PIB Headquarters

কোভিড-১৯ সন্দৰ্ভত পিআইবিৰ বুলেটিন

Posted On: 07 MAY 2021 2:05PM by PIB Guwahati

#Unite2FightCorona

#IndiaFightsCorona

কেন্দ্ৰই বিশ্ব সম্প্ৰদায়ৰ পৰা লাভ কৰা ভিড-১৯ সামগ্ৰীৰ ফলপ্ৰসু আৰু আশু আৱণ্টন ৰাজ্য আৰু কেন্দ্ৰ শাসিত প্ৰদেশলৈ অব্যাহত ৰাখিছে

  • দেশজুৰি টীকাকৰণৰ অভিযান প্ৰসাৰিত হোৱাৰ লগে লগে ভাৰতৰ মুঠ টীকাকৰণৰ পৰিমাণ ১৬.৪৯ কোটিৰ অতিক্ৰম কৰিছে
  • টীকাকৰণ অভিযানৰ তৃতীয় পৰ্যায়ত ১৮-৪৪ বয়সৰ ১১.৮ লাখতকৈ অধিক সুফলভোগীক টীকা দিয়া হৈছে
  • যোৱা ২৪ ঘণ্টাত এক স্থিৰ গতিত ৩.৩১ লাখতকৈ অধিক আৰোগ্য হৈছে
  • মুঠ সক্ৰিয় ঘটনাৰ এক-চতুৰ্থাংশ কেৱল ১০খন জিলাত পোৱা গৈছে

For Details:

 

ভাৰত চৰকাৰে বৰ্তমানলৈকে ১৭.৩৫ কোটিতকৈও অধিক ভেকচিন ৰাজ্য/কেন্দ্ৰ শাসিত প্ৰদেশসমূহক বিনামূলীয়াকৈ দিছে

৯০ লাখতকৈও অধিক ভিড ভেকচিন (৯০,৩০,৬৭০) এতিয়াও ৰাজ্য/কেন্দ্ৰ শাসিত প্ৰদেশসমূহত দিব পৰাকৈ আছে বাকী নথকা ৰাজ্যসমূহত সেনা বাহিনীক যোগান ধৰা ভেকচিন সমিলমিল নকৰা বাবে ভেকচিনৰ ব্যৱহাৰ যোগানতকৈ অধিক (হানি-বিঘিনিকে ধৰি) পৰিলক্ষিত হৈছে তদুপৰি, অহা দিনৰ ভিতৰত ৰাজ্য/কেন্দ্ৰ শাসিত প্ৰদেশসমূহে ১০ লাখতকৈও অধিক (১০,২৫,০০০) ভেকচিন অতিৰিক্তভাৱে লাভ কৰিব

 

For Details:

সমগ্ৰ দেশতে ৰেমডেছিভিৰৰ পৰ্যাপ্ততা নিশ্চিত কৰিবলৈ ইয়াৰ আৱণ্টন ১৬ মে২০২১লৈকে কৰা হয়

প্ৰতিখন ৰাজ্যত ৰেমডেছিভিৰৰ আৱশ্যকতাৰ প্ৰতি লক্ষ্য ৰাখি আৰু ইয়াৰ পৰ্যাপ্ততাৰ কথা বিবেচনা কৰি, কেন্দ্ৰীয় ৰসায়ন আৰু সাৰ মন্ত্ৰী শ্ৰী ডি ভি সদানন্দ গৌড়াই আজি ১৬ মে’, ২০২১লৈকে কৰা ৰেমডেছিভিৰৰ আৱণ্টনৰ কথা ঘোষণা কৰে

ফাৰ্মাচিউটিকেলছ বিভাগ আৰু স্বাস্থ্য তথা পৰিয়াল কল্যাণ মন্ত্ৰালয়ে সকলো ৰাজ্যলৈ লিখা এখন পত্ৰত উল্লেখ কৰিছে যে ৰেমডেছিভিৰ ঔষধৰ আৱণ্টনৰ পৰিকল্পনাৰ ধাৰাবাহিকতা স্বৰূপে ২১ এপ্ৰিলৰ পৰা ৯ মে’, ২০২১লৈকে ১ মে২০২১ত জাৰি কৰা ডিঅঅনুসৰি, ২১ এপ্ৰিলৰ পৰা ১৬ মে’, ২০২১ৰ সময়ছোৱাৰ বাবে প্ৰযোজ্য এক শেহতীয়া আৱণ্টন পৰিকল্পনা ফাৰ্মাচিউটিকেলছ বিভাগ আৰু স্বাস্থ্য তথা পৰিয়াল কল্যাণ মন্ত্ৰালয়ে যুটীয়াভাৱে প্ৰস্তুত কৰিছে

For details:

পিএম কেয়াৰ ভিড হস্পিটেল (ধন্বন্তৰী), আহমেদাবাদৰ বাবে ডব্লিউ এন চিৰ পৰা নৌসেনাৰ লোকক অতিৰিক্ত নিয়োগ

ইতিমধ্যে ২৯ এপ্ৰিল ২০২১ত হস্পিটেলত অৱস্থান কৰি থকা নৌসেনাৰ ৫৭জনীয়া এটা মেডিকেল টীমৰ অতিৰিক্ত এই টীমটো দুমাহৰ বাবে নিযুক্ত কৰা হৈছে আৰু ভিড ৰোগীক চিকিৎসাৰ ক্ষেত্ৰত হস্পিটেল প্ৰশাসনক সহায় কৰিব

For Details:

গোৱা বিমান বন্দৰৰ পৰা চিকিৎসা সামগ্ৰীৰ বাধাহীন ডেলিভাৰী অব্যাহত আছে

দেশব্যাপি চলি থকা লকডাউনৰ মাজত ভিড-১৯ৰ বিৰুদ্ধে যুঁজক সহযোগিতা কৰিবলৈ দেশৰ দূৰৱৰ্তী ঠাইলৈ চিকিৎসা সামগ্ৰী পৰিবহন কৰিবলৈ গোৱা বিমান বন্দৰে আগতে ৮খন লাইফলাইন উড়ান বিমান দিছিল আছিল মুঠ .১৫ মেট্ৰিক টন ইনবাউণ্ড কাৰ্গো আৰু .৯৬ মেট্ৰিক টন আউটবাউণ্ড কাৰ্গো

For Details:

কোউইন ডিজিটেল প্লেটফৰ্মত এটা নতুন ছিকিউৰিটী ফিচাৰ সংযুক্ত কৰা হৈছে

ভ্ৰান্তি দূৰ কৰিবলৈ আৰু নাগৰিকে সন্মুখীন হোৱা অসুবিধা আঁতৰাবলৈ, ৮ মে২০২১ৰ পৰা কোউইন এপত এটাৰ ডিজিট ছিকিউৰিটী কোডসংযুক্ত কৰা হৈছে

নাগৰিকসকলৰ বাবে পৰামৰ্শ-

  • পৰামৰ্শ দিয়া হৈছে যে নাগৰিকসকলে টীকাকৰণৰ ৰেকৰ্ডিং প্ৰক্ৰিয়া সহজে সম্পূৰ্ণ কৰিব পৰাকৈ তেওঁলোকৰ নিযুক্তি পত্ৰৰ একোটা কপি (ডিজিটেল বা ফিজিকেল) আৰু/অথবা নিযুক্তি নিশ্চিত কৰণ এছএমএছসহ পঞ্জীভুক্ত মোবাইল ফোন লগত আনিব যাতে ৪টা অংকৰ ছিকিউৰিটী কোড দাখিল কৰিব পৰা যায়
  • লগতে পৰামৰ্শ দিয়া হৈছে যে ছিকিউৰিটী কোডটো ভেকচিনৰ ডজ দিয়াৰ পূৰ্বে ভেৰিফায়াৰ/ভেকচিনেটৰক দাখিল কৰিব পৰা যায়
  • কেৱল তেতিয়াহে ডিজিটেল চাৰ্টিফিকেট সৃষ্টি হব যেতিয়া ছিকিউৰিটী কোডসহ টীকাকৰণৰ ৰেকৰ্ড আপডেট হব সেয়ে নাগৰিকসকলে ভেকচিনেটৰক ছিকিউৰিটী কোডটো দিবই লাগিব
  • প্ৰক্ৰিয়াটো সফলভাবে সম্পূৰ্ণ হোৱাৰ পিছত নাগৰিকে এটা নিশ্চিতকৰণ এছএমএছ পাব

For Details :

 

 আয়ুস মন্ত্ৰালয়ে আয়ুস ৬৪ আৰু কাবাছুৰা কুড়িনীৰৰ দেশজোৰা বিতৰণ অভিযান আৰম্ভ কৰিছে

এই কথা উল্লেখযোগ্য যে কভিড-১৯ মহামাৰীয়ে দেশক আক্ৰমণ কৰাৰে পৰা, আয়ুস মন্ত্ৰালয়ে কভিড-১৯ৰ নিয়ন্ত্ৰণ আৰু নোহোৱা কৰিবলৈ কেইবাটাও পদক্ষেপগ্ৰহণ কৰিছে, লগতে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সৈতে ঘনিষ্ঠ সহযোগিতাৰে কাম কৰি আছে মন্ত্ৰালয়ে দেশব্যাপি আয়ুস-৬৪ আৰু কাবাছুৰা কুড়িনীৰৰ বিতৰণৰ বাবে গ্ৰহণ কৰা শেহতীয়া পদক্ষেপৰ জৰিয়তে ভাৰতে কভিড-১৯ মহামাৰীৰ বিৰুদ্ধে ইয়াৰ যুদ্ধ শক্তিশালী কৰিবলৈ বিচাৰিছে

For Details:

 

দেশত কভিড আন্তঃগাঁথনি বৃদ্ধি কৰিবলৈ মহাকাশ বিভাগে পদক্ষেপ গ্ৰহণ কৰিছে; ধাৰাবাহিকভাৱে তামিলনাডু আৰু কেৰালাক তৰল অক্সিজেন দি থকা হৈছে

উত্তৰ পূৰ্বাঞ্চল উন্নয়ন, পিএমঅ’, পাৰছনেল, ৰাজহুৱা অভিযোগ, পেঞ্চন, আনবিক শক্তি আৰু মহাকাশ বিভাগৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী (স্বতন্ত্ৰ প্ৰভাৰ) ড৹ জিতেন্দ্ৰ সিংহই আজি কয় যে মহকাশ বিভাগে কভিড সম্পৰ্কীয় সহযোগিতা, বিশেষকৈ তৰল অক্সিজেন তামিলনাডু, কেৰালা, অন্ধ্ৰপ্ৰদেশ আৰু চণ্ডীগড়লৈ নিয়াৰ ক্ষেত্ৰত আশাতীত কাম কৰিছে

For details:

 

গুৰুত্বপূৰ্ণ টুইট

 

পিআইবি ফেক্ট চেক্

 

 

 

****

 



(Release ID: 1716930) Visitor Counter : 125


Read this release in: English