PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ বুলেটিন

Posted On: 08 JUN 2021 6:48PM by PIB Guwahati

https://static.pib.gov.in/WriteReadData/userfiles/image/image0020FX3.pnghttps://static.pib.gov.in/WriteReadData/userfiles/image/image001BPSF.jpg

  • ৬৩ দিনৰ পাছত ১ লাখতকৈ কম দৈনিক নতুন ঘটনা লাভ ভাৰতত
  • যোৱা ২৪ ঘন্টাত ৮৬,৪৯৮ নতুন ঘটনা লাভ; যি পৰিমাণ ৬৬ দিনৰ ভিতৰত সৰ্বনিম্ন
  • ভাৰতৰ সক্ৰিয় কেছল’ড ১৩,০৩,৭০২ লৈ হ্ৰাস
  • যোৱা ২৪ ঘন্টাত ১,৮২,২৮২ ৰোগীৰ আৰোগ্য লাভ
  • আৰোগ্য লাভৰ হাৰ বৃদ্ধি ৯৪.২৯% লৈ
  • সাপ্তাহিক পজিটিভিটি হাৰ সম্প্ৰতি ৫.৯৪%
  • দৈনিক পজিটিভিটি হাৰ ৪.৬২%, উল্লেখযোগ্য যে একেৰাহে ১৫ দিন ধৰি এই হাৰ ১০% ৰ নিম্ন হৈ আছে
  • টেষ্টিং ক্ষমতা ক্ৰমান্বয়ে বৃদ্ধি কৰা হৈছে– মুঠ ৩৬.৮ কোটি টেষ্ট সম্পন্ন
  • ৰাষ্ট্ৰজোৰা টিকাদান অভিযানৰ অধীনত এতিয়ালৈকে ২৩.৬১ কোটি পালি ভেকচিন প্ৰদান কৰা হৈছে

 

#Unite2FightCorona#IndiaFightsCorona

Image

Image

Image

ভিড-১৯ ৰ টিকাদানৰ শেহতীয়া তথ্য

ভাৰত চৰকাৰৰ বিনামূলীয়া আৰু প্ৰত্যক্ষ ৰাজ্যিক ক্ৰয় পৰ্যায়ৰ জৰিয়তে এতিয়ালৈকে ৰাজ্য/ কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ ২৪ কোটিৰো অধিক পালি (২৪,৬৫,৪৪,০৬০) আগবঢ়োৱা হৈছে। ইয়াৰ ভিতৰত, অপচয়কে ধৰি মুঠ ব্যৱহাৰ কৰা হৈছে ২৩,৪৭,৪৩,৪৮৯ পালি (আজি পুৱা ৮ বজালৈকে লাভ কৰা তথ্য অনুসৰি)। এতিয়াও ৰাজ্য/ কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ হাতত ১.১৯ কোটিৰো অধিক পালি (১,১৯,৪৬,৯২৫) ক’ভিড ভেকচিন মজুত আছে।

অধিক বিৱৰণৰ বাবেঃ

 

ভিড-১৯ ৰ টিকাদান সন্দৰ্ভত সঘনাই উত্থাপিত প্ৰশ্ন

৬ জুন অৰ্থাৎ দেওবাৰে ডিডি নিউজৰ এক বিশেষ কাৰ্য্যসূচীত ক’ভিড-১৯ ৰ ভেকচিন সন্দৰ্ভত জনসাধাৰণৰ ভিন্ন সন্দেহ দূৰ কৰে নিটি আয়োগৰ সদস্য (স্বাস্থ্য) ডাঃ ভি কে পাল আৰু সৰ্ব ভাৰতীয় আৰ্য়ুবিজ্ঞান প্ৰতিষ্ঠানৰ সঞ্চালক ডাঃ ৰণদ্বীপ গুলেৰিয়াই। বিস্তৃত এফএকিউ চাবলৈ ইয়াত ক্লিক কৰক

 

ভিড-১৯ সন্দৰ্ভত ৰাষ্ট্ৰবাসীক সম্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ (৭ জুন, ২০২১)

প্ৰধানমন্ত্ৰীগৰাকীয়ে মহামাৰীটোত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰে। মহামাৰীটোক যোৱা এশটা বছৰৰ সৰ্ব-বৃহৎ দুৰ্যোগ আখ্যা দি, আধুনিক বিশ্বখনত নেদেখা তথা ইয়াৰ অভিজ্ঞতা লাভ নকৰা মহামাৰী হিচাপে উল্লেখ কৰি, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে দেশখনে বহু দিশত মহামাৰীটোৰে যুঁজ দিছে। শ্ৰী মোদীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে।

অধিক বিৱৰণৰ বাবেঃ

 

প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰবাসীক সম্বোধনৰ পূৰ্ণ পাঠ পঢ়িবলৈ ইয়াত ক্লিক কৰক

 

টিকাদানৰ সার্বজনীনকৰণৰ অৰ্থে ভেকচিনৰ ক্ষেত্ৰত নতুন অৰ্ডাৰ

ৰাষ্ট্ৰীয় ক’ভিড টিকাদান কাৰ্যক্ৰমৰ নীতি-নিৰ্দেশনাৰ সাল-সলনি সন্দৰ্ভত কালি মাননীয় প্ৰধানমন্ত্ৰীৰ ঘোষণাৰ ক্ষন্তেক পাছতে, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীয়ে ২৫ কোটি ক’ভিশ্বিল্ডৰ অৰ্থে ছেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া আৰু ১৯ কোটি ক’ভাক্সিনৰ অৰ্থে ভাৰত বাঅ’টেকক অৰ্ডাৰ দিয়ে। এতিয়াৰপৰা আৰম্ভ হৈ ২০২১ ৰ ডিচেম্বৰলৈকে এই ৪৪ কোটি (২৫+১৯ কোটি) পালি ক’ভিড-১৯ ৰ ভেকচিন উপলব্ধ হ’ব। অতিৰিক্তভাৱে, উভয় ক’ভিড ভেকচিন ক্ৰয়ৰ অৰ্থে ৩০% আগধন ছেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া আৰু ভাৰত বাঅ’টেকলৈ মোকলাই দিয়া হয়।

অধিক বিৱৰণৰ বাবেঃ

 

“উত্তৰকালীন কভিড-১৯ ঢৌত শিশুসকল গুৰুতৰভাৱে সংক্ৰমিত হব বুলি কোনো তথ্য লাভ কৰা হোৱা নাই

“এনে এটা উৰা বাতৰি বিয়পি পৰিছে যে ক’ভিড-১৯ মহামাৰীৰ উত্তৰকালীন ঢৌৱে শিশুসকলক গুৰুতৰভাৱে অসুস্থ কৰি তুলিবলৈ গৈ আছে। ভাৰত বা বিশ্বৰপৰা লাভ কৰা এনে কোনো তথ্য নাই যে য’ত উত্তৰকালীন ঢৌত শিশুসকল গুৰুতৰভাৱে সংক্ৰমিত হৈ পৰিব বুলি উল্লেখ আছে”, এই কথা আজি সদৰী কৰিছে সৰ্ব ভাৰতীয় আৰ্য়ুবিজ্ঞান প্ৰতিষ্ঠান (AIIMS), দিল্লীৰ সঞ্চালক ডাঃ ৰণদ্বীপ গুলেৰিয়াই।

অধিক বিৱৰণৰ বাবেঃ

 

শিক্ষাগ্ৰহণ বা নিয়োগৰ সুযোগৰ অৰ্থে বা টকিঅ অলিম্পিক ক্ৰীড়াত ভাৰতৰ অংগ্ৰহণৰ অংশ হিচাপে আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ কৰিবলগীয়া লোকৰ টিকাদানৰ অৰ্থে এছঅপি জাৰি কেন্দ্ৰৰ

সকলো পৰ্যায়ৰ লোকৰ ক্ষেত্ৰত টিকাদান প্ৰক্ৰিয়াটোৰ ক’ভাৰেজ বৃদ্ধিৰ অৰ্থে কেন্দ্ৰীয় চৰকাৰে অবিৰামভাৱে প্ৰচেষ্টা গ্ৰহণ কৰি আহিছে। এই সংক্ৰান্তত, কেন্দ্ৰীয় স্বাস্থ্য ও পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ভিন্ন ৰিপ্ৰেজেনটেশ্যনৰ কথা বিবেচনা কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত কালি মন্ত্ৰালয়ে এছঅ’পি জাৰি কৰিছে যাৰ ৰাজ্য/ কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে পালন কৰিব লাগিব।

অধিক বিৱৰণৰ বাবেঃ

 

কেন্দ্ৰীয় মন্ত্ৰী ডাঃ জিতেন্দ্ৰ সিঙে কয়, ভিড-১৯ ৰ সংক্ৰমণৰ বাবে প্ৰাণহানি হোৱা চৰকাৰী কৰ্মচাৰীৰ পৰিয়াললৈ তাৎক্ষণিকভাৱে পেঞ্চন মুকলিৰ নিৰ্দেশনা প্ৰদান কৰা হৈছে

চৰকাৰে কভিড-১৯ ৰ সংক্ৰমণৰ বাবে প্ৰাণহানি হোৱা চৰকাৰী কৰ্মচাৰীৰ পৰিয়াললৈ তাৎক্ষণিকভাৱে পেঞ্চন মুকলিৰ নিৰ্দেশনা প্ৰদান কৰিছে। এটি বিশেষ নিৰ্দেশনা হিচাপে, কেন্দ্ৰীয় পেঞ্চন মন্ত্ৰালয়ৰ পেঞ্চন আৰু পেঞ্চনাৰ কল্যাণ বিভাগ (DoPPW) এ এই নিৰ্দেশনা প্ৰদান কৰিছে। নিৰ্দেশনাটোত সকলো মন্ত্ৰালয়, বিভাগ, কন্ট্ৰলাৰ জেনেৰেল অৱ একাউন্ট তথা পেঞ্চন বিতৰণ কৰা বেংকসমূহৰ চিএমডিসকলক এই কথা নিশ্চিত কৰাৰ কথা উল্লেখ আছে।

অধিক বিৱৰণৰ বাবেঃ

 

ৰাষ্ট্ৰখনৰ ভিন্ন প্ৰান্তলৈ ২৬৮৯১ মেট্ৰিক টনৰো অধিক এলএমঅ সৰবৰাহ অক্সিজেন এক্সপ্ৰেছসমূহৰ

ভাৰতীয় ৰেলৱেয়ে দেশখনৰ ভিন্ন ৰাজ্যসমূহলৈ লিকুইড মেডিকেল অক্সিজেন (এলএমঅ’) সৰবৰাহৰ জৰিয়তে ইয়াৰ সাহাৰ্য্য পৰিবহণৰ যাত্ৰা অব্যাহত ৰাখিছে। কালি অক্সিজেন এক্সপ্ৰেছসমূহে ৰাষ্ট্ৰৰ সেৱাত ২৬০০০ মেট্ৰিক টন এলএমঅ’ সৰবৰাহৰ সীমা অতিক্ৰম কৰিলে। এতিয়ালৈকে, কালিৰ তথ্য অনুসৰি, ভাৰতীয় ৰেলৱেয়ে সমগ্ৰ দেশখনৰ ভিন্ন ৰাজ্যসমূহলৈ ১৫৬৭ ৰোধিক টেংকাৰত ২৬৮৯১ মেট্ৰিক টনৰো অধিক এলএমঅ’ সৰবৰাহ কৰে।

অধিক বিৱৰণৰ বাবেঃ

 

ডাঃ জিতেন্দ্ৰ সিঙে কয়, প্ৰাকৃতিক ইমিউনিটি বুষ্টাৰ ফাৰ্মাকলজিকেলতকৈ অধিক ফলদায়ক

অধিক বিৱৰণৰ বাবেঃ

 

বাৰাণসী বিমানবন্দৰে সহজতৰ কৰি তুলিলে ১৮০০ কিঃগ্ৰাঃ ৰোধিক ভেকচিনৰ চালানৰ সৰবৰাহ

অধিক বিৱৰণৰ বাবেঃ

 

পিআইবিৰ ক্ষেত্ৰীয় ইউনিটসমূহৰপৰা লাভ কৰা ইনপুটসমূহ

 

মহাৰাষ্ট্ৰঃ মহাৰাষ্ট্ৰত ভাৰতৰ ভিতৰত সৰ্বাধিক সংখ্যক শ্লেষ্মা (mucormycosis) ৰ ঘটনা লাভ কৰা হৈছে। ৰাজ্যখনত এই ঘটনাৰ সংখ্যা হৈছে ৬,৩৩৯ টা। ইফালে সমগ্ৰ ভাৰতত এতিয়ালৈকে লাভ কৰা এই ঘটনাৰ সংখ্যা ২৮,২৫২ টা।

গুজৰাটঃ গুজৰাটত সোমবাৰে ৭৭৮ টা নতুন ক’ৰোনাভাইৰাছৰ পজিটিভ ঘটনা লাভ কৰা হয়। একে সময়তে ৰাজ্যখনত ১১ ক’ভিড আক্ৰান্ত মৃত্যুমুখত পৰে। একেদিনাই ২,৬১৩ ৰোগীক ডিচাৰ্জ দিয়া যায়।

ৰাজস্থানঃ ৰাজস্থানত ৰাজ্য চৰকাৰখনে আনলক ২.০ ৰ অধীনত আৰ কেতবোৰ শিথিলকৰণৰ ঘোষণা আগবঢ়ায়। ৰাজ্যখনৰ গৃহ বিভাগে এই সম্পৰ্কীয় নতুন নীতি-নিৰ্দেশনা কালি নিশা ঘোষণা কৰে। সেই অনুসৰি, আজি পুৱা ৫ বজাৰপৰা এই নতুন নীতি-নিৰ্দেশনা কাৰ্য্যকৰী হয়।

মধ্য প্ৰদেশঃ মধ্য প্ৰদেশৰ ভূপালৰ বজাৰসমূহ অহা ১০ জুনৰপৰা পুনৰ খোল খাব। এতিয়ালৈকে ইয়াত অপৰিহাৰ্য্য সা-সামগ্ৰীৰ দোকানসমূহ খোলাতহে জিলা প্ৰশাসনে অনুমতি প্ৰদান কৰিছিল। ৰাজ্যখনত টিকাদানৰ প্ৰতি জনসাধাৰণক উৎসাহিত কৰিবলৈ এলানি পদক্ষেপ গ্ৰহণ কৰা হৈছে।

চত্তীশগড়ঃ চত্তীশগড়ত ক’ভিড পৰিস্থিতি ক্ৰমান্বয়ে উন্নত হৈ পৰিছে। ইয়াৰোপৰি, ইয়াত ক’ভিডৰ টিকাদান অভিযানো পূৰ্ণগতিত চলি আছে। এতিয়ালৈকে, ৰাজ্যখনত ১৮ ৰপৰা ৪৪ বছৰ বয়সৰ ৮,৩০,০০০ ৰোধিক হিতাধিকাৰীয়ে ক’ভিড-১৯ ৰ ভেকচিন লাভ কৰিছে।

গোৱাঃ গোৱাত ১৫ জুনৰ পাছৰপৰা আনলক প্ৰক্ৰিয়া আৰম্ভ হ’ব। ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীজনে লগতে কয় যে ৰাজ্যখনৰ যোগ্য লোকসকলক টিকাদানৰ পাছতহে পৰ্যটন উদ্যোগটো পুনৰ আৰম্ভ কৰাৰ কথা চিন্তা কৰা হ’ব।

কেৰালাঃ কেন্দ্ৰীয় চৰকাৰৰ নতুন ভেকচিন নীতিক আদৰণি জনাইছে কেৰালাৰ বিত্তমন্ত্ৰী কে এন বালগোপালে। মন্ত্ৰীজনে ইয়াক ভাল সিদ্ধান্ত আখ্যা দি পূৰ্বেই এই সিদ্ধান্ত গ্ৰহণ কৰা উচিত আছিল বুলি কয়। তেওঁ লগতে কয় যে টিকাদানৰ সময়োচিত সমাপনো সমানেই গুৰুত্বপূৰ্ণ।

তামিল নাডুঃ তামিল নাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে প্ৰধানমন্ত্ৰী মোদীৰ সকলোৰে বাবে বিনামূলীয়া ভেকচিনৰ ঘোষণাৰ বাবে তেখেতক ধন্যবাদ জনাইছে। ৰাজ্যখনত ব্লেক ফাংগাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ইয়াক প্ৰতিহতকৰণৰ অৰ্থে ২৫ কোটি টকা মুকলি কৰি দিয়া যায়। ইফালে ইয়াৰ স্বাস্থ্যমন্ত্ৰীয়ে কয় যে কেন্দ্ৰই অনুমতি দিলে ৰাজ্য চৰকাৰখনে এক কোটি ভেকচিন ক্ৰয় কৰিব পাৰে।

কৰ্ণাটকঃ কৰ্ণাটক ৰাজ্য চৰকাৰে ৭ জুনত প্ৰকাশ কৰা বুলেটিনৰ তথ্য অনুসৰি, ৰাজ্যখনত ক’ভিড-১৯ ৰ নতুন ঘটনাঃ ১১,৯৫৮ টা। ইয়াত মুঠ সক্ৰিয় ঘটনাঃ ২,৩৮,৮২৪ টা। ক’ভিড-১৯ জনিত নতুন মৃত্যুৰ ঘটনাঃ ৩৪০ টা।

অন্ধ্ৰ প্ৰদেশঃ যোৱা ২৪ ঘন্টাত অন্ধ্ৰ প্ৰদেশত ৪৮৭২ টা নতুন ক’ভিড-১৯ ঘটনা লাভ কৰা হৈছে। একে সময়তে, ৮৬ ক’ভিড আক্ৰান্তই মৃত্যুবৰণ কৰিছে। ইফালে, উক্ত সময়ছোৱাত ১৩,৭০২ ক’ভিড আক্ৰান্তক ডিচাৰ্জ দিয়া যায়।

তেলেংগানাঃ তেলেংগানাৰ ৰাজ্যিক কেবিনেটৰ বৈঠকত আজি ৰাজ্য়খনৰ ক’ভিড পৰিস্থিতি আৰু লকডাউনৰ বুজ লোৱা যায়। কালি ৰাজ্যখনত ১৯৩৩ টা নতুন দৈনিক ঘটনা লাভ কৰা হয়। একেদিনাই ১৬ ক’ভিড আক্ৰান্তই মৃত্যুবৰণ কৰিছে।

অসমঃ অসমত যোৱা ২৪ ঘন্টাত ৩৭ টা ক’ভিড-১৯ জনিত মৃত্যুৰ ঘটনা সংঘটিত হয়। ইয়াৰ ফলতে ৰাজ্যখনত ক’ভিড-১৯ ত মৃত্যুবৰণ কৰা লোকৰ সংখ্যা ৩,৬৯৫ লৈ বৃদ্ধি পালে। উক্ত সময়ছোৱাত, ৰাজ্যখনত ১,২৪,৩১৬ টা টেষ্ট সম্পন্ন কৰাৰ বিপৰীতে ৩,৮০৪ টা নতুন সংক্ৰমণৰ ঘটনা ধৰা পৰে। ৰাজ্যখনত পজিটিভিটি হাৰ হৈছে ৩.০৬ শতাংশ। কামৰূপ মহানগৰত ৩১৮ টা নতুন ঘটনা লাভ কৰা যায়। ক’ভিডৰ টিকাদান কেন্দ্ৰলৈ যাবলৈ অসমৰ্থ হোৱাৰ আশংকাৰে ক’ভিড-১৯ ভেকচিনৰ পালি লাভ কৰিব নোৱাৰাৰ কথা অনুধাৱনেৰে জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম লোকসকলৰ ঘৰৰ কাষতে ক’ভিডৰ টিকাদান কেন্দ্ৰ স্থাপন সন্দৰ্ভত নতুন এছঅ’পি জাৰি কৰিছে ৰাজ্যখনৰ স্বাস্থ্য বিভাগে।

মণিপুৰঃ মণিপুৰত সোমবাৰে ক’ভিড-১৯ ত আক্ৰান্ত ১৫ ৰোগীয়ে মৃত্যুবৰণ কৰে। একে সময়তে, ৰাজ্যখনত ৪৯৮৭ টা টেষ্ট সম্পন্ন কৰাৰ বিপৰীতে ৫৯৮ টা নতুন পজিটিভ ঘটনা লাভ কৰা যায়। ৰাজ্য চৰকাৰখনৰ স্বাস্থ্য বিভাগৰ শেহতীয়া তথ্য অনুসৰি, ইয়াৰ ৪,২৩,০৭২ লোকে ক’ভিড-১৯ ৰ ভেকচিন লাভ কৰিছে। মণিপুৰৰ ভিন্ন প্ৰান্তত গণ টিকাদান আৰু গণ টেষ্টিং সমাপন কৰা হৈছে।

মেঘালয়ঃ মেঘালয়ত, একেৰাহে তৃতীয় দিনৰ বাবে, সোমবাৰেও ক’ভিড-১৯ ঘটনা ৫০০ ৰ সীমাৰ তলতে থকাৰ সমান্তৰালভাৱে দৈনিক ভাইৰাছ- সম্পৰ্কীয় মৃত্যুৰ ঘটনা লক্ষ্যণীয়ভাৱে অৱনমিত হৈ পৰিছে। উক্ত দিনা, ৰাজ্যখনত ৪৩৮ টা নতুন ক’ভিড-১৯ ঘটনা লাভ কৰাৰ বিপৰীতে পাঁচ আক্ৰান্তই মৃত্যুবৰণ কৰে। ৰাজ্যখনত নিশ্চিত ঘটনাৰ মুঠ সংখ্যা ৩৯,১৫৬ লৈ বৃদ্ধি পাইছে।

ছিকিমঃ ছিকিমৰ স্বাস্থ্য বিভাগৰ প্ৰতিবেদন অনুসৰি, ৰাজ্যখনত কেইবা সপ্তাহৰ পাছত সোমবাৰে ক’ভিড-১৯ জনিত মৃত্যুৰ ঘটনা শূন্য হৈ পৰে। ইফালে, দেওবাৰে ৰাজ্যখনত ৭০৬ টা টেষ্ট সম্পন্ন কৰাৰ বিপৰীতে ৫৯ টা ক’ভিড ঘটনা লাভ কৰা যায়। ইয়াত পজিটিভিটি হাৰ হৈছে ৮.৩%। ৰাজ্যখনত সক্ৰিয় ক’ভিড-১৯ ঘটনাৰ সংখ্যা হৈছে ৪০৫১ টা।

ত্ৰিপুৰাঃ ত্ৰিপুৰাত যোৱা ২৪ ঘন্টাত ২৩৫ জন লোকৰ দেহত ক’ভিড-১৯ ৰ অৱস্থিতি ধৰা পৰিছে। একে সময়তে, ৮ আক্ৰান্তৰ প্ৰাণহানি হোৱাৰ বিপৰীতে ৫৯৫ আক্ৰান্তই আৰোগ্য লাভ কৰিছে। ৰাজ্যখনত মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা অনুষ্ঠিত সন্দৰ্ভত ৰাজ্য চৰকাৰখনে ছাত্ৰ-ছাত্ৰীৰ পিতৃ-মাতৃসকলৰপৰা মতামত আহ্বান কৰিছে। ইয়াৰ অৰ্থে সমৰ্পিত ৱেবচাইট আৰম্ভ কৰা হৈছে। ১৫ জুনৰ সন্ধিয়া ৬ বজালৈকে উক্ত মতামত জনাব পৰা যাব।

নাগালেণ্ডঃ নাগালেণ্ডত সোমবাৰে ১৪৫ টা নতুন ক’ভিড ঘটনা লাভ কৰা হয়। উক্ত দিনা তিনি ক’ভিড আক্ৰান্তই মৃত্যুবৰণ কৰে। ৰাজ্য়খনৰ সক্ৰিয় ঘটনা ৪৭০৩ টাৰ সমান্তৰালভাৱে মুঠ ঘটনা ২২,৯১৮ লৈ বৃদ্ধি পাইছে। এতিয়ালৈকে ইয়াৰ মুঠ ২,৮৮,৬৭৪ হিতাধিকাৰীয়ে ভেকচিন লাভ কৰিছে। ৰাজ্যখনৰ ৬২% হেল্থকেয়াৰ কৰ্মীয়ে ভেকচিন লাভ কৰাৰ বিপৰীতে ৩৮% ই পাবলৈ বাকী আছে। নাগালেণ্ড চৰকাৰে ৮ জুনৰপৰা ১৮ জুনলৈ ১৮-৪৪ বছৰ বয়সৰ হিতাধিকাৰীসকলৰ অৰ্থে ক’ভিডৰ টিকাদান তীব্ৰতৰ কৰি তুলিছে। সোমবাৰৰপৰা শুকুৰবাৰলৈ সকলো স্বাস্থ্য ফেচেলিটিতে টিকাদান কৰা যাব।

পঞ্জাৱঃ পঞ্জাৱত ক’ভিড-১৯ পজিটিভ মুঠ ঘটনাঃ ৫৮০৮২৯ টা। সক্ৰিয় ঘটনাৰ সংখ্যাঃ ১৯৯৯৫ টা। মুঠ মৃত্যুৰ ঘটনাঃ ১৫১৬০ টা।

হাৰিয়ানাঃ হাৰিয়ানাত এতিয়ালৈকে লাভ কৰা ক’ভিড পজিটিভ ঘটনা ৭৬২৯৩১ টা। সক্ৰিয় ঘটনাঃ ৮০২৪ টা। মৃত্যুৰ ঘটনাঃ ৮৭৫১ টা।

চণ্ডীগড়ঃ চণ্ডীগড়ত মুঠ ক’ভিড ঘটনাঃ ৬০৭০৭ টা। সক্ৰিয় ঘটনাঃ ৭৪০ টা। মুঠ মৃত্যুৰ ঘটনাঃ ৭৭৪ টা।

হিমাচল প্ৰদেশঃ হিমাচল প্ৰদেশত মুঠ ক’ভিড পজিটিভ ঘটনাঃ ১৯৫৭৫৫ টা। সক্ৰিয় ঘটনাঃ ৭৫৫৫ টা। মুঠ মৃত্যুৰ ঘটনাঃ ৩২৯৯ টা।

 

****

 



(Release ID: 1725824) Visitor Counter : 282