমূহক কেনেকৈ মাফিয়াৰ হাতত অৰ্পণ কৰা হৈছিল, এই কথা কাৰো পৰা গোপন হৈ থকা নাছিল। আৰু এতিয়া চাওক, যেতিয়া এইসকল মাফিয়াৰ ওপৰৰে ‘বুলডজাৰ’ চলিবলৈ ধৰিলে, একাংশ লোকে চিঞৰ-বাখৰ আৰম্ভ কৰিবলৈ ধৰিছে। পিচে, এওঁলোকে যিমানেই নিচিঞৰক কিয়, উত্তৰ প্ৰদেশৰ বিকাশৰ কাম, বুন্দেলখণ্ডৰ বিকাশৰ কাম এতিয়া আৰু ৰৈ যোৱা বিধৰ নহয়।
বন্ধুসকল,
এইসকল লোকে বুন্দেলখণ্ডৰ যি অৱস্থা কৰিলে, সেই কথা ইয়াৰ ৰাইজে কেতিয়াও পাহৰিব নোৱাৰে। নলীনাদ, হাতকলৰ কথাতো বহুত কৰা হৈছিল, কিন্তু আগৰ চৰকাৰসমূহে এই কথা কিন্তু কোৱা নাছিল যে ভূ-জলৰ অভাৱ হ’লে এইবোৰৰে পানী ওলাব কেনেকৈ? দলং নিৰ্মাণৰ নামততো বহুত ফিটা কাটিলে কিন্তু পৰিণতি কি হ’ল, মোতকৈ আপোনালোকে বেছিকৈ জানে। বান্ধ, খাল-পুখুৰীৰ নামত খননৰ যোজনাসমূহত কমিশ্যন, খৰাঙৰ সাহায্যৰ নামত কেলেংকাৰী, বুন্দেলখণ্ডক লুটি-পুটি আগৰ চৰকাৰ চলোৱাসকলে নিজৰ পৰিয়ালৰহে কল্যাণ সাধন কৰিছিল। আপোনালোকৰ পৰিয়াল-পৰিজনে এটোপাল পানীৰ বাবে হাহাকাৰ কৰি থাকিবলগীয়া হ’ল, তাক লৈ তেওঁলোকৰ কোনো আফচোচ কৰিবলগীয়া নাছিল!
ভাই-ভনীসকল,
এইসকলে কেনেকুৱা কাম কৰিছিল তাৰ এটা উদাহৰণ এই ‘অৰ্জুন সহায়ক পৰিযোজনা’। বছৰৰ পিচত বছৰ ধৰি এই পৰিযোজনাৰ কাম ওলমি থাকিছিল। ২০১৪ চনৰ পিচত যেতিয়া মই দেশত এনেধৰণৰ ওলমি থকা পৰিযোজনাসমূহ, জলসিঞ্চনৰ যোজনাসমূহৰ তথ্য বিচাৰিবলৈ ধৰিছিলো। ‘অৰ্জুন সহায়ক পৰিযোজনা’ অনতি বিলম্বে সম্পূৰ্ণ কৰাৰ বাবে সেই সময়ৰ উত্তৰ প্ৰদেশ চৰকাৰৰ সৈতে কেবা লনিও আলোচনাত মিলিত হৈছিলো, বিভিন্ন পৰ্যায়ত আলোচনা অনুষ্ঠিত হৈছিল। কিন্তু বুন্দেলখণ্ডৰ এইসকল অপৰাধীয়ে, ইয়াত জলসিঞ্চন পৰিযোজনাসমূহক সম্পূৰ্ণ কৰাৰ বাবে কোনো ধৰণৰ আগ্ৰহেই প্ৰকাশ কৰা কৰা নাছিল।
২০১৭ত যোগী জীৰ চৰকাৰ গঠন হোৱাৰ পিচতহে অৱশেষত এই পৰিযোজনাৰ কাম-কাজে গতি লয়। আৰু আজি এই পৰিযোজনা আপোনালোকক, বুন্দেলখণ্ডৰ ৰাইজৰ হাতত সমৰ্পিত কৰিব পাৰিছো। বহু দশক ধৰি বুন্দেলখণ্ডৰ ৰাইজে লুটি-পুটি খোৱা চৰকাৰবোৰক দেখিছিল। এতিয়া, এই প্ৰথমবাৰৰ বাবে বুন্দেলখণ্ডৰ ৰাইজে, ইয়াৰ বিকাশৰ বাবে কাম কৰা চৰকাৰ দেখিবলৈ পাইছে। বুন্দেলখণ্ডৰ মোৰ প্ৰিয় ভাই-ভনীসকল, আমি কটু-সত্যক কেতিয়াও পাহৰি যাব নোৱাৰো। সেইসকলে উত্তৰ প্ৰদেশক লুটি-পুটি খাই ভাগৰি যোৱা নাছিল, আৰু আমি এতিয়া কাম কৰি কৰি ভাগৰি নাযাও।
বন্ধুসকল,
কৃষকৰাইজক সদায়ে সমস্যাৰে জৰ্জৰিত কৰি ৰখাটোকে কিছুমান ৰাজনৈতিক দলে আধাৰ কৰি লয়। এওঁলোকে সমস্যাৰ ৰাজনীতি কৰে আৰু আমি সমাধানৰ ৰাজনীতি কৰো। কেন-বেতৱাৰ সংযোগৰ সমাধানসূত্ৰও আমাৰ চৰকাৰেইহে উলিয়ালে, সকলো পক্ষৰে আলোচনা কৰি পথ প্ৰশস্ত কৰিলে। কেন-বেতৱাৰ সংযোগৰেও ভৱিষ্যতে ইয়াৰ লাখ লাখ খেতিয়কৰ কল্যাণ সাধন হ’বগৈ। যোগী জীৰ চৰকাৰে যোৱা চাৰে চাৰিবছৰীয়া কাৰ্যকালত পানীৰ বহুবোৰ পৰিযোজনাৰ কাম আৰম্ভ কৰিছিল। আজি ‘সসগাঁও-ছিল্লী স্প্ৰিংকলাৰ যোজনা’ৰ দৰে আধুনিক কাৰিকৰীসমৃদ্ধ প্ৰকল্পৰ উদ্বোধনে জলসিঞ্চন ব্যৱস্থালৈ অহা আধুনিকতাকে প্ৰদৰ্শিত কৰিছে।
বন্ধুসকল,
মই যিখন গুজৰাট পৰা আহিছো, তাৰ বাস্তৱ সত্য, যি আগৰ গুজৰাটখনৰ অৱস্থা আছিল, সেই পৰিস্থিতি বুন্দেলখণ্ডৰ পৰা অলপো পৃথক নাছিল। আৰু সেয়ে মই আপোনালোকৰ সমস্যাবোৰ বাৰুকৈয়ে বুজি পাও, আপোনালোকৰ অসুবিধাবোৰ হৃদয়ংগম কৰিব পাৰো। মা নৰ্মদাৰ আশীৰ্বাদৰে, চৰ্দাৰ সৰোবৰৰ আশীৰ্বাদৰে আজি গুজৰাটত, কচ্ছ পৰ্যন্ত, আনকি মৰুভূমিলৈও পানীৰ প্ৰবহণ সম্ভৱ হৈছে। যেনে সফলতা আমি গুজৰাটত পাইছো, তেনে সফলতাই বুন্দেলখণ্ডতো সম্ভৱ কৰাৰ বাবে আমি দিনে-ৰাতিয়ে কাম কৰি আছো। ভাই-ভনীসকল, বুন্দেলখণ্ডৰ পৰা যেনেকৈ পলায়ন হৈ আছে নহয়, মোৰ গুজৰাটতো, কচ্ছতো ধাৰাবাহিক পলায়নৰ ঘটনা সংঘটিত হৈছিল। দেশত জনসংখ্যা বাঢ়িছিল, কচ্ছ জিলাত জনসংখ্যা কমি গৈছিল। মানুহে কচ্ছ এৰি যাবলৈ ধৰিছিল। কিন্তু মই যেতিয়া সেৱা কৰাৰ সুযোগ পাইছিলো, আজি কচ্ছ, হিন্দুস্থানৰ যিসমূহ প্ৰমুখ জিলাই দ্ৰুত গতিৰে আগবঢ়া সেইসমূহ জিলাৰ মাজত এতিয়া কচ্ছও আছে।
উত্তৰ প্ৰদেশৰ বহু অঞ্চলৰ মোৰ ভাই-ভনীসকলে নিজৰ ভাগ্য কচ্ছলৈ আহি গঢ়িবলৈ লৈছে। আৰু কচ্ছৰ, মোৰ অভিজ্ঞতাৰে কও, আমি বুন্দেলখণ্ডকো পুনৰাই সেই সামৰ্থ্য প্ৰদান কৰিব পাৰিম, পুনৰাই নতুন জীৱন দান কৰিব পাৰিম। ইয়াৰ মাতৃ-ভগ্নীৰ সকলোতকৈ ডাঙৰ সমস্যাটো দূৰ কৰাৰ বাবে, বুন্দেলখণ্ডত ‘জল জীৱন মিছন’ৰ জৰিয়তেও দ্ৰুত গতিৰে কাম চলি আছে। বুন্দেলখণ্ডৰ লগতে বিন্ধাচলত, নলৰে প্ৰতিটো ঘৰলৈকে পানীৰ যোগান ধৰাৰ বাবে বিশেষ অভিযান চলাই থকা হৈছে।
ভাই-ভনীসকল,
পৰিবাৰবাদীৰ চৰকাৰে দশকৰ পিচত দশক ধৰি উত্তৰ প্ৰদেশৰ অধিকতৰ গাঁৱকে তৃষ্ণাতুৰ কৰি ৰাখিলে। কৰ্মযোগীৰ চৰকাৰে মাত্ৰ ২ বছৰৰ ভিতৰতে ৩০ লাখ পৰিয়ালক উত্তৰ প্ৰদেশত নল-সংযোজিত পানীৰ যোগান দিবলৈ সক্ষম হ’ল। পৰিবাৰবাদীৰ চৰকাৰে শিশুসকলক, কন্যাসকলক স্কুলত পৃথক শৌচালয়, খোৱা পানীৰ সুবিধাৰ পৰাও বঞ্চিত কৰি ৰাখিলে, কৰ্মযোগীৰ ‘ডবল ইঞ্জিন’ৰ চৰকাৰে কন্যাসকলৰ বাবে স্কুলত পৃথক শৌচালয় নিৰ্মাণ কৰিলে আৰু উত্তৰ প্ৰদেশৰ ১ লাখৰো অধিক স্কুলত, বহু হাজাৰ অংগণৱাড়ী কেন্দ্ৰলৈ নল-সংযোজিত পানীৰ যোগান ধৰাৰ ব্যৱস্থা কৰে। যেতিয়া দুখীয়াৰ কল্যাণক সৰ্বোচ্চ প্ৰথমিকতা প্ৰদান কৰা হয়, তেতিয়া এনেকৈয়ে কামবোৰ হৈ উঠে, ইমান দ্ৰুতগতিৰেই কামবোৰ হৈ যায়।
ভাই-ভনীসকল,
আমাৰ চৰকাৰে ‘বীজৰ পৰা বজাৰ পৰ্যন্ত’ প্ৰতিটো পৰ্যায়তে খেতিয়কৰ কল্যাণৰ বাবেও পদক্ষেপ গ্ৰহণ কৰিছে। বিগত ৭টা বছৰত চাৰে ১৬০০ৰো অধিক ভাল মানৰ বীজ তৈয়াৰ কৰি উলিওৱা হৈছে। যাৰ ভিতৰত বহুবোৰ বীজ কম পানীতে অধিক ফচল দিব পৰা বিধৰ। আজি বুন্দেলখণ্ডৰ মাটিৰ অনুকূল মোটা ধান, মাহ আৰু তিলৰ ক্ষেত্ৰত চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰিছে। বিগত বছৰচেৰেকত মাহ আৰু তিলৰ ক্ৰয় অভিলেখ পৰিমাণে কৰা হৈছে। শেহতীয়া ভাবে সৰিয়হ, মচুৰৰ দৰে অনেক দাইলৰ বাবে ৪০০টকা প্ৰতি কুইণ্টল পৰ্যন্ত ‘এমএছপি’ বৃদ্ধি কৰা হৈছে। ভাৰতক খোৱাতোলৰ ক্ষেত্ৰত আত্মনিৰ্ভৰ কৰি তোলাৰ বাবে, খোৱা তেল বিদেশৰ পৰা আমদানী কৰাৰ বাবে প্ৰতিবছৰে আমি ৮০হাজাৰ কোটি টকা বিদেশলৈ পঠাই আহিছিলো; সেই ৮০হাজাৰ কোটি টকা কৃষকৰ ওচৰলৈ যোৱাৰ বাবে, আপোনালোকে পোৱাৰ বাবে, দেশৰ কৃষকে লাভ কৰাৰ বাবে ‘ৰাষ্ট্ৰীয় মিছন’ আৰম্ভ কৰা হৈছে। ইয়াৰ জৰিয়তে বুন্দেলখণ্ডৰ কৃষকেও বহু সকাহ পাব।
ভাই-ভনীসকল,
পৰিবাৰবাদীৰ চৰকাৰসমূহে কৃষকক কেৱল অভাৱতে ৰখাটো বিচাৰিছিল। তেওঁলোকে কৃষকৰ নামত ঘোষণাবোৰ ঠিকেই কৰিছিল, কিন্তু কৃষকে এটা ফুঁটা কৰিও পোৱা নাছিল। পিচে, ‘পিএম কিষাণ সন্মান নিধি’ৰ জৰিয়তে আমি এই পৰ্যন্ত ১ লাখ ৬২ হাজাৰ কোটি টকা পোনপতীয়াকৈ কৃষকসকলৰ বেংক একাউণ্টলৈ প্ৰেৰণ কৰিছো। এই সম্পূৰ্ণ টকা প্ৰতিটো কৃষক পৰিয়ালেই লাভ কৰিছে। পৰিবাৰবাদীয়েতো ক্ষুদ্ৰ কৃষক-পশুপালকসকলক ‘কিষাণ ঋণপত্ৰ’ৰ সুবিধাৰ পৰাও বঞ্চিত কৰি ৰাখিছিল। আমাৰ চৰকাৰে ক্ষুদ্ৰ কৃষকক ‘কিষাণ ঋণপত্ৰ’ৰ সুবিধাৰে সংযোজিত কৰাৰো কাম কৰিছে।
ভাই-ভনীসকল,
আমি বুন্দেলখণ্ডৰ পৰা পলায়ন ৰোধ কৰাৰ বাবে, এইটো অঞ্চলক জীৱিকা অৰ্জনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰ কৰি তোলাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। ‘বুন্দেলখণ্ড এক্সপ্ৰেছ ৱে’ আৰু ‘উত্তৰ প্ৰদেশ ডিফেন্স ক’ৰিডৰ’-য়ো ইয়াৰ এক বহুত ডাঙৰ প্ৰমাণ। আগন্তুক সময়ত ইয়াত অনেক উদ্যোগে মূৰ দাঙি উঠিব, যুৱক-যুৱতীসকলে ইয়াত কৰ্ম-সংস্থাপন লাভ কৰিব। এতিয়া এইবোৰ এলেকাৰ ভাগ্য কেৱল এক মহোত্সৱৰেই সামৰিব পৰা নাযাব। এয়াই নহয়, এই ক্ষেত্ৰৰ ওচৰত ইতিহাস, আস্থা, সংস্কৃতি আৰু প্ৰকৃতিৰ যি সম্ভাৰ, সেইবোৰো জীৱন-জীৱিকাৰ বহুত ডাঙৰ মাধ্যম হৈ উঠিছে। এইটো অঞ্চল তীৰ্থৰো ক্ষেত্ৰ। এইডোখৰ স্থানে গুৰু গোৰখনাথ জীৰ আশীৰ্বাদ লাভ কৰিছে। বুন্দেলী ভাষা, কাব্য, সাহিত্য, গীত-সংগীত আৰু মহোবাৰ গৌৰৱ- ‘দেশৱৰী পাণ’, ইয়াৰ প্ৰতিনো আকৰ্ষিত কোন নোহোৱাকৈ থাকিব পাৰে! ‘ৰামায়ণ চাৰ্কিট যোজনা’ৰ আধাৰত ইয়াৰ অনেক তীৰ্থস্থানক বিকশিত কৰি থকা হৈছে।
ভাই-ভনীসকল,
এনে অনেক কাৰ্যক্ৰমৰে ‘ডবল ইঞ্জিন’ৰ চৰকাৰে এইটো দশকক বুন্দেলখণ্ডৰ, উত্তৰ প্ৰদেশৰ দশক কৰি তোলাৰ বাবে প্ৰয়াস অহব্যাহত ৰাখিছে। এই ‘ডবল ইঞ্জিনে’ আপোনালোকৰ আশীৰ্বাদৰ শক্তি নিশ্চয় পাই থাকিব, এই বিশ্বাসৰেই আপোনালোকৰ সকলোৰে আজ্ঞা লৈ ইয়াৰ পৰা ঝাঁসীৰ কাৰ্যক্ৰমৰ বাবে যাত্ৰা কৰিব খুজিছো। আপোনালোকে ইমান বিশাল সংখ্যাৰে উপস্থিত থাকি আমাক আশীৰ্বাদ প্ৰদান কৰিলেহি তাৰ বাবে মই হৃদয়ৰে কৃতজ্ঞতা প্ৰকাশ কৰিছো। মোৰ সৈতে একলগে কওকচোন-
ভাৰত মাতা কী জয়!
ভাৰত মাতা কী জয়!
ভাৰত মাতা কী জয়!
বহুত বহুত ধন্যবাদ!
*****
DS/VJ/NS/KB
(Release ID: 1777560)
Visitor Counter : 155
Read this release in:
English
,
Marathi
,
Hindi
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam