প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

৩০.০৫.২০২১ তাৰিখে ‘মন কী বাত’ৰ ৭৭তম খণ্ডত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

Posted On: 30 MAY 2021 11:45AM by PIB Guwahati

মোৰ মৰমৰ দেশবাসীসকল, নমস্কাৰ। আমি দেখিছো যে দেশখনে কেনেদৰে সৰ্বশক্তিৰে ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজ দি আছে। এইটো যোৱা এশ বছৰৰ ভিতৰত আটাইতকৈ ডাঙৰ মহামাৰী আৰু এই মহামাৰীৰ মাজত ভাৰতেও বহুতো প্ৰাকৃতিক দুৰ্যোগৰ সৈতে দৃঢ়তাৰে যুঁজিছে। এই সময়ছোৱাত ঘূৰ্ণীবতাহ আম্ফান আহিছে, ঘূৰ্ণীবতাহ নিসৰ্গ আহিছে, বহুতো ৰাজ্য বানপানীত প্লাবিত হৈছে, বহুতো ভূমিকম্প, ডাঙৰ আৰু সৰু, ভূমিস্খলন হৈছে। মাত্ৰ যোৱা ১০টা দিনত, দেশখনে দুটা ডাঙৰ ঘূৰ্ণীবতাহৰ সন্মুখীন হৈছে। পশ্চিম উপকূলত 'টাউ-টে' ঘূৰ্ণীবতাহ আৰু পূব উপকূলত 'যশ' ঘূৰ্ণীবতাহ। এই দুয়োটা ঘূৰ্ণীবতাহে কেইবাখনো ৰাজ্যক প্ৰভাৱিত কৰিছে। দেশ আৰু দেশৰ মানুহে ইয়াৰ সৈতে সম্পূৰ্ণ শক্তিৰে যুঁজ দিছে আৰু অন্ততঃ কমসংখ্যক প্ৰাণহানি নিশ্চিত কৰিছে। আমি এতিয়া অনুভৱ কৰোঁ যে আমি পূৰ্বৰ বৰ্ষসমূহতকৈ অধিক জীৱন ৰক্ষা কৰিবলৈ সমৰ্থ হৈছো। দুৰ্যোগৰ এই কঠিন আৰু অসাধাৰণ পৰিস্থিতিত ঘূৰ্ণীবতাহৰ দ্বাৰা প্ৰভাৱিত হোৱা সকলো ৰাজ্যৰ মানুহে যিদৰে সাহস দেখুৱাইছে, এই সংকটৰ সময়ত অতি ধৈৰ্য্য, অনুশাসনৰ সৈতে যুঁজিছে - মই সন্মানসহকাৰে, আন্তৰিকতাৰে সকলো নাগৰিকক প্ৰশংসা কৰিব বিচাৰো। যিসকলে আগবাঢ়ি গৈছে আৰু সাহায্য আৰু উদ্ধাৰ অভিযানত অংশগ্ৰহণ কৰিছে তেওঁলোকক আপুনি যিমানে প্ৰশংসা কৰে সিমানেই কম হ’ব। মই তেওঁলোক সকলোকে অভিবাদন জনাইছো। কেন্দ্ৰ, ৰাজ্য চৰকাৰ আৰু স্থানীয় প্ৰশাসন সকলোৱে এই দুৰ্যোগৰ সন্মুখীন হ'বলৈ একেলগে কাম কৰি আছে। যিসকলে তেওঁলোকৰ ঘনিষ্ঠসকলক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি মই সমবেদনা জ্ঞাপন কৰিছো। আমি সকলোৱে এই কঠিন সময়তো দৃঢ়তাৰে থিয় দিছো সেইসকলৰ সৈতে যিসকলে এই দুৰ্যোগত ক্ষতিৰ সন্মুখীন হৈছে।

মোৰ মৰমৰ দেশবাসীসকল, যিমানেই ডাঙৰ প্ৰত্যাহ্বান নহওক, ভাৰতৰ জয়ৰ সংকল্প সদায়ে বৃহৎ হৈ আহিছে। দেশৰ সামূহিক শক্তি আৰু আমাৰ সেৱাৰ মনোভাৱে দেশখনক প্ৰতিটো ধুমুহাৰ পৰা উলিয়াই আনিছে। সাম্প্ৰতিক সময়ত আমি দেখিছো, কেনেদৰে আমাৰ চিকিৎসক, নাৰ্চ আৰু ফ্ৰণ্ট লাইনৰ যোদ্ধাসকলে - তেওঁলোকে তেওঁলোকৰ উদ্বেগ এৰি দিন-ৰাতিয়ে কাম কৰিছে আৰু আজিও কৰি আছে। এই সকলোবোৰৰ মাজত বহুতে ক’ৰোনাৰ দ্বিতীয় ঢৌৰ সৈতে যুঁজ দিয়াত ডাঙৰ ভূমিকা পালন কৰিছে। মোক মন কী বাতৰ বহু শ্ৰোতাই নমো এপ আৰু চিঠিৰ জৰিয়তে এই যোদ্ধাসকলৰ বিষয়ে আলোচনা কৰিবলৈ আহ্বান জনাইছে ৷

বন্ধুসকল, যেতিয়া দ্বিতীয়টো ঢৌ আহিছিল, অক্সিজেনৰ চাহিদা হঠাতে বহুগুণে বৃদ্ধি পাইছিল আৰু ই এটা ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছিল। দেশৰ দূৰ দূৰণিলৈ চিকিৎসা অক্সিজেন প্ৰেৰণ কৰাটো এটা ডাঙৰ প্ৰত্যাহ্বান আছিল। আনকি আটাইতকৈ সৰু ভুলৰ পৰাও এটা ডাঙৰ বিস্ফোৰণ হোৱাৰ আশংকা থাকে। ঔদ্যোগিক অক্সিজেন উৎপাদন কৰা বহুতো কাৰখানা দেশৰ পূব অংশত আছে আৰু তাৰ পৰা আন ৰাজ্যলৈ অক্সিজেন প্ৰেৰণ কৰিবলৈও কেইবাদিনো সময় লাগে। দেশখনে সন্মুখীন হোৱা এই প্ৰত্যাহ্বানত ক্ৰায়’জেনিক টেংকাৰৰ চালক, অক্সিজেন এক্সপ্ৰেছৰ চালক, বায়ু সেনাৰ পাইলটসকলে দেশখনক সহায় কৰিছিল। এনে বহু লোকে যুদ্ধগতিত কাম কৰি হাজাৰ হাজাৰ লোকৰ জীৱন ৰক্ষা কৰিছে। আজি এনে এজন সহযোগীয়ে আমাৰ সৈতে 'মন কী বাত'ত যোগদান কৰিছে - শ্ৰীমান দিনেশ উপাধ্যায়জী, উত্তৰ প্ৰদেশৰ জৌনপুৰৰ বাসিন্দা…

মোদী জী- দিনেশ জী, নমস্কাৰ!

দিনেশ উপাধ্যায় জী- মহোদয়, প্ৰণাম৷

মোদী জী- সবাতোকৈ প্ৰথমে মই বিচাৰিম যে আপুনি নিজৰ বিষয়ে নিশ্চয়কৈ জনাওক৷

দিনেশ- মহোদয়, মোৰ নাম দিনেশ বাবুলনাথ উপাধ্যায়৷ মই হসনপুৰ গাওঁ, জামুৱা পোষ্ট, জৌনপুৰ জিলাৰ বাসিন্দা৷

মোদী জী- উত্তৰ প্ৰদেশৰ?

দিনেশ- হয়, হয় মহোদয়৷

মোদী জী- হয়৷

দিনেশ- আৰু মহোদয়, আমাৰ ল’ৰা-ছোৱালী এহাল, পত্নী আৰু মা-দেউতা আছে৷

মোদী জী- আৰু আপুনি কি কৰে?

দিনেশ- মহোদয় মই অক্সিজেনৰ টেংকাৰ চলাও, তৰল অক্সিজেনৰ৷

মোদী জী- ল’ৰা-ছোৱালীৰ পঢ়া-পাতি ঠিকে আছে?

দিনেশ- হয় মহোদয়! ল’ৰা-ছোৱালীৰ পঢ়া-শুনা ঠিকে চলি আছে৷ ছোৱালীও পঢ়ি আছে আৰু মোৰ ল’ৰাটোও পঢ়ি আছে৷

মোদী জী- এই অনলাইনত পঢ়া-পাতি ঠিককৈ হৈছে নে?

দিনেশ- হয় মহোদয়, বঢ়িয়াকৈ হৈ আছে, এতিয়া আমাৰ ছোৱালীজনীয়ে পঢ়ি আছে৷ অনলাইনত পঢ়ি আছে৷ ১৫ৰ পৰা ১৭ বছৰ হৈ গ’ল মই অক্সিজেনৰ টেংকাৰ চলোৱা৷

মোডী জী – ভাল! যদি আপুনি ১৫-১৭ বছৰ ধৰি এই অক্সিজেন কঢ়িয়াই আছে, আপুনি কেৱল ট্ৰাক চালকেই নহয়! আপুনি এক প্ৰকাৰে লাখ লাখ জীৱন ৰক্ষা কৰিবলৈ চেষ্টা কৰি আছে।

দিনেশ – মহোদয়, আমাৰ কামেই এনেকুৱা, আমাৰ কোম্পানী আইএনঅ'এক্স কোম্পানীয়েও আমাৰ লোকসকলৰ যথেষ্ট যত্ন লয়। আৰু আমি য'লৈকে যাওঁ আৰু অক্সিজেন খালী কৰি সুখী অনুভৱ কৰো৷

মোডী জী – কিন্তু এতিয়া ক’ৰোনাৰ সময়ত আপোনাৰ দায়িত্ব যথেষ্ট বৃদ্ধি পাইছে নেকি?

দিনেশ – হয় মহোদয়, যথেষ্ট বৃদ্ধি পাইছে।

মোডী জী – আপুনি যেতিয়া আপোনাৰ ট্ৰাকৰ ড্ৰাইভিং চিটত থাকে তেতিয়া আপোনাৰ মনত কি অনুভৱ হয়? আগৰ তুলনাত কি বেলেগ অভিজ্ঞতা? যথেষ্ট চাপ থাকে নেকি? মানসিক চাপ থাকে নেকি? পৰিয়ালৰ চিন্তা, ক’ৰোনা পৰিবেশ, মানুহৰ চাপ, দাবী। কি কি হয়?

দিনেশ – মহোদয়, আমি চিন্তা নকৰো। আমি কেৱল আমাৰ কৰ্তব্য কৰো৷ আমাৰ অক্সিজেনৰ দ্বাৰা যদি কোনোবাই জীৱন লাভ কৰে তেন্তে এয়া আমাৰ বাবে অতিশয় গৌৰৱৰ কথা৷

মোডী জী- অতি উত্তম ধৰণে আপুনি আপোনাৰ অনুভূতি প্ৰকাশ কৰিছে। আচ্ছা, মোক এইটো কওক - আজি, যেতিয়া মানুহে এই মহামাৰীৰ সময়ত আপোনাৰ কামৰ গুৰুত্ব লক্ষ্য কৰি আছে, যিটো আগতে ইমান বুজি পোৱা নাছিল, এতিয়া তেওঁলোকে বুজি পাইছে, আপোনালোকৰ প্ৰতি তেওঁলোকৰ মনোভাৱ সলনি হৈছে নেকি?

দিনেশ – হয় মহোদয়! আগতে, আমি যিকোনো ঠাইতে জামত আবদ্ধ হৈ পৰিছিলো, কিন্তু আজিৰ তাৰিখত, প্ৰশাসনেও আমাৰ লোকসকলক যথেষ্ট সহায় কৰে। আৰু আমি য'তেই যাওঁ, আমি আমাৰ অন্তৰৰ পৰাও জিজ্ঞাসা লাভ কৰো যে কিমান সোনকালে আমি উপস্থিত হৈ মানুহৰ জীৱন ৰক্ষা কৰিব পাৰো, মহোদয়। খাদ্য উপলব্ধ হওক বা নহওক, সমস্যা যিয়েই নহওক, আমি টেংকাৰ লৈ চিকিৎসালয়ত উপস্থিত হও আৰু দেখো যে চিকিৎসালয়ৰ লোকসকলে আমাৰ ফালে ‘ভি’ ইংগিত প্ৰদৰ্শিত কৰিছে ৷

মোদী জী- আচ্ছা ‘ভিক্টৰী’ৰ ‘ভি’ দেখুৱায়?

দিনেশ- হয় মহোদয়, কোনোবাই ‘ভি’ দেখুৱায়, কোনোবাই বুঢ়া আঙুলি দেখুৱায়৷ আমি তেতিয়া অতিশয় উৎসাহিত হও কিয়নো আমি কিবা এটা ভাল কাম কৰিছো আৰু সেৱা প্ৰদান কৰাৰ অৱকাশ লাভ কৰিছো৷

মোদী জী- তেতিয়া সকলো ভাগৰ আঁতৰি যায়৷

দিনেশ- হয় মহোদয়৷

মোদী জী- ঘৰলৈ গৈ সন্তানৰ আগত এইবোৰ কয় নিশ্চয়৷

মোদী জী- নহয় মহোদয়৷ আমাৰ সন্তান গাঁৱত থাকে৷ আমি ইয়াত আইএনঅ'এক্স এয়াৰ প্ৰডাক্টত চালকৰ কাম কৰো৷ ৮-৯ মাহৰ পিছত ঘৰলৈ যাও৷

মোদী জী- কেতিয়াবা ফোনততো কথা পাতে৷

দিনেশ- হয় মহোদয়৷ নিশ্চয় পাতো৷

মোদী জী- তেওঁলোকে ভাবে যে দেউতা এইটো সময়ত অলপ চম্ভালি থাকিব৷

দিনেশ- মহোদয়, তেওঁলোকে কয়, দেউতা কাম কৰা কিন্তু নিজৰ সুৰক্ষা বৰ্তাই লৈ কৰা আৰু আমি সুৰক্ষাৰ সৈতে কাম কৰো৷ আমাৰ মানগাঁও প্লাণ্টো আছে৷ আইএনঅ’এক্সে আমাৰ লোকসকলৰ বহু উপকাৰ কৰিছে৷

মোদী জী- ঠিক আছে! দিনেশজী, মই খুব ভাল পালো। আপোনাৰ কথা শুনিলে দেশৰ মানুহে এই ক’ৰোনা যুদ্ধত কোনে  কেনেদৰে কাম কৰি আছে সেয়াও অনুভৱ কৰিব পাৰিব। আপুনি আপোনাৰ সন্তানক ৯-৯ মাহৰ সাক্ষাৎ নাপায়। পৰিয়ালক লগ পোৱা নাই৷ কেৱল মানুহৰ জীৱন ৰক্ষা কৰি আছে। যেতিয়া দেশবাসীয়ে এয়া শুনিব, দেশ গৌৰৱান্বিত হ'ব যে আমি যুদ্ধত জয়ী হ'ম কিয়নো দীনেশ উপাধ্যায়ৰ দৰে লাখ লাখ লোক সক্ৰিয়ভাৱে জড়িত হৈ আছে।

দিনেশ- মহোদয়, আমি ক’ৰোনাক এদিন নহ’লে এদিন হ’লেও পৰাস্ত কৰিমেই৷

মোদী জী- ঠিক আছে দিনেশজী৷ আপোনাৰ এই ভাৱনাই দেশৰ শক্তি৷ অশেষ ধন্যবাদ৷ আৰু আপোনাৰ সন্তানক মোৰ আশীৰ্বাদ দিব৷

দিনেশ- ঠিক আছে মহোদয়, প্ৰণাম৷

মোদী জী- ধন্যবাদ৷

দিনেশ- প্ৰণাম প্ৰণাম৷

মোদী জী- ধন্যবাদ৷

বন্ধুসকল, দিনেশজীয়ে কোৱাৰ দৰে, যেতিয়া তেওঁ টেংকাৰ চলাই অক্সিজেন লৈ চিকিৎসালয়ত উপস্থিত হয়, এয়া ঈশ্বৰে প্ৰেৰণ কৰা বাৰ্তাবাহক যেন লাগে। আমি বুজি পাওঁ যে এই কামটো কিমান দায়বদ্ধ আৰু ইয়াত কিমান মানসিক চাপ জড়িত আছে।

বন্ধুসকল, প্ৰত্যাহ্বানৰ এই সময়তেই ভাৰতীয় ৰে'লৱেও অক্সিজেন পৰিবহণ সহজ কৰিবলৈ আগবাঢ়ি আহিছে। অক্সিজেন এক্সপ্ৰেছ, অক্সিজেন ৰে’লে পথেৰে যোৱা অক্সিজেন টেংকাৰতকৈ দেশৰ সকলো কোণলৈ অধিক অক্সিজেন পৰিবহণ কৰিছে। মাতৃ আৰু ভগ্নীসকলে শুনি গৌৰৱান্বিত হ'ব যে অক্সিজেন এক্সপ্ৰেছ সম্পূৰ্ণৰূপে মহিলাৰ দ্বাৰা চলোৱা হৈছে। দেশৰ প্ৰতিগৰাকী মহিলাই ইয়াৰ বাবে গৌৰৱান্বিত হ'ব। কেৱল সেয়াই নহয়, প্ৰতিজন ভাৰতীয়ই গৌৰৱান্বিত হ'ব। মই অক্সিজেন এক্সপ্ৰেছৰ পৰা লোকো-পাইলট শিৰিষা গজনীজীক 'মন কী বাত'লৈ আমন্ত্ৰণ জনাইছো।

মোদী জী- শিৰিষা জী, নমস্কাৰ!

শিৰিষা- নমস্কাৰ মহোদয়! আপুনি কেনে আছে?

মোদী জী- মই ভালে আছো৷ শিৰিষা জী, মই শুনিছো যে আপুনি ৰে’লৱে পাইলট হিচাপে কাম কৰি আছে আৰু মোক কোৱা হৈছে যে আপুনি কেৱল মহিলা কৰ্মচাৰীৰ সৈতে এই অক্সিজেন এক্সপ্ৰেছ চলাই আছে৷ শিৰিষা জী, আপুনি উৎকৃষ্ট কাম কৰি আছে৷ ক’ৰোনাৰ সময়ছোৱাত আপোনাৰ দৰে অনেক মহিলাই আগবাঢ়ি আহি ক’ৰোনাৰ সৈতে যুদ্ধত দেশক শক্তি প্ৰদান কৰিছে৷ আপুনি নাৰী শক্তিৰ অত্যুত্তম উদাহৰণ৷ কিন্তু দেশবাসীয়ে জানিবলৈ বিচাৰিব, আপুনি এই উৎসাহ কিদৰে পালে?

শিৰিষা- মহোদয়, এই উৎসাহ মই মোৰ পিতৃ-মাতৃৰ পৰা পাইছো৷ মোৰ দেউতা চৰকাৰী কৰ্মচাৰী৷ মোৰ দুজনী বাইদেউ আছে৷ ঘৰত তিনিগৰাকী মহিলা৷ কিন্তু মোৰ দেউতাই মোক কাম কৰিবলৈ উৎসাহ যোগাইছে৷ মোৰ প্ৰথম গৰাকী বাইদেৱে বেংকত চাকৰি কৰে আৰু মই ৰে’লৱেত৷ মোৰ অভিভাৱকে মোক উৎসাহিত কৰিছে৷

মোদী জী- আচ্ছা শিৰিষা জী, আপুনি সাধাৰণ দিনতো ৰে’লৱেত নিজৰ সেৱা আগবঢ়াইছে৷ ৰে’লো স্বাভাৱিক ধৰণে চলাইছে কিন্তু এতিয়া অক্সিজেনৰ ইমান চাহিদা আৰু আৰু আপুনি অক্সিজেন পৰিবহণ কৰাৰ সময়ত দায়িত্বও অধিক হৈছে৷ সাধাৰণ সামগ্ৰী লৈ যোৱাৰ কথা ভিন্ন, অক্সিজেন ইমান গুৰুত্বপূৰ্ণ সামগ্ৰী, কেনে অনুভৱ হৈছিল?

শিৰিষা- মই খুব সুখী অনুভৱ কৰিছো এই কাম কৰি৷ অক্সিজেন পৰিবহণৰ ক্ষেত্ৰত সুৰক্ষা, লীকেজ আজি বহু বস্তু চাবলগীয়া হৈছিল৷ তাৰ লগতে ভাৰতীয় ৰে’লৱেও খুব সহায় কৰিছে৷ এই অক্সিজেন ৰে’ল চলোৱাৰ বাবে মোক গ্ৰীণ ছিগনেল দিয়া হৈছিল, এই গাড়ী ১২৫ কিলোমিটাৰ প্ৰতি ঘণ্টাত চলাই ডেৰ ঘণ্টাত গন্তব্যস্থল পাইছিলো৷ ৰে’লৱেও এই দায়িত্ব গ্ৰহণ কৰিছিল, মইও এই দায়িত্ব গ্ৰহণ কৰিছিলো মহোদয়৷

মোদী জী- বাহ! শিৰিষা জী আপোনাক অভিনন্দন জনাইছো৷ আৰু আপোনাৰ পিতৃ-মাতৃক বিশেষ ৰূপত প্ৰণাম কৰিছো যিয়ে তিনিও গৰাকী কন্যাক প্ৰেৰণা দিছে আৰু উৎসাহ দিছে৷ আৰু মই ভাবো, এনে পিতৃ-মাতৃকো প্ৰণাম আৰু আপোনালোক সকলো ভগ্নীকো প্ৰণাম যিয়ে এই কাম কৰাৰ আৰু দেশক সেৱা কৰাৰ দায়িত্ব পালন কৰিছে৷ অশেষ ধন্যবাদ শিৰিষা জী৷

শিৰিষা জী- ধন্যবাদ মহোদয়৷ আপোনাৰ আশীৰ্বাদ লাগে মোক৷

মোদী জী- পৰমাত্মাৰ আশীৰ্বাদ সদায়েই আপোনাৰ ওপৰত থাকক, পিতৃ-মাতৃৰ আশীৰ্বাদ আপোনাৰ ওপৰত থাকক৷ ধন্যবাদ৷

শিৰিষা- ধন্যবাদ মহোদয়৷

বন্ধুসকল, আমি এইমাত্ৰ শিৰিষাজীৰ কথা শুনিলো। তেওঁলোকৰ অভিজ্ঞতাই অনুপ্ৰেৰণাও দিও আৰু আৱেগিকো কৰে। দৰাচলতে, এই যুঁজখন ইমানেই ডাঙৰ যে ৰে'লৱেৰ দৰে আমাৰ দেশখনে তিনিওটা পথ, জল, নভ উভয়তে কাম কৰি আছে। এফালে, বায়ু সেনাৰ বিমানেৰে অক্সিজেন প্ৰকল্পলৈ খালী টেংকাৰ পৰিবহণৰ কামো হৈ আছে, আনহাতে, নতুন অক্সিজেন প্ৰকল্প নিৰ্মাণৰ কামো সম্পূৰ্ণ কৰা হৈছে। একে সময়তে, বিদেশৰ পৰা অক্সিজেন, অক্সিজেন কনচেণ্ট্ৰেটৰ আৰু ক্ৰায়’জেনিক টেংকাৰবোৰো দেশলৈ অনা হৈছে। সেয়েহে, ই নৌসেনা, বায়ু সেনা, সেনা আৰু আমাৰ প্ৰতিষ্ঠানসমূহৰ DRDOৰ দৰে সংস্থাসমূহো জড়িত হৈ আছে। আমাৰ কিমানজন বিজ্ঞানী, উদ্যোগৰ বিশেষজ্ঞ আৰু টেকনিচিয়ানেও যুদ্ধৰ গতিত কাম কৰি আছে। সকলো দেশবাসী তেওঁলোকৰ সকলোৰে কাম জানিবলৈ আৰু বুজিবলৈ আগ্ৰহী। সেয়েহে, আমাৰ বায়ু সেনা গোটৰ কেপ্টেইন পাটনায়কজীয়ে আমাৰ সৈতে যোগদান কৰিছে।

মোদী জী- পাটনায়ক জী, জয় হিন্দ

গ্ৰুপ কেপ্টেইন- ছাৰ জয় হিন্দ৷ ছাৰ মই গ্ৰুপ কেপ্টেইন এ কে পাটনায়ক৷ বায়ুসেনা ষ্টেচন হিন্দনৰ পৰা কৈছো৷

মোদী জী- পাটনায়কজী, ক’ৰোনাৰ সৈতে যুঁজৰ সময়ত আপুনি এক বৃহৎ দায়িত্ব চম্ভালি আছে৷ সমগ্ৰ বিশ্বলৈ টেংকাৰ পৰিবহণ কৰিছে৷ মই জানিব বিচাৰো যে এজন সৈনিক হিচাপে আপুনি এক বেলেগ ধৰণৰ কাম কৰিছে৷ এনেয়ে মাৰিবলৈ দৌৰিব লাগে আৰু আজি আপুনি জীৱন বচাবলৈ দৌৰি আছে, কেনে অনুভৱ কৰিছে?

গ্ৰুপ কেপ্টেইন- ছাৰ, সংকটৰ এই সময়ত আমি দেশবাসীক সহায় কৰিবলৈ পাই সুখী অনুভৱ কৰিছো আৰু এয়া আমাৰ বাবে সৌভাগ্যৰ কথা৷ এই মিছন আমি ভালদৰেই সম্পন্ন কৰিছো৷ আমাৰ প্ৰশিক্ষণ আৰু সমৰ্থন সেৱা যি  আছে, আমাক পূৰ্ণৰূপে সহায় কৰিছে আৰু কাম কৰি খুব ভাল লাগিছে৷ আৰু সেইবাবেই আমি নিৰন্তৰে কাম কৰিব পাৰিছো৷

মোদী জী- কেপ্টেইন, এইকেইটা দিনত আপুনি যি প্ৰয়াস কৰিছে সেয়া অতিশয় কম সময়ত কৰিবলগীয়া হৈছে৷ আপোনাৰ অনুভৱ কেনে?

গ্ৰুপ কেপ্টেইন- ছাৰ, যোৱা এটা মাহত আমি অহৰহ অক্সিজেন টেংকাৰ আৰু তৰল অক্সিজেন কণ্টেইনাৰ দেশ আৰু বিদেশৰ পৰা পৰিবহণ কৰিছো৷ প্ৰায় ১৬০০ত কৈও অধিক ছ’ৰ্টীজ (sorties) বায়ু সেনা বাহিনীয়ে কৰিছে আৰু ৩০০০ত কৈও অধিক ঘণ্টা আমি উৰিছো৷  প্ৰায় ১৬০টা আন্তৰ্জাতিক মিছন সম্পন্ন কৰিছো৷ পূৰ্বে যি অক্সিজেন টেংকাৰ দেশত পৰিবহণ কৰিবলৈ ২ৰ পৰা ৩দিন লাগিছিল এতিয়া সেয়া ২ ঘণ্টাৰ পৰা ৩ঘণ্টাতে সম্পন্ন হৈছে৷ আন্তৰ্জাতিক মিছনবোৰো ২৪ ঘণ্টাই সম্পন্ন হৈছে৷

মোদী জী- কেপ্টেইন, আপুনি বিদেশৰ কোন কোন স্থানলৈ গৈছে?

গ্ৰুপ কেপ্টেইন- ছাৰ, আমি  ছিংগাপুৰ, ডুবাই, বেলজিয়াম, জাৰ্মানী আৰু ব্ৰিটেইনলৈ গৈছো৷ এইবোৰ ঠাইলৈ গৈছে  , IL-76, C-17 বিমান৷ আৰু অতিশয় কম সময়ৰ ভিতৰত গৈছে C-130  যিয়ে মিছন সম্পন্ন কৰিছে৷ আমাৰ প্ৰশিক্ষণ আৰু উৎসাহৰ ফলতেই আমি সময়মতে এই অভিযান সম্পন্ন কৰিব পাৰিছো ছাৰ৷

মোদী জী- আমাৰ দেশবাসীয়ে এইটো কথাত গৌৰৱ কৰে যে জলেই হওক, নভেই হওক, আমাৰ সকলো জোৱানে ক’ৰোনাৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে আৰু কেপ্টেইন আপুনি আপোনাৰ দায়িত্ব সুন্দৰ ধৰণে পালন কৰিছে৷ আপোনাক অভিনন্দন জনাইছো৷

গ্ৰুপ কেপ্টেইন- ধন্যবাদ ছাৰ৷ আমি সম্পূৰ্ণ প্ৰয়াস কৰিছো আৰু মোৰ সৈতে মোৰ কন্যা অদিতিও আছে৷

মোদী জী- আৰে ৱাহ!

অদিতি- নমস্কাৰ মোদীজী৷

মোদী জী- নমস্কাৰ নমস্কাৰ অদিতি৷ আপোনাৰ বয়স কিমান?

অদিতি- মোৰ বয়স বাৰ বছৰ আৰু মই অষ্টম শ্ৰেণীত পঢ়ো৷

মোদী জী- আপোনাৰ পিতৃতো বাহিৰত থাকে, ইউনিফৰ্মত থাকে৷

অদিতি- হয়৷ তেওঁক লৈ মই গৌৰৱ কৰো৷ তেওঁ কিমান গুৰুত্বপূৰ্ণ কাম কৰি আছে৷ ক’ৰোনাত আক্ৰান্ত লোকসকলক সহায় কৰি আছে, ইমানবোৰ দেশৰ পৰা অক্সিজেন টেংকাৰ আনিছে, কণ্টেইনাৰ আনিছে৷

মোদী জী- আপুনিতো দেউতাক খুব মিছ কৰে ন?

অদিতি- হয়, মই খুব মিছ কৰো৷ আজিকালি তেওঁ ঘৰলৈ আহিবলৈ বেছি সময় নাপায়৷ ইমানবোৰ আন্তৰ্জাতিক ফ্লাইট আৰু কণ্টেইনাৰ তথা টেংকাৰবোৰ উৎপাদন প্ৰকল্পলৈ লৈ যোৱা হৈছে যাতে ক’ৰোনাত পীড়িত লোকসকলে সময়মতে অক্সিজেন লাভ কৰে৷

মোদী জী- এই অক্সিজেনৰ বাবে জনসাধাৰণ প্ৰাণ ৰক্ষা পৰাৰ বিষয়টো এতিয়া ঘৰে ঘৰে গম পাইছে৷

অদিতি- হয়৷

মোদী জী- যেতিয়া তোমাৰ বন্ধুবৰ্গই গম পায় যে তোমাৰ দেউতাই অক্সিজেন পৰিবহণৰ সৈতে জড়িত, তেতিয়া তোমাকো খুব আদৰেৰে চায় নহয় জানো?

অদিতি- হয়, মোৰ সকলো বন্ধুৱে কয় যে তোমাৰ দেউতাই এনে গুৰুত্বপূৰ্ণ কাম কৰি আছে, তেতিয়া মোৰ গৌৰৱ অনুভৱ হয়৷ আৰু মোৰ পৰিয়ালৰ আটাইবোৰ লোকে দেউতাক লৈ গৌৰৱ অনুভৱ কৰে৷ যিসকল চিকিৎসক, সশস্ত্ৰ বাহিনী, আটায়ে দিনে-ৰাতিয়ে কাম কৰি আছে আৰু মোৰ বিশ্বাস যে আটাইৰে প্ৰয়াসত আমি ক’ৰোনাৰ বিৰুদ্ধে নিশ্চিতভাৱে জয়ী হ’ম৷

মোদী জী- আমাৰ ইয়াত কোৱা হয় যে যেতিয়া ছোৱালীয়ে কথা কয় তেতিয়া তেওঁৰ শব্দত সৰস্বতী বিৰাজমান হয়৷ আৰু যেতিয়া অদিতিয়ে কৈছে আমি নিশ্চিতভাৱে জয়ী হ’ম তেতিয়া এয়া ঈশ্বৰৰ বাণী হৈ পৰে৷ আচ্ছা, অদিতি, এতিয়াটো অনলাইনত পঢ়ি আছা তুমি?

অদিতি- হয়, এতিয়া আমাৰ ইয়াত অনলাইন পাঠ্যক্ৰম চলি আছে আৰু আমি সম্পূৰ্ণ সাৱধানতা গ্ৰহণ কৰিছো৷ বাহিৰলৈ গ’লে ডাবল মাস্ক পিন্ধো৷

মোদী জী- আচ্চা, তোমাৰ হবী কি?

অদিতি- মোৰ হবী হ’ল সাঁতোৰা৷ বাস্কেটবলো খেলো৷ কিন্তু এতিয়া বন্ধ বৈ পৰিছে৷ লকডাউনৰ সময়ছোৱাত মই বেকিং আৰু কুকিং শিকিছো৷ দেউতা অহাৰ পিছত মই তেওঁলৈ কুকীজ আৰু কেক বনাও৷

মোদী জী- ৱাহ ৱাহ ৱাহ! বহু দিনৰ পিছত তুমি দেউতাৰ সৈতে সময় কটোৱাৰ সুযোগ পাইছা৷ বহুত ভাল লাগিল আৰু কেপ্টেইন আপোনাকো অভিনন্দন জনাইছো৷ আৰু কেৱল আপোনাকেই নহয়,  আমাৰ আটাইবোৰ সশস্ত্ৰ বাহিনী, জল, থল, নভ সকলোকে ছেলুট জনাইছো৷ ধন্যবাদ ভাই৷

গ্ৰুপ কেপ্টেইন- ধন্যবাদ ছাৰ৷

বন্ধুসকল, এই যোদ্ধাসকলে কৰা কামৰ বাবে দেশে এই জোৱানসকলক অভিবাদন জনাইছে। এইদৰে লাখ লাখ লোক দিন-ৰাতিয়ে ব্যস্ত হৈ থাকে। তেওঁলোকে কৰি থকা কামটো তেওঁলোকৰ নিয়মীয়া কামৰ অংশ নহয়। এশ বছৰৰ পিছত পৃথিৱীলৈ এনে ধৰণৰ দুৰ্যোগ আহিছে, আৰু এটা শতিকাৰ পিছত ইমান ডাঙৰ সংকট! সেয়েহে, কাৰো এনে কামৰ কোনো অভিজ্ঞতা নাছিল। দেশৰ প্ৰতি সেৱাৰ অনুভূতি আছে আৰু ইয়াৰ আঁৰত ইচ্ছাশক্তি আছে। সেইকাৰণে দেশখনে সেইটো কৰিছে যিটো আগতে কেতিয়াও হোৱা নাছিল।  আপুনি অনুমান কৰিব পাৰে, সাধাৰণ দিনত ইয়াত এটা দিনত ৯০০ মেট্ৰিক টন, তৰল চিকিৎসা অক্সিজেন উৎপাদন হৈছিল। এতিয়া, ই ১০ গুণতকৈ অধিক বৃদ্ধি হৈ প্ৰতিদিনে প্ৰায় ৯৫০০ মেট্ৰিক টন হৈছে। আমাৰ যোদ্ধাসকলে এই অক্সিজেন দেশৰ দূৰদূৰণিলৈ লৈ গৈছে।

মোৰ মৰমৰ দেশবাসীসকল, দেশখনত অক্সিজেন বিতৰণৰ বাবে বহুতো প্ৰচেষ্টা কৰা হৈছে, ইমান মানুহ একত্ৰিত হৈছে, নাগৰিকসকলক অনুপ্ৰাণিত কৰাৰ দৰে এই সকলোবোৰ কাম হৈছে। সকলোৱে একত্ৰিত হৈ তেওঁলোকৰ কৰ্তব্য পালন কৰিছে। বাংগালুৰুৰ উৰ্মিলাজীয়ে মোক কৈছিল যে তেওঁৰ স্বামী লেব টেকনিচিয়ান আৰু তেওঁ কেনেকৈ বহুতো প্ৰত্যাহ্বানৰ মাজতো নিৰন্তৰে কাম কৰি আছে সেয়াও বৰ্ণনা কৰিছে।

বন্ধুসকল, ক’ৰোনাৰ আৰম্ভণিতে দেশত মাত্ৰ এটা পৰীক্ষাগাৰ আছিল, কিন্তু আজি ২৫০০ ৰো অধিক পৰীক্ষাগাৰে কাম কৰি আছে। আৰম্ভণিতে, এদিনত কেইশটামানহে পৰীক্ষা কৰিব পৰা গৈছিল, এতিয়া এদিনত ২০ লাখতকৈও অধিক পৰীক্ষা অনুষ্ঠিত হৈছে। এতিয়ালৈকে, দেশত ৩৩ কোটিতকৈও অধিক নমুনা পৰীক্ষা কৰা হৈছে। এই সহকৰ্মীসকলৰ কাৰণে এই মহান কামটো সম্ভৱ হৈছে। নমুনা সংগ্ৰহৰ কামত বহু কেইজন ফ্ৰণ্টলাইন কৰ্মী নিয়োজিত হৈ আছে। সংক্ৰমিত ৰোগীসকলৰ মাজত যোৱা, তেওঁলোকৰ নমুনা লোৱাটো এক সেৱা। নিজকে সুৰক্ষিত কৰিবলৈ, এই সংগীসকলে এনে গৰমতো নিৰন্তৰে পিপিই কিট পিন্ধিবই লাগিব। ইয়াৰ পিছত নমুনা পৰীক্ষাগাৰত উপনীত হয়। সেয়েহে, যেতিয়া মই আপোনাৰ সকলো পৰামৰ্শ আৰু প্ৰশ্ন পঢ়ি আছিলো, মই সিদ্ধান্ত লৈছিলো যে আমাৰ এই সহকৰ্মীসকলৰ বিষয়েও আলোচনা কৰিব লাগিব। তেওঁলোকৰ অভিজ্ঞতাই আমাক বহুত কথা জানিবলৈ দিব। সেয়েহে, আমি আমাৰ সহকৰ্মী প্ৰকাশ কান্দপালজীৰ সৈতে কথা পাতোঁ, যি দিল্লীত লেব টেকনিচিয়ান হিচাপে কাম কৰে।

মোদী জী- প্ৰকাশজী নমস্কাৰ৷

প্ৰকাশ জী- নমস্কাৰ আদৰণীয় প্ৰধানমন্ত্ৰী জী৷

মোদী জী- প্ৰকাশজী, প্ৰথমে,  'মন কী বাত'ৰ আমাৰ সকলো শ্ৰোতাক বিষয়ে নিজৰ বিষয়ে কওক। আপুনি কিমান দিন ধৰি এই কামটো কৰি আছে আৰু ক’ৰোনাৰ সময়ত আপুনি কি অনুভৱ কৰিছে কিয়নো দেশৰ মানুহে ইয়াক টিভি বা বাতৰি কাকতত নেদেখে। তথাপিও তেওঁলোকে পৰীক্ষাগাৰত ঋষিৰ দৰে কাম কৰি আছে। সেয়েহে, মই আপোনাক ক'ব বিচাৰো যে যেতিয়া আপুনি এই কথা জনাব, দেশবাসীয়েও জানিব পাৰিব যে দেশত কেনেদৰে কাম কৰা হৈছে।

প্ৰকাশ জী- মই যোৱা ১০ বছৰ ধৰি দিল্লী চৰকাৰৰ স্বায়ত্তশাসিত প্ৰতিষ্ঠান ইনষ্টিটিউট অৱ লিভাৰ এণ্ড বিলিয়াৰী ছাইন্সেছ নামৰ এখন চিকিৎসালয়ত লেব টেকনিচিয়ান হিচাপে কাম কৰি আছোঁ। মোৰ স্বাস্থ্য ক্ষেত্ৰত অভিজ্ঞতা হৈছে ২২ বছৰ। আনকি আই.এল.বি.এছ.-ৰ আগতে, মই দিল্লীৰ এপ’ল’ হস্পিটেল, ৰাজীৱ গান্ধী কৰ্কট চিকিৎসালয়, ৰোটাৰী ব্লাড বেংকৰ দৰে প্ৰতিষ্ঠিত প্ৰতিষ্ঠানত কাম কৰিছো। ছাৰ, যদিও মই সকলো ঠাইতে ৰক্ত কোষ বিভাগত সেৱা আগবঢ়াইছো, যোৱা বছৰ ১ এপ্ৰিল, ২০২০ ৰ পৰা, মই আইএলবিএছৰ ভাইৰোলজি বিভাগৰ অধীনত ক’ভিড পৰীক্ষাগাৰত কাম কৰি আছো। অৱশ্যে, ক’ভিড মহামাৰীয়ে সকলো স্বাস্থ্য আৰু স্বাস্থ্য সম্পদৰ ওপৰত যথেষ্ট চাপৰ সৃষ্টি কৰিছিল, কিন্তু মই ব্যক্তিগতভাৱে এই সংঘাতৰ সময়টোক এক সুযোগ বুলি বিবেচনা কৰো৷  যেতিয়া ৰাষ্ট্ৰ, মানৱতা, সমাজে আমাক আমাৰ তুলনাত অধিক দায়িত্ব, সহযোগিতা, অধিক ক্ষমতা আৰু অধিক ক্ষমতা প্ৰদৰ্শন কৰিব বুলি আশা কৰে৷ আৰু, ছাৰ, যেতিয়া আমি ৰাষ্ট্ৰ, মানৱতা, সমাজৰ আশা অনুসৰি আমাৰ স্তৰত আশা কৰা ধৰণে কাম কৰো, যি এটা মাত্ৰ টোপালৰ সমান, আমি ইয়াক পালন কৰাৰ সময়ত গৌৰৱৰ অনুভূতি হয়। কেতিয়াবা, যেতিয়া আমাৰ পৰিয়ালৰ সদস্যসকলেও শংকা বা অলপ ভয় কৰে, মই তেওঁলোকক মনত পেলাই দিওঁ যে আমাৰ বিপদাশংকা আমাৰ দেশৰ জোৱানসকলৰ তুলনাত কম যিসকলে সদায় তেওঁলোকৰ পৰিয়ালৰ পৰা আঁতৰত সীমাত অদ্ভূত আৰু অস্বাভাৱিক পৰিস্থিতিত দেশক সুৰক্ষা দি থাকে। গতিকে তেওঁলোকেও এইটো বুজি পায় আৰু তেওঁলোকে মোৰ সৈতে এক প্ৰকাৰে সহযোগিতা কৰে আৰু এই দুৰ্যোগত যিকোনো সহযোগিতাত তেওঁলোকেও তেওঁলোকৰ ভূমিকা পালন কৰে।

মোদী জী- প্ৰকাশজী, এফালে,চৰকাৰে সকলোকে দূৰত্ব বজাই ৰাখিবলৈ কৈছে- দূৰত্ব ৰাখিব, ক’ৰোনাত ইজনে সিজনৰ পৰা আঁতৰি থাকিব। আৰু আপুনি সন্মুখত থাকি ক’ৰোনা বেক্টেৰিয়াৰ মাজতে সহৱস্থান কৰি আছে। সেয়েহে এইটো এক নিজেই জীৱনৰ বাবে বিপদাপন্ন ঘটনা, পৰিয়ালৰ লোকে চিন্তা কৰাটো অতি স্বাভাৱিক। কিন্তু তথাপিও, এই লেব টেকনিচিয়ানৰ কামটো সাধাৰণ সংযোগৰ ভিতৰত এটা। আৰু এনে মহামাৰী পৰিস্থিতিত আপুনি সেইটোৱেই কৰি আছে। গতিকে কামৰ সময়বোৰ নিশ্চয় অত্যাধিক হৈছে? আপোনাকে পৰীক্ষাগাৰৰ পৰা নিশা উভতিব লাগে? কিয়নো ইমান কোটি মানুহৰ পৰীক্ষা হৈ আছে, বোজাও বাঢ়িছে? কিন্তু আপোনালোকে নিজৰ সুৰক্ষাৰ যত্ন লয় নে নলয়?

প্ৰকাশ জী- নিশ্চয় ৰাখো ছাৰ। আমাৰ আইএলবিএছৰ পৰীক্ষাগাৰটো বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা স্বীকৃত। গতিকে সকলো প্ৰট’কল আন্তৰ্জাতিক মানদণ্ডৰ, আমি তিনিটা স্তৰৰ পোচাকেৰে পৰীক্ষাগাৰলৈ যাওঁ আৰু কাম কৰো। আৰু লেবেল আৰু পৰীক্ষাৰ সম্পূৰ্ণ প্ৰট’ক’ল থাকে আৰু সেই প্ৰট’ক’লৰ অধীনত কাম হয়। সেয়েহে ছাৰ এইটোও এটা ভগৱানৰ অনুগ্ৰহ যে মোৰ পৰিয়াল আৰু মোৰ বেছিভাগ পৰিচিত যি এতিয়ালৈকে এই সংক্ৰমণৰ পৰা বাচি আছে। গতিকে এটা কথা, যদি আপুনি সাৱধান হয় আৰু সংযম অৱলম্বন কৰে, আপুনি ইয়াক অলপ এৰাই চলিব পাৰে।

মোদী জী- প্ৰকাশজী, আপোনাৰ দৰে হাজাৰ হাজাৰ লোকে যোৱা এবছৰ ধৰি পৰীক্ষাগাৰত কাম কৰি আছে আৰু ইমান খিনি কৰি আছে। তেওঁলোকে বহুতো লোকক বচাবলৈ কাম কৰি আছে। যি কথা দেশে আজি জানে। কিন্তু প্ৰকাশজী, মই আপোনাৰ জৰিয়তে আপোনাৰ সকলো সহকৰ্মীক আন্তৰিকতাৰে ধন্যবাদ জনাইছো। দেশবাসীৰ হৈ মই আপোনাক ধন্যবাদ জনাইছো। আৰু আপুনি স্বাস্থ্যৱান হৈ থাকে। আপোনাৰ পৰিয়াল স্বাস্থ্যৱান হওক। মই আপোনালোকক শুভকামনা জনাইছো।

প্ৰকাশ জী- ধন্যবাদ প্ৰধানমন্ত্ৰী জী৷ মই আপোনাৰ ওচৰত কৃতজ্ঞ যে আপুনি মোক এই সুবিধা প্ৰদান কৰিলে৷

মোদী জী- ধন্যবাদ ভাই ৷

বন্ধুসকল, এক প্ৰকাৰে, মই ভাই প্ৰকাশজীৰ সৈতে কথা পাতিছো, কিন্তু হাজাৰ হাজাৰ লেব টেকনিচিয়ানৰ সেৱা আগবঢ়োৱাৰ সুবাস আমাৰ ওচৰলৈ আহিছে। এই বিষয়বোৰে কেৱল হাজাৰ হাজাৰ লোকৰ সেৱা প্ৰদৰ্শন কৰাই নহয় অদ্যপি আমাৰ সকলোৰে দায়িত্ববোধো আছে। ভাই প্ৰকাশজীৰ দৰে আমাৰ সহকৰ্মীসকলে যিমানেই কাম কৰি আছে, সিমানেই তেওঁলোকৰ সহযোগিতাই ক’ৰোনাক পৰাস্ত কৰাত সহায় কৰিব।

মোৰ মৰমৰ দেশবাসীসকল, আমি আমাৰ 'ক’ৰোনা যোদ্ধা'ৰ বিষয়ে কথা পাতি আছিলো। যোৱা ডেৰ বছৰত, আমি যথেষ্ট নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰম দেখিছো। কিন্তু দেশৰ আন বহু যোদ্ধাইও এই যুঁজত এক ডাঙৰ ভূমিকা পালন কৰিছে। আপুনি ভাবক, আমাৰ দেশত ইমান ডাঙৰ সংকট, ই দেশৰ প্ৰতিটো ব্যৱস্থাক প্ৰভাৱিত কৰিছে। কৃষি ব্যৱস্থাই আক্ৰমণৰ পৰা নিজকে যথেষ্ট পৰিমাণে সুৰক্ষিত কৰিছিল। কেৱল ইয়াক সুৰক্ষিত ৰখাই নহয়, লগতে আগবাঢ়িও গৈছিল, ইয়াৰ প্ৰগতি হৈছিল! আপুনি জানেনে যে এই মহামাৰীতো আমাৰ কৃষকসকলে অভিলেখ সংখ্যক উৎপাদন কৰিছে? যেতিয়া কৃষকসকলে অভিলেখ সংখ্যক উৎপাদন কৰিছিল, সেই সময়তে দেশখনেও অভিলেখ সংখ্যক শস্য ক্ৰয় কৰিছে। এইবাৰ, বহু ঠাইত, কৃষকসকলে সৰিয়হৰ বাবে এমএছপি মূল্যতকৈ অধিক লাভ কৰিছে। অভিলেখ সংখ্যক খাদ্যশস্য উৎপাদনৰ বাবেই আমাৰ দেশে প্ৰতিজন দেশবাসীক শক্তিশালী কৰিবলৈ সক্ষম হৈছে। আজি এই সংকটত ৮০ কোটি দৰিদ্ৰ লোকক বিনামূলীয়া ৰেচন প্ৰদান কৰা হৈছে যাতে দৰিদ্ৰ লোকসকলৰ ওচৰত এনে এটা দিন নাহক যিদিনা তেওঁলোকৰ পাকঘৰত জুহালত জুই নজ্বলক।

বন্ধুসকল, আজি আমাৰ দেশৰ কৃষকসকলে বহুতো ক্ষেত্ৰত নতুন ব্যৱস্থাৰ সুযোগ লৈ বিস্ময়কৰ কাম কৰি আছে। উদাহৰণ স্বৰূপে, আগৰতলাৰ কৃষকসকলক চাওক! এই কৃষকসকলে অতি ভাল কঁঠাল উৎপাদন কৰে। যিহেতু ইয়াৰ দেশ-বিদেশত চাহিদা আছে, এইবাৰ আগৰতলাৰ কৃষকসকলৰ কঁঠাল ৰেলেৰে গুৱাহাটীলৈ আনিছিল। এই কঁঠালবোৰ এতিয়া গুৱাহাটীৰ পৰা লণ্ডনলৈ প্ৰেৰণ কৰা হৈছে। একেদৰে, আপুনি নিশ্চয় বিহাৰৰ 'শাহী লিচ্চি'ৰ নাম শুনিছে। ২০১৮ চনত, চৰকাৰে ইয়াৰ পৰিচয় শক্তিশালী কৰিবলৈ আৰু কৃষকসকলক অধিক লাভান্বিত কৰিবলৈ শাহী লিচ্চিক এটা জিআই টেগ দিছিল। এইবাৰ, বিহাৰৰ এই 'শাহী লিচ্চি'ও বিমানেৰে লণ্ডনলৈ প্ৰেৰণ কৰা হৈছে। পূবৰ পৰা পশ্চিমলৈ, উত্তৰৰ পৰা দক্ষিণলৈ, আমাৰ দেশত এনে অনন্য সোৱাদ আৰু সামগ্ৰীৰে পৰিপূৰ্ণ। দক্ষিণ ভাৰতত, আপুনি নিশ্চয় বিজয়নগৰমৰ আমৰ বিষয়ে শুনিছে? এতিয়া কোনে এই আমবোৰ খাব নিবিচাৰে! সেয়েহে, এতিয়া কিষাণ-ৰেলত শ শ টন বিজয়নগৰম আম দিল্লীত উপস্থিত হৈছে। দিল্লী আৰু উত্তৰ ভাৰতৰ মানুহে বিজয়নগৰম আমৰ সোৱাদ লাভ কৰিব আৰু বিজয়নগৰমৰ কৃষকসকলে ভাল উপাৰ্জন কৰিব। কিষাণ-ৰেলে এতিয়ালৈকে প্ৰায় ২ লাখ টন উৎপাদন পৰিবহণ কৰিছে। এতিয়া কৃষকসকলে অতি কম মূল্যত দেশৰ আন দূৰৱৰ্তী অঞ্চললৈ ফল, পাচলি, খাদ্যশস্য প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে।

মোৰ মৰমৰ দেশবাসীসকল, আজি ৩০ মে'ত 'মন কী বাত'ত কথা পাতিছো আৰু ঘটনাক্ৰমে এই চৰকাৰৰ ৭ম বাৰ্ষিকীৰ সময়ো আহি পৰিছে। বিগত বছৰবোৰত, দেশখনে 'সবকা সাথ, সবকা বিকাশ, সবকা-বিশ্বাস' মন্ত্ৰত আগবাঢ়ি গৈছে। আমি সকলোৱে প্ৰতিটো মুহূৰ্তত সমৰ্পণেৰে দেশৰ সেৱাত কাম কৰিছো। বহু সহকৰ্মীয়ে মোক মন কী বাতত আমাৰ এই ৭ বছৰীয়া সাধাৰণ পৰিক্ৰমাৰ বিষয়ে আলোচনা কৰিবলৈ কৈ পত্ৰ প্ৰেৰণ কৰিছে। বন্ধুসকল, এই ৭ বছৰত যি সফলতা লাভ কৰা হৈছে সেয়া হৈছে দেশৰ, দেশবাসীৰ। আমি বহু বছৰ ধৰি একেলগে ৰাষ্ট্ৰীয় গৌৰৱৰ বহুতো মুহূৰ্ত অনুভৱ কৰিছো। যেতিয়া আমি দেখিছোঁ যে ভাৰত এতিয়া আন দেশৰ চিন্তা আৰু চাপৰ অধীনত নহয়, ই নিজৰ সংকল্পৰ দ্বাৰা আগবাঢ়িছে, আমি সকলোৱে ইয়াকে লৈ গৌৰৱান্বিত। যেতিয়া আমি দেখিম যে ভাৰতে ইয়াৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা সকলক উপযুক্ত প্ৰত্যুত্তৰ দিয়ে তেতিয়া আমাৰ আত্মবিশ্বাস অধিক বৃদ্ধি পায়। যেতিয়া ভাৰতে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিষয়ত আপোচ নকৰে, যেতিয়া আমাৰ বাহিনীৰ শক্তি বৃদ্ধি হয়, আমি অনুভৱ কৰো যে হয়, আমি সঠিক পথত আছো।

বন্ধুসকল, মই দেশৰ সকলো কোণৰ পৰা বহুতো দেশবাসীৰ পৰা বাৰ্তা, তেওঁলোকৰ চিঠি লাভ কৰো। বহুলোকে ৭০ বছৰৰ ভিতৰত প্ৰথমবাৰলৈ তেওঁলোকৰ গাওঁবোৰত বিদ্যুত সংযোগ কৰা হৈছে বাবে দেশক ধন্যবাদ জনাইছে, তেওঁলোকৰ পুত্ৰ আৰু কন্যাসকলে পোহৰত অধ্যয়ন কৰি আছে, ফেনৰ বতাহৰ তলত পঢ়ি আছে। বহুলোকে কয় যে আমাৰ গাওঁখন এতিয়া এটা পকী ৰাস্তাৰে চহৰখনৰ সৈতে সংযুক্ত হৈ আছে। মোৰ মনত আছে যে এটা জনজাতীয় অঞ্চলৰ কিছুমান সহকৰ্মীয়ে মোলৈ এটা বাৰ্তা প্ৰেৰণ কৰিছিল যে ৰাস্তাটো নিৰ্মাণ হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে তেওঁলোকে অনুভৱ কৰিছিল যে তেওঁলোকেও পৃথিৱীৰ অন্য প্ৰান্তৰ সৈতে সংযোজিত হৈথে। একেদৰে, যদি কোনোবাই বেংক একাউণ্ট খোলাৰ আনন্দ ভাগ বতৰা কৰে, কোনোবাই মোক বিভিন্ন আঁচনিৰ সহায়ত যদি নতুন ৰোজগাৰ লাভ কৰে তেতিয়া তেওঁলোকে নিজৰ আনন্দত মোকো আমন্ত্ৰণ জনায়।

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত এটা ঘৰ পোৱাৰ পিছত, গৃহ প্ৰৱেশ আয়োজনৰ বাবে আমাৰ দেশবাসীৰ পৰা নিৰন্তৰ ভাৱে বহুতো নিমন্ত্ৰণ পাই আহিছো। এই ৭ বছৰত, মই আপোনালোকৰ সৈতে লক্ষাধিক সুখত যোগদান কৰিছো। মাত্ৰ কেইদিনমান আগতে, গাওঁ এখনৰ এটা পৰিয়ালে মোক জল জীৱন মিছনৰ অধীনত ঘৰটোত স্থাপন কৰা পানীৰ টেপৰ এখন ফটো প্ৰেৰণ কৰিছিল। তেওঁ ফটোখনৰ শিৰোনাম লিখিছিল - 'মোৰ গাঁৱৰ জীৱনধাৰা'। এনেকুৱা বহুতো পৰিয়াল আছে। স্বাধীনতাৰ পিছত ৭টা দশকত, আমাৰ দেশৰ মাত্ৰ ৩.৫ কোটি গ্ৰাম্য পৰিয়ালৰ পানীৰ সংযোগ আছিল। কিন্তু কেৱল যোৱা ২১ মাহত, ৪.৫ কোটি ঘৰক বিশুদ্ধ পানীৰ সংযোগ দিয়া হৈছে। ইয়াৰে ১৫ মাহ ক’ৰোনাৰ সময় আছিল! দেশত 'আয়ুষ্মান যোজনা'ৰ পৰা একে ধৰণৰ নতুন বিশ্বাসৰ সৃষ্টি হৈছে। যেতিয়া এজন দৰিদ্ৰ ব্যক্তিয়ে বিনামূলীয়া চিকিৎসা লৈ স্বাস্থ্যৱান হৈ ঘৰলৈ আহে, তেওঁ অনুভৱ কৰে যে তেওঁ এক নতুন জীৱন লাভ কৰিছে। তেওঁ বিশ্বাস কৰে যে দেশখন তেওঁৰ সৈতে আছে। এনে বহুতো পৰিয়ালৰ আশীৰ্বাদ, লাখ লাখ মাতৃৰ আশীৰ্বাদৰ সৈতে, আমাৰ দেশ দৃঢ়ভাৱে উন্নয়নৰ দিশে আগবাঢ়িছে।

বন্ধুসকল, এই ৭ বছৰত ভাৰতে 'ডিজিটেল লেনদেন'ত বিশ্বক এক নতুন দিশ দেখুৱাবলৈ কাম কৰিছে। আজি যিকোনো স্থানত আপোনাৰ ডিজিটেল পৰিশোধ যিমানে সহজ হয়, ক’ৰোনাৰ এই সময়ত ই সিমানেই উপযোগী হয়। আজি দেশবাসীৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি গুৰুত্ব আৰু সতৰ্কতা বৃদ্ধি পাইছে। আমি অভিলেখ সংখ্যক উপগ্ৰহ উৎক্ষেপণ কৰি আছো আৰু অভিলেখ সংখ্যক পথ নিৰ্মাণ কৰি আছো। কেৱল এই ৭ বছৰত, দেশৰ বহুতো পুৰণি বিবাদো সম্পূৰ্ণ শান্তি আৰু সম্প্ৰীতিৰে সমাধান কৰা হৈছে। উত্তৰ-পূৰ্বাঞ্চলৰ পৰা কাশ্মীৰলৈকে শান্তি আৰু উন্নয়নৰ এক নতুন আত্মবিশ্বাস জাগ্ৰত হৈছে। বন্ধুসকল, আপোনালোকে ভাবিছেনে, এই ৭ বছৰত এই সকলোবোৰ কাম কেনেদৰে কৰা হৈছে যিবোৰ দশকতো কৰিব পৰা নহৈছিল? এই সকলোবোৰ সম্ভৱ হৈছিল কিয়নো এই ৭ বছৰত আমি চৰকাৰ আৰু জনতাতকৈ অধিক এখন দেশ হিচাপে কাম কৰিছিলো, এটা দল হিচাপে কাম কৰিছিলো, 'টীম ইণ্ডিয়া' হিচাপে কাম কৰিছিলো। প্ৰতিজন নাগৰিকে দেশখনক আগুৱাই নিয়াৰ বাবে একাধিক পদক্ষেপ গ্ৰহণ কৰিবলৈ চেষ্টা কৰিছে। হয়! য'ত সফলতা হয়, তাত পৰীক্ষাও আছে। এই ৭ বছৰত, আমি বহুতো কঠিন পৰীক্ষাত একেলগে অৱতীৰ্ণ হৈছো আৰু প্ৰতিবাৰেই আমি শক্তিশালী হৈ ওলাই আহিছো। ক’ৰোনা মহামাৰী হিচাপে, ইমান ডাঙৰ পৰীক্ষা নিৰন্তৰ ভাৱে চলি আছে। এইটো এক সংকট যিয়ে সমগ্ৰ বিশ্বক অসুবিধাত পেলাইছে, কিমান জন লোকে তেওঁলোকৰ প্ৰিয়জনক হেৰুৱাইছে। আনকি ডাঙৰ দেশবোৰেও ইয়াৰ ধ্বংসৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হোৱা নাই। ভাৰতে এই গোলকীয় মহামাৰীৰ মাজত 'সেৱা আৰু সহযোগিতা'ৰ সংকল্প লৈ আগবাঢ়ি আহিছে। আমি প্ৰথম ঢৌতো সম্পূৰ্ণ উৎসাহেৰে যুঁজ দিছিলো, এইবাৰো, ভাৰতে ভাইৰাছটোৰ বিৰুদ্ধে চলি থকা যুঁজত জয়ী হ'ব। সেয়া 'দুই গজৰ দূৰত্ব', ‘মাস্কৰ নিয়ম’ বা ভেকছিনেই হওক, আমি শিথিল হ'ব নালাগে। এইটোৱেই আমাৰ বিজয়ৰ পথ। আগন্তুক সময়ত যেতিয়া আমি 'মন কী বাত'ত লগ পাম, আমি আমাৰ দেশবাসীৰ আৰু বহুতো অনুপ্ৰেৰণাদায়ক উদাহৰণৰ বিষয়ে কথা পাতিম আৰু নতুন বিষয়ে আলোচনা কৰিম। আপোনালোকে মোক এনেদৰে আপোনাৰ পৰামৰ্শ প্ৰেৰণ কৰি থাকিব। আপোনালোক সকলোৱে স্বাস্থ্যৱান হওক, দেশখন আগবাঢ়ি থাকক। অশেষ ধন্যবাদ।

***

 

DS/VJ/RSB/VK/MANN



(Release ID: 1723031) Visitor Counter : 378