পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়
দীপাৱলীৰ প্ৰাকক্ষণত পেট্ৰ'ল আৰু ডিজেলৰ ওপৰত আবকাৰী শুল্ক হ্ৰাসৰ কথা ঘোষণা চৰকাৰৰ
কাইলৈৰ পৰা পেট্ৰ'ল আৰু ডিজেলত আৰোপিত আবকাৰী শুল্ক ক্ৰমে ৫ টকা আৰু ১০ টকাকৈ হ্ৰাস পাব
সেই অনুসাৰে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য হ্ৰাস পাব
ডিজেলৰ ওপৰত আবকাৰী শুল্ক হ্ৰাস পেট্ৰ'লতকৈ দুগুণ হ'ব আৰু আগন্তুক ৰবি ঋতুত কৃষকসকলৰ বাবে উদ্দীপনাৰ সঞ্চাৰ কৰিব
ৰাজ্যসমূহক উপভোক্তাক সকাহ দিবলৈ পেট্ৰ'ল ও ডিজেলৰ ওপৰত ভেট হ্ৰাস কৰিবলৈ আহ্বান জনাইছে
Posted On:
03 NOV 2021 8:30PM by PIB Guwahati
ভাৰত চৰকাৰে কাইলৈৰপৰা পেট্ৰ'ল ও ডিজেলত আৰোপিত কেন্দ্ৰীয় আবকাৰী শুল্ক ক্ৰমে ৫ টকা আৰু ১০ টকা হ্ৰাসৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই অনুসৰি পেট্ৰ'ল ও ডিজেলৰ মূল্য হ্ৰাস পাব।
ডিজেলৰ ওপৰত আবকাৰী শুল্ক হ্ৰাস পেট্ৰ'লতকৈ দুগুণ হ'ব। ভাৰতৰ কৃষক ৰাইজে কঠোৰ পৰিশ্ৰমৰে লকডাউনৰ সময়ছোৱাত অৰ্থনৈতিক বিকাশৰ গতি অব্যাহত ৰাখিছিল আৰু ডিজেলত আৰোপিত আবকাৰীৰ ব্যাপক হ্ৰাসে আগন্তুক ৰবি ঋতুত কৃষকসকলৰ বাবে উদ্দীপনাৰ সঞ্চাৰ কৰিব।
বিগত মাহকেইটাত, খাৰুৱা তেলৰ মূল্য বিশ্বজুৰি বৃদ্ধি পাইছে। ইয়াৰ ফলত, যোৱা সপ্তাহকেইটাত মুদ্ৰাস্ফীতিৰ চাপ প্ৰয়োগ কৰি পেট্ৰ'ল আৰু ডিজেলৰ ঘৰুৱা মূল্য বৃদ্ধি পায়। বিশ্বখনে সকলো ধৰণৰ শক্তিৰ নাটনি আৰু বৰ্ধিত মূল্যও প্ৰত্যক্ষ কৰিছে। ভাৰত চৰকাৰে দেশখনত যাতে শক্তিৰ অভাৱ নহয় আৰু আমাৰ প্ৰয়োজনীয়তা পৰিপূৰণৰ অৰ্থে পেট্ৰ'ল আৰু ডিজেলৰ দৰে পণ্য পৰ্যাপ্তভাৱে উপলব্ধ হয়, সেয়া নিশ্চিত কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে।
ভাৰতৰ আকাংক্ষী জনসংখ্যাৰ উদ্যমী সামৰ্থ্যৰে চালিত হৈ, ভাৰতীয় অৰ্থনীতিয়ে ক’ভিড-১৯ সৃষ্ট মন্থৰতাৰ পিছত এক উল্লেখযোগ্য পৰিৱৰ্তন প্ৰত্যক্ষ কৰিছে। উৎপাদন, সেৱা বা কৃষিকে প্ৰমুখ্য কৰি অৰ্থনীতিৰ সকলো খণ্ডই লক্ষ্যণীয় উৰ্ধমুখী অৰ্থনৈতিক ক্ৰিয়া-কলাপ অব্যাহত ৰাখিছে।
অৰ্থনীতিক অধিক উৎসাহিত কৰিবলৈ, ভাৰত চৰকাৰে ডিজেল আৰু পেট্ৰ'লৰ ওপৰত আবকাৰী শুল্ক যথেষ্ট হ্ৰাসৰ সিদ্ধান্ত গ্ৰহণ কৰে।
পেট্ৰ'ল আৰু ডিজেলৰ ওপৰত আবকাৰী শুল্ক হ্ৰাসে তদুপৰি ব্যৱহাৰক উদ্দীপনা যোগাব আৰু মুদ্ৰাস্ফীতি নিম্ন কৰি ৰাখিব, একেদৰে দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীক সহায় কৰিব। আজিৰ সিদ্ধান্তই সামগ্ৰিক অৰ্থনৈতিক চক্ৰক আৰু অধিক উৎসাহিত কৰিব বুলি আশা কৰা হৈছে।
ৰাজ্যসমূহকো উপভোক্তাক সকাহ দিবলৈ পেট্ৰ'ল আৰু ডিজেলৰ ওপৰত সামঞ্জস্যপূৰ্ণভাৱে ভেট হ্ৰাস কৰিবলৈ আহ্বান জনাইছে।
****
RM/KMN/SB
(Release ID: 1769983)
Visitor Counter : 153