তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

আইএফএফআইৰ ৫২ সংখ্যক সংস্কৰণৰ ইণ্ডিয়ান পেনোৰমালৈ এন্ট্ৰি আহ্বান

Posted On: 18 JUL 2021 12:49PM by PIB Guwahati

৫২ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (IFFI) এ ইণ্ডিয়ান পেনোৰমা, ২০২১ লৈ এন্ট্ৰি আহ্বানৰ কথা ঘোষণা কৰিছে। ইণ্ডিয়ান পেনোৰমা হৈছে ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (IFFI) ৰ এটা ধ্বজাবাহী শিতান যাৰ অধীনত চলচ্চিত্ৰ কলাৰ প্ৰোৎসাহনৰ অৰ্থে শ্ৰেষ্ঠ সমসাময়িক ভাৰতীয় চলচ্চিত্ৰসমূহ বাছনি কৰা হয়। ২০২১ ৰ ২০ ৰপৰা ২৮ নৱেম্বৰলৈ গোৱাত আইএফএফআইৰ ৫২ সংখ্যক সংস্কৰণ অনুষ্ঠিত হ’ব।

অনলাইনৰ যোগেদি আবেদনসমূহ দাখিলৰ অন্তিম তাৰিখ হৈছে ২০২১ ৰ ১২ আগষ্ট আৰু অনলাইনৰ যোগেদি দাখিল কৰা আবেদন তথা আন প্ৰয়োজনীয় নথি-পত্ৰৰ হাৰ্ড কপি গ্ৰহণৰ অন্তিম তাৰিখ হৈছে ২০২১ ৰ ২৩ আগষ্ট। ২০২১ ৰ ইণ্ডিয়ান পেনোৰমাৰ অৰ্থে চলচ্চিত্ৰসমূহ দাখিলৰ সময়ত এলানি নীতি-নিৰ্দেশনা অনুসৰণ কৰিব লাগিব। জমা দিয়া চলচ্চিত্ৰৰ চিবিএফচি বা প্ৰডাকশ্যন সম্পন্নৰ তাৰিখ মহোৎসৱৰ পূৰ্ববৰ্তী ১২ মাহৰ ভিতৰত, অৰ্থাৎ ২০২০ ৰ ১ আগষ্টৰপৰা ২০২১ ৰ ৩১ জুলাইলৈকে হোৱা উচিত। চিবিএফচিৰদ্বাৰা প্ৰত্যয়িত নকৰা আৰু এই সময়ছোৱাত প্ৰযোজনা কৰা চলচ্চিত্ৰসমূহো জমা দিব পৰা যাব। সকলো চলচ্চিত্ৰৰে ইংৰাজী চাবটাইটেল অৱশ্যেই থাকিব লাগিব।

ভাৰতীয় চলচ্চিত্ৰসমূহৰ প্ৰোৎসাহন আৰু ভাৰতীয় চলচ্চিত্ৰসমূহৰ জৰিয়তে ইয়াৰ সমৃদ্ধ সংস্কৃতি আৰু ঐতিহ্যক উদ্দীপনা যোগাবলৈ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ অংশ হিচাপে ১৯৭৮ ত ইণ্ডিয়ান পেনোৰমা প্ৰৱৰ্তন কৰা হৈছিল। বছৰটোৰ শ্ৰেষ্ঠ ভাৰতীয় চলচ্চিত্ৰসমূহ থূপাই প্ৰদৰ্শনৰ অৰ্থে ইণ্ডিয়ান পেনোৰমা সদায়েই সম্পূৰ্ণৰূপে অংগীকাৰবদ্ধ হৈ আহিছে।

ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ চলচ্চিত্ৰ মহোৎসৱসমূহৰ সঞ্চালকালয়ে অনুষ্ঠিত কৰা ইণ্ডিয়ান পেনোৰমাৰ লক্ষ্য হৈছে চিনেমেটিক, থিমেটিক আৰু নান্দনিক উৎকৃষ্টতাৰ ফিছাৰ আৰু নন ফিছাৰ চলচ্চিত্ৰসমূহ বাছনি কৰা, ভাৰত আৰু বিদেশৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, দ্বিপাক্ষিক সাংস্কৃতিক বিনিময় কাৰ্য্যক্ৰমৰ অধীনত অনুষ্ঠিত ভাৰতীয় চলচ্চিত্ৰ সপ্তাহ আৰু সাংস্কৃতিক বিনিময় প্ৰট’কলৰ বাহিৰত থাকি অনুষ্ঠিত হোৱা বিশেষ ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱ তথা ভাৰতীয় বিশেষ ইণ্ডিয়ান পেনোৰমা মহোৎসৱসমূহত এই চলচ্চিত্ৰসমূহৰ অ-লাভজনক স্ক্ৰিনিঙৰ জৰিয়তে চলচ্চিত্ৰ কলাক প্ৰোৎসাহিত কৰা।

 

****



(Release ID: 1736698) Visitor Counter : 185