PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ বুলেটিন-আপডেটেড

Posted On: 11 MAY 2021 7:03PM by PIB Guwahati

#Unite2FightCorona

#IndiaFightsCorona

এতিয়ালৈকে ভাৰত চৰকাৰে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ ১৮ কোটিৰো অধিক পালি ভেকচিন বিনামূলীয়াকৈ আগবঢ়াইছে

  • এতিয়াও প্ৰদান কৰিবলৈ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ হাতত ৯০ লাখৰো অধিক পালি মজুত আছে।
  • অহা ৩ দিনত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে ৭ লাখৰো অধিক পালি লাভ কৰিব

অধিক বিৱৰণৰ বাবেঃ

 

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সৈতে কভিডৰ টিকাদানৰ অগ্ৰগতি পৰ্যালোচনা কেন্দ্ৰৰ, ৰাজ্যসমূহক ২য় পালিত অগ্ৰাধিকাৰৰ আহ্বান; ২য় পালিৰ বাবে ভাৰত চৰকাৰৰ চেনেলৰপৰা আবন্টিত ভেকচিনৰ ন্যূনতম ৭০% আবন্টনৰ আহ্বান

আজি কেন্দ্ৰীয় স্বাস্থ্য় সচিব শ্ৰী ৰাজেশ ভূষণে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ ক’ভিডৰ টিকাদানৰ স্থিতি পৰ্যালোচনা কৰে। ইয়াত ক’ভিড-১৯ ক প্ৰতিৰোধ কৰিবলৈ প্ৰযুক্তি আৰু তথ্য় ব্যৱস্থাপনা সন্দৰ্ভত ক্ষমতায়িত গ্ৰুপৰ অধ্যক্ষ আৰু ক’ভিড-১৯ ৰ ভেকচিন প্ৰশাসন সন্দৰ্ভত ৰাষ্ট্ৰীয় বিশেষজ্ঞ গ্ৰুপৰ সদস্য ডাঃ আৰ এছ শৰ্মায়ো ভাগ লয়। উক্ত পৰ্যালোচনা বৈঠকখনিত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ স্বাস্থ্য় সচিব আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ পৰিচালন সঞ্চালকসকল উপস্থিত থাকে।

অধিক বিৱৰণৰ বাবেঃ

 

বিশ্বব্যাপী সহায় কভিড ব্যৱস্থাপনাৰ অৰ্থে সমগ্ৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ উচ্চ পৰ্যায়ৰ কেয়াৰৰ অৰ্থে ভাৰত চৰকাৰৰদ্বাৰা যথাযথ আৰু ক্ষীপ্ৰতাৰে বিতৰণ কৰা হৈছে

গত ২৭ এপ্ৰিল, ২০২১ ৰপৰা ভাৰত চৰকাৰে বিভিন্ন দেশ/সংস্থাৰপৰা আন্তঃৰাষ্ট্ৰীয় অনুদান আৰু ক’ভিড-১৯ ৰ সাহাৰ্য্য় হিচাপে মেডিকেল যোগান আৰু সাঁ-সঁজুলি লাভ কৰি আছে। এই সাহাৰ্য্যই দেশখনত ক’ভিডৰ অপ্ৰত্যাশিত বৃদ্ধিৰে মোকাবিলা কৰাত সহায়ক হৈ উঠিছে। এই সাহাৰ্য্যসমূহ ভাৰত চৰকাৰৰ ভিন্ন মন্ত্ৰালয়/বিভাগে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ ক্ষীপ্ৰতাৰে প্ৰেৰণ কৰি আহিছে।

অধিক বিৱৰণৰ বাবেঃ

 

৬১ দিনৰ পাছত ২৪ ঘন্টাৰ আৰোগ্য লাভৰ ঘটনাই দৈনিক নতুন কভিড ঘটনাক অতিক্ৰম কৰিলে, দুমাহৰ পাছত প্ৰথম বাৰৰ বাবে ৩০,০১৬ সক্ৰিয় কেছলড হ্ৰাস পালে

  • ৬১ দিনৰ পাছত ২৪ ঘন্টাৰ আৰোগ্য লাভৰ ঘটনাই দৈনিক নতুন কভিড ঘটনাক অতিক্ৰম কৰিলে
  • দুমাহৰ পাছত প্ৰথম বাৰৰ বাবে ৩০,০১৬ সক্ৰিয় কেছলড হ্ৰাস পালে
  • এতিয়ালৈকে ১৮-৪৪ বছৰ বয়সৰ ২৫.৫ লাখৰো অধিক হিতাধিকাৰীক ভেকচিন প্ৰদান কৰা হৈছে
  • ৰাষ্ট্ৰীয় আৰোগ্য লাভৰ হাৰ হয় ৮২.৭৫%
  • ৰাষ্ট্ৰীয় মৃত্যুৰ হাৰ সম্প্ৰতি ১.০৯% হৈছে

অধিক বিৱৰণৰ বাবেঃ

 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ভূটানৰ প্ৰধানমন্ত্ৰী ডাঃ লোটে চেৰিঙৰ মাজত টেলিফোনিক বাৰ্তালাপ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভূটানৰ প্ৰধানমন্ত্ৰী ডাঃ লোটে চেৰিঙৰ সৈতে এক টেলিফোনিক বাৰ্তালাপত মিলিত হয়। ভূটনাৰ প্ৰধানমন্ত্ৰীজনে ক’ভিড-১৯ মহামাৰীৰ সাম্প্ৰতিক ঢৌটোৰ বিৰুদ্ধে ভাৰত চৰকাৰ আৰু ইয়াৰ জনসাধাৰণৰ সৈতে থকাৰ কথা ব্যক্ত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভূটান চৰকাৰ আৰু দেশখনৰ নাগৰিকক তেওঁলোকৰ শুভেচ্ছা আৰু সমৰ্থনৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

অধিক বিৱৰণৰ বাবেঃ

 

ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱসত বিজ্ঞানীসকলক অভিবাদন প্ৰধানমন্ত্ৰীৰ

ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিজ্ঞানী আৰু প্ৰযুক্তি সন্দৰ্ভত আগ্ৰহীসকলক প্ৰশংসা কৰে। এলানি টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়ঃ “ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱসত, আমি আমাৰ বিজ্ঞানীসকলৰ কঠোৰ শ্ৰম আৰু দৃঢ়তা তথা প্ৰযুক্তিৰ প্ৰতি আগ্ৰহীসকলক অভিবাদন জনাওঁ। এই দিনটোত আমি ১৯৯৮ ৰ পোখৰানৰ পৰীক্ষাক গৌৰৱেৰে স্মৰণ কৰো, যিয়ে ভাৰতৰ বৈজ্ঞানিক আৰু প্ৰযুক্তিগত সামৰ্থ্য প্ৰদৰ্শন কৰে।”

অধিক বিৱৰণৰ বাবেঃ

 

ভাৰতীয় ৰেলৱেৰপৰা অক্সিজেন এক্সপ্ৰেছ লাভ কৰিবলৈ ৯ম খনি ৰাজ্য হিচাপে সাজু উত্তৰাখণ্ড

ভাৰতীয় ৰেলৱেয়ে সমগ্ৰ দেশখনৰ ভিন্ন ৰাজ্যলৈ লিকুইড মেডিকেল অক্সিজেন (LMO) যোগানৰ জৰিয়তে সাহাৰ্য্য আগবঢ়োৱাৰ যাত্ৰা অব্যাহত ৰাখিছে। এতিয়ালৈকে, ভাৰতীয় ৰেলৱেয়ে সমগ্ৰ দেশখনৰ ভিন্ন ৰাজ্যলৈ ৩৭৫ ৰোধিক টেংকাৰেৰে প্ৰায় ৫৭৩৫ মেট্ৰিক টন এলএমঅ’ সৰবৰাহ কৰিছে। কালি অক্সিজেন এক্সপ্ৰেছে ৰাষ্ট্ৰখনলৈ ৭৫৫ মেট্ৰিক টন এলএমঅ’ যোগান ধৰে।

অধিক বিৱৰণৰ বাবেঃ

 

লিকুইড অক্সিজেনৰ পৰিবহণ সমাধান আগবঢ়োৱাত তেল আৰু গেছ পিএছইউ সমূহে সহায় আগবঢ়াইছে

দায়বদ্ধ কৰ্প’ৰেট চিটিজেন হিচাপে ভাৰত চৰকাৰৰ পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ অধীনস্থ তেল আৰু গেছ পিএছইউ সমূহে ক’ভিড-১৯ মহামাৰীটোৰ দ্বিতীয়টো ঢৌ প্ৰতিহত কৰাত ৰাষ্ট্ৰখনৰ প্ৰচেষ্টাত সমৰ্থন জনাবলৈ সহায়ৰ হাত আগবঢ়াই দিছে। ইয়াৰ অৰ্থে, এইসমূহে বিশেষকৈ লিকুইড অক্সিজেনৰ অৰ্থে পৰিবহণ সমাধান নিৰ্ণয় কৰিবলৈ বিশেষভাৱে কাম কৰি আছে। বৰ্তমানে, ১২ টেংকাৰ আৰু ২০ আইএছঅ’ কন্টেইনাৰ আছে, যাৰ ক্ষমতা হৈছে ৬৫০ মেট্ৰিক টন।

অধিক বিৱৰণৰ বাবেঃ

 

ভাৰতৰ গ্ৰামাঞ্চলসমূহত কভিড-১৯ ৰ সংক্ৰমণ প্ৰতিহত কৰিবলৈ প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণৰ অৰ্থে ৰাজ্যসমূহলৈ পত্ৰ প্ৰেৰণ পঞ্চায়তী ৰাজ মন্ত্ৰালয়ৰ

পঞ্চায়তী ৰাজ মন্ত্ৰালয়ে ভাৰতৰ গ্ৰামাঞ্চলসমূহত কভিড-১৯ ৰ সংক্ৰমণ প্ৰতিহত কৰিবলৈ প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণৰ অৰ্থে সকলো ৰাজ্য চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিছে। ক’ভিড-১৯ ক প্ৰতিৰোধ কৰিবলৈ, মন্ত্ৰালয়টোৱে পত্ৰখনিত পঞ্চায়ত/গ্ৰামীণ স্থানীয় নিকায়সমূহক নেতৃত্ব গ্ৰহণ কৰিবলৈ সজাগতাৰ অৰ্থে ৰাজ্যসমূহক পৰামৰ্শ আগবঢ়ায়। মন্ত্ৰালয়টোৱে তদুপৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় (MoHFW) ৰ পৰামৰ্শ গ্ৰহণেৰে সজাগতা সৃষ্টিৰো পৰামৰ্শ প্ৰদান কৰে।

অধিক বিৱৰণৰ বাবেঃ

 

চৰকাৰী চাইল্ড কেয়াৰ প্ৰতিষ্ঠানসমূহত শিশুসকলক এক্সপাৰ্ট কেয়াৰ আগবঢ়াবলৈ ইণ্ডিয়ান একাডেমী অৱ পেডিয়েট্ৰিকছৰে লগ লাগিছে মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়

অধিক বিৱৰণৰ বাবেঃ

 

ভিডৰ পুনৰুত্থান- বিজ্ঞান ও প্ৰযুক্তি দৃষ্টিকোণ সন্দৰ্ভত বিশেষজ্ঞ ও ভিন্ন পক্ষৰ আলোচনা

অধিক বিৱৰণৰ বাবেঃ

 

সামাজিক ন্যায় ও সবলীকৰণ মন্ত্ৰালয়ৰ NSFDC আৰু NBCFDC ৰ যুটীয়া চিএছআৰ কভিড-সাহাৰ্য্য পদক্ষেপ
অধিক বিৱৰণৰ বাবেঃ

 

গুৰুত্বপূৰ্ণ টুইটসমূহ

 

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰপৰা লাভ কৰা ইনপুটসমূহ

কেৰালাঃ কেৰালাৰ স্বাস্থ্যমন্ত্ৰী কে কে শৈলজাই কয় যে ৰাজ্য চৰকাৰখনে অক্সিজেন নাটনিৰ বাবে হোৱা মৃত্যুৰ ঘটনা শূন্য কৰিবলৈ ক্ষীপ্ৰতাৰে কাম কৰি আছে।

 

তামিল নাডুঃ মাদ্ৰাজ উচ্চ ন্যায়ালয়ে তামিল নাডু আৰু পুডুচেৰীলৈ অক্সিজেন, ভেকচিন, ঔষধৰ যোগান বৃদ্ধি কৰিবলৈ কেন্দ্ৰক কয়।

 

কৰ্ণাটকঃ কৰ্ণাটকত নতুন ঘটনাঃ ৩৯৩০৫ টা; মুঠ সক্ৰিয় ঘটনাঃ ৫৭১০০৬ টা; নতুন ক’ভিড-১৯ জনিত মৃত্যুৰ ঘটনাঃ ৫৯৬ টা।

 

অন্ধ্ৰ প্ৰদেশঃ অন্ধ্ৰ প্ৰদেশত যোৱা ২৪ ঘন্টাত ৬০,১২৪ টা নমুনা পৰীক্ষাৰ বিপৰীতে ১৪,৯৮৬ টা নতুন ক’ভিড-১৯ ঘটনা লাভ কৰা যায়।

 

তেলেংগানাঃ তেলেংগানাত সোমবাৰে ভিন্ন বয়সৰ ২০৩১ জন লোকে প্ৰথম পালি আৰু ১,০৬,৩৫৯ জন লোকে দ্বিতীয় পালি ক’ভিড ভেকচিন লাভ কৰে।

 

মহাৰাষ্ট্ৰঃ মহাৰাষ্ট্ৰৰ স্বাস্থ্যমন্ত্ৰী ৰাজেশ টপেয়ে কয় যে শ্লেষ্মা (Mucormycosis) ত ভূগি থকা ৰোগীসকলক মহাত্মা ফুলে জন আৰোগ্য যোজনাৰ অধীনত বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কৰা হ’ব। উল্লেখযোগ্য যে ৰাজ্যখনত ক’ভিড-১৯ ৰপৰা আৰোগ্য লাভ কৰা ৰোগীসকলৰ মাজত এই ব্যাধিৰ প্ৰৱণতা বৃদ্ধি পাইছে। ইয়াৰ ফলত ৰোগীৰ চকুৰ দৃষ্টি নোহোৱা হ’বও পাৰে তথা অধিক দুৰ্বল হৈ মৃত্যুৰ মুখতো পৰিব পাৰে।

 

গুজৰাটঃ গুজৰাটত কালি ১১,৫৯২ টা নতুন ক’ভিড-১৯ ঘটনা লাভ কৰা হয়।

 

ৰাজস্থানঃ ক’ভিড সাহাৰ্য্য় হিচাপে যুক্তৰাজ্যৰপৰা ভাৰত চৰকাৰে লাভ কৰা দুটা অক্সিজেন জেনেৰেশ্যন প্লান্ট ৰাজস্থানলৈ প্ৰেৰণ কৰা হৈছে।

 

মধ্য প্ৰদেশঃ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে সোমবাৰে কয় যে ৰাজ্যখনত ক’ৰোনাভাইৰাছ ব্যাধিৰ পজিটিভিটি হাৰ হ্ৰাস পাইছে। অৱশ্যে, মুখ্যমন্ত্ৰীজনে জনসাধাৰণক সতৰ্কতা পালন কৰি যাবলৈ আহ্বান জনায়।

চত্তীশগড়ঃ চত্তীশগড়ত, ক’ভিড পৰিস্থিতি লক্ষ্যণীয়ভাৱে উন্নত হৈ পৰিছে।

গোৱাঃ গোৱাৰ স্বাস্থ্যমন্ত্ৰী বিশ্বজিত ৰাণেয়ে সোমবাৰে কয় যে ক’ৰোনাভাইৰাছৰ স্থিতি নিৰ্বিশেষে ৰাজ্য়খনৰ ১৮ বছৰ বয়সৰ উৰ্ধ সকলো লোককে মৃত্যুৰপৰা হাত সাৰিবলৈ Ivermectin ড্ৰাগ প্ৰদান কৰা যাব।

 

অসমঃ অসমত সোমবাৰে ক’ভিড-১৯ সংক্ৰমণৰ বাবে ৭৭ জন লোকৰ প্ৰাণহানি হয়। একে সময়তে, ৰাজ্যখনত ৭২,১৯৭ টা টেষ্ট কৰাৰ বিপৰীতে ৫,৮০৩ টা নতুন সংক্ৰমণ ধৰা পৰিছে। ইয়াত পজিটিভিটি হাৰ হৈছে ৮.০৪ শতাংশ। কামৰূপ (মহানগৰ) ত ১,৪৮১ টা পজিটিভ ঘটনা লাভ কৰাৰ বিপৰীতে ৩০ টা মৃত্যুৰ ঘটনা সংঘটিত হৈছে। ক’ভিড-১৯ ঘটনা বৃদ্ধিৰ বাবে পূৰ্বে স্থগিত ৰখা ২০২১ ৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে শেহতীয়াভাৱে বাতিল কৰিছে। উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ সকলো ছাত্ৰ-ছাত্ৰীকে দ্বিতীয় বৰ্ষলৈ প্ৰমোচন দিয়া যায়।

 

মণিপুৰঃ মণিপুৰত ক’ভিড-১৯ ৰ সংক্ৰমণ অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত শেহতীয়াভাৱে ৪২৪ টা নতুন পজিটিভ ঘটনা লাভ কৰা যায়। ইয়াৰ বাবেই, ১৩ জন লোকৰ প্ৰাণহানি হোৱাত, ৰাজ্যখনত ক’ভিড-১৯ জনিত মৃত্যুৰ ঘটনা ৪৮৯ লৈ বৃদ্ধি পালে। কংপোকপি ত ক’ভিড-১৯ ঘটনাৰ হঠাৎ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত, সোমবাৰে কংপোকপি চিএছঅ’ ক’ভিড টাস্ক ফ’ৰ্ছ গঠন কৰা যায়। কংপোকপি জিলা সদৰস্থিত কেএছঅ’ প্ৰশাসনিক কাৰ্যালয় ভৱনত অনুষ্ঠিত এখন বৈঠকতে এই ফ’ৰ্ছ গঠন কৰা হয়। উক্ত কংপোকপি চিএছঅ’ ক’ভিড টাস্ক ফ’ৰ্ছ গঠনৰ লক্ষ্য হৈছে ঘাতক মহামাৰীটোৰ বিৰুদ্ধে যুজখনত জিলা প্ৰশাসন, জিলা আৰক্ষী, চিকিৎসা বিভাগ আৰু আন ফ্ৰন্টলাইন কৰ্মীসকলক সহায় আগবঢ়োৱা।

মেঘালয়ঃ মেঘালয়ত সোমবাৰে ৪০৯ জন লোকৰ দেহত নতুনকৈ ক’ভিড-১৯ ৰ সংক্ৰমণ ধৰা পৰে। একে সময়তে, ৰাজ্যখনত আৰু পাঁচজন ক’ভিড আক্ৰান্তৰ প্ৰাণহানি হয়। দক্ষিণ-পশ্চিম খাচী পাৰ্বত্য জিলাত ক’ভিড-১৯ ৰ ঘটনা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত, ইয়াৰ উপায়ুক্তই ১৫ মে’ৰ পুৱা ৫ বজাৰপৰা ১৭ মে’ৰ পুৱা ৫ বজালৈ সমগ্ৰ জিলাখনতে সপ্তাহান্তিক লকডাউন বলবৎ কৰিছে।

 

ছিকিমঃ ছিকিমত দেওবাৰে আৰটি-পিচিআৰ টেষ্টিং কৰা নাযায় তথা ছিকিমৰ ভিআৰডি লেব বন্ধ ৰখা যায়।

 

ত্ৰিপুৰাঃ ত্ৰিপুৰাত শেহতীয়াভাৱে ৪ টা ক’ভিড-১৯ জনিত মৃত্যুৰ ঘটনা সংঘটিত হৈছে। ৰাজ্যখনত নতুনকৈ ১৩৩ জনৰ দেহত পজিটিভ ধৰা পৰে। ইয়াত সক্ৰিয় ঘটনাৰ মুঠ সংখ্যা ২৫৯৯ টা। ইফালে, পজিটিভিটি অধিক আগৰতলাৰ ৱাৰ্ডসমূহত ৰেপিড এন্টিজেন টেষ্ট আৰম্ভ কৰা হৈছে। এই অঞ্চলসমূহৰ ক্লাবসমূহত বিশেষ টেষ্টিং কেন্দ্ৰ স্থাপন কৰা হৈছে।

 

নাগালেণ্ডঃ নাগালেণ্ডত সোমবাৰে দহজন ক’ভিড-১৯ ত আক্ৰান্তৰ প্ৰাণহানি হয়। ইয়াৰ জৰিয়তে ৰাজ্যখনত একে কাৰণতে মৃতকৰ সংখ্যা ১৪০ লৈ বৃদ্ধি পায়। একে সময়তে ৰাজ্য়খনত ১৩৩ টা নতুন ঘটনা লাভ কৰাত সক্ৰিয় ঘটনা ১৮৮৪ আৰু মুঠ পজিটিভ ঘটনা ১৬,২৮৩ লৈ বৃদ্ধি পালে। নাগালেণ্ডত এতিয়ালৈকে মুঠ ২,২৯,৭০৪ জন লোকক ক’ভিড-১৯ ৰ ভেকচিন প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত, ১,৭৯,৭৬৭ জনে প্ৰথম পালি আৰু ৪৯,৯৩৭ জনে দ্বিতীয় পালি লাভ কৰে। নাগালেণ্ড চৰকাৰে ক’ভিড স্থিতি গোপনে ৰখা আৰু কৰ্তৃপক্ষৰ সৈতে সহযোগ নকৰা লোকৰ বিৰুদ্ধে মহামাৰী দুৰ্যোগ আইন, ১৮৯৭ ৰ অধীনত শাস্তিৰ সতৰ্কতা ঘোষণা কৰিছে।

 

পিআইবি ৰ ফেক্ট চেক

 

MV/AP/SB



(Release ID: 1717899) Visitor Counter : 110