নৌ-পৰিবহন মন্ত্ৰালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰী গতি শক্তি-ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন সম্পৰ্কে কেন্দ্ৰীয় জাহাজ পৰিবহণ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সংবাদ মেল

Posted On: 16 OCT 2021 5:35PM by PIB Guwahati

জাহাজ পৰিবহণ, বন্দৰ জলপথ আৰু আয়ুষ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে চৰকাৰৰ অভিলাষী প্ৰধানমন্ত্ৰী গতি শক্তি মাষ্টাৰ প্লেনে দেশৰ উন্নয়নত বৃহৎ বৰঙণি আগবঢ়াব বুলি প্ৰকাশ কৰে। আজি ডিব্ৰুগড়ত এখনি সংবাদমেল সম্বোধন কৰি, মন্ত্ৰীগৰাকীয়ে এই পৰিকল্পনাৰ মূল বৈশিষ্ট্যৰাজি উল্লেখ কৰি এই পদক্ষেপে কিদৰে ২১ শতিকাৰ ভাৰতক উদ্দীপনা যোগাবলৈ আগবাঢ়িছে তাৰ ব্যাখ্যা কৰে।

শক্তিক পূজা কৰা মহাষ্টমীৰ পৱিত্ৰ দিনটোত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটি ১০০ ট্ৰিলিয়ন টকাৰ বিস্তৃত আন্তঃগাঁথনি পদক্ষেপৰ শুভাৰম্ভ কৰে য’ত দেশৰ অহা ২৫ বছৰৰ ৰোড মেপ সুসংগত কৰা হৈছে। এই প্ৰধান পদক্ষেপৰ গুৰুত্বৰ কথা ব্যাখ্যা কৰি সোণোৱালে কয় যে আন্তঃগাঁথনি প্ৰকল্পসমূহৰ পৰিকল্পনা সাৰ্থক আৰু সুচল সম্পাদনৰ অৰ্থে ১৬ টা মন্ত্ৰালয় আৰু বিভাগৰ মাজত সমন্বয়ৰ সঞ্চাৰ ঘটোৱাটোৱেই হৈছে এই প্ৰকল্পৰ লক্ষ্য। ৰেলৱে, পথ আৰু ঘাইপথ, পেট্ৰ’লিয়াম গেছ, শক্তি, টেলিকম, জাহাজ পৰিবহণ আৰু বিমান পৰিবহণৰ দৰে প্ৰধান কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰালয়সমূহ এই প্ৰকল্পৰ অংশ হৈ পৰিব, তেওঁ কয়।

এই পৰিকল্পনাৰ শক্তি সন্দৰ্ভত অধিক ব্যক্ত কৰি, সোণোৱালে কয়, “মেক্ৰ’ প্লেনিং আৰু মাইক্ৰ’ সম্পাদনৰ মাজত সদায়েই এটি ব্যৱধান বিৰাজমান। আমোলাতান্ত্ৰিক জড়তা আৰু আন্তঃমন্ত্ৰালয় ব্যৱধানৰ পৰিপ্ৰেক্ষিতত, কাম এটা স্থগিত হৈ থকাৰ বাবে ৰাজকোষৰ অধিক ধন ব্যয় হয়। এই সমস্যাৰে মোকাবিলা কৰিবলৈ, এই পৰিকল্পনাই প্ৰকল্পটোত অন্তৰ্ভুক্ত মন্ত্ৰালয় আৰু বিভাগসমূহৰ সকলো বিদ্যমান আৰু পৰিকল্পিত আন্তঃগাঁথনি প্ৰকল্পৰ সৈতে এটি ডিজিটেল পৰ্টেলৰ বিকাশ সাধন কৰিব। ভৱিষ্যতে মাল্টিমডেল যোগাযোগ সৃষ্টিৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে আৰু ব্যয় হ্ৰাস কৰিব। সৰ্বাংগীন পৰিকল্পনাৰে, ই ক্ষীপ্ৰতাৰে সম্পাদন আৰু সময় আৰু ধন ৰাহি কৰিবলৈ আগবাঢ়িছে। অগ্ৰগতিৰ স্বচ্ছতাৰে, এতিয়া ক্ৰছ ছেক্টৰেল মত-বিনিময়ৰ জৰিয়তে প্ৰকল্পসমূহত অগ্ৰাধিকাৰ প্ৰদান সহজ হৈ উঠিব।”

চৰকাৰখনৰ প্ৰত্যাশা অনুসৰি এই পদক্ষেপে তদুপৰি ৰাজ্য চৰকাৰসমূহলৈ বৃহৎ লাভৰ সঞ্চাৰ ঘটাব কিয়নো এতিয়া তেওঁলোকে এটা নিৰ্দিষ্ট আন্তঃগাঁথনি প্ৰকল্পৰ অৰ্থে সময়সীমা নিৰ্ধাৰণ কৰিবলৈ সক্ষম হ’ব। এই প্ৰকল্পই মাল্টি মডেল যোগাযোগৰ উন্নয়নৰ জৰিয়তে সকলো অৰ্থনৈতিক মণ্ডল আৰু ঔদ্যোগিক পাৰ্কৰ সৰ্বোত্তম ব্যৱহাৰ তথা একেদৰে অন্তিম স্থানত যোগাযোগৰ বিকাশ সাধনেৰে লজিষ্টিক ব্যয় হ্ৰাস কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।

 

*************


(Release ID: 1764418) Visitor Counter : 201