PIB Headquarters

ক’ভিড সন্দৰ্ভত পিআইবি-ৰ বুলেটিন

Posted On: 06 JUN 2021 6:38PM by PIB Guwahati

https://static.pib.gov.in/WriteReadData/userfiles/image/image0020FX3.pnghttps://static.pib.gov.in/WriteReadData/userfiles/image/image001BPSF.jpg

  • যোৱা ২৪ ঘণ্টাত দৈনিক নতুন আক্ৰান্তৰ সংখ্যা ১.১৪লাখ; ৬০দিনৰ ভিতৰত নিম্নতম
  • অৱনমনৰ ধাৰা অব্যাহত; একেৰাহে ১০দিন ধৰি দৈনিক আক্ৰান্তৰ সংখ্যা ২লাখৰ তলত
  • ভাৰতৰ সক্ৰিয় ৰোগীৰ সংখ্যা ১৫লাখৰ তললৈ অৱনমিত হৈছে; মুঠ সংখ্যা ১৪,৭৭,৪৪৯গৰাকী
  • যোৱা ২৪ঘণটাত সক্ৰিয় ৰোগীৰ সংখ্যা হ্ৰাস পালে ৭৭,৪৪৯গৰাকী
  • দেশত এই পৰ্যন্ত আৰোগ্য লাভ কৰা ব্যক্তিৰ সৰ্বমুঠ সংখ্যা হ’লগৈ ২.৬৯কোটিৰো অধিক
  • যোৱা ২৪ঘণ্টাত আৰোগ্য লাভ কৰিছে ১,৮৯,২৩২গৰাকী ৰোগীয়ে
  • একেৰাহে ২৪ দিন ধৰি দৈনিক আৰোগ্যৰ সংখ্যাই চেৰ পেলাইছে আক্ৰান্তৰ সংখ্যাক
  • আৰোগ্যৰ ৰাষ্ট্ৰীয় গড় হাৰৰ দ্ৰুত উৰ্ধ্বগমনৰ ধাৰা অব্যাহত; আৰোগ্যৰ হাৰ বাঢ়িছে ৯৩.৬৭শতাংশলৈ
  • আক্ৰান্তৰ সাপ্তাহিক হাৰৰ শেহতীয়া স্থিতি ৬.৫৪%
  • দিনটোত আক্ৰান্তৰ হাৰ নামিছে ৫.৬২%লৈ, একেৰাহে ১৩দিন ধৰি ১০%ৰ তলত
  • নমুনা পৰীক্ষণৰ সামৰ্থ্য লক্ষণীয় ভাবে বৃদ্ধি পাইছে, সৰ্বমুঠ ৩৬.৪কোটি নমুনাৰ পৰীক্ষণ সম্পন্ন
  • টীকাকৰণৰ ক্ষেত্ৰত ভাৰতে অতিক্ৰম কৰিলে অভিলেখ পৰিমাণৰ ২৩কোটিৰ ঘৰ, এই পৰ্যন্ত ২৩.১৩কোটি পালি প্ৰতিষেধক প্ৰদান

 

#Unite2FightCorona

#IndiaFightsCorona

Image

Image

ভিড বিৰোধী অভিযানৰ শেহতীয়া স্থিতি

  • যোৱা ২৪ ঘণ্টাত দৈনিক নতুন আক্ৰান্তৰ সংখ্যা ১,১৪,৮৬০গৰাকী; দিনটোত আক্ৰান্তৰ সংখ্যা দুমাহৰ ভিতৰতে নিম্নতম।
  • অৱনমনৰ ধাৰা অব্যাহত; একেৰাহে ১০দিন ধৰি দৈনিক আক্ৰান্তৰ সংখ্যা ২লাখৰ তলত
  • ভাৰতৰ সক্ৰিয় ৰোগীৰ সংখ্যা ১৫লাখৰ তললৈ অৱনমিত হৈছে, মুঠ সংখ্যা ১৪,৭৭,৪৪৯গৰাকী
  • যোৱা ২৪ঘণটাত সক্ৰিয় ৰোগীৰ সংখ্যা হ্ৰাস পালে ৭৭,৪৪৯গৰাকী
  • দেশত এই পৰ্যন্ত আৰোগ্য লাভ কৰা ব্যক্তিৰ সৰ্বমুঠ সংখ্যা হ’লগৈ ২.৬৯কোটিৰো অধিক
  • যোৱা ২৪ঘণ্টাত আৰোগ্য লাভ কৰিছে ১,৮৯,২৩২গৰাকী ৰোগীয়ে
  • একেৰাহে ২৪ দিন ধৰি দৈনিক আৰোগ্যৰ সংখ্যাই চেৰ পেলাইছে আক্ৰান্তৰ সংখ্যাক
  • আৰোগ্যৰ ৰাষ্ট্ৰীয় গড় হাৰৰ দ্ৰুত উৰ্ধ্বগমনৰ ধাৰা অব্যাহত; আৰোগ্যৰ হাৰ বাঢ়িছে ৯৩.৬৭%লৈ
  • আক্ৰান্তৰ সাপ্তাহিক হাৰৰ শেহতীয়া স্থিতি ৬.৫৪%
  • দিনটোত আক্ৰান্তৰ হাৰ নামিছে ৫.৬২%লৈ, একেৰাহে ১৩দিন ধৰি ১০%ৰ তলত
  • নমুনা পৰীক্ষণৰ সামৰ্থ্য লক্ষণীয় ভাবে বৃদ্ধি পাইছে, সৰ্বমুঠ ৩৬.৪কোটি নমুনাৰ পৰীক্ষণ সম্পন্ন
  • টীকাকৰণৰ ক্ষেত্ৰত ভাৰতে অতিক্ৰম কৰিলে অভিলেখ পৰিমাণৰ ২৩কোটিৰ ঘৰ, এই পৰ্যন্ত ২৩.১৩কোটি পালি প্ৰতিষেধক প্ৰদান

টীকাকৰণৰ ক্ষেত্ৰত ভাৰতে অতিক্ৰম কৰিলে অভিলেখ পৰিমাণৰ ২৩কোটিৰ ঘৰ, এই পৰ্যন্ত ২৩.১৩কোটি পালি প্ৰতিষেধক প্ৰদান

সবিশেষ তথ্য: https://pib.gov.in/PressReleseDetail.aspx?PRID=1724874

 

ভিড-১৯ টীকাকৰণৰ শেহতীয়া স্থিতি

ভাৰত চৰকাৰে দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ (বিনামূলীয়া আৰু প্ৰত্যক্ষ ভাবে ৰাজ্যৰ সংগ্ৰহ এই দুই শ্ৰেণীভুক্ত) এই পৰ্যন্ত ২৪কোটিৰো অধিক (২৪,৬০,৮০,৯০০)পালিৰো অধিক প্ৰতিষেধক যোগান ধৰিছে।

ইয়াৰে আধানাৰ্জি হোৱাকো ধৰি মুঠ ২২,৯৬,৯৫,১৯৯পালি (আজি পুৱা ৮বজা পৰ্যন্ত উপলব্ধ তথ্যানুসৰি) ব্যৱহৃত হৈছে।

ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ হাতত দিব পৰাকৈ এতিয়াও জমা আছে ১.৬৩কোটি পালিৰো অধিক(১,৬৩,৮৫,৭০১) প্ৰতিষেধক।

সবিশেষ তথ্য:https://pib.gov.in/PressReleseDetail.aspx?PRID=1724878

 

ভিড-১৯ৰ চিকিত্সাৰ বাবে প্ৰস্তুত কৰা নিক্লছেমাইড নামৰ ঔষধবিধৰ ক্লিনিকেল পৰীক্ষণ পদক্ষেপ গ্ৰহণ কৰিছে চিএছআইআৰ-য়ে

ক’ভিড-১৯ৰ চিকিত্সাৰ উদ্দেশ্যে প্ৰস্তুত কৰা ‘এণ্টি-হেলমিক’ শ্ৰেণীৰ ঔষধ ‘নিক্লছেমাইড’ৰ দ্বিতীয় পৰ্যায়ৰ ক্লিনিকেল পৰীক্ষণৰ পদক্ষেপ গ্ৰহণ কৰিছে ‘চিএছআইআৰ’-য়ে। ‘লেক্সাই লাইফ ছায়েন্স প্ৰাইভেট লিমিটেড’ৰ সহযোগত সম্পন্ন হোৱা ‘মাল্টি-চেণ্ট্ৰিক’, ‘ফেজ-২’, ‘ৰেণ্ডমাইজড’, ‘অ’পেন লেবেল ক্লিনিকেল ষ্টাডী’ৰে সম্পন্ন হ’বলগীয়া এই পৰীক্ষণৰে চিকিত্সালয়ত থকা ৰোগীৰ আৰোগ্যৰ ক্ষেত্ৰত ‘নিক্ল’ছেমাইড’ৰ ঔষধী পাৰদৰ্শিতা, ইয়াৰ সুৰক্ষা আৰু সহিষ্ণুতা অনুধাৱন কৰা হ’ব। ইতিপূৰ্বে ‘টে’পৱৰ্ম’ৰ সংক্ৰমণত ভোগা ৰোগীক চিকিত্সাৰ ক্ষেত্ৰত ‘নিক্ল’ছেমাইড’ৰ বিস্তৃত ব্যৱহাৰ কৰা হৈছিল।

সবিশেষ তথ্য: https://pib.gov.in/PressReleseDetail.aspx?PRID=1724905

 

ৰাষ্ট্ৰ জুৰি ২৬০০০মেট্ৰিকটন এলএমঅ যোগানৰে সেৱা আবঢ়োৱাৰ অভিলেখ ৰছিলে অক্সিজেন এক্সপ্ৰেছে

দেশৰ বিভিন্ন ৰাজ্যলৈ ‘লিকুইড মেডিকেল অক্সিজেন’ৰ যোগান ধৰি ‘ভাৰতীয় ৰেল’-য়ে আগবঢ়াই অহা সাহায্য অভিযান অব্যাহত ৰাখিছে। ইতিমধ্যে দেশত ২৬০০০মেট্ৰিক টন ‘এলএমঅ’ যোগানৰ অভিলেখ ৰচনা কৰিছে ‘ভাৰতীয় ৰেল’-য়ে। এই পৰ্যন্ত অক্সিজেন এক্সপ্ৰেছৰ ১৫৩৪টাৰো অধিক টেংকাৰৰ জৰিয়তে ২৬,২৮১মেট্ৰিক টন ‘এলএমঅ’ৰ বিতৰণ কৰা হৈছে। প্ৰসংগতে উল্লেখ্য যে, এই পৰ্যন্ত ৩৭৬খন ‘অক্সিজেন এক্সপ্ৰেছে’ বিভিন্ন ৰাজ্যলৈ কৰা নিৰ্দ্ধাৰিত যাত্ৰাসূচী সম্পূৰ্ণ কৰিছে।

সবিশেষ তথ্য: https://pib.gov.in/PressReleseDetail.aspx?PRID=1724917

 

প্ৰতিষেধকক লৈ চলা মিথ্যাচাৰৰ প্ৰত্যুত্তৰ

উদাৰনীতিৰে কৰা মূল্য নিৰ্দ্ধাৰণ আৰু ‘ত্বৰান্বিত ৰাষ্ট্ৰীয় ক’ভিড-১৯ টীকাকৰণ কৌশল’ৰে প্ৰতিষেধকৰ ন্যায়সাম্যতা সুনিশ্চিত কৰা হৈছে।  

মে’, ২০২১ত ব্যক্তিগত খণ্ডৰ চিকিত্সালয়সমূহে লাভ কৰিছে ১.২০কোটি পালিৰো অধিক ক’ভিড-প্ৰতিষেধক।

 

সবিশেষ তথ্য:https://pib.gov.in/PressReleasePage.aspx?PRID=1724784

 

ড০ জিতেন্দ্ৰ সিঙে তেওঁৰ লোকসভা সমষ্টিৰ কভিড প্ৰভাৱিত শিশুসকলৰ বাবে ১০লাখ টকাৰ বৰঙণি আগবঢ়ায়

ড০ জিতেন্দ্ৰ সিঙে তেওঁৰ লোকসভা সমষ্টি উধমপুৰ-কাঠুৱা-ডোডাৰ ক’ভিড প্ৰভাৱিত শিশুসকলৰ সাহায্যাৰ্থে স্বেচ্ছামূলক/ব্যক্তিগত উত্সৰ পৰা আহৰণ কৰা ১০লাখ টকাৰ এক বৰঙণি আগবঢ়ায়। কাঠুৱা গ্ৰাম্য জিলাৰ উপায়ুক্ত ৰাহুল যাদৱে, ছখন জিলাৰ ন’ডেল বিষয়া হিচাপে এই সংক্ৰান্তীয় চেকখন আনুষ্ঠানিক ভাবে গ্ৰহণ কৰে। কাঠুৱালৈ যোৱা ড০ সিঙে ক’ভিডত আক্ৰান্ত হৈ মৃত্যু বৰণ কৰা অভিভাৱকৰ এদল শিশুকো সাক্ষাত কৰে।

সবিশেষ তথ্য :https://pib.gov.in/PressReleasePage.aspx?PRID=1724738

 

****

 



(Release ID: 1725823) Visitor Counter : 230