প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
অধ্যক্ষ হিচাপে কাৰ্যকালৰ দুটা বছৰ পূৰ্ণ কৰা উপলক্ষে শ্ৰী ওম বিড়লালৈ প্ৰধানমন্ত্ৰীৰ অভিনন্দন
प्रविष्टि तिथि:
19 JUN 2021 3:13PM by PIB Guwahati
শ্ৰী ওম বিড়লাই লোকসভাৰ অধ্যক্ষ হিচাপে কাৰ্যকালৰ দুটা বছৰ সম্পূৰ্ণ কৰা উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জ্ঞাপন কৰিছে। এই সন্দৰ্ভত প্ৰকাশ কৰা এলানি বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “শেহতীয়া দুটা বছৰত শ্ৰী@ওম বিড়লাজীয়ে এনে কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিছে যিয়ে আমাৰ সংসদীয় গণতন্ত্ৰক সমৃদ্ধ কৰাৰ লগতে কৰ্মকুশলতা বৃদ্ধি কৰাৰ সুবাদত বহু সংখ্যক ঐতিহাসিক তথা জন-হিতৈষী বিধেয়ক পাৰিত কৰিব পৰা গৈছে। তেওঁক অভিনন্দন জনাইছো! এইখিনিতে এটা কথা উল্লেখ কৰিবই লাগিব যে শ্ৰী@ওম বিড়লাজীয়ে প্ৰথমবাৰ হোৱা সাংসদ, যুৱ সাংসদ আৰু মহিলা সাংসদসকলক সদনত বক্তব্য ৰাখিবলৈ সুযোগ দিয়াৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰ্ৰদান কৰি আহিছে। তেওঁ আমাৰ গণতন্ত্ৰৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা বিভিন্ন সমিতিসমূহক শক্তিশালী কৰাতো গুৰুত্ব প্ৰদান কৰিছে”।
***
DS/AK/KB
(रिलीज़ आईडी: 1728814)
आगंतुक पटल : 223
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Bengali
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam