স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ ২৩ কোটিতকৈ অধিক ভেকচিন ড’জ প্ৰদান কৰা হৈছে

ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহৰ ওচৰত ১.৭৫ কোটিতকৈ অধিক ভেকচিন আছে

प्रविष्टि तिथि: 31 MAY 2021 10:58AM by PIB Guwahati

কেন্দ্রীয় চৰকাৰে ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহক বিনামূলীয়াকৈ ক’ভিড ভেকচিন যোগান ধৰিছে। কাৰণ কেন্দ্রই ক’ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজৰ টিকাকৰণক এক গুৰুত্বপূর্ণ কৌশল হিচাপে বিবেচনা কৰিছে। সেয়েহে নমুনা পৰীক্ষা, সংক্রমিত লোকসকলক চিনাক্ত কৰা, চিকিৎসাৰ ব্যৱস্থা কৰা আৰু উপযুক্ত ক’ভিড আচৰণবিধিও মানি চলিব লাগিব৷ ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহে বিচাৰিলে নিজেও ক’ভিড ভেকচিন সংগ্রহ কৰিব পাৰে। ক’ভিড-১৯ৰ টিকাকৰণ অভিযানৰ তৃতীয় পর্যায় ১ মে’ৰ পৰা আৰম্ভ হৈছে।

এই কৌশল অধীনত বিভিন্ন ভেকচিন প্রস্তুতকাৰক সংস্থা যি ভেকচিন উৎপাদন কৰিছে প্রতি মাহত তাৰ ৫০ শতাংশ কেন্দ্রই সংগ্রহ কৰিছে। এই ভেকচিন ৰাজ্যসমূহক সম্পূৰ্ণ বিনামূলীয়াকৈ দিয়া হৈছে৷

কেন্দ্রই এতিয়ালৈকে ২৩,১১,৬৮,৪৮০টা ভেকচিন ড’জ ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহক দিছে।.

৩১ মে’ৰ পুৱা ৮ বজালৈকে ইয়াৰে লোকচান হোৱা ড’জসহ মুঠ ২১,২২,৩৮,৬৫২ টা ড’জ ব্যৱহাৰ কৰা হৈছে।

ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহত হাতত এতিয়াও ১,৭৫,৪৮,৬৪৮ টা ভেকচিন ড’জ আছে।

তদুপৰি, অহা ৩ দিনত ২,৭৩,৯৭০টা ভেকচিন ড’জ ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহলৈ প্ৰেৰণ কৰা হ’ব৷

 

***

MV/M


(रिलीज़ आईडी: 1723190) आगंतुक पटल : 318
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Tamil , English , Urdu , Marathi , हिन्दी , Bengali , Punjabi , Gujarati , Odia , Telugu , Kannada , Malayalam