গৃহ মন্ত্ৰালয়

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ‘বিদ্ৰোহ মুক্ত আৰু সমৃদ্ধিশালী পূৰ্বোত্তৰ’ৰ পূৰ্ণ দৃষ্টি আৰু নগা শান্তি প্ৰক্ৰিয়াত লক্ষ্যণীয়ভাৱে উদ্দীপনা যোগাই, কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ তত্বাৱধানত, নেশ্যনেল ছ’চিয়েলিষ্ট কাউন্সিল অৱ নাগালেণ্ড (কে) নিকি গোটৰে যুদ্ধবিৰতি চুক্তি ভাৰত চৰকাৰৰ

Posted On: 08 SEP 2021 7:41PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ‘বিদ্ৰোহ মুক্ত আৰু সমৃদ্ধিশালী পূৰ্বোত্তৰ’ৰ দৃষ্টিক পৰিপূৰণ আৰু নগা শান্তি প্ৰক্ৰিয়াত লক্ষ্যণীয়ভাৱে উদ্দীপনা যোগাই, কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ তত্বাৱধানত, নেশ্যনেল ছ’চিয়েলিষ্ট কাউন্সিল অৱ নাগালেণ্ড (কে) নিকি গোটৰে যুদ্ধবিৰতি চুক্তি সম্পন্ন কৰে ভাৰত চৰকাৰে। ২০২১ ৰ ০৮ ছেপ্টেম্বৰৰপৰা এবছৰৰ বাবে এই চুক্তি কাৰ্য্যকৰী হ’ব। এই শান্তি প্ৰক্ৰিয়াত গোটটোৰ ২০০ ৰোধিক কেডাৰে ৮৩ অস্ত্ৰ-শস্ত্ৰ সম্বৰণৰে যোগদান কৰে। ২০২১ ৰ ০৮ ছেপ্টেম্বৰত যুদ্ধবিৰতি চুক্তি আৰু সন্মত যুদ্ধবিৰতি গ্ৰাউণ্ড বিধি স্বাক্ষৰিত হয়। ভাৰত চৰকাৰে ইতিমধ্যে এনএছচিএন (আইএম) ৰ সৈতে ফ্ৰেমৱৰ্ক চুক্তি আৰু আন নগা গোটসমূহ যথাঃ এনএছচিএন (এনকে),এনএছচিএন (আৰ) আৰু এনএছচিএন (কে)-খাংগুৰ সৈতে যুদ্ধবিৰতি চুক্তিত স্বাক্ষৰ কৰিছে।

ইয়াৰ পূৰ্বে ভাৰত চৰকাৰে ২০১৯ ৰ আগষ্টত এনএলএফটি (এছডি)ৰ সৈতে চুক্তিত স্বাক্ষৰ কৰে। যাৰ জৰিয়তে ত্ৰিপুৰাৰ ৮৮ কেডাৰে ৪৪ অস্ত্ৰ-শস্ত্ৰ সম্বৰণ কৰি মূলসুঁতিলৈ আহে। ২০২০ ৰ জানুৱাৰীত, বড়ো চুক্তি স্বাক্ষৰিতৰে, এনডিএফবিৰ আটাইকেইটা গোটকে ধৰি বিদ্ৰোহী সংগঠনসমূহৰ ২,২৫০ ৰোধিক কেডাৰে ৪২৩ অস্ত্ৰ-শস্ত্ৰসহ আৰু বৃহৎ পৰিমাণৰ আগ্নেয়াস্ত্ৰৰে অসমত আত্মসমৰ্পনৰে মূলসুঁতিলৈ আহে। ২৩-০২-২০২১ ত অসমৰ কেইবাটাও কাৰ্বি বিদ্ৰোহী গোটৰ ১০৪০ নেতা/কেডাৰে ৩৩৮ অস্ত্ৰ-শস্ত্ৰসহ আত্মসমৰ্পন কৰে আৰু ইয়াৰ পাছতেই ০৪-০৯-২০২১ ত কাৰ্বি আংলং চুক্তি স্বাক্ষৰিত হয়।

****

NW/RK/AY/RR/SB



(Release ID: 1754276) Visitor Counter : 153