প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

১৮নৱেম্বৰত ‘ক্ৰীয়েটিং ছাইনাৰ্জিছ ফৰ ছীমলেছ ক্ৰেডিট ফ্ল’ এণ্ড ইক’নমিক গ্ৰ’থ’ সম্পৰ্কীয় সন্মিলন সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

পোষ্ট কৰা হৈছে: 18 NOV 2021 10:44AM by PIB Guwahati

নতুন দিল্লীৰ ‘অশোকা হোটেল’ত অনুষ্ঠিত ‘ক্ৰীয়েটিং ছাইনাৰ্জিছ ফৰ ছীমলেছ ক্ৰেডিট ফ্ল’ এণ্ড ইক’নমিক গ্ৰ’থ’ সম্পৰ্কীয় এক সন্মিলনৰ সামৰণি অনুষ্ঠানত অহা ১৮নৱেম্বৰ, ২০২১ৰ দিনা দুপৰীয়া ১২বজাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ প্ৰদান কৰিব।

কেন্দ্ৰীয় চৰকাৰৰ বিত্ত মন্ত্ৰালয়ৰ ‘বিত্তীয় সেৱা’ বিভাগে ১৭ আৰু ১৮নৱেম্বৰ, ২০২১ত দুদিনীয়া কাৰ্যসূচীৰে সন্মিলনখনৰ আয়োজন কৰিছে। এই সন্মিলনত বিভিন্ন মন্ত্ৰালয়, বেংক, বিত্তীয় প্ৰতিষ্ঠান আৰু উদ্যোগ খণ্ডৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰিব।

কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকীও এই অনুষ্ঠানত উপস্থিত থাকিব।

 

***

DS/AKJ/KB


(ৰিলিজ আই ডি : 1774101) অতিথি কক্ষ : 180