PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ বুলেটিন

Posted On: 10 JUN 2021 6:30PM by PIB Guwahati

https://static.pib.gov.in/WriteReadData/userfiles/image/image0020FX3.pnghttps://static.pib.gov.in/WriteReadData/userfiles/image/image001BPSF.jpg

 

  • ভাৰতত ৩য় দিনৰ বাবে ১ লাখৰ কম ঘটনা লাভ
  • যোৱা ২৪ ঘন্টাত ৯৪,০৫২ নতুন ঘটনা লাভ
  • যোৱা ২৪ ঘন্টাত ১,৫১,৩৬৭ ৰোগীৰ আৰোগ্য লাভ
  • একেৰাহে ২৮ দিন ধৰি আৰোগ্য লাভৰ ঘটনাই দৈনিক নতুন ঘটনাক অতিক্ৰম কৰি আছে
  • এতিয়ালৈকে সমগ্ৰ দেশখনত আৰোগ্য লাভ কৰা ৰোগীৰ মুঠ সংখ্যা হৈছে ২,৭৬,৫৫,৪৯৩ জন
  • আৰোগ্য লাভৰ হাৰ ৯৪.৭৭% লৈ বৃদ্ধি
  • দৈনিক পজিটিভিটি হাৰ হৈছে ৪.৬৯%, একেৰাহে ১৭ দিন ধৰি এই হাৰ ১০% ৰ নিম্ন হৈ আহিছে
  • টেষ্টিং ক্ষমতা ক্ৰমান্বয়ে বৃদ্ধি কৰা গৈছে – মুঠ ৩৭.২১ কোটি টেষ্ট সম্পন্ন
  • ৰাষ্ট্ৰজোৰা টিকাদান অভিযানৰ অধীনত এতিয়ালৈকে প্ৰদান কৰা ভেকচিন পালিৰ সংখ্যাই ২৪ কোটিৰ সীমা অতিক্ৰম কৰিছে (২৪,২৭,২৬,৬৯৩)

 

#Unite2FightCorona#IndiaFightsCorona

Image

Image

Image

ভিড-১৯ ৰ শেহতীয়া তথ্য

  1. একেৰাহে ৩য় দিনৰ বাবে ভাৰতত ১ লাখতকৈ কম দৈনিক নতুন ঘটনা লাভ
  1. ৬০ দিনৰ পাছত ভাৰতৰ সক্ৰিয় কেছল’ড ১২ লাখৰ তললৈ অৱনমিত হৈছে
  1. একেৰাহে ২৮ দিন ধৰি দৈনিক আৰোগ্য লাভৰ ঘটনাই দৈনিক নতুন ঘটনাক অতিক্ৰম কৰিলে
  1. আৰোগ্য লাভৰ হাৰ ৯৪.৭৭% লৈ বৃদ্ধি
  1. দৈনিক পজিটিভিটি হাৰ হৈছে ৪.৬৯%, একেৰাহে ১৭ দিন ধৰি এই হাৰ ১০% ৰ নিম্ন হৈ আহিছে

ভাৰতত যোৱা ২৪ ঘন্টাত ৯৪,০৫২ টা দৈনিক নতুন ঘটনা লাভ কৰা হয়। একেৰাহে ৩য় দিনৰ বাবে দেশখনত ১ লাখতকৈ কম দৈনিক নতুন ঘটনা লাভ কৰা যায়। কেন্দ্ৰ আৰু ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ স্থায়ী আৰু সমন্বিত প্ৰচেষ্টাৰ বাবেই এই সফলতা অৰ্জন কৰা হৈছে। ভাৰতত সক্ৰিয় কেছল’ডৰ অবিৰাম অৱনমন প্ৰত্যক্ষ কৰা গৈছে। আজি দেশখনৰ সক্ৰিয় কেছল’ডৰ সংখ্যা হয় ১১,৬৭,৯৫২ টা। যোৱা ২৪ ঘন্টাত ৬৩,৪৬৩ টা ঘটনা হ্ৰাস পায় আৰু এতিয়া সক্ৰিয় ঘটনাৰ হাৰ হৈছে দেশখনৰ মুঠ পজিটিভ ঘটনাৰ ৪.০০%। অধিক সংখ্যক লোকে ক’ভিড-১৯ৰ সংক্ৰমণৰপৰা আৰোগ্য লাভ কৰাৰ পৰিপ্ৰেক্ষিতত, একেৰাহে ২৮ দিন ধৰি ভাৰতৰ দৈনিক আৰোগ্য লাভৰ ঘটনাই দৈনিক নতুন ঘটনাক অতিক্ৰম কৰি আছে। যোৱা ২৪ ঘন্টাত ১,৫১,৩৬৭ ৰোগীয়ে আৰোগ্য লাভ কৰে। যোৱা ২৪ ঘন্টাত দৈনিক নতুন ঘটনাৰ তুলনাত আৰোগ্য লাভৰ ঘটনা ৫৭,৩১৫ টা অধিক।

অধিক বিৱৰণৰ বাবেঃ

 

ভিড-১৯ ৰ টিকাদানৰ শেহতীয়া তথ্য

  • ইউআইপিৰ অধীনত ভেকচিনসমূহৰ তালিকাৰ ব্যৱস্থাপনাৰ অৰ্থে স্বাস্থ্য মন্ত্ৰালয়ে eVIN ব্যৱহাৰ কৰিছে আৰু ইউআইপি ভেকচিনসমূহৰ ষ্ট’ৰেজ টেম্পেৰেচাৰ ডাটা ট্ৰেকিং কৰিছে।
  • অ-অনুমোদিত ব্যৱসায়িক উদ্দেশ্যৰ অৰ্থে এই স্পৰ্শকাতৰ eVIN তথ্যৰ যিকোনো অপব্যৱহাৰ প্ৰতিৰোধৰ অৰ্থে কেন্দ্ৰীয় চৰকাৰ অংগীকাৰবদ্ধ।
  • কেন্দ্ৰীয় চৰকাৰ তদুপৰি ক’-উইন ত প্ৰতিফলিত হোৱা অনুসৰি ক’ভিড-১৯ ৰ টিকাদান কাৰ্য্যক্ৰমৰ সৈতে সম্পৰ্কীয় তথ্যকে ধৰি ইয়াৰ স্বচ্ছতা বজাই ৰাখিবলৈ সমৰ্পিত।

অধিক বিৱৰণৰ বাবেঃ

 

স্বাস্থ্য আৰু এনাৰ্জি প্লেটফৰ্ম অৱ একশ্যন সন্দৰ্ভত বিশ্ব স্বাস্থ্য সংস্থাৰ উচ্চ-স্তৰীয় সন্মিলন সম্বোধন ডাঃ হৰ্ষ বৰ্ধনৰ

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনে কালি নিশা ইয়াত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে স্বাস্থ্য আৰু এনাৰ্জি প্লেটফৰ্ম অৱ একশ্যন সন্দৰ্ভত বিশ্ব স্বাস্থ্য সংস্থাৰ উচ্চ-স্তৰীয় সন্মিলনৰ প্ৰথমখনি বৈঠক সম্বোধন কৰে। এই বৈঠকখনিত বহু বিশিষ্ট ব্যক্তি আৰু ৰাষ্ট্ৰীয় মুৰব্বী আৰু ভিন্ন সংস্থাৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে।

অধিক বিৱৰণৰ বাবেঃ

 

ৰাষ্ট্ৰখনৰ ভিন্ন প্ৰান্তলৈ প্ৰায় ২৮০০০ মেট্ৰিক টন এলএমঅ সৰবৰাহ অক্সিজেন এক্সপ্ৰেছসমূহৰ

 

  • দেশখনৰ ভিন্ন প্ৰান্তলৈ ৩৯৭ অক্সিজেন এক্সপ্ৰেছে অক্সিজেনৰ সৰবৰাহ কাৰ্য্য সম্পূৰ্ণ কৰিলে।
  • এতিয়ালৈকে অক্সিজেন এক্সপ্ৰেছসমূহে এলএমঅ’ ভৰ্তি ১৬২৮ টেংকাৰ সৰবৰাহ কৰিলে আৰু ১৫ খন ৰাজ্যলৈ সাহাৰ্য্য কঢ়িয়াইছে।
  • তামিল নাডুত অক্সিজেন এক্সপ্ৰেছসমূহৰদ্বাৰা ৩৯০০ মেট্ৰিক টনৰো অধিক লিকুইড মেডিকেল অক্সিজেন (LMO) অফল’ড কৰা হয়।

অধিক বিৱৰণৰ বাবেঃ

 

হাইব্ৰিড মাল্টিপ্লাই ফেচ মাস্ক হৈছে এন৯৫ ৰেচপিৰেটৰৰ বিকল্প

ফাষ্ট-ট্ৰেক ক’ভিড-১৯ ফাণ্ডৰ অধীনত হাইব্ৰিড মাল্টিপ্লাই ফেচ মাস্ক প্ৰস্তুতৰ অৰ্থে পৰিশোধন টেকনল’জি প্ৰাইভেট লিমিটেডক আংশিকভাৱে সহায়তা আগবঢ়াইছিল  BIRAC আৰু IKP নলেজ পাৰ্কে। এই ‘মেড ইন ইণ্ডিয়া’ ফেচ মাস্কে আগবঢ়াইছে অধিক কণাজনিত (>৯০%) আৰু বেক্টেৰিয়াজনিত পৰিশোধন কুশলতা (>৯৯%)। ইয়াত আছে এটি বিশেষ পৰিশোধন তৰপ।

অধিক বিৱৰণৰ বাবেঃ

 

চত্তীশগড়ৰ ভিলাইত বৃহৎ কভিড-কেয়াৰ ফেচেলিটি ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিলে শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে

অধিক বিৱৰণৰ বাবেঃ

 

সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী শ্ৰী মুখটাৰ অব্বাছ নকভীয়ে হজ প্ৰস্তুতি আৰু টিকাদানৰ স্থিতি সন্দৰ্ভত পৰ্যালোচনা কৰিলে

অধিক বিৱৰণৰ বাবেঃ

 

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰপৰা লাভ কৰা ইনপুটসমূহ

কেৰালাঃ অতি সোনকালেই কেৰালাৰ সকলোবোৰ জনপ্ৰিয় হলিডে’ স্থানক সম্পূৰ্ণ “ভেকচিনেটেড জ’ন” হিচাপে ঘোষণা কৰা হ’ব পাৰে। ইয়াৰ অৰ্থে ৰাজ্য চৰকাৰখনে ইয়াৰ পৰ্যটন উদ্যোগটোৰে জড়িত প্ৰত্যেককে ক’ভিড-১৯ ৰ ভেকচিন প্ৰদান সম্পূৰ্ণ কৰাত গুৰুত্ব আৰোপ কৰিছে। মূলতঃ মহামাৰীটোৰ বাবে ব্যাপক লোকচানৰ সন্মুখীন হোৱা পৰ্যটন উদ্যোগটোৰ কল্যাণৰ কথা চিন্তা কৰিয়েই চৰকাৰখনে এনে তৎপৰতা অৱলম্বন কৰিছে।

 

তামিল নাডুঃ ক’ভিড-১৯ প্ৰট’কল মানি চলি ২১ জুনৰপৰা তামিল নাডু বিধান সভাৰ অধিবেশন আৰম্ভ হ’ব। ইয়াত ক’ভিড নিগেটিভ অহা বিধায়ক আৰু কৰ্মচাৰীকহে প্ৰৱেশ কৰিবলৈ দিয়া হ’ব। পূৰ্বৰ সিদ্ধান্তৰ বিপৰীতে, শেহতীয়াভাৱে তামিল নাডু চৰকাৰে ১১শ শ্ৰেণীত নামভৰ্তিৰ অৰ্থে প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

 

কৰ্ণাটকঃ কৰ্ণাটক চৰকাৰে ৯ জুনত প্ৰকাশ কৰা বুলেটিন অনুসৰি, ৰাজ্যখনত নতুন ঘটনাৰ সংখ্যাঃ ১০,৯৫৯ টা। নতুন ক’ভিডজনিত মৃত্যুৰ ঘটনাঃ ১৯২ টা। কালি প্ৰায় ১,৭৫,৯৬৬ হিতাধিকাৰীক ভেকচিন প্ৰদান কৰা হয়।

 

অন্ধ্ৰ প্ৰদেশঃ অন্ধ্ৰ প্ৰদেশত যোৱা ২৪ ঘন্টাত ৮৭৬৬ টা নতুন ক’ভিড-১৯ ৰ ঘটনা লাভ কৰা হয়। একে সময়তে ৬৭ আক্ৰান্তই মৃত্য়ুবৰণ কৰে। ইফালে ১২,২৯২ ৰোগীক ডিচাৰ্জ দিয়া যায়।

 

তেলেংগানাঃ তেলেংগানা চৰকাৰে মহামাৰী পৰিস্থিতি অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত, ১২শ শ্ৰেণীৰ পৰীক্ষা বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইফালে, কালি ৰাজ্যখনত ১৮১৩ টা নতুন ক’ভিড ঘটনা লাভ কৰা হয়। একে সময়তে, ১৭ আক্ৰান্তই মৃত্যুবৰণ কৰে।

 

মহাৰাষ্ট্ৰঃ মহাৰাষ্ট্ৰত ক’ৰোনাৰ দ্বিতীয় ঢৌৰ প্ৰভাৱ ক্ৰমান্বয়ে স্তিমিত হৈ পৰিছে। ৰাজ্যখনৰ নতুন ঘটনাৰ সংখ্যা যোৱা সোমবাৰৰপৰা নিম্ন হৈ আহিছে। বুধবাৰে ৰাজ্য়খনত ১৬,৩৭৯ ক’ভিড আক্ৰান্তই আৰোগ্য লাভ কৰিছে।

 

গুজৰাটঃ গুজৰাটত কভিড-১৯ ৰ ঘটনা হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত, ৰাজ্য চৰকাৰে ১১ জুনৰপৰা ২৬ জুনলৈ বাধ্যবাধকতাসমূহ শিথিলকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সময়ছোৱাত, পুৱা ৯ বজাৰপৰা সন্ধিয়া ৭ বজালৈ ৫০ শতাংশ ক্ষমতাৰে হোটেল আৰু ৰেষ্টুৰেন্ট, জিমসমূহ চালিত কৰিবপৰা যাব। অৱশ্যে, ৰাজ্য়খনৰ ৩৬ খন নগৰত নিশা ৯ বজাৰপৰা পুৱা ৬ বজালৈ নৈশ সান্ধ্য আইন প্ৰযোজ্য থাকিব।

 

ৰাজস্থানঃ ৰাজস্থানত যোৱা সাতটা দিনত, অতি কমেও ৫০ জন লোকে ব্লেক ফাংগাছত প্ৰাণ হেৰুৱায়। ইয়াৰ পৰিপ্ৰেক্ষিতত, ৰাজ্যখনত ব্লেক ফাংগাছজনিত মৃত্যুৰ ঘটনা ১২৮ টালৈ বৃদ্ধি পালে। ইফালে, ক’ভিড-১৯ ৰ ক্ষেত্ৰত ৰাজ্যখনত সক্ৰিয় ঘটনাৰ হাৰ হৈছে মুঠ পজিটিভ ঘটনাৰ মাত্ৰ ১.২%।

 

মধ্য প্ৰদেশঃ মধ্য প্ৰদেশৰ ভূপালত দুমাহ বিৰতিৰ পাছত আজি বজাৰসমূহ পুনৰাই খোলা যায়। বেপাৰীসকলৰ বাবে ব্যৱস্থা কৰা ৩৯ টা বিশেষ শিবিৰত ১৫,০০০ বেপাৰীক ভেকচিন প্ৰদান কৰা হয়। ইফালে, ৰাজ্যখনৰ ব্যক্তিগত খণ্ডৰ কাৰ্যালয়সমূহ ৫০% উপস্থিতিৰে পুনৰ খোলা হৈছে।

 

চত্তীশগড়ঃ ক’ৰোনাৰ সংক্ৰমণ প্ৰতিহত কৰিবলৈ, চত্তীশগড়ত এতিয়ালৈকে ৭২ লাখ ১,৮২৬ ভেকচিন প্ৰদান কৰা হৈছে। সৰ্বাধিক স্বাস্থ্য কৰ্মীক ভেকচিন প্ৰদান কৰা প্ৰথম দুখন ৰাজ্যৰ অন্যতম হৈছে চত্তীশগড়। ঠিক সেইদৰে, সৰ্বাধিক সংখ্যক ৪৫ বছৰ বয়সৰ উৰ্ধ লোকক ভেকচিন প্ৰদান কৰা প্ৰথম দহখন ৰাজ্যৰ অন্যতম হিচাপে চত্তীশগড় পৰিগণিত হৈছে।

 

গোৱাঃ গোৱাত বুধবাৰে ৪৫৬ টা নতুন ক’ভিড-১৯ ঘটনা লাভ কৰা হয়। ৰাজ্যখনত সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ৫৭৯০ টা। ইফালে, একেদিনাই ১৬ ক’ভিড আক্ৰান্তই মৃত্যুবৰণ কৰিছে।

 

অসমঃ অসমত বুধবাৰে ৩,৭৫১ টা নতুন ক’ভিড ঘটনা লাভ কৰাতে ৰাজ্যখনত ইয়াৰ পজিটিভিটি হাৰ ৩.২৪ শতাংশলৈ সামান্য বৃদ্ধি পালে। উক্ত দিনা ৰাজ্যখনত পাচপন্নজন লোক মৃত্যুমুখত পৰে। অসমৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই বুধবাৰে কয় যে ৰাজ্যখনত ১৫ আগষ্টৰ ভিতৰত টিকাদান প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰা হ’ব। মহন্তই লগতে জনাই যে ২১ জুনৰপৰা ৰাজ্যখনত ক’ভিড ভেকচিনসমূহ উপলব্ধ হ’ব।

 

মণিপুৰঃ মণিপুৰত শেহতীয়াভাৱে সাতজন ক’ভিড আক্ৰান্তৰ মৃত্যু হৈছে। একে সময়তে ৰাজ্যখনত লাভ কৰা নতুন ঘটনাৰ সংখ্যা ৭৭৫ টা। ৰাজ্যখনত শেহতীয়াভাৱে এটা ভেকচিন-পৰৱৰ্তী মৃত্যুৰ ঘটনা সংঘটিত হৈছে। ৰাজ্য়খনত ফাৰ্মাচী/ তেলৰ ডিপো খুলিবলৈ এতিয়া ক’ভিড নিগেটিভৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন হ’ব। এই প্ৰমাণ পত্ৰ পৰীক্ষণৰ অৰ্থে অভিযান চলোৱা গৈছে। মণিপুৰত ভেকচিন লাভ কৰা হিতাধিকাৰীৰ সংখ্যা হৈছেগৈ ৪,৪১,৭৪৫ জন।

 

মেঘালয়ঃ মেঘালয়ত আৰোগ্য লাভৰ ঘটনাই নতুন ঘটনাক অতিক্ৰম কৰি আহিছে। ৰাজ্য়খনত ৫০৭ জন লোকে ভাইৰাছটোৰপৰা আৰোগ্য লাভ কৰাৰ বিপৰীতে নতুন ঘটনা হৈছে ৪৪৮ টা। বুধবাৰে ৰাজ্য চৰকাৰৰ জৰিয়তে লাভ কৰা জিনম অনুক্ৰমণ প্ৰতিবেদন অনুসৰি মেঘালয়ত SARS-CoV-2 ৰ অধিক সংক্ৰামক ডেল্টা প্ৰকাৰৰ অৱস্থিতি ধৰা পৰিছে যাৰ ফলত ৰাজ্যখনত চিকিৎসাধীনৰ সংখ্যা অধিক হৈ পৰিছে। মেঘালয় চৰকাৰে প্ৰৱেশ-প্ৰস্থানৰ প্ৰট’কলৰ সংশোধনী ঘটাইছে। ইয়াৰ জৰিয়তে ৰাজ্যখনত প্ৰৱেশৰ ক্ষেত্ৰত সকলোৰে বাবে আৰটি-পিচিআৰ টেষ্টিং বাধ্যতামূলক কৰা যায়। আনকি ক’ভিড-নিগেটিভৰ প্ৰমাণ পত্ৰ থকাসকলৰ ক্ষেত্ৰটো এই টেষ্ট হ’ব বাধ্যতামূলক।

 

ছিকিমঃ ছিকিমত বুধবাৰে ২১৩৫ টা ক’ভিড টেষ্ট সম্পন্ন কৰাৰ বিপৰীতে ২৩১ টা নতুন পজিটিভ ঘটনা লাভ কৰা হয় আৰু একে সময়তে এটা ক’ভিড-১৯ জনিত মৃত্যুৰ ঘটনা সংঘটিত হয়। ৰাজ্যখনৰ মুঠ সক্ৰিয় ঘটনা হৈছে ৩৮৬৯ টা। একে সময়তে আৰোগ্য লাভ কৰিছে ৩৭১ আক্ৰান্তই।

ত্ৰিপুৰাঃ ত্ৰিপুৰাত যোৱা ২৪ ঘন্টাত ১৬,৮০৪ টা নমুনা পৰীক্ষা কৰাৰ বিপৰীতে ৬২৫ জন লোকৰ দেহত ক’ভিড পজিটিভ ধৰা পৰিছে। ৰাজ্যখনত পজিটিভিটি হাৰ হৈছে ৩.৭২%। একে সময়তে, ইয়াত ১৪ আক্ৰান্তই মৃত্যুবৰণ কৰিছে যি সংখ্যা এতিয়ালৈকে এদিনত সংঘটিত মৃত্যুৰ ঘটনাৰ ক্ষেত্ৰত সৰ্বাধিক। ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা অনুসৰি স্বাস্থ্য সচিব আৰু এনএইচএমৰ এমডিয়ে জিবিপি চিকিৎসালয় পৰিদৰ্শন কৰে।

 

নাগালেণ্ডঃ নাগালেণ্ডত অধিক শিথিলকৰণসহ লকডাউন এসপ্তাহ বৃদ্ধিৰে ১৮ জুনলৈ সম্প্ৰসাৰিত কৰা হৈছে। পুৱা ৬ বজাৰপৰা দিনৰ ২ বজালৈ দোকানসমূহ খোলা ৰখাৰ অনুমতি প্ৰদান কৰা হৈছে। লঘু মটৰ যাত্ৰীবাহী বাহনসমূহ যুগ্ম-অযুগ্ম ভাৱে চলাচলৰ অনুমতি প্ৰদান কৰা যায় ৰাজ্যখনত। জিলা টাস্ক ফ’ৰ্চসমূহে ন’ মাস্ক- ন’ ম’ভমেন্ট কঠোৰভাৱে কাৰ্য্যকৰী কৰি তুলিব। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নেফিঅ’ ৰিঅ’ৱে নাগালেণ্ড ক’ভিড তথ্য এপ মুকলি কৰিব। এই এপটোৰ জৰিয়তে সহজতেই লাভ কৰিব পৰা যাব ক’ভিড সম্পৰ্কীয় সকলো তথ্য আৰু চিকিৎসালয়সমূহৰ বিছনাৰ স্থিতি।

***



(Release ID: 1726426) Visitor Counter : 254