স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহক ২১.৮০ কোটিতকৈ অধিক ভেকচিন ড’জ দিয়া হৈছে

Posted On: 24 MAY 2021 11:59AM by PIB Guwahati

কেন্দ্রীয় চৰকাৰে ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহক বিনামূলীয়াকৈ ক’ভিড ভেকচিন যোগান ধৰিছে। কাৰণ কেন্দ্রই ক’ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজৰ টিকাকৰণক এক গুৰুত্বপূর্ণ কৌশল হিচাপে বিবেচনা কৰিছে। সেয়েহে নমুনা পৰীক্ষা, সংক্রমিত লোকসকলক চিনাক্ত কৰা, চিকিৎসাৰ ব্যৱস্থা কৰা আৰু উপযুক্ত ক’ভিড আচৰণবিধিও মানি চলিব লাগিব৷ ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহে বিচাৰিলে নিজেও ক’ভিড ভেকচিন সংগ্রহ কৰিব পাৰে। ক’ভিড-১৯ৰ টিকাকৰণ অভিযানৰ তৃতীয় পর্যায় ১ মে’ৰ পৰা আৰম্ভ হৈছে।

বিভিন্ন ভেকচিন প্রস্তুতকাৰক সংস্থা যি ভেকচিন উৎপাদন কৰিছে প্রতি মাহত তাৰ ৫০ শতাংশ কেন্দ্রই সংগ্রহ কৰিছে। এই ভেকচিন ৰাজ্যসমূহক বিনামূলীয়াকৈ দিয়া হৈছে৷

কেন্দ্রই এতিয়ালৈকে ২১,৮০,৫১,৮৯০টা ভেকচিন ড’জ ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহক দিছে।.

২৩ মে’ৰ পুৱা ৮ বজালৈকে ইয়াৰে লোকচান হোৱা ২০,০০,০৮,৮৭৫ টা ড’জ ব্যৱহাৰ কৰা হৈছে।

ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহত হাতত এতিয়াও ১,৮০,৪৩,০১৫ টা ভেকচিন ড’জ আছে।

তদুপৰি, অহা ৩ দিনত ৪৮,০০,৬৫০টা ভেকচিন ড’জ ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহলৈ প্ৰেৰণ কৰা হ’ব৷

****

MV/M



(Release ID: 1721432) Visitor Counter : 195