PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ বুলেটিন

Posted On: 23 MAY 2021 6:48PM by PIB Guwahati

#Unite2FightCorona

#IndiaFightsCorona

Image

Image

৩৬দিনৰ পাছত নতুন আক্ৰান্তৰ সংখ্যা .৪লাখলৈ হ্ৰাস পাইছে; দৈনিক পজিটিভিৰ হাৰ ১১.৩৪%লৈ হ্ৰাস পাইছে

  • ২৪ ঘণ্টাত সৰ্বাধিক ২১.২৩লাখ ক’ভিড পৰীক্ষাৰে নতুন অভিলেখ ৰচনা কৰিলে ভাৰতে৷ একেৰাহে ৫দিন ধৰি দৈনিক ২০লাখতকৈ অধিক নমূনা পৰীক্ষা কৰা হৈছে৷
  • ভাৰতে ২০২০ৰ জানুৱাৰীৰ পৰা লাহে লাহে পৰীক্ষা কৰাৰ সক্ষমতা দৈনিক ২৫ লাখ কৰাৰ দিশে উল্লেখযোগ্য গতিত অগ্ৰসৰ হৈছে৷
  • ইফালে দৈনিক পজিটিভিটিৰ হাৰ ক্ৰমান্বয়ে ১১.৩৪%লৈ হ্ৰাস পাইছে৷ বিগত ৭দিন একেৰাহে নতুন আক্ৰান্তৰ সংখ্যা ৩ লাখতকৈ কম হৈছে৷
  • বিগত ২৪ ঘণ্টাত দেশত ২,৪০,৮৪২জন ৰোগী আক্ৰান্ত হৈছে৷ এয়া ১৭ এপ্ৰিল, ২০২১ৰ পাছত সৰ্বনিম্ন হিচাপে বিবেচিত হৈছে, কিয়নো সেইদিনা ২.৩৪লাখ লোক আক্ৰান্ত হৈছিল৷
  • ইফালে, ভাৰতত একেৰাহে ১৯দিন ধৰি দৈনিক আক্ৰান্ত লোকতকৈ আৰোগ্যৰ সংখ্যা বৃদ্ধি পাইছে৷ বিগত ২৪ ঘণ্টাত দেশত ৩,৫৫,১০২জন ৰোগী আৰোগ্য হৈছে৷
  • ৰাষ্ট্ৰীয় মৃ্ত্যুৰ হাৰ বৰ্তমান ১.১৩% হৈছে৷
  • বিগত ২৪ ঘণ্টাত দেশত ৩,৭৪১জন ৰোগীৰ মৃত্যু হৈছে৷
  • দেশত এতিয়ালৈকে মুঠ ১৯.৫০ কোটি লোকক টিকাকৰণ কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে https://www.pib.gov.in/PressReleasePage.aspx?PRID=1721015

 

ভাৰত চৰকাৰে বৰ্তমানলৈকে ৰাজ্য/কেন্দ্ৰীয় শাসিত প্ৰদেশসমূহক টীকাৰ ২১.৮০ কোটিৰো অধিক পালি প্ৰদান কৰিছে

ৰাজ্য/কেন্দ্ৰীয় শাসিত প্ৰদেশসমূহৰ ওচৰত এতিয়াও ১.৯০ কোটিতকৈও অধিক পালি আছে

ৰাষ্ট্ৰব্যাপি টীকাকৰণ অভিযানৰ এটা অংশ হিচাপে ভাৰত চৰকাৰে সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত প্ৰদেশক ক'ভিডৰ টীকা বিনামূলীয়াকৈ প্ৰদান কৰি তেওঁলোকক সহায় কৰি আছে। ইয়াৰ উপৰিও ভাৰত চৰকাৰে ৰাজ্য/কেন্দ্ৰীয় শাসিত প্ৰদেশসমূহক এই টীকাৰ পোনপটীয়া ক্ৰয়তো সহায় কৰি আছে। টীকাকৰণ এই মহামাৰীৰ নিয়ন্ত্ৰণ আৰু প্ৰবন্ধন ভাৰত চৰকাৰৰ সেই ৰণনীতিৰ এক অভিন্ন স্তম্ভ য'ত পৰীক্ষা, নিশ্চিত কৰা, উপচাৰ আৰু ক'ভিড উপযোগী আচৰণ অন্তৰ্ভুক্ত আছে। ১ মে' ২০২১ৰ পৰা ক'ভিড-১৯ টীকাকৰণৰ উদাৰীকৃত আৰু দ্ৰুত পৰ্যায় ৩ ৰণনীতিৰ ৰূপায়ণ আৰম্ভ হৈ গৈছে। এই ৰণনীতিৰ অধীনত প্ৰতি মাহে কেন্দ্ৰীয় ঔষধি গৱেষণাগাৰ (চিডিএল)ৰ দ্বাৰা যিকোনো ঔষধি নিৰ্মাতা কোম্পানীৰ দ্বাৰা নিৰ্মিত টীকাই স্বীকৃতি পোৱাৰ পিছত সেই টীকাৰ ৫০%ৰ ক্ৰয় ভাৰত চৰকাৰে কৰিব। এই ক্ৰয় কৰা টীকা ভাৰত চৰকাৰে আগৰ দৰেই ৰাজ্য চৰকাৰসমূহক সম্পূৰ্ণভাৱে বিনামূলীয়াকৈ যোগান ধৰিব। ভাৰত চৰকাৰে বৰ্তমানলৈকে ৰাজ্য/কেন্দ্ৰীয় শাসিত প্ৰদেশসমূহক বিনামূলীয়াকৈ আৰু ৰাজ্যসমূহৰ দ্বাৰা পোনপটীয়াকৈ ক্ৰয় কৰা দুয়োটা মাধ্যমৰ অধীনত এই টীকাৰ প্ৰায় ২১.৮০ কোটি (২১,৮০,৫১,৮৯০) পালি যোগান ধৰিছে।

অধিক বিৱৰণৰ বাবে: https://www.pib.gov.in/PressReleasePage.aspx?PRID=1721016

 

ভিড সাহাৰ্য শেহতীয়া তথ্য

ভাৰত চৰকাৰ ২৭ এপ্ৰিল, ২০২১ৰ পৰা বিভিন্ন দেশৰ পৰা ক’ভিড-১৯ৰ সাহাৰ্য সামগ্ৰী লাভ কৰি আহিছে৷ এইবোৰ ইতিমধ্যে বিভিন্ন ৰাজ্যক মহামাৰী নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিবলৈ দিয়া হৈছে৷

সামগ্ৰিকভাবে, ২৭ এপ্ৰিলৰ পৰা ২২মে’, ২০২১লৈকে ১৬,৬৩০টা অক্সিজেন কনচেণ্ট্ৰেটৰ, ১৫,৯৬১টা অক্সিজেন চিলিণ্ডাৰ, ১৯টা অক্সিজেন জেনেৰেটৰ প্লাণ্ট, ১১,৫১৬টা ভেণ্টিলেটৰ-বাই-পেপ, ৬.৯ লাখ ৰেমডিচিভিৰ ভাইল বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলললৈ প্ৰেৰণ আৰু প্ৰদান কৰা হৈছে।

অধিক বিৱৰণৰ বাবে: https://www.pib.gov.in/PressReleasePage.aspx?PRID=1721035

 

দ্বাদশ শ্ৰেণী পৰীক্ষা আৰু বৃত্তিমুল পাঠ্যক্ৰমৰ প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰাৰ সন্দৰ্ভত এক ৰাষ্ট্ৰজোৰা পৰামৰ্শমূলক আলোচনাত অধ্যক্ষতা কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰীৰ

ভাৰত চৰকাৰ শিক্ষা মন্ত্ৰালয়ে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ শিক্ষামন্ত্ৰী আৰু প্ৰশাসকসকলৰ সৈতে এক ৰাষ্ট্ৰজোৰা পৰামৰ্শমূলক আলোচনাৰ আয়োজন কৰে৷ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত আলোচনাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ৰমেশ পোখৰিয়াল ‘নিশাংক’, কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ মন্ত্ৰী স্মৃতি জুবিন ইৰানী, কেন্দ্ৰীয় বন, পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন তথা তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভড়েকাৰ আৰু ৰাজ্যিক শিক্ষা মন্ত্ৰী সঞ্জয় ধোট্ৰেই উপস্থিত থাকে৷ আলোচনাত অংশগ্ৰহণ কৰা সকলোকে ধন্যবাদ জনাই মন্ত্ৰী ৰাজনাথ সিঙে এই বিষয়বস্তুৰ সন্দৰ্ভত ২৫ মে’ৰ ভিতৰত সকলোকে পৰামৰ্শ আগবঢ়াবলৈ কয়৷ ইয়াৰ পাছতে চূড়ান্ত সিদ্ধান্ত ল’ব৷ তেওঁ লগতে সকলো পৰীক্ষা নিৰাপদে আৰু সুৰক্ষিত পৰিৱেশত অনুষ্ঠিত কৰাৰ আশ্বাস দিয়ে৷

অধিক বিৱৰণৰ বাবে: https://www.pib.gov.in/PressReleasePage.aspx?PRID=1721088

 

সমগ্ৰ দেশত অক্সিজেন এক্সপ্ৰেছৰ জৰিয়তে ১৫,০০০মেট্ৰিকটনতকৈ অধিক তৰল মেডিকেল অক্সিজেন সৰবৰাহ কৰা হৈছে

আজি ৮০ মেট্ৰিক টন অক্সিজেন সাহাৰ্য্য লৈ অসম আহি পালে প্ৰথমখন অক্সিজেন এক্সপ্ৰেছ

সকলোবোৰ বাধা নেওচি আৰু নতুন সমাধান সূত্ৰ নিৰূপণেৰে, ভাৰতীয় ৰেলৱেয়ে সমগ্ৰ দেশখনৰ ভিন্ন ৰাজ্যলৈ তৰল মেডিকেল অক্সিজেন সৰবৰাহৰ জৰিয়তে সাহাৰ্য্য আগবঢ়োৱাৰ যাত্ৰা অব্যাহত ৰাখিছে। এতিয়ালৈকে, ভাৰতীয় ৰেলৱেয়ে সমগ্ৰ দেশখনৰ ভিন্ন ৰাজ্যলৈ ৯৩৬ ৰোধিক টেংকাৰেৰে ১৫২৮৪ মেট্ৰিক টনৰো অধিক এলএমঅ’ সৰবৰাহ কৰিলে।

এইখিনিতে উল্লেখ কৰিব লাগিব যে এতিয়ালৈকে ২৩৪ অক্সিজেন এক্সপ্ৰেছে নিজ-নিজ যাত্ৰা সম্পূৰ্ণ কৰিছে আৰু ভিন্ন ৰাজ্যলৈ সাহাৰ্য্য সৰবৰাহ কৰিছে।

অধিক বিৱৰণৰ বাবে: https://www.pib.gov.in/PressReleasePage.aspx?PRID=1721032

************



(Release ID: 1721197) Visitor Counter : 151