প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

দেশৰ ক’ভিড-১৯ৰ পৰিস্থিতি সন্দৰ্ভত এখন উচ্চস্তৰীয় বৈঠকত প্ৰধানমন্ত্ৰীৰ সভাপতিত্ব

চিকিৎসা আন্তঃগাঁথনিৰ খতিয়ান ল’লে প্ৰধানমন্ত্ৰীয়ে

৩টা এম্পাৱাৰ্ড গোটে উপস্থাপন প্ৰদান কৰিলে প্ৰধানমন্ত্ৰীৰ সন্মুখত

স্বাস্থ্যৰ আন্তঃগাঁথনি মজবুত কৰিবলৈ বিষয়াসকলক প্ৰধানমন্ত্ৰীৰ নিৰ্দেশ

পোষ্ট কৰা হৈছে: 27 APR 2021 8:33PM by PIB Guwahati

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ ক’ভিড-১৯ৰ পৰিস্থিতি সন্দৰ্ভত শীৰ্ষ পৰ্যায়ৰ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয়৷ বৈঠকত প্ৰধানমন্ত্ৰীক অক্সিজেনৰ উপলব্ধতা, ঔষধ, স্বাস্থ্য আন্তঃগাঁথনি ইত্যাদিৰ বিভিন্ন বিষয়ত বিশদ তথ্য প্ৰদান কৰা হয়৷

অক্সিজেনৰ যোগান বৃদ্ধিত নিয়োজিত এম্পাৱাৰ্ড গোটে প্ৰধানমন্ত্ৰীক তেওঁলোকৰ কাৰ্যাৱলীৰ বিশদ তথ্য প্ৰদান কৰে৷ ২০২১ চনৰ এপ্ৰিলৰ শেষলৈকে এলএমঅ’ৰ ঘৰুৱা উৎপাদন প্ৰতিদিনে ৯২৫০ মেট্ৰিকটনৰ সীমা অতিক্ৰম কৰিব বুলি তেওঁলোকে জানিবলৈ দিয়ে৷

প্ৰধানমন্ত্ৰীয়ে বিষয়াসকলক ৰাজ্য চৰকাৰৰ সৈতে ঐক্যৱদ্ধভাৱে পিএছএ অক্সিজেন প্লাণ্ট স্থাপন কৰিবলৈ নিৰ্দেশ দিয়ে৷

প্ৰধানমন্ত্ৰীক অক্সিজেন এক্সপ্ৰেছ ৰে’লৱে সেৱাৰ বিষয়েও অৱগত কৰোৱা হয়৷

চিকিৎসা আন্তঃগাঁথনি আৰু ক’ভিড ব্যৱস্থাপনাৰ সৈতে জড়িত এম্পাৱাৰ্ড গোটে প্ৰধানমন্ত্ৰীক বিচনা আৰু আইচিইউৰ উপলব্ধতা সন্দৰ্ভত তথ্য প্ৰদান কৰে৷

যোগাযোগ কাৰ্যাৱলীত নিয়োজিত এম্পাৱাৰ্ড গোটে জনসাধাৰণৰ মাজত ক’ভিডৰ সজাগতা প্ৰদান কৰা হৈছে বুলি প্ৰধানমন্ত্ৰীক জানিবলৈ দিয়ে৷  

উল্লেখ্য, বৈঠকখনত গৃহ সচিব, কেবিনেট সচিব, আৰটি আৰু এইচ সচিব, আইএণ্ডবি সচিব, ফাৰ্মাচিউটিকেলছৰ সচিব, নিটি আয়োগৰ সদস্য, ডিজি আইচিএমআৰ, বায়’টেকন’লজীৰ সচিব আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকলো উপস্থিত আছিল৷

 

*****

DS/AKJ/MANN


(ৰিলিজ আই ডি : 1714772) অতিথি কক্ষ : 248