প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ৰোমত জি-২০ সন্মিলনৰ সমান্তৰালভাৱে ইটালীয়ান প্ৰধানমন্ত্ৰী মেৰিঅ’ দ্ৰাঘীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
प्रविष्टि तिथि:
29 OCT 2021 10:40PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰোমত জি-২০ সন্মিলনৰ সমান্তৰালভাৱে ইটালীয়ান প্ৰধানমন্ত্ৰী মেৰিঅ’ দ্ৰাঘীৰ সৈতে ২০২১ৰ ২৯ অক্টোবৰত বৈঠক মিলিত হয়৷ এয়া তেওঁলোকৰ মাজত অনুষ্ঠিত প্ৰথম মুখামুখি বৈঠক৷ প্ৰধানমন্ত্ৰী মোদীয়ে বিশ্ব মহামাৰীৰ মাজতে সফলতাৰে জি-২০ সন্মিলন আয়োজন কৰাৰ বাবে প্ৰধানমন্ত্ৰী দ্ৰাঘীক অভিনন্দন জ্ঞাপন কৰে৷ গ্লাছগ’ত ক’প-২৬ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত ইটালীক সহযোগিতা আগবঢ়াইছে ব্ৰিটেইনে৷
দুয়োগৰাকী নেতাই জলবায়ু পৰিৱৰ্তনে সৃষ্টি কৰা প্ৰত্যাহ্বানৰ সন্দৰ্ভত আলোচনা কৰাৰ লগতে এই ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সমূদায়ক ঐক্যবদ্ধভাৱে কাম কৰাৰ প্ৰয়োজন বুলি কয়৷ প্ৰধানমন্ত্ৰীয়ে জলবায়ু পৰিৱৰ্তনৰ উন্নয়নৰ দিশত ভাৰতে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ আলোকপাত কৰি উন্নত দেশসমূহে জলবায়ু বিত্তায়নৰ প্ৰতিশ্ৰুতিৰ প্ৰতি উন্নয়নশীল দেশসমূহৰ উদ্বেগৰ দিশটো উল্লেখ কৰে৷
দুয়োগৰাকী নেতাই আফগানিস্তান আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় এলেকাকে ধৰি বৰ্তমান আন্তঃৰাষ্ট্ৰীয় আৰু আঞ্চলিক বিকাশৰ দিশতো নিজৰ চিন্তাধাৰা ব্যক্ত কৰে৷ তেওঁ ভাৰত-ইউৰোপীয়ান সংঘৰ বহুপাক্ষিক সহযোগিতাক আগুৱাই নিয়াৰ বাবে মিলিজুলি কাম কৰাৰ ক্ষেত্ৰত ইচ্ছা ব্যক্ত কৰে৷
দ্বিপাক্ষিক দিশত দুয়োগকাৰী নেতাই ২০২০ৰ নৱেম্বৰ মাহত ভাৰত-ইটালী ভাৰ্চুৱেল সন্মিলনৰ পাছত ঘটনাৱলীৰ অগ্ৰগতিৰ সন্তুষ্টি প্ৰকাশ কৰে, যি পৰৱৰ্তী পাঁচ বছৰত লাভ কৰিবলগীয়া ৰাজনৈতিক, আৰ্থিক, বিজ্ঞান আৰু ঔদ্যোগিক আৰু সাংস্কৃতিক ক্ষেত্ৰৰ কৌশলগত লক্ষ্যকে নিৰ্ধাৰণ কৰিব৷
দুয়োগৰাকী নেতাই বিশেষকৈ কাপোৰ, খাদ্য সংসাধন, মটৰ-বাহন আৰু নবীকৰণযোগ্য শক্তি খণ্ডত দুয়োখন দেশৰ মাজত ব্যৱসায় আৰু বিনিয়োগ সমন্ধীয় দিশসমূহ আৰু অধিক প্ৰসাৰিত কৰাৰ প্ৰতি নিজৰ প্ৰতিশ্ৰুতি দোঁহাৰে৷ নবীকৰণযোগ্য শক্তি আৰু স্বচ্ছ ইন্ধনৰ দ্বিপাক্ষিক সহযোগিতাৰ নতুন গতি প্ৰদান কৰাৰ বাবে ভাৰত আৰু ইটালীয়ে শক্তি পাৰাগমনৰ এক কৌশলগত সহযোগিতা ঘোষণা কৰি এক যুটীয়া বিবৃতি দিয়ে আৰু ব্যাপক হাৰত সেউজ কৰিড’ৰ প্ৰকল্প, স্মাৰ্ট গ্ৰিড, শক্তি মজুতকৰণ সমাধান, গেছ পৰিবহণ, একীকৃত অৱশিষ্ট ব্যৱস্থাপনা(অৱশিষ্টৰ পৰা ধন), সেউজ হাইড্ৰজেনৰ বিকাশ আৰু জৈৱ ইন্ধনৰ বিকশিত কৰাৰ দৰে ক্ষেত্ৰসমূহত অংশীদাৰ চিনাক্ত কৰাৰ দিশত সহমত প্ৰকাশ কৰে৷ বৈঠকৰ সময়ত ভাৰত আৰু ইটালীয়ে কাপোৰৰ দিশত সহযোগিতা সম্পৰ্কীয় এক আগ্ৰহ পত্ৰতো স্বাক্ষক কৰে৷
প্ৰধানমন্ত্ৰী মোদীয়ে ইটালীৰ প্ৰধানমন্ত্ৰী দ্ৰাঘীক শীঘ্ৰে ভাৰতলৈ এক চৰকাৰী ভ্ৰমণসূচী লৈ আহিবলৈ আমন্ত্ৰণ জনায়৷
****
DS/AK/DB
(रिलीज़ आईडी: 1768444)
आगंतुक पटल : 173
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam
,
Malayalam