প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

দেশৰ ক’ভিড-১৯ৰ পৰিস্থিতি সন্দৰ্ভত এখন উচ্চস্তৰীয় বৈঠকত প্ৰধানমন্ত্ৰীৰ সভাপতিত্ব

চিকিৎসা আন্তঃগাঁথনিৰ খতিয়ান ল’লে প্ৰধানমন্ত্ৰীয়ে

৩টা এম্পাৱাৰ্ড গোটে উপস্থাপন প্ৰদান কৰিলে প্ৰধানমন্ত্ৰীৰ সন্মুখত

স্বাস্থ্যৰ আন্তঃগাঁথনি মজবুত কৰিবলৈ বিষয়াসকলক প্ৰধানমন্ত্ৰীৰ নিৰ্দেশ

Posted On: 27 APR 2021 8:33PM by PIB Guwahati

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ ক’ভিড-১৯ৰ পৰিস্থিতি সন্দৰ্ভত শীৰ্ষ পৰ্যায়ৰ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয়৷ বৈঠকত প্ৰধানমন্ত্ৰীক অক্সিজেনৰ উপলব্ধতা, ঔষধ, স্বাস্থ্য আন্তঃগাঁথনি ইত্যাদিৰ বিভিন্ন বিষয়ত বিশদ তথ্য প্ৰদান কৰা হয়৷

অক্সিজেনৰ যোগান বৃদ্ধিত নিয়োজিত এম্পাৱাৰ্ড গোটে প্ৰধানমন্ত্ৰীক তেওঁলোকৰ কাৰ্যাৱলীৰ বিশদ তথ্য প্ৰদান কৰে৷ ২০২১ চনৰ এপ্ৰিলৰ শেষলৈকে এলএমঅ’ৰ ঘৰুৱা উৎপাদন প্ৰতিদিনে ৯২৫০ মেট্ৰিকটনৰ সীমা অতিক্ৰম কৰিব বুলি তেওঁলোকে জানিবলৈ দিয়ে৷

প্ৰধানমন্ত্ৰীয়ে বিষয়াসকলক ৰাজ্য চৰকাৰৰ সৈতে ঐক্যৱদ্ধভাৱে পিএছএ অক্সিজেন প্লাণ্ট স্থাপন কৰিবলৈ নিৰ্দেশ দিয়ে৷

প্ৰধানমন্ত্ৰীক অক্সিজেন এক্সপ্ৰেছ ৰে’লৱে সেৱাৰ বিষয়েও অৱগত কৰোৱা হয়৷

চিকিৎসা আন্তঃগাঁথনি আৰু ক’ভিড ব্যৱস্থাপনাৰ সৈতে জড়িত এম্পাৱাৰ্ড গোটে প্ৰধানমন্ত্ৰীক বিচনা আৰু আইচিইউৰ উপলব্ধতা সন্দৰ্ভত তথ্য প্ৰদান কৰে৷

যোগাযোগ কাৰ্যাৱলীত নিয়োজিত এম্পাৱাৰ্ড গোটে জনসাধাৰণৰ মাজত ক’ভিডৰ সজাগতা প্ৰদান কৰা হৈছে বুলি প্ৰধানমন্ত্ৰীক জানিবলৈ দিয়ে৷  

উল্লেখ্য, বৈঠকখনত গৃহ সচিব, কেবিনেট সচিব, আৰটি আৰু এইচ সচিব, আইএণ্ডবি সচিব, ফাৰ্মাচিউটিকেলছৰ সচিব, নিটি আয়োগৰ সদস্য, ডিজি আইচিএমআৰ, বায়’টেকন’লজীৰ সচিব আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকলো উপস্থিত আছিল৷

 

*****

DS/AKJ/MANN



(Release ID: 1714772) Visitor Counter : 171