স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ ২২.৭৭ কোটিৰো অধিক পালি ভেকচিন আগবঢ়োৱা হৈছে

এতিয়াও ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ হাতত প্ৰদান কৰিবলৈ ১.৮২ কোটিৰো অধিক পালি মজুত আছে

प्रविष्टि तिथि: 29 MAY 2021 10:26AM by PIB Guwahati

ৰাষ্ট্ৰজোৰা টিকাদান অভিযানটোৰ অংশ হিচাপে, ভাৰত চৰকাৰে বিনামূলীয়াকৈ ক’ভিড ভেকচিন প্ৰদানেৰে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক সহায় আগবঢ়াই আহিছে। তদুপৰি, ভাৰত চৰকাৰে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰদ্বাৰা ভেকচিনৰ প্ৰত্যক্ষ ক্ৰয়ো সহজতৰ কৰি তুলিছে। মহামাৰীটোৰ কন্টেইনমেন্ট আৰু ব্যৱস্থাপনাৰ অৰ্থে টেষ্ট, ট্ৰেক, ট্ৰিট আৰু ক’ভিডৰ যথোচিত আচৰণসহ ভাৰত চৰকাৰৰ ব্যাপক কৌশলৰ এটা অবিচ্ছেদ্য স্তম্ভ হৈছে টিকাদান।

উদাৰ আৰু ত্বৰান্বিত ক’ভিড-১৯ ৰ টিকাদানৰ ৩য়-পৰ্যায়ৰ কৌশলৰ ৰূপায়ণ আৰম্ভ হৈছিল ২০২১ ৰ ১ মে’ত।

এই কৌশলৰ অধীনত, ভাৰত চৰকাৰৰদ্বাৰা প্ৰতি মাহে যিকোনো প্ৰস্তুতকাৰীৰ চেন্ট্ৰেল ড্ৰাগ লেবৰটৰী (CDL) এ মঞ্জুৰ কৰা মুঠ ভেকচিন পালিৰ ৫০% ক্ৰয় কৰা যায়। এই পালিসমূহক পূৰ্বৰ দৰেই ৰাজ্য চৰকাৰসমূহৰ অৰ্থে সম্পূৰ্ণৰূপে বিনামূল্যে উপলব্ধ কৰি তোলা হৈ আহিছে।

ভাৰত চৰকাৰে এতিয়ালৈকে, বিনামূলীয়া আৰু প্ৰত্যক্ষ ৰাজ্যিক ক্ৰয়, উভয় পৰ্যায়তে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ ২২.৭৭ কোটিৰো অধিক পালি ভেকচিন (২২,৭৭,৬২,৪৫০) আগবঢ়াইছে।

ইয়াৰ ভিতৰত, অপচয়কে ধৰি মুঠ ব্যৱহাৰ কৰা হৈছে ২০,৮০,০৯,৩৯৭ পালি (আজি পুৱা ৮ বজালৈকে উপলব্ধ হোৱা তথ্য অনুসৰি)।

এতিয়াও ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ হাতত প্ৰদান কৰিবলৈ ১.৮ কোটিৰো অধিক (১,,২১,৪০৩) পালি কভিড ভেকচিন মজুত আছে।

তদুপৰি, ৪ লাখ পালি (৪,৮৬,১৮০) পালি ভেকচিন পাইপলাইনত আছে আৰু অহা ৩ দিনৰ ভিতৰত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে এয়া লাভ কৰিব।

***

MV/M/SB


(रिलीज़ आईडी: 1723010) आगंतुक पटल : 193
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Tamil , English , Urdu , Marathi , हिन्दी , Bengali , Punjabi , Odia , Telugu , Kannada , Malayalam