প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মার্কিন-ভাৰত নেতৃবৃন্দৰ যৌথ বিবৃতি: বিশ্ব কল্যাণৰ লক্ষ্যৰে এক অংশীদাৰিত্ব (২৪ ছেপ্টেম্বৰ, ২০২১)

Posted On: 25 SEP 2021 10:48AM by PIB Guwahati

ৰাষ্ট্রপতি জোছেফ আৰ বাইডেনে আজি হোৱাইট হাউছত মুখামুখি বৈঠকৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদীক আদৰণি জনায়। বিশ্বৰ দুই বৃহ গণতন্ত্রৰ মাজত অংশীদাৰিত্বৰ এক নতুন যুগৰ শুভাৰম্ভ কৰি আৰু নিজৰ ঘনিষ্ঠ সম্পর্কৰ নবীকৰণত দুয়োগৰাকী নেতাৰ মাজত এই বৈঠক অনু্ষ্ঠিত হয়৷

দুয়োখন দেশৰ নেতৃবৃন্দই মার্কিন-ভাৰত সম্পর্কক আগুৱাই নিবলৈ এক স্বচ্ছ দৃষ্টিভংগীৰ কথা পুনৰ দোঁহাৰে৷ দুয়োখন দেশৰ মাজত কৌশলগত অংশীদাৰিত্ব, আছিয়ান আৰু কোৱাড গোষ্ঠীভুক্ত দেশসমূহকে ধৰি আঞ্চলিক সমন্বয়ৰ ক্ষেত্রত ভাৰত-প্রশান্ত মহাসাগৰ অঞ্চল আৰু আন অভিন্ন স্বার্থৰ প্রসাৰত দুয়োখন দেশে একেলগে কাম কৰিব৷ দেশ দুখনে বাণিজ্য আৰু বিনিয়োগ এনে এক অংশীদাৰিত্ব গঢ়ি তুলিব যি উভয় দেশৰ জনসাধাৰণক সমৃদ্ধ কৰিব৷ ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজ শেষ কৰি অন্যান্য স্বাস্থ্য সম্পৰ্কীয় প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰিবলৈ আন্তর্জাতিক প্রয়াসক আৰু অধিক আগুৱাই নিব লাগিব, জলবায়ু পৰিৱর্তনৰ মোকাবিলাত সক্রিয় ভূমিকা লাগিব, গণতান্ত্রিক মূল্যবোধসমূহ আৰু অধিক সুদৃঢ় কৰাৰ লগতে দুয়োখন দেশৰ মানুহৰ স্বার্থত প্রতিষ্ঠানগত ব্যৱস্থাকে আৰু অধিক মজবুত কৰিব লাগিব৷ সেইদৰে, মানুহৰ সৈতে মানুহৰ যোগাযোগ আৰু অধিক বৃদ্ধি কৰিব লাগিব৷

ৰাষ্ট্রপতি বাইডেন আৰু প্রধানমন্ত্রী মোদীয়ে ভিড-১৯ মোকাবিলাত বিগত এবছৰ ধৰি দুয়োখন ৰাষ্ট্রৰ মাজত ঘনিষ্ঠ সহযোগিতাৰ প্রশংসা কৰাৰ লগতে সন্তোষ প্রকাশ কৰে এখন দেশে আনখনৰ ওপৰ প্রয়োজনৰ সময়ত জৰুৰীকালীন সাহাৰ্যৰ ব্যৱস্থা কৰি চৰকাৰী সংস্থা, নাগৰিক সমাজ, ব্যৱসায়িক মহল আৰু প্রবাসী সমুদায়ৰ মানুহে অভূতপূর্ব ভূমিকা পালন কৰিছে৷ দেশ-বিদেশত নিজৰ নাগৰিকসকলৰ সুৰক্ষাৰ বাবে লাখ লাখ টিকাৰ দি দুয়োখন ৰাষ্ট্রই মহামাৰীৰ অৱসান ঘটোৱাত আন্তর্জাতিক প্রয়াসসমূহ আগুৱাই নিয়াৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। ভাস্ককে ধৰি ভিড-১৯ টিকা ৰপ্তানিৰ ক্ষেত্ৰত ভাৰতৰ ঘোষণাক ৰাষ্ট্রপতি বাইডেনে আদৰণি জনায়। বিশ্বজুৰি স্বাস্থ্য ক্ষেত্রত কুপ্রভাৱ সৃষ্টিকাৰী মহামাৰীৰ দৰে বিষয়সমূহৰ সহযোগিতাক আৰু অধিক সুদৃঢ় কৰিবলৈ স্বাস্থ্য আৰু জৈৱ চিকিসা-বিজ্ঞানৰ ক্ষেত্রত বুজাবুজি চূক্তি চূড়ান্ত হোৱাৰ পৰিপ্রেক্ষিতত দুয়োগৰাকী নেতাই সন্তোষ প্রকাশ কৰে৷

মহামাৰীৰ অৱসান ঘটাবলৈ আৰু পৰৱর্তী মহামাৰীৰ পৰিপ্ৰেক্ষিতত আগতীয়াকৈ প্রস্তুত থকাৰ বাবে বিশ্ব ভিড-১৯ শীর্ষ সন্মিলন আয়োজনৰ যি সিদ্ধান্ত ৰাষ্ট্রপতি বাইডেনে লৈছে, প্রধানমন্ত্রী মোদীয়ে সেই সিদ্ধান্তৰ আদৰণি জনায়। ইয়াৰ পৰাই ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে দুয়োখন দেশৰ অভিন্ন প্ৰতিশ্ৰুতি প্রতিফলিত হৈছে৷

প্রধানমন্ত্রী মোদীয়ে জলবায়ু পৰিৱর্তনকে ধৰি পেৰিছ চুক্তিত মার্কিন যুক্তৰাষ্ট্রৰ পুনৰ দোঁহৰাৰ বাবে আদৰণি জনায়। ৰাষ্ট্রপতি বাইডেনে ভাৰতত ২০৩০ চনৰ ভিতৰত ৪৫০ গিগাৱাট নবীকৰণযোগ্য শক্তি পাদনৰ লক্ষ্য অর্জনত প্রধানমন্ত্রী মোদীৰ প্রয়াসত সহায় আগবঢ়োৱাৰ ইচ্ছাপ্রকাশ কৰে৷ নবীকৰণযোগ্য শক্তি ক্ষেত্রত বিনিয়োগৰ গুৰুত্বকে ধৰি লাখ লাখ ভাৰতীয় পৰিয়ালত প্ৰপ্ৰদূষণমুক্ত আৰু নির্ভৰযোগ্য শক্তি যোগান ধৰা গ্রিড পৰিকাঠামো গঢ়ি তোলাৰ বিষয়টোও অতি গুৰু্ত্বপূৰ্ণ হৈ পৰিছে। মার্কিন-ভাৰতে জলবায়ু আৰু স্বচ্চ শক্তি আঁচন, ২০৩০ৰ অংশীদাৰিত্বৰ মাধ্যমে প্ৰদূষণমুক্ত শক্তিক্ষেত্রত কৌশলগত অংশীদাৰিত্ব আৰু জলবায়ু পৰিৱর্তনৰ সমস্যা মোকাবিলা কৰাত ধনৰ ব্যৱস্থা কৰাৰ বিষয়ত দুয়োখন দেশে অগ্রাধিকাৰ দিছে৷ উদ্যোগ ক্ষেত্রত ৰূপান্তৰণৰ লক্ষ্যৰে অগ্রণী দেশসমূহৰ গোষ্ঠীত মার্কিন যুক্তৰাষ্ট্র যোগ দিয়া ভাৰতে আদৰণি জনাইছে।

ৰাষ্ট্রপতি বাইডেনে ভাৰতৰ সৈতে প্রতিৰক্ষা সম্পর্কক আৰু অধিক মজবুত কৰিবলৈ প্ৰতিশ্ৰুতি দিয়ে৷ দুয়োখন দেশৰ মাজত প্রতিৰক্ষা ক্ষেত্রত ঘনিষ্ঠ সমন্বয়, তথ্য বিনিময়, আধুনিক সামৰিক প্রযুক্তিৰ ক্ষেত্রত সহযোগিতাক শক্তিশালী কৰা ইত্যাদি ক্ষেত্রত ভাৰতৰ সৈতে সহযোগিতাৰ প্ৰতিশ্ৰুতি দিয়ে৷ আঞ্চলিক দিশসমূহকে ধৰি বহুপাক্ষিক পৰিকাঠামোৰ সম্প্রসাৰণতো দুয়োখন দেশে সহমত প্ৰকাশ কৰিছেউদ্যোগ ক্ষেত্রত সহযোগিতাক আৰু অধিক নিবিড় কৰাৰ ক্ষেত্ৰতো দুয়োখন দেশৰ নেতৃবৃন্দই সহমত প্রকাশ কৰে এনে পৰিপ্ৰেক্ষিতত প্রতিৰক্ষা প্রযুক্তি আৰু বাণিজ্যিক উদ্যোগৰ অধীনত মানৱবিহীন গগনযান যৌথভাৱে উদ্ভাৱনৰ শেহতীয়া কাৰ্যসূচীকো তেওঁলোকে আদৰণি জনায়। প্রতিৰক্ষা ক্ষেত্রত উদ্ভাৱন আৰু নতুন উদ্যোগ গঢ় দিয়াত চৰকাৰী আৰু বেচৰকাৰী অংশীদাৰিত্বক আহ্বান জনোৱা হৈছে৷ প্রতিৰক্ষা উদ্যোগ ক্ষেত্রত সহযোগিতাকে আৰু অধিক সুদৃঢ় কৰিবলৈ উদ্যোগ নিৰাপত্তা চুক্তি সম্পৰ্কীয় শীর্ষ বৈঠক আয়োজনৰ ক্ষেত্ৰত উভয় পক্ষ অত্যন্ত আশাবাদী৷

মার্কিন যুক্তৰাষ্ট্র আৰু ভাৰতৰ নেতৃবৃন্দই একেলগে বিশ্ব সন্ত্রাসৰ বিৰুদ্ধে যুঁজনত পৰস্পৰৰ কাষত থাকিব বুলি জনাইছে। সেইদৰে, সকলো উগ্ৰপন্থী গোটৰ বিৰুদ্ধে প্রয়োজনীয় ব্যৱস্থা লোৱাৰ কথাও কোৱা হৈছে৷ সীমান্ত সিপাৰৰ সন্ত্রাসৰ নিন্দা কৰি ২৬/১১ মুম্বাই আক্ৰমণৰ ষড়যন্ত্রকাৰীসকলৰ বিৰুদ্ধে বিচাৰ কৰাৰ আহ্বান জনোৱা হয়। দুয়োপক্ষই সন্ত্রাসৰ বিৰুদ্ধে ছায়াযুদ্ধ চলাই যোৱা, উগ্ৰপন্থী গোটসমূহক যাৱতীয় সহায় বন্ধ কৰাৰ ওপৰত জোৰ দিয়ে উভয় পক্ষ কয় যে মার্কিন-ভাৰতে সন্ত্রাস দমন যৌথ কর্মীগোট আৰু মার্কিন-ভাৰত আভ্যন্তৰীণ নিৰাপত্তা আলোচনাৰ ক্ষেত্রসমূহক আৰু অধিক শক্তিশালী কৰা যাতে সন্ত্রাস দমনত ভাৰত আৰু মার্কিন যুক্তৰাষ্ট্রৰ মাজত আৰু অধিক সমন্বয় গঢ় লৈ উঠে। সন্ত্রাস দমনত উন্নত প্রযুক্তি উদ্ভাৱনৰ বিষয়টোকো তেওঁলোকে আদৰণি জনায়। মার্কিন-ভাৰত মাদক দমন সংক্রান্ত কর্মীগোটৰ প্রশংসা কৰি দুয়োখন দেশৰ নেতৃবৃন্দই এক অভিন্ন দ্বিপাক্ষিক পৰিকাঠামো চূড়ান্ত কৰাৰ ক্ষেত্ৰত সন্মতি প্ৰকাশ কৰে৷ ইয়াৰ ফলত মাদক দ্ৰব্যৰ চোৰাং আৰু অবৈধ ৰাসায়নিক সৰবৰাহ শৃংখল ভাঙি পেলোৱা সম্ভব ব৷

দুয়োখন দেশৰ নেতৃবৃন্দই সজোৰে কয় যে তালিবানে ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ প্রস্তাৱ মানি চলিব আৰু আফগান ভূখণ্ডক কোনোপধ্যে সন্ত্রাসবাদীৰ নিৰাপদ আশ্রয়স্থল হিচাপে ব্যৱহাৰ কৰিবলৈ দিয়া বা অন্য দেশৰ বাবে বিপদ বা আক্রমণৰ কেন্দ্র হৈ উঠি দিয়া নহসেইদৰে, আফগানিস্তানত সন্ত্রাসবাদৰ মোকাবিলাৰ বিষয়টোকো সর্বোচ্চ অগ্রাধিকাৰ দিব লাগিব৷ মার্কিন-ভাৰতৰ নেতৃবৃন্দই ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ প্রস্তাৱ মানি চলাৰ আহ্বান জনাই কয় যে আফগান নাগৰিককে ধৰি বিদেশী লোকসকলৰ বাবে আফগান ভূখণ্ডক সুৰক্ষিত আৰু নিৰাপদ কৰি তুলিব লাগিব৷ সেইদৰে, মহিলা আৰু শিশুসকলৰ লগতে সকলো আফগান নাগৰিকৰ মানৱাধিকাৰক যথার্থ সন্মান দিব লাগিব৷ সংখ্যালঘু সমূদায় মানুহৰ নিৰাপত্তা আৰু মর্যাদাৰ বিষয়টো সুনিশ্চিত কৰিব লাগিব৷ আফগানিস্তানক মানৱীয় সহায় দিয়া গুৰুত্বৰ ওপৰত উভয় পক্ষই জোৰ দিয়ে৷ সেইবাবে ৰাষ্ট্রসংঘৰ সাহাৰ্যকাৰীৰ অবাধ প্রৱেশ আৰু নিৰাপত্তাৰ বিষয়টো সুনিশ্চিত কৰিবলৈ তালিবানক আহ্বান জনোৱা হৈছে৷ আফগানি মানুহৰ সৰ্বাংগীন কল্যাণ আৰু আর্থিক সা-সুবিধাৰ বিষয়টো দীর্ঘম্যাদী ভিত্তিত সুনিশ্চিত কৰিবলৈ মার্কিন-ভাৰত দুয়োখন দেশৰ নেতৃবৃন্দই ঘনিষ্ঠ সহযোগিতা বজাই ৰখাৰ ক্ষেত্ৰত দৃঢ় বিশ্বাস ব্যক্ত কৰে৷ সেইদৰে আফগানিস্তানত শান্তিপূর্ণ ভৱিষ্য গঢ়ি তুলিবলৈ অন্যান্য অংশীদাৰ দেশসমূহৰ সৈতে যুটীয়াভাবে কাম কৰিবলৈ সহমত প্রকাশ কৰা হয়।

দুয়োখন দেশৰ নেতৃবৃন্দই ম্যানমাৰত শেহতীয়া হিংসাৰ অৱসান ঘটাই ৰাজনৈতিক বন্দীসকলৰ মুক্তি দি গণতন্ত্র পুনৰ ঘুৰাই অনাৰ আহ্বান জনায়। উভয় দেশৰ নেতৃবৃন্দই আছিয়ান দেশসমূহৰ পাঁচ দফীয়া প্রস্তাৱ দ্রুতগতিত কার্যকৰী কৰাৰ বাবে ম্যানমাৰৰ প্রতি আহ্বান জনায়।

কোৱাড বা চতুর্দেশীয় অক্ষ গোষ্ঠীভুক্ত দেশসমূহৰ মাজত ক্রমবর্ধমান সহযোগিতাক মার্কিন-ভাৰত নেতৃবৃন্দই আদৰণি জনাইছে৷ সেইদৰে, ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলত ভৌগোলিক অখণ্ডতা আৰু সার্বভৌমত্বকে স্বীকৃতি দিয়াৰ আন্তর্জাতিক আইন মানি চলাৰ ওপৰ গুৰুত্ব দিয়ে৷ ৰাষ্ট্রপতি বাইডেনে সদ্যসমাপ্ত আগষ্ট মাহত ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদত সভাপতি হিচাপে ভাৰতৰ নেতৃত্বৰ প্রশংসা কৰে৷ এই পৰিপ্ৰেক্ষিতত ৰাষ্ট্রপতি বাইডেনে ৰাষ্ট্রসঙ্ঘে নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ ক্ষেত্ৰত মার্কিন যুক্তৰাষ্ট্রৰ সমর্থনৰ কথা পুনৰ দোঁহাৰে৷ ৰাষ্ট্রপতি বাইডেনে পাৰমাণৱিক সৰবৰাহ গোষ্ঠীত ভাৰতক সদস্যপদ দিয়াৰ বিষয়টোও সমর্থন জনায়৷ ভাৰত-প্রশান্ত মহাসাগৰীয় আৰু আফ্রিকা অঞ্চলত উন্নয়নমূলক প্ৰত্যাহ্বানসমূহৰ সমাধানত দুয়োখন দেশৰ নেতৃবৃন্দই ত্ৰিকোণীয়া সহযোগিতাৰ মূল নীতিসমূহত সংশোধনৰ বিষয়টোক আদৰণি জনায়৷ তদুপৰি, মার্কিন যুক্তৰাষ্ট্র আৰু ভাৰতৰ মাজত স্বাস্থ্য, শিক্ষা আৰু পৰিৱেশ ক্ষেত্রত সহযোগিতাক আগুৱাই নিবলৈ গান্ধী-কিং ডেভেলপমেন্ট ফাউণ্ডেশ্যনআৰম্ভ কৰাৰ ক্ষেত্ৰত দুয়োখন দেশ অতি আশাবাদী।

মার্কিন-ভাৰত দুয়োখন দেশৰ নেতৃবৃন্দই চলিত বৰ্ষৰ শেষ হোৱাৰ পূর্বে বাণিজ্য নীতি ৰামৰ বৈঠক পুনৰ আয়োজনৰ ক্ষেত্ৰত অতি আশাবাদী। ইয়াৰ ফলত দ্বিপাক্ষিক বাণিজ্যিক সম্পর্ক আৰু অধিক বৃদ্ধি পাব আৰু বাণিজ্যিক উদ্বেগৰ বিষয়সমূহ চিহ্নিত কৰি তাৰ সমাধান সম্ভৱ অহা বছ গোৱাত মার্কিন-ভাৰত চিইঅ ফোৰাম আৰু বাণিজ্য সন্মিলন আয়োজনৰ ক্ষেত্ৰতো দুয়োখন দেশৰ নেতৃবৃন্দ অত্যন্ত আশাবাদী। উন্নয়নমূলক প্রকল্পসমূহত বিনিয়োগে আৰু অধিক সুবিধাৰ বাবে যি চুক্তি হৈছে তাক দুয়োখন দেশৰ নেতৃবৃন্দই আদৰণি জনায়। ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলত বিত্ত ব্যৱস্থাৰ উন্নতিত কিদৰে নিৰন্তৰ একেলগে কাম কৰিব পৰা যায় সেই বিষয়েও দুয়োখন দেশৰ মাজত আলোচনা হৈছে৷ দু্ৰ্যোগ প্রতিৰোধী পৰিকাঠামো গোট আৰু অহা ভাৰত-প্রশান্ত মহাসাগৰীয় বাণিজ্য ৰামৰ মাধ্যমে সহযোগিতাক আৰু অধিক সুদৃঢ় কৰাৰ যি প্ৰচেষ্টা লোৱা হৈছে, দুয়োখন দেশৰ নেতৃবৃন্দই সেই প্ৰচেষ্টাৰ আদৰণি জনাইছে৷

দুয়োখন দেশৰ নেতৃবৃন্দই এইটো স্বীকাৰ কৰি লৈছে যে সুদক্ষ, বৃত্তিধাৰী, ছাত্র-ছাত্রী, বিনিয়োগকাৰী আৰু ব্যৱসায়ীসকলৰ বাবে এখনৰ পৰা আনখন দেশলৈ যাতায়াত অবাধ লে অর্থনৈতিক আৰু প্রযুক্তিগত ক্ষেত্রত অংশীদাৰিত্ব আৰু অধিক বৃদ্ধি পাব৷ দুয়োখন দেশৰ মাজত এক নমনীয় আৰু নিৰাপদ যোগান শৃংখল গঢ়ি তোলাৰ গুৰুত্বৰ ওপৰ দুয়োখন দেশৰ নেতৃবৃন্দই জোৰ দিয়েফার্মাচিউটিকেল, জৈৱপ্রযুক্তি, ছেমি-কণ্ডাক্টৰ আৰু তথ্যপ্রযুক্তি ক্ষেত্রত যোগসূত্র আৰু অধিক সুদৃঢ় কৰিবলৈ দুয়োখন দেশৰ বেচৰকাৰী খণ্ডৰ অংশগ্রহণকো উভয় পক্ষই আদৰণি জনাইছেঅহা বছ গোৱাত আধুনিক প্রযুক্তি সম্পৰ্কীয় সহযোগিতা গোটৰ পুনৰুজ্জীৱন ঘটিব বুলি উভয় পক্ষই আশা প্রকাশ কৰিছে৷

নতুন নতুন ক্ষেত্রকে ধৰি মহাকাশ, চাইবাৰ, স্বাস্থ্য নিৰাপত্তা, ছেমি-কণ্ডাক্টৰ, কৃত্রিম বুদ্ধিমত্তা, -জি, -জি আৰু ভৱিষ্য প্রজন্মৰ টেলি-যোগাযোগ প্রযুক্তিৰ ৰে উদীয়মান কাৰিকৰী ক্ষেত্রত মার্কিন যুক্তৰাষ্ট্র আৰু ভাৰতে সহযোগিতা অব্যাহত ৰাখিব আৰু অংশীদাৰিত্বৰ প্রসাৰ ঘটাব বুলি দুয়োখন দেশৰ নেতৃবৃন্দই সহমত প্ৰকাশ কৰিছে৷ চাইবাৰৰ ক্ষেত্রত বিপদ দূৰ কৰিবলৈ মৌলিক কাৰিকৰী চাহিদা পূৰণৰ বিষয়টোক দুয়োখন দেশৰ নেতৃবৃন্দই স্বীকাৰ কৰিছেকেদৰে, উভয় দেশৰ নেতৃবৃন্দই দক্ষতা বৃদ্ধিৰ ওপৰত জোৰ দিছে আৰু চাইবাৰ বিপদৰ মোকাবিলা কৰাত পাৰস্পৰিক কাৰিকৰী সহযোগিতা অব্যাহত ৰাখিবলৈ সহমত প্রকাশ কৰিছে৷ এনে পৰিপ্ৰেক্ষিতত দুয়োখন দেশে স্পেচ চিছুয়েশ্যনেল এৱাৰনেছ সংক্রান্তীয় বুজাবুজি চুক্তি চূড়ান্ত কৰাৰ ক্ষেত্ৰত আগ্রহ প্রকাশ কৰিছে৷ বিশ্ব অংশীদা হিচাপে মার্কিন যুক্তৰাষ্ট্র আৰু ভাৰত শিক্ষা, বিজ্ঞান আৰু প্রযুক্তি তথা মানুহৰ সৈতে মানুহৰ যোগাযোগৰ ক্ষেত্রত সহযোগিতাক আৰু অধিক সুদৃঢ় কৰিবলৈ দৃঢ় প্ৰতিশ্ৰুতি ব্যক্ত কৰিছে৷ উভয় দেশে নেতৃবৃন্দই বিগত বৰ্ষত বিদেশ আৰু প্রতিৰক্ষা মন্ত্রীসকলৰ + মন্ত্রী পর্যায়ৰ বৈঠকৰ জৰিয়তে সম্পর্কক আৰু অধিক সুদৃঢ় কৰাৰ কথা উল্লেখ কৰে৷ এনে পৰিপ্ৰেক্ষিতত দুয়োখন দেশৰ নেতৃবৃন্দই মন্ত্রী পর্যায়ত + আলোচনাক আদৰণি জনাইছে৷

দুয়োখন দেশৰ মানুহৰ মাজত সুদৃঢ় আৰু প্রাণৱন্ত সম্পর্কেৰ কথা দুয়োখন দেশৰ নেতৃবৃন্দ পুনৰ উল্লেখ কৰে আনকি এই দুয়োখন দেশৰ মাজত প্রায় ৭৫ বছৰৰ অংশীদাৰিত্ব আছে। এনে পৰিপ্ৰেক্ষিতত উভয় দেশে স্বাধীনতা, গণতন্ত্র, সার্বজনীন মানৱাধিকাৰ, সহনশীলতা আৰু বহুত্ববাদ তথা সমান সা-সুবিধাৰ অভিন্ন মূল্যবোধ আছে বুলি উল্লেখ কৰে৷

প্রধানমন্ত্রী মোদীয়ে বিভিন্ন প্রাচীন প্রত্নতাত্ত্বিক সামগ্রী ভাৰতক ঘুৰাই দিয়াৰ বাবে মার্কিন যুক্তৰাষ্ট্রৰ প্রতি গভীৰ কৃতজ্ঞতা প্রকাশ কৰেদুয়োখন দেশৰ নেতৃবৃন্দই চোৰাং সৰবৰাহ, অবৈধ লেনদেনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দৃঢ় প্ৰতিশ্ৰুতি প্রকাশ কৰে৷

অভিন্ন মূল্যবোধ আৰু নীতি আৰু ক্রমৱর্ধমান কৌশলগত অংশীদাৰিত্বৰ প্রসংগত উল্লেখ কৰি ৰাষ্ট্রপতি বাইডেন আৰু প্রধানমন্ত্রী মোদীয়ে মার্কিন-ভাৰত সুসংহত বিশ্ব কৌশলগত অংশীদাৰিত্বক আৰু অধিক আগুৱাই নিয়াৰ বাবে দৃঢ় প্ৰতিশ্ৰুতি প্রকাশ কৰে মার্কিন যুক্তৰাষ্ট্র আৰু ভাৰতে একত্ৰিত হৈ আৰু অধিক সাফল্য অর্জন কৰিব বুলি ৰাষ্ট্রপতি বাইডেন আৰু প্রধানমন্ত্রী মোদী আশা প্ৰকাশ কৰে৷

****

DS/AKJ/AK/DB



(Release ID: 1762051) Visitor Counter : 172