আয়ুষ

গুজৰাটৰ গান্ধীধামত আয়ুষ বনৰ শুভ উদ্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

Posted On: 19 OCT 2021 6:42PM by PIB Guwahati

কেন্দ্ৰীয় আয়ুষ তথা কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি গুজৰাটৰ গান্ধীধামত ৰ’টাৰী ক্লাবৰ দ্বাৰা আয়োজিত এক অনুষ্ঠানত আয়ুষ বনৰ শুভ উদ্বোধন কৰে ৷ দীনদয়াল বন্দৰ ন্যাসিৰ দ্বাৰা আৱণ্টিত ৩০ একৰ ভূমিত আয়ুৰ্বেদিক উদ্ভিদ ৰোপণৰ বাবে এই আয়ুষ বনৰ গঢ় দিয়া হৈছে ৷ এই উপলক্ষে আয়োজিত অনুষ্ঠানটিত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সংগ দিয়ে স্থানীয় সাংসদ বিনোদ চাৱড়া, বিধায়িকা মালতী মহেশ্বৰী, দীনদয়াল বন্দৰ ন্যাসৰ অধ্যক্ষ সঞ্জয় মেহতা প্ৰমুখ্যে ৰ’টাৰী ক্লাবৰ পদাধিকাৰীগণ আৰু অন্যান্য গণ্য-মান্য ব্যক্তিসকলে ৷ অনুষ্ঠানৰ সৈতে সংগতি ৰাখি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আয়ুষ বনত ঔষধি গছপুলিও ৰোপণ কৰে ৷

আয়ুষ বন গঢ় দিয়াৰ ক্ষেত্ৰত দীনদয়াল বন্দৰ ন্যাস আৰু ৰ’টাৰী ক্লাবৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ শলাগ লৈ সৰ্বানন্দ সোণোৱালে ভাষণ প্ৰসংগত কয় যে- প্ৰকৃতিৰ মাজত অলেখ সুযোগ-সম্ভাৱনা নিহিত হৈ আছে ৷ এই প্ৰকৃতিৰ পৰাই মানৱ সমাজে সকলো  প্ৰয়োজনীয় সম্পদ আহৰণ কৰিছে ৷ সেয়েহে প্ৰকৃতি আইৰ প্ৰতি চিৰকৃতজ্ঞ হৈ প্ৰকৃতিক সুৰক্ষিত কৰাটো প্ৰতিগৰাকী নাগৰিকৰে এক গুৰু দায়িত্ব ৷

দেশৰ পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ প্ৰসাৰৰ ক্ষেত্ৰত আয়ুষ মন্ত্ৰালয়ৰ গুৰুত্বপূৰ্ণ পদক্ষেপসমূহৰ ওপৰত আলোকপাত কৰি সোণোৱালে লগতে কয় যে- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শাসনভাৰ গ্ৰহণ কৰাৰে পৰা ভাৰতৰ চহতী পৰম্পৰাৰ চানেকি আয়ুষ ব্যৱস্থাৰ সংৰক্ষণ আৰু প্ৰসাৰৰ দিশত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে ৷ মোদীজীৰ ভিজনক সৰোগত কৰি আয়ুষ মন্ত্ৰালয়ে ইতিমধ্যে যাৱতীয় বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে, যাৰ জৰিয়তে কেৱল ভাৰতৰ জনগণ নহয়, সমগ্ৰ বিশ্ববাসীয়ে এই সমৃদ্ধিশালী আয়ুষ পদ্ধতিৰ প্ৰতি আকৰ্ষিত হ’বলৈ ধৰিছে ৷ কিন্তু এইক্ষেত্ৰত পূৰ্বৰ চৰকাৰে কোনোধৰণৰ গুৰুত্বই প্ৰদান নকৰিলে যাৰ ফলত দেশৰ ঐতিহ্য, পৰম্পৰাৰ চানেকি আয়ুষ ব্যৱস্থা অতবছৰে অৱহেলিত হৈ থাকিবলগীয়া হৈছিল ৷ মোদীজীৰ দৃঢ় পদক্ষেপৰ বাবেহে এতিয়া আয়ুষ ব্যৱস্থাই বিশ্বমুখী হোৱাৰ লগতে যথেষ্ট গতিশীলতা লাভ কৰিবলৈ সক্ষম হৈছে ৷

তদুপৰি ভাষণ প্ৰসংগত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে- প্ৰকৃতিৰ মাজত থকা আয়ুষৰ সুযোগ-সম্ভাৱনাবোৰক মানৱ সমাজৰ হিতৰ বাবে অন্বেষণ কৰি সুপ্ৰয়োগ কৰিব লাগিব, তেহে দেশৰ পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ অধিক সম্প্ৰসাৰণ হোৱাৰ উপৰিও চিকিৎসা ক্ষেত্ৰত এক শক্তিশালী বিকল্প মাধ্যম হিচাপে আয়ুষ পদ্ধতি ব্যৱহৃত হোৱাৰ অৱকাশ আছে ৷

 

****

SK/MANN



(Release ID: 1765071) Visitor Counter : 212