ৰেল মন্ত্ৰালয়

ৰাষ্ট্ৰখনলৈ অক্সিজেন সাহাৰ্য্য পৰিবহণত ১৫০০০ মেট্ৰিক টনৰ সীমা অতিক্ৰম অক্সিজেন এক্সপ্ৰেছৰ

আজি ৮০ মেট্ৰিক টন অক্সিজেন সাহাৰ্য্য লৈ অসম আহি পালে প্ৰথমখন অক্সিজেন এক্সপ্ৰেছ

কৰ্ণাটকলৈ এলএমঅ’ সৰবৰাহে ১০০০ মেট্ৰিক টন অতিক্ৰম কৰিলে

এতিয়ালৈকে ৯৩৬ টেংকাৰেৰে ২৩৪ অক্সিজেন এক্সপ্ৰেছে নিজ-নিজ যাত্ৰা সম্পূৰ্ণ কৰিলে আৰু ১৪ ৰাজ্যলৈ সাহাৰ্য্য আগবঢ়ালে

৩১ টেংকাৰত ৫৬৯ মেট্ৰিক টনৰো অধিক এলএমঅ’ ভৰ্তি ৯ অক্সিজেন এক্সপ্ৰেছ যাত্ৰাপথত আছে

১৪ ৰাজ্যলৈ অক্সিজেন এক্সপ্ৰেছৰদ্বাৰা অক্সিজেন সাহাৰ্য্য আগবঢ়োৱা হৈছে যথাঃ উত্তৰাখণ্ড, কৰ্ণাটক, মহাৰাষ্ট্ৰ, মধ্য প্ৰদেশ, অন্ধ্ৰ প্ৰদেশ, ৰাজস্থান, তামিল নাডু, হাৰিয়ানা, তেলেংগানা, পঞ্জাৱ, কেৰালা, দিল্লী, উত্তৰ প্ৰদেশ ও অসম
মহাৰাষ্ট্ৰত ৬১৪ মেট্ৰিক টন অক্সিজেন অফল’ড কৰা হৈছে, উত্তৰ প্ৰদেশত প্ৰায় ৩৬০৯ মেট্ৰিক টন, মধ্য প্ৰদেশত ৫৬৬ মেট্ৰিক টন, দিল্লীত ৪৩০০ মেট্ৰিক টন, হাৰিয়ানাত ১৭৫৯ মেট্ৰিক টন, ৰাজস্থানত ৯৮ মেট্ৰিক টন, কৰ্ণাটকত ১০৬৩ মেট্ৰিক টন, উত্তৰাখণ্ডত ৩২০ মেট্ৰিক টন, তামিল নাডুত ৮৫৭ মেট্ৰিক টন, অন্ধ্ৰ প্ৰদেশত ৬৪২ মেট্ৰিক টন, পঞ্জাৱত ১৫৩ মেট্ৰিক টন, কেৰালাত ২৪৬ মেট্ৰিক টন, তেলেংগানাত ৯৭৬ মেট্ৰিক টন আৰু অসমত ৮০ মেট্ৰিক টন

Posted On: 23 MAY 2021 1:41PM by PIB Guwahati

সকলোবোৰ বাধা নেওচি আৰু নতুন সমাধান সূত্ৰ নিৰূপণেৰে, ভাৰতীয় ৰেলৱেয়ে সমগ্ৰ দেশখনৰ ভিন্ন ৰাজ্যলৈ লিকুইড মেডিকেল অক্সিজেন (LMO) সৰবৰাহৰ জৰিয়তে সাহাৰ্য্য আগবঢ়োৱাৰ যাত্ৰা অব্যাহত ৰাখিছে। এতিয়ালৈকে, ভাৰতীয় ৰেলৱেয়ে সমগ্ৰ দেশখনৰ ভিন্ন ৰাজ্যলৈ ৯৩৬ ৰোধিক টেংকাৰেৰে ১৫২৮৪ মেট্ৰিক টনৰো অধিক এলএমঅ’ সৰবৰাহ কৰিলে।

এইখিনিতে উল্লেখ কৰিব লাগিব যে এতিয়ালৈকে ২৩৪ অক্সিজেন এক্সপ্ৰেছে নিজ-নিজ যাত্ৰা সম্পূৰ্ণ কৰিছে আৰু ভিন্ন ৰাজ্যলৈ সাহাৰ্য্য সৰবৰাহ কৰিছে।

এই বিজ্ঞপ্তি যুগুত কৰা সময়লৈকে, ৩১ টেংকাৰত ৫৬৯ মেট্ৰিক টনৰো অধিক এলএমঅ’ ভৰ্তি ৯ অক্সিজেন এক্সপ্ৰেছ যাত্ৰাপথত আছে।

আজি দিনৰ প্ৰায় ১১.৩০ বজাত ৪ টা টেংকাৰত ৮০ মেট্ৰিক টন এলএমঅ’ৰে প্ৰথমখনি অক্সিজেন এক্সপ্ৰেছ অসম আহি পায়হি।

কৰ্ণাটকলৈ অক্সিজেন এক্সপ্ৰেছৰদ্বাৰা লিকুইড মেডিকেল অক্সিজেন (LMO) যোগানে ১০০০ মেট্ৰিক টন অতিক্ৰম কৰিছে।

এতিয়া অক্সিজেন এক্সপ্ৰেছ প্ৰতি দিনে ৮০০ মেট্ৰিক টনৰো অধিক এলএমঅ’ ৰাষ্ট্ৰখনলৈ যোগান ধৰি আছে।

অনুৰোধকাৰী ৰাজ্যসমূহলৈ যিমান সম্ভৱ সিমান চমু সময়ৰ ভিতৰত সম্ভৱপৰ অধিক এলএমঅ’ পৰিবহণৰ অংগীকাৰ কৰিছে ভাৰতীয় ৰেলৱেয়ে।

১৪ ৰাজ্যলৈ অক্সিজেন এক্সপ্ৰেছৰদ্বাৰা অক্সিজেন সাহাৰ্য্য আগবঢ়োৱা হৈছে যথাঃ উত্তৰাখণ্ড, কৰ্ণাটক, মহাৰাষ্ট্ৰ, মধ্য প্ৰদেশ, অন্ধ্ৰ প্ৰদেশ, ৰাজস্থান, তামিল নাডু, হাৰিয়ানা, তেলেংগানা, পঞ্জাৱ, কেৰালা, দিল্লী, উত্তৰ প্ৰদেশ ও অসম।

এই বিজ্ঞপ্তি যুগুত কৰা সময়লৈকে, মহাৰাষ্ট্ৰত ৬১৪ মেট্ৰিক টন অক্সিজেন অফল’ড কৰা হৈছে, উত্তৰ প্ৰদেশত প্ৰায় ৩৬০৯ মেট্ৰিক টন, মধ্য প্ৰদেশত ৫৬৬ মেট্ৰিক টন, দিল্লীত ৪৩০০ মেট্ৰিক টন, হাৰিয়ানাত ১৭৫৯ মেট্ৰিক টন, ৰাজস্থানত ৯৮ মেট্ৰিক টন, কৰ্ণাটকত ১০৬৩ মেট্ৰিক টন, উত্তৰাখণ্ডত ৩২০ মেট্ৰিক টন, তামিল নাডুত ৮৫৭ মেট্ৰিক টন, অন্ধ্ৰ প্ৰদেশত ৬৪২ মেট্ৰিক টন, পঞ্জাৱত ১৫৩ মেট্ৰিক টন, কেৰালাত ২৪৬ মেট্ৰিক টন, তেলেংগানাত ৯৭৬ মেট্ৰিক টন আৰু অসমত ৮০ মেট্ৰিক টন।

ৰেলৱেয়ে অক্সিজেন যোগানৰ স্থানসহ ভিন্ন পথৰ মেপিং কৰিছে আৰু ৰাজ্যসমূহৰ যিকোনো বৰ্ধমান প্ৰয়োজনীয়তাৰে মোকাবিলা কৰিবলৈ নিজকে সাজু কৰি ৰাখিছে। এমএমঅ’ কঢ়িয়াবলৈ ৰাজ্যসমূহ ভাৰতীয় ৰেলৱেক টেংকাৰ যোগান ধৰিছে।

এইখিনিত এটা কথা উল্লেখ কৰিব লাগিব যে ২৯ দিন পূৰ্বে অৰ্থাৎ ২৪ এপ্ৰিলত অক্সিজেন এক্সপ্ৰেছে ১২৬ মেট্ৰিক টনেৰে মহাৰাষ্ট্ৰত পৰিবহণৰ কাম আৰম্ভ কৰিছিল।

দেশখনক সংকটমুক্ত কৰি তুলি, ভাৰতীয় ৰেলৱেয়ে পশ্চিমৰ হাপা, বৰোদা, মুণ্ড্ৰা আৰু পূবৰ ৰুৰকেল্লা, দুৰ্গাপুৰ, টাটানগৰ, আংগুলৰদৰে স্থানৰপৰা অক্সিজেন আহৰণ কৰে আৰু জটিল অপাৰেশ্যনেল পথ পৰিকল্পনা প্ৰেক্ষাপটত উত্তৰাখণ্ড, কৰ্ণাটক, মহাৰাষ্ট্ৰ, মধ্য প্ৰদেশ, অন্ধ্ৰ প্ৰদেশ, ৰাজস্থান, তামিল নাডু, হাৰিয়ানা, তেলেংগানা, পঞ্জাৱ, কেৰালা, দিল্লী, উত্তৰ প্ৰদেশ ও অসমলৈ সৰবৰাহ কৰে।

সম্ভৱপৰ ক্ষীপ্ৰ সময়ৰ ভিতৰত অক্সিজেন সাহাৰ্য্য গৈ পোৱাটো নিশ্চিত কৰিবলৈ, ৰেলৱেয়ে অক্সিজেন এক্সপ্ৰেছ ফ্ৰেইট ট্ৰেইনৰ চলাচলত নতুন ষ্টেণ্ডাৰ্ড আৰু অভূতপূৰ্ব বেঞ্চমাৰ্ক সৃষ্টি কৰে। উচ্চ অগ্ৰাধিকাৰমূলক সেউজ কৰিড’ৰত সৰ্বোচ্চ জৰুৰী ভাৱনাৰে চালিতকৰণৰ অৰ্থে বিভিন্ন সংমণ্ডলৰ অপাৰেশ্যনেল টীমসমূহে অতিশয় প্ৰত্যাহ্বানপূৰ্ণ পৰিস্থিতিত সম্ভৱপৰ ক্ষীপ্ৰ সময় সূচীত অক্সিজেন গৈ পোৱাটো নিশ্চিত কৰিবলৈ সকলো সময়তে কাম কৰি আছে। বিভিন্ন শাখাত ক্ৰিউ সলনিৰ অৰ্থে টেকনিকেল ষ্টপেজ ১ মিনিটলৈ হ্ৰাস কৰা হয়।

অক্সিজেন এক্সপ্ৰেছসমূহৰ গতিশীলতা অক্ষুণ্ণ ৰাখিবলৈ ট্ৰেকসমূহ মুকলি কৰি ৰখা যায় আৰু উচ্চ সতৰ্কতা অৱলম্বন কৰা হয়।

আন ফ্ৰেইট অপাৰেশ্যনৰ গতি হ্ৰাস নকৰাকৈ এই সকলোখিনি কৰা হৈছে।

নতুন অক্সিজেনৰ পৰিবহণ এটা অতিশয় গতিশীল প্ৰক্ৰিয়া আৰু সংখ্যা সকলো সময়তে আপডেট কৰি ৰাখিবলগীয়া হয়। নিশাৰ ভাগলৈ অধিক ভৰ্তি অক্সিজেন এক্সপ্ৰেছে নিজ-নিজ যাত্ৰা আৰম্ভ কৰাৰ সম্ভাৱনা আছে।

****

DJN/MKV/SB



(Release ID: 1721212) Visitor Counter : 182