প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

হিমাচলপ্রদেশৰ কিন্নৌৰত সংঘটিত দুর্ঘটনাত প্রাণহানি হোৱা লোকসকলৰ প্ৰতি প্রধানমন্ত্রীৰ শোক প্রকাশ

পিএমএনআৰএফৰ পৰা এককালীন আৰ্থিক সাহায্যৰ ঘোষণা

Posted On: 25 JUL 2021 6:27PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে হিমাচল প্রদেশৰ কিন্নৌৰত সংঘটিত দুৰ্ঘটনাত প্রাণহানি হোৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্রকাশ কৰে৷ তেওঁ দুর্ঘটনাত মৃত্যু হোৱা লোকসকলৰ নিকাত্মীয়ক ২ লাখ টকাকৈ আৰু আহতসকলক ৫০হাজাৰ টকাকৈ এককালীন সাহাৰ্য প্ৰদানৰ কথা ঘোষণা কৰে৷


এলানি টুইটত প্রধানমন্ত্রীয়ে কয়, “ হিমাচল প্রদেশৰ কিন্নৌৰত ভূমিস্খলনত প্রাণহানিৰ খবৰ পাই মই মর্মাহত হৈছো৷ দুর্ঘটনাত আহতসকলৰ চিকিৎসাৰ বাবে সকলোধৰণৰ ব্যৱস্থা লোৱা হৈছে। মই তেওঁলোকৰ আশু আৰোগ্য কামনা কৰিছো৷

হিমাচল প্রদেশৰ কিন্নৌৰৰ দুর্ঘটনাৰ মৃত্যু হোৱা লোকসকলৰ নিকাত্মীয়ক পিএমএনআৰএফৰ পৰা ২লাখ টকা আৰু আহতসকলক ৫০হাজাৰ টকাকৈ এককালীন সাহাৰ্য প্ৰদান কৰা হ’ব৷

****

DS/SH/DB



(Release ID: 1739736) Visitor Counter : 125