প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ভাৰতীয় উদ্যোগ মহাসংঘৰ (চিআইআই)২০২১ৰ বার্ষিক সন্মিলন প্ৰধানমন্ত্ৰীৰ ভাষণ

আত্মনির্ভৰ ভাৰত গঢ়াৰ সাফল্যৰ অধিক কৃতিত্বই ভাৰতীয় উদ্যোগ সংস্থাসমূহৰঃ প্রধানমন্ত্রী

বিদেশী বিনিয়োগৰ ক্ষেত্ৰত এসময়ত শংকিত ভাৰতে আজি সকলো ধৰণৰ বিনিয়োগক আদৰণি জনাইছেঃ প্রধানমন্ত্রী

আজি দেশবাসীয়ে ভাৰতত উৎপাদিত সামগ্ৰীৰ ওপৰত ভৰসা কৰেঃ প্রধানমন্ত্রী

আমাৰ উদ্যোগ সংস্থাসমূহৰ ওপৰত দেশৰ আস্থাৰ বাবে সহজে ব্যৱসায় কৰা আৰু সহজ জীৱন যাত্রাৰ মান উন্নত হৈছে। কোম্পানী আইনৰ পৰিৱর্তন ইয়াৰে ফলঃ প্রধানমন্ত্রী

আজি দেশত এনে এখন চৰকাৰ আছে, যি দেশবাসীৰ স্বার্থত আটাইতকৈ ডাঙৰ ক্ষতিশংকা বহন কৰিবলৈ প্রস্তুত, পূর্বৰ চৰকাৰসমূহৰ ৰাজনৈতিক স্বার্থ বিবেচনা কৰি ক্ষতিশংকা বহন সাহস নাছিলঃ প্রধানমন্ত্রী

এই চৰকাৰে কঠিন সংস্কাৰ বাস্তবায়িত কৰিবলৈ সক্ষম, কাৰণ এই চৰকাৰৰ বাবে সংস্কাৰে দায়বদ্ধতা নয়, প্ৰতিশ্ৰুতিৰ বিষয়ঃ প্রধানমন্ত্রী

পুৰণি আইনসমূহ বাতিলকৰণে চৰকাৰ আৰু উদ্যোগ সংস্থাসমূহৰ মাজত আস্থা দৃঢ় কৰিছেঃ প্রধানমন্ত্রী

Posted On: 11 AUG 2021 6:17PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সযোগে ভাৰতীয় উদ্যোগ মহাসংঘৰ (চিআইআই) ২০২১ৰ বার্ষিক সন্মিলন ভাষণ আগবঢ়ায়৷ ৫ ত্ৰিলিয়ন মার্কিন ডলাৰৰ সমান অর্থনীতিৰ দিশত দেশ আগুৱাই যোৱাৰ বাবে বিভিন্ন ক্ষেত্রত সংস্কাৰ সাধন কৰা হৈছে৷ সন্মিলনত উদ্যোগ জগতৰ শীর্ষ ব্যক্তিসকলে এই সংস্কাৰ ৰূপায়ণত প্রধানমন্ত্রীৰ প্ৰতিশ্ৰুতৰ প্রশংসা কৰে৷ আত্মনির্ভৰ ভাৰত গঢ় দিয়াৰ বাবে স্বাধীনতাৰ ৭৫সংখ্যক বর্ষত চৰকাৰ আৰু বাণিজ্যিক সংস্থাসমূহে একেলগে কাম কৰিব, এই চিন্তাধাৰাৰে এইবাৰৰ সন্মিলন আয়োজন কৰা হৈছে৷ আন্তঃগাঁথনিমূলক বিভিন্ন সমস্যাৰ উত্তৰণ, উৎপাদন ক্ষমতাৰ বৃদ্ধি, আর্থিক ব্যৱস্থাক আৰু অধিক প্রাণৱন্ত কৰা, প্রযুক্তিৰ ক্ষেত্রত ভাৰত যাতে নেতৃত্ব দিয়াৰ ক্ষমতা অর্জন কৰে, সেই সন্দৰ্ভত তেওঁলোকে বিভিন্ন পৰামর্শ আৰু মতামত ব্যক্তি কৰে৷

সন্মিলনত উপস্থিত লোকসকলক উদ্দেশ্যি প্রধানমন্ত্রীয়ে কয় যে ‘আজাদি কা অমৃত মহোৎসৱৰ অধীনত ৭৫সংখ্যক স্বাধীনতাৰ দিৱসৰ প্ৰাকমুহূৰ্তত চিআইআইৰ এই সন্মিলনত অনুষ্ঠিত হৈছে৷ আজি ভাৰতীয় উদ্যোগ সংস্থাসমূহৰ বাবে বিশাল সুযোগ আহিছে৷ তেওঁলোকে নতুন লক্ষ্য অর্জনৰ ক্ষেত্ৰত নতুন সিদ্ধান্ত ল’ব লাগিব৷ আত্মনির্ভৰ ভাৰত গঢ়াৰ সাফল্যৰ অধিক কৃতিত্ব ভাৰতীয় উদ্যোগ সংস্থাসমূহৰ৷ মহামাৰীৰ সময়ত উদ্যোগ সংস্থাসমূহৰ সক্রিয়তাক ভূয়সী প্রশংসা কৰে প্রধানমন্ত্রীয়ে৷

প্রধানমন্ত্রীয়ে দেশৰ উন্নয়ন আৰু দক্ষতাৰ প্রতি যি বিশ্বাসৰ পৰিৱেশ গঢ় লৈ উঠিছে, তাৰ সম্পূৰ্ণ সুবিধা উদ্যোগ সংস্থাসমূহক লোৱাৰ আহ্বান জনায়৷ বর্তমান চৰকাৰৰ কামৰ ধাৰাৰ পৰিৱর্তনৰ প্রসংগ উল্লেখ কৰি তেওঁ কয় যে নতুন ভাৰতে আজি নতুন যুগৰ সৈতে খাপ খাই চলিবলৈ প্রস্তুত। অতীতত ভাৰতে বিদেশী বিনিয়োগৰ ক্ষেত্ৰত শংকিত আছিল৷ কিন্তু আজি সকলো ধৰণৰ বিনিয়োগক আদৰণি জনায়৷ একেদৰে পূৰ্বতে বিনিয়োগকাৰীসকলৰ মাজত কৰ ব্যৱস্থাই হতাশা সৃষ্টি কৰিছিল৷ সেই একেখন ভাৰতে আজি বিশ্বৰ ভিতৰতে কম হাৰত প্রতিযোগিতমূলক কর্পোৰেট কৰ ব্যৱস্থা আৰু স্বয়ংক্রিয় কৰ পদ্ধতিৰ শুভাৰম্ভ কৰিছে। অতীতৰ ৰঙা ফিটাৰ মেৰপেচত সোমাই থকাৰ সমস্যাৰ পৰা বাহিৰ হৈ আজি সহজে ব্যৱসায় কৰাৰ সূচকত দেশ যথেষ্ট আগুৱাই গৈছে৷ একেদৰে জটিল এলানি শ্রম আইনৰ পৰিৱর্তে আজি যুক্তিযুক্তভাৱে চাৰিখন শ্রম আইন ৰূপায়ণ কৰা হৈছে৷ এটা সময়ত কৃষিক জীৱিকাৰ একমাত্ৰ উপায় হিচাপে বিবেচিত হৈছিল৷ আজি সংস্কাৰৰ মাজেৰে কৃষি খণ্ডৰ বজাৰৰ সৈতে যুক্ত কৰা হৈছে৷ যাৰ ফলশ্রুতিত ভাৰতত অভিলেখ পৰিমাণৰ প্রত্যক্ষ বিদেশী বিনিয়োগ আৰু প’র্টফ’লিঅ’ বিদেশী বিনিয়োগ হৈছে৷ বিদেশী মুদ্রা ভাণ্ডাৰ সর্বকালৰ ভিতৰতে সর্বোচ্চ হৈছে৷

এটা সময় আছিল, যেতিয়া বিদেশ মানেই আছিল সুন্দৰ এক স্থান৷ এই মনস্তাত্বিক প্রভাৱে ডাঙৰ ডাঙৰ উদ্যোগ সংস্থাসমূহে উপলদ্ধি কৰিছিল৷ পৰিস্থিতি ইমানেই প্রতিকূল আছিল যে কঠোৰ পৰিশ্রম কৰি প্ৰস্তুত কৰা এক দেশীয় ব্ৰেণ্ডেও বিদেশী নাম ব্যৱহাৰ কৰি বিজ্ঞাপন দিবলগীয়া হৈছিল৷ প্ৰধানমন্ত্ৰীয়ে কয় যে আজি পৰিস্থিতিৰ দ্রুত পৰিৱর্তন হৈছে৷ দেশত প্ৰস্তুত হোৱা সামগ্ৰীৰ প্রতি দেশবাসীৰ আস্থা জন্মিছে। প্রতিগৰাকী ভাৰতীয়ই দেশত প্ৰস্তুত কৰা সামগ্রী ব্যৱহাৰ কৰিব বিচাৰে৷ ইয়াৰ বাবে সংশ্লিষ্ট সংস্থাও যে ভাৰতীয় হ’বই লাগিব, তেনে বাধ্যবাধকতা নাই।

প্রধানমন্ত্রীয়ে কয় যে আজি ভাৰতীয় যুৱ সম্প্রদায়ে বিনাদ্বিধাই যিকোনো কামত সোমাব পাৰে৷ তেওঁলোকে কঠোৰ পৰিশ্রম কৰিব বিচাৰে, ক্ষতিশংকা ল’ব বিচাৰে আৰু ইয়াৰ ফলত সুফলো তেওঁলোকে পাইছে৷ দেশৰ যুৱ সম্প্রদায়ৰ মাজত এই ভাৱনা সঞ্চাৰিত হৈছে যে এই ঠাই আচলতে আমাৰ৷ একেদৰে ভাৰতীয় নতুন সংস্থাসমূহৰ মাজতো বিশ্বাস গঢ় লৈ উঠিছে৷ আজি ভাৰতত ৬০টা ইউনিকর্ণ আছে৷ ৬-৭ বছৰ পূৰ্বে দেশত মাত্র ৩-৪টা এনে সংস্থা আছিল। এই ৬০টা সংস্থাৰ ভিতৰত বিগত মাহত ২১টা সংস্থা গঢ় লৈ উঠে। ভাৰতৰ প্রতিটো ক্ষেত্রত যি বৈচিত্র আছে, ইউনিকর্ণসমূহৰ মাধ্যমতো সেয়া প্রতিফলিত হৈছে৷ নতুন এই উদ্যোগৰ প্রতি বিনিয়োগকাৰীসকলে যথেষ্ট ৰেহাই দিছে, যাৰ জৰিয়তে ভাৰতে অভূতপূর্ব বিকাশৰ সুযোগ প্রতিফলিত হৈছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে আমাৰ উদ্যোগ সংস্থাসমূহৰ দেশৰ প্রতি আস্থা অর্জনৰ বাবে সহজে ব্যৱসায় বাণিজ্য কৰা সম্ভৱ হৈছে আৰু সহজ জীৱন যাত্রাৰ মান উন্নয়ন ঘটিছে। কোম্পানী আইনৰ পৰিৱর্তন ইয়াৰে ফলশ্রুতি।

প্রধানমন্ত্রীয়ে সজোৰে কয় যে কঠিন সংস্কাৰসমূহ বাস্তবায়িত কৰাত চৰকাৰ সফল হৈছে৷ কাৰণ এই চৰকাৰে সংস্কাৰক কোনো দায়বদ্ধতা হিচাপে নহয়, প্ৰতিশ্ৰুতি হিচাপে বিবেচনা কৰে৷ সংসদৰ অধিৱেশন চলাৰ সময়ত কাৰখানা আইন সংশোধন বিধেয়ক গৃহীত কৰি উদ্যোগ গ্ৰহণ কৰা হৈছে৷ এই বিধেয়ক গৃহীত হ’লে ক্ষুদ্ৰ ব্যৱসায়ীসকলে ঋণ পোৱাত সুবিধা হ’ব৷ একেদৰে জমা বীমা আৰু ঋণ নিশ্চয়তা নিগম সংশোধন বিল ক্ষুদ্ৰ সঞ্চয়ৰ সৈতে জড়িত ব্যক্তিসকলৰ স্বার্থ সুৰক্ষিত কৰিব৷ এই ব্যৱস্থাসমূহ গ্রহণৰ ফলত চৰকাৰৰ দায়বদ্ধতা প্রতিফলিত হৈছে৷

চৰকাৰে পুৰণি কৰ ব্যৱস্থাক আঁতৰাই অতীতৰ ভুলসমূহ শুধৰণি কৰিছে৷ উদ্যোগ সংস্থাসমূহে এই প্ৰচেষ্টাক স্বাগত জনোৱাৰ জৰিয়তে চৰকাৰ আৰু উদ্যোগ মহলৰ মাজত আস্থা আৰু অধিক দৃঢ় হৈছে৷ প্রধানমন্ত্রীয়ে কয় যে আজি দেশত এনে এখন চৰকাৰ আছে, যি দেশৰ স্বার্থৰ বাবে ডাঙৰ ক্ষতিশংকা ল’বলৈ প্রস্তুত। দীর্ঘদিন ধৰি জিএছটি কার্যকৰী হোৱা নছিল৷ কাৰণ পূর্বৰ চৰকাৰসমূহে ৰাজনৈতিক স্বার্থৰ কথা বিবেচনা কৰি ক্ষতিশংকা ল’ব বিচাৰে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে জিএছটি এতিয়া কেৱল ৰূপায়ণেই কৰা নহয়, অভিলেখ পৰিমাণে সংগ্রহো কৰা হৈছে৷

***

DS/AK/DB



(Release ID: 1746316) Visitor Counter : 211