প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ত্ৰয়োদশ ব্ৰিকছ সন্মিলন

प्रविष्टि तिथि: 07 SEP 2021 8:20AM by PIB Guwahati

ভাৰতে ২০২১ত ব্ৰিকছ গোষ্ঠীৰ অধ্যক্ষৰ দায়িত্ব পালন কৰিছে৷ প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ছেপ্টেম্বৰত ত্রয়োদশ ব্ৰিকছ সন্মিলনত অধ্যক্ষতা কৰিব৷ ব্রাজিলৰ ৰাষ্ট্রপতি শ্ৰীযুত জায়েৰ বোলছ’নাৰো, ৰাছিয়াৰ ৰাষ্ট্রপতি শ্ৰীযুত ভ্লাদিমিৰ পুটিন, চীনৰ ৰাষ্ট্রপতি শ্ৰীযুত জি জিনপিং আৰু দক্ষিণ আফ্রিকাৰ ৰাষ্ট্রপতি শ্ৰী চিৰিল ৰামাফোছাই এই সন্মিলনত অংশগ্ৰহণ কৰিব৷ ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা শ্রী অজিত ডোভাল, নিউ ডেভেলপমেণ্ট বেংকৰ সভাপতি শ্ৰীযুত মার্কোছ ট্রৈজো, ব্ৰিকছ বিজনেস কাউন্সিলৰ অস্থায়ী অধ্যক্ষ শ্রী ওমকাৰ কানৱাৰ, ব্ৰিকছ মহিলা ব্যৱসায়িক গোটৰ অস্থায়ী অধ্যক্ষ ড০ সঙ্গীতা ৰেড্ডীয়েও সন্মিলনত উপস্থিত থাকিব৷ তেওঁলোকে নিজ নিজ ক্ষেত্রৰ কার্যবিৱৰণী উত্থাপন কৰিব৷

এইবাৰৰ সন্মিলনৰ মূল বিষয়বস্তু হৈছে ‘ব্ৰিকছ@১৫:নিৰৱচ্ছিন্ন জোটবন্ধন আৰু সহমতৰ ভিত্তিতে আন্তঃব্ৰিকছ সহযোগিতা’৷ এই সন্মিলনত ভাৰতে ৪টা ক্ষেত্রক বিশেষ অগ্রাধিকাৰ দিছে৷ সেইবোৰ হৈছে-বহুস্তৰীয় ব্যৱস্থাৰ সংস্কাৰ, সন্ত্রাস মোকাবিলা, নিৰবচ্ছিন্ন বিকাশ অর্জনৰ বাবে ডিজিটেল আৰু প্রযুক্তিৰ সহায় লোৱা আৰু মানুহৰ সৈতে মানুহৰ যোগাযোগ বৃদ্ধি কৰা৷ এই ক্ষেত্রসমূহৰ লগতে ক’ভিড-১৯ মহামাৰীৰ প্রভাৱ আৰু সমকালীন আন্তঃৰাষ্ট্ৰীয় আৰু আঞ্চলিক বিভিন্ন বিষয়ক লৈও সন্মিলনত আলোচনা কৰা হ’ব৷ প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে এইবাৰৰ সৈতে দ্বিতীয়বাৰলৈ ব্ৰিকছ শীর্ষ সন্মিলনৰ অধ্যক্ষতা কৰিব৷ ইয়াৰ পূৰ্বে তেওঁ ২০১৬ চনত গোৱা শীর্ষ সন্মিলনতো অধ্যক্ষতা কৰিছিল৷ ভাৰতৰ নেতৃত্বত ব্ৰিকছ গোষ্ঠীৰ এই সন্মিলনৰ জৰিয়তে এই গোষ্ঠীৰ পঞ্চদশ প্রতিষ্ঠা বার্ষিকী উদযাপন কৰা হৈছে৷ সন্মিলনৰ মূল বিষয়বস্তুত সেইটো প্রতিফলিত হৈছে৷

.****

DS/VJ/AK/DB


(रिलीज़ आईडी: 1766567) आगंतुक पटल : 241
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Marathi , Tamil , Malayalam , English , हिन्दी , Punjabi , Gujarati , Kannada , Manipuri , Urdu , Bengali , Odia , Telugu