কেবিনেট
কেন্দ্ৰীয় মন্ত্ৰীসভাই ৰাজ্য/কেন্দ্ৰ শাসিত প্ৰদেশৰ দ্বাৰা ৰূপায়ণ কৰিবলৈ মডেল টেনেন্সী এক্টক মঞ্জুৰ কৰে
प्रविष्टि तिथि:
02 JUN 2021 12:49PM by PIB Guwahati
প্রধানমন্ত্রী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় মন্ত্ৰী সভাই আজি ভাৰাৰ সৈতে সম্পৰ্কযুক্ত মডেল টেনেন্সী এক্টক জাৰি কৰাত মঞ্জুৰী প্ৰদান কৰিছে। ইয়াক ৰাজ্য আৰু কেন্দ্ৰ শাসিত প্ৰদেশসমূহৰ বাবে জাৰি কৰা হৈছে, যাতে তেওঁলোকে বৰ্তমানৰ ভাৰা আইনত নিজৰ হিচাপত নতুন আইন প্ৰস্তুত কৰিব পাৰে বা বৰ্তমান থকা আইন সংশোধন কৰিব পাৰে।
ইয়াৰ ফলত দেশজুৰি ভাৰাত ঘৰ দিয়া সম্পৰ্কীয় আইনী আন্তঃগাঁথনি সুচল কৰি তোলাত সহায়ক হ'ব, যাৰ জৰিয়তে ভৱিষ্যতে বিকাশৰ পথ মুকলি হ'ব।
মডেল টেনেন্সী এক্টৰ উদ্দেশ্য হৈছে দেশত ঘৰ-ভাৰা দিয়া সন্দৰ্ভত এক সজীৱ, দীৰ্ঘস্থায়ী আৰু সমাবেশী আন্তঃগাঁথনি প্ৰস্তুত কৰা। ইয়াৰ জৰিয়তে সকলো আয়ৰ লোকৰ বাবে ভাৰাত ঘৰ উপলব্ধ হ'ব আৰু গৃহহীন হোৱাৰ সমস্যাৰ সমাধান হ'ব। মডেল টেনেন্সী এক্টৰ জৰিয়তে ঘৰ ভাৰাত দিয়াৰ প্ৰক্ৰিয়াক লাহে লাহে আনুষ্ঠানিক বজাৰলৈ সলনি কৰি তাক সংস্থাগত ৰূপ দিয়া হ'ব।
মডেল টেনেন্সী এক্টৰ জৰিয়তে ভাৰাত দিবলৈ খালী হৈ থকা ঘৰবিলাক খুলিব পৰা যাব। আশা কৰা হৈছে যে ইয়াৰ জৰিয়তে ভাৰা দিয়া বজাৰক ব্যৱসায়ৰ ৰূপত বিকশিত কৰাত বেচৰকাৰী অংশগ্ৰহণ বাঢ়িব, যাতে গৃহৰ নাটনি পূৰণ কৰিব পৰা যায়।
***
DS
(रिलीज़ आईडी: 1723848)
आगंतुक पटल : 278
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Malayalam
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada