প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ফ্রান্সৰ ৰাষ্ট্রপতিৰ সৈতে প্রধানমন্ত্রীৰ টেলিফোনিক বার্তালাপ

Posted On: 21 SEP 2021 6:13PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ফ্রান্সৰ ৰাষ্ট্রপতি ইমানুৱেল মেক্ৰ’ সৈতে টেলিফোনযোগে কথা পাতে৷

দুয়োগৰাকী নেতাই আফগানিস্তানৰ সাম্প্রতিক পৰিস্থিতি, আঞ্চলিক বিষয়ক লৈ আলোচনা কৰে৷ দুয়োগৰাকী নেতাই সন্ত্রাসবাদ, মাদকদ্রব্য, অবৈধ অস্ত্র আৰু মানৱ সৰবৰাহৰ সম্ভাব্য বিস্তাৰৰ লগতে মানৱাধিকাৰ, নাৰী আৰু সংখ্যালঘু লোকসকলৰ অধিকাৰ নিশ্চিত কৰাৰ প্রয়োজনীয়তা সম্পর্কে আলোচনা কৰে৷

ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলত ক্রমৱর্ধমান দ্বিপাক্ষিক সহযোগিতা আৰু এই অঞ্চলত সুস্থিতিৰতা আৰু নিৰাপত্তা বৃদ্ধিত ভাৰত-ফ্রান্সৰ অংশীদাৰিত্বৰ গুৰুত্বপূর্ণ ভূমিকাৰ বিষযয়েও দুয়োগৰাকী নেতাই পর্যালোচনা কৰে৷

ভাৰত-ফ্রান্সে কৌশলগত অংশীদাৰিত্বৰ প্রেক্ষাপটত উভয় দেশৰ মাজত ঘনিষ্ঠ আৰু নিয়মীয়া পৰামর্শ বজাই ৰাখিবলৈ সহমত প্ৰকাশ কৰে৷

 

***

DS/SH/DB



(Release ID: 1760800) Visitor Counter : 184