প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

সফলতাৰে চিবিএছইৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক প্ৰধানমন্ত্ৰীৰ অভিনন্দন জ্ঞাপন

प्रविष्टि तिथि: 30 JUL 2021 4:04PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সফলতাৰে চিবিএছইৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰিছে। তেওঁলোকক যুৱ বন্ধু হিচাপে সম্বোধন কৰি, তেখেতে তদুপৰি তেওঁলোকৰ উজ্জ্বল, সুখদায়ক আৰু সুস্থ ভৱিষ্যতৰ কামনা কৰে।

এলানি টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

"সফলতাৰে চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা মোৰ যুৱ বন্ধুসকলক অভিনন্দন জনালো। এটা উজ্জ্বল, সুখদায়ক আৰু সুস্থ ভৱিষ্যতৰ শুভকামনা জনাইছো।

যিসকলে আৰু অধিক শ্ৰম বা ইয়াতকৈ ভাল প্ৰদৰ্শন কৰিব পাৰিলোহেঁতেন বুলি ভাবিছে, মই তেওঁলোকক ক’ব খুজিছো – তোমালোকৰ অভিজ্ঞতাৰপৰা শিকা আৰু মূৰ ঠিয় কৰি ৰাখা। এটি উজ্জ্বল আৰু সুযোগেৰে-পূৰ্ণ ভৱিষ্যতে তোমালোকলৈ অপেক্ষা কৰি আছে। তোমালোকৰ প্ৰত্যেকেই হৈছে প্ৰতিভাৰ ভাণ্ডাৰ। মোৰ শুভেচ্ছা সদায়েই থাকিব।

এই বৰ্ষৰ দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাত অৱতীৰ্ণ হোৱা বেটছটোৱে অভূতপূৰ্ব পৰিস্থিতিত এই সফলতা অৰ্জন কৰিছে।

যোৱা গোটেই বছৰটোত শিক্ষাৰ পৃথিৱীখনে বহু পৰিৱৰ্তন প্ৰত্যক্ষ কৰিছে। তথাপি, তেওঁলোকে নিউ নৰ্মেলৰে অভিযোজনা কৰিছে আৰু তেওঁলোকৰ সৰ্বস্ব প্ৰদান কৰিছে। তেওঁলোকক লৈ গৌৰৱ অনুভৱ কৰিছো!"

 

****

DS/SH/SB


(रिलीज़ आईडी: 1742158) आगंतुक पटल : 210
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam