প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

'আত্মনিৰ্ভৰ নাৰীশক্তি চে সম্বাদ'ত মহিলাৰ আত্ম সহায়ক গোটসমূহৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়


ক’ৰোনাৰ সময়ছোৱাত মহিলাসকলৰ অভূতপূৰ্ব সেৱাৰ বাবে তেওঁলোকৰ আত্ম-সহায়ক গোটসমূহক প্ৰশংসা

সকলো ভগ্নীয়ে যাতে তেওঁলোকৰ গাওঁসমূহক সমৃদ্ধিৰে সংযোগ কৰিব পাৰে, তাৰ অৰ্থে চৰকাৰখনে নিৰন্তৰভাৱে এক পৰিবেশ আৰু পৰিস্থিতিৰ সৃষ্টি কৰি আছেঃ প্ৰধানমন্ত্ৰী

ভাৰতত পুতলা প্ৰস্তুতক উৎসাহিত কৰাৰ ক্ষেত্ৰত আত্ম সহায়ক গোটসমূহৰ যথেষ্ট সম্ভাৱনা আছেঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীয়ে ৪ লাখৰোধিক আত্ম সহায়ক গোটলৈ ১৬২৫ কোটি টকাৰ মূলধন সমৰ্থন পুঁজি মুকলি কৰিলে

খাদ্য সংসাধন উদ্যোগ মন্ত্ৰালয়ৰ পিএমএফএমই (পিএম ক্ষুদ্ৰ খাদ্য সংসাধন উদ্যোগ আনুষ্ঠানিকতা) আঁচনিৰ অধীনত ৭৫০০ আত্ম সহায়ক গোটৰ সদস্যলৈ আগ ধন হিচাপে ২৫ কোটি টকা আৰু এই অভিযানৰ অধীনত প্ৰোৎসাহিত কৰা ৭৫ টা এফপিঅ' (কৃষক উৎপাদক সংগঠন) ক পুঁজি হিচাপে ৪.১৩ কোটি টকা আগবঢ়োৱা হয়

Posted On: 12 AUG 2021 3:09PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে দীনদয়াল অন্ত্যোদয়া যোজনা-ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযান (DAY-NRLM) ৰ অধীনত প্ৰোৎসাহিত কৰা মহিলাৰ আত্ম সহায়ক গোট (SHG) ৰ সদস্যা/সামূহিক সমল ব্যক্তিসকলৰ সৈতে মত-বিনিময় কৰে। এই কাৰ্য্যসূচীত সমগ্ৰ দেশখনৰ মহিলাৰ আত্ম সহায়ক গোটৰ সদস্যাসকলৰ সফলতাৰ কাহিনীৰ এক সংকলন লগতে কৃষি জীৱিকাৰ সৰ্বজনীনকৰণ সন্দৰ্ভত এখনি হাতপুথি উন্মোচন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে ৪ লাখৰোধিক আত্ম সহায়ক গোটলৈ ১৬২৫ কোটি টকাৰ মূলধন সমৰ্থন পুঁজিও মুকলি কৰে। তদুপৰি, তেখেতে খাদ্য সংসাধন উদ্যোগ মন্ত্ৰালয়ৰ পিএমএফএমই (পিএম ক্ষুদ্ৰ খাদ্য সংসাধন উদ্যোগ আনুষ্ঠানিকতা) আঁচনিৰ অধীনত ৭৫০০ আত্ম সহায়ক গোটৰ সদস্যৰ বাবে আগ ধন হিচাপে ২৫ কোটি টকা আৰু এই অভিযানৰ অধীনত প্ৰোৎসাহিত ৭৫ টা এফপিঅ' (কৃষক উৎপাদক সংগঠন) লৈ পুঁজি হিচাপে ৪.১৩ কোটি টকা মুকলি কৰে।

এই কাৰ্য্যসূচীত কেন্দ্ৰীয় গ্ৰামোন্নয়ন আৰু পঞ্চায়তী ৰাজ মন্ত্ৰী শ্ৰী গিৰিৰাজ সিং; কেন্দ্ৰীয় খাদ্য সংসাধন উদ্যোগ মন্ত্ৰী শ্ৰী পশুপতি কুমাৰ পাৰস; ৰাজ্যিক-গ্ৰামোন্নয়ন মন্ত্ৰী সাধ্বী নিৰঞ্জন জ্যোতি আৰু শ্ৰী ফাগ্গন সিং কুলাষ্টে; ৰাজ্যিক-পঞ্চায়তী ৰাজ মন্ত্ৰী শ্ৰী কপিল মৰেশ্বৰ পাটিল আৰু খাদ্য সংসাধন উদ্যোগ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী প্ৰহ্লাদ সিং পেটেলো উপস্থিত আছিল।

এই উপলক্ষে ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে ক’ৰোনাৰ সময়ছোৱাত মহিলাসকলৰ অভূতপূৰ্ব সেৱাৰ বাবে তেওঁলোকৰ আত্ম-সহায়ক গোটসমূহক প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে মাস্ক আৰু চেনিটাইজাৰ প্ৰস্তুত কৰা আৰু দৰিদ্ৰ লোকসকলক খাদ্য যোগান ধৰা আৰু সমাজত সজাগতা সৃষ্টিত তেওঁলোকৰ অতুলনীয় অৱদানক স্বীকৃতি প্ৰদান কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে মহিলাসকলৰ মাজত উদ্যোগশীলতাৰ সুযোগ বৃদ্ধিৰ লগতে আত্মনিৰ্ভৰ ভাৰতৰ সংকল্পত অধিক অংশগ্ৰহণৰ বাবে আজি ৰক্ষা বন্ধনৰ প্ৰাকমুহূৰ্তত ৪ লাখৰোধিক আত্ম সহায়ক গোটক এক গুৰুত্বপূৰ্ণ বিত্তীয় সাহায্য আগবঢ়োৱা হৈছে। তেখেতে কয় যে আত্ম সহায়ক গোট আৰু দীন দয়াল অন্ত্যোদয়া যোজনাই গ্ৰাম্য ভাৰতত এক নতুন বিপ্লৱৰ সূচনা কৰিছে। তেখেতে লগতে কয়, যোৱা ৬-৭ বছৰত মহিলা আত্ম-সহায়ক গোটসমূহৰ এই আন্দোলন তীব্ৰতৰ হৈছে। তেখেতে কয় যে আজি সমগ্ৰ দেশখনতে ৭০ লাখ আত্ম সহায়ক গোট আছে যি ৬-৭ বছৰৰ ভিতৰত তিনিগুণৰো অধিক বৃদ্ধি পাইছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এই চৰকাৰৰ পূৰ্বৰ সময়ৰ কথা স্মৰণ কৰে যেতিয়া কোটি-কোটি ভগ্নীৰ বেংক একাউণ্ট নাছিল, তেওঁলোক বেংকিং ব্যৱস্থাটোৰপৰা বহু যোজন দূৰত আছিল। সেয়েহে চৰকাৰখনে জন ধন একাউণ্ট খোলাৰ বাবে বৃহৎ অভিযান আৰম্ভ কৰিছে, তেখেতে কয়। তেখেতে লগতে কয় যে আজি ৪২ কোটিৰোধিক জন ধন একাউণ্ট আছে যাৰ প্ৰায় ৫৫% একাউণ্ট মহিলাৰ। তেখেতে কয়, বেংকৰপৰা ঋণ গ্ৰহণ সহজ কৰি তুলিবলৈ বেংক একাউণ্টসমূহ খোলা হৈছিল।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ৰাষ্ট্ৰীয় জীৱিকা অভিযানৰ অধীনত ভগ্নীসকলৰ বাবে চৰকাৰখনে যিমান সহায় আগবঢ়াইছে সেয়া পূৰ্বৰ চৰকাৰখনতকৈ বহুগুণে বেছি। আত্ম-সহায়ক গোটসমূহৰ বাবে প্ৰায় ৪ লাখ কোটি টকাৰ বন্ধকহীন ঋণো উপলব্ধ কৰি তোলা হৈছে। তেখেতে কয়, যোৱা ৭ বছৰত আত্ম-সহায়ক গোটসমূহেও বেংকসমূহক পৰিশোধ কৰাৰ এক ভাল কাম কৰিছে। এটা সময় আছিল যেতিয়া বেংকৰ ঋণ প্ৰায় ৯% এনপিএ হৈছিল। এতিয়া ই ২-৩% লৈ হ্ৰাস পাইছে। তেখেতে আত্ম সহায়ক গোটৰ মহিলাসকলৰ সততাক প্ৰশংসা কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে ঘোষণা কৰে যে এতিয়া গেৰাণ্টি অবিহনে আত্ম সহায়ক গোটসমূহৰ বাবে উপলব্ধ ঋণৰ সীমা দুগুণ কৰি ২০ লাখ টকা কৰা হৈছে। তেখেতে কয় যে আপোনাৰ ছেভিং একাউণ্টবোৰ ঋণ একাউণ্টৰ সৈতে সংযোগ কৰাৰ চৰ্তটোও দূৰ কৰা হৈছে। তেখেতে লগতে কয় যে এনে ধৰণৰ বহু প্ৰচেষ্টাৰদ্বাৰা আপোনালোকে এতিয়া আত্ম-নিৰ্ভৰশীলতাৰ অভিযানত অধিক উৎসাহেৰে আগবাঢ়িবলৈ সক্ষম হ'ব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, এয়া স্বাধীনতাৰ ৭৫ বছৰৰ সময়। এয়া নতুন লক্ষ্য নিৰ্ধাৰণ কৰা আৰু নতুন শক্তিৰে আগবাঢ়ি যোৱাৰ সময়। ভগ্নীসকলৰ সামূহিক শক্তিয়েও এতিয়া নতুন শক্তিৰে আগবাঢ়িব লাগিব। চৰকাৰখনে নিৰন্তৰভাৱে সেই পৰিবেশ আৰু পৰিস্থিতি সৃষ্টি কৰি আছে যাৰ জৰিয়তে আপোনালোক সকলো ভগ্নীয়ে আমাৰ গাওঁসমূহক সমৃদ্ধিৰ সৈতে সংযোগ কৰিব পাৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, কৃষি আৰু কৃষি-ভিত্তিক উদ্যোগত মহিলাৰ আত্ম সহায়ক গোটসমূহৰ অসীম সম্ভাৱনা আছে। তেখেতে কয়, এক বিশেষ পুঁজি সৃষ্টি কৰা হৈছে যাতে আত্ম-সহায়ক গোটসমূহেও এই পুঁজিৰ সহায় লৈ এই কৃষি-আধাৰিত সুবিধাসমূহ সৃষ্টি কৰিব পাৰে। সকলো সদস্যই যুক্তিসংগত হাৰ নিৰ্ধাৰণ কৰি এই সুবিধাসমূহ গ্ৰহণ কৰিব পাৰে আৰু আনক ভাড়াও দিব পাৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে নতুন কৃষি সংস্কাৰৰাজিৰ জৰিয়তে কেৱল আমাৰ কৃষকসকলেই লাভান্বিত নহয়, আত্ম-সহায়ক গোটসমূহৰ বাবেও সীমাহীন সম্ভাৱনাৰ সৃষ্টি হৈছে। তেখেতে কয় যে এতিয়া আত্ম সহায়ক গোটসমূহে কৃষকসকলৰপৰা পোনপটীয়াকৈ ক্ৰয় কৰিব পাৰে আৰু মাহজাতীয় শস্যৰ দৰে উৎপাদিত সামগ্ৰী পোনপটীয়াকৈ হ’ম ডেলিভাৰীও কৰিব পাৰে।

তেখেতে লগতে কয় যে এতিয়া আপুনি যিমান মজুত কৰিব খোজে তাত কোনো বাধা নাই। আত্ম সহায়ক গোটসমূহৰ ওচৰত ফাৰ্মৰপৰা পোনপটীয়াকৈ উৎপাদিত সামগ্ৰী বিক্ৰী কৰিব নে খাদ্য সংসাধন গোট এটা স্থাপন কৰিব আৰু উৎকৃষ্ট পেকেজিঙৰে বিক্ৰী কৰিব, তাৰ বিকল্প আছে। তেখেতে পৰামৰ্শ আগবঢ়াই কয় যে অনলাইন কোম্পানীসমূহৰ সৈতে সহযোগিতা কৰি, আত্ম সহায়ক গোটসমূহে তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰাজি সহজে চহৰলৈ ভাল পেকেজিঙৰে প্ৰেৰণ কৰিব পাৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰখনে ভাৰতত প্ৰস্তুত পুতলাসমূহকো উৎসাহিত কৰি আছে আৰু ইয়াৰ অৰ্থে সম্ভৱপৰ সকলো সহায় আগবঢ়াইছে। বিশেষকৈ আমাৰ জনজাতীয় অঞ্চলসমূহৰ পৰম্পৰাগতভাৱে ইয়াৰ সৈতে জড়িত ভগ্নীসকলক। তেখেতে কয় যে ইয়াতো আত্ম সহায়ক গোটসমূহৰ যথেষ্ট সম্ভাৱনা আছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আজিৰ অভিযানে দেশখনক এবাৰ ব্যৱহৃত প্লাষ্টিকৰপৰা মুক্ত কৰিবলৈ আগবাঢ়িছে। আত্ম সহায়ক গোটসমূহৰ এই ক্ষেত্ৰত দ্বৈত ভূমিকা আছে। তেখেতে তদুপৰি আত্ম সহায়ক গোটসমূহক একক ব্যৱহৃত প্লাষ্টিক সন্দৰ্ভত সজাগতা বৃদ্ধি কৰিবলৈ আৰু ইয়াৰ বিকল্পৰ বাবে কাম কৰিবলৈ আহ্বান জনায়। তেখেতে আত্ম সহায়ক গোটসমূহক অনলাইন চৰকাৰী ই-মাৰ্কেটপ্লেছৰ সম্পূৰ্ণ সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। তেখেতে কয়, আজি ৰূপান্তৰিত ভাৰতত দেশখনৰ ভগ্নী আৰু কন্যাসকলৰ বাবে আগুৱাই যোৱাৰ সুযোগ বৃদ্ধি পাইছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, সকলো ভগ্নীক ঘৰ, শৌচালয়, বিদ্যুৎ, পানী আৰু গেছৰ দৰে সুবিধাসমূহ প্ৰদান কৰা হৈছে। চৰকাৰখনে শিক্ষা, স্বাস্থ্য, পুষ্টি, টীকাকৰণ আৰু ভগ্নী আৰু কন্যাৰ অন্যান্য প্ৰয়োজনীয়তাৰ ক্ষেত্ৰত পূৰ্ণ সংবেদনশীলতাৰে কাম কৰি আছে। তেখেতে লগতে কয় যে ইয়াৰ বাবে কেৱল মহিলাৰ মৰ্য্যাদা বৃদ্ধিয়েই নহয় কন্যা আৰু ভগ্নীসকলৰ আত্মবিশ্বাসো বৃদ্ধি পাইছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে আত্ম সহায়ক গোটক তেওঁলোকৰ ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰচেষ্টাৰাজিক অমৃত মহোৎসৱৰ সৈতেও সংযুক্ত কৰিবলৈ আহ্বান জনায়। তেখেতে কয় যে ৮ কোটিৰোধিক ভগ্নী আৰু কন্যাৰ সামূহিক শক্তিৰ জৰিয়তে অমৃত মহোৎসৱক নতুন শিখৰলৈ লৈ যোৱা হ'ব। তেখেতে তেওঁলোকক সেৱাৰ মনোভাৱৰে কেনেদৰে সহযোগিতা কৰিব পাৰে সেই সম্পৰ্কে চিন্তা কৰিবলৈ কয়। তেখেতে মহিলাসকলৰ বাবে পুষ্টি সজাগতা সন্দৰ্ভত অভিযান চলোৱা, ক’ভিড-১৯ ৰ ভেকছিন প্ৰদানৰ বাবে অভিযান চলোৱা, তেওঁলোকৰ গাওঁসমূহত স্বচ্ছতা আৰু পানী সংৰক্ষণ আদিৰ দৰে অভিযান চলোৱাৰ উদাহৰণ দাঙি ধৰে। তেখেতে আত্ম সহায়ক গোটৰ মহিলাসকলক সমীপৱৰ্তী দুগ্ধ প্ৰকল্প, গোবৰ প্ৰকল্প, সৌৰ প্ৰকল্প পৰিদৰ্শন কৰিবলৈ আৰু ইয়াৰপৰা উত্তম পন্থা শিকিবলৈ কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে আত্ম সহায়ক গোটসমূহক প্ৰশংসা কৰে আৰু কয়, অমৃত মহোৎসৱৰ সফলতাৰ অমৃত তেওঁলোকৰ প্ৰচেষ্টাৰ বাবে সকলোতে বিয়পি পৰিব আৰু ইয়াৰ ফলত দেশখন লাভান্বিত হ’ব।

 

*****

DS/SB



(Release ID: 1771884) Visitor Counter : 115