PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ বুলেটিন

Posted On: 27 APR 2021 5:42PM by PIB Guwahati

  • ১০ মেট্ৰিক টন আৰু ২০ মেট্ৰিক টন ক্ষমতাৰ ২০ ক্ৰাঅজেনিক টেংকাৰ আমদানি কেন্দ্ৰীয় চৰকাৰৰ
  • আজি দেশখনত প্ৰদান কৰা কভিড-১৯ ভেকচিন পালিৰ মুঠ সংখ্যাই ১৪.৫ কোটি অতিক্ৰম কৰিলে
  • ৰাষ্ট্ৰীয় মুঠ মৃত্যুৰ হাৰ (CFR) অৱনমিত হৈ আছে আৰু সম্প্ৰতি এই হাৰ হৈছে ১.১২%
  • সমগ্ৰ ভাৰতৰ বাবে ১৬৯ ৰোধিক কভিড কেয়াৰ কছ হস্তান্তৰ কৰিলে ৰেলৱেয়ে
  • দিল্লীয়ে লাভ কৰিলে প্ৰথমখনি অক্সিজেন এক্সপ্ৰেছ

 

#Unite2FightCorona

#IndiaFightsCorona

দেশখনত অক্সিজেন টেংকাৰৰ নাটনিৰে মোকাবিলা কৰিবলৈ, ১০ মেট্ৰিক টন আৰু ২০ মেট্ৰিক টন ক্ষমতাৰ ২০ ক্ৰাঅজেনিক টেংকাৰ আমদানি কেন্দ্ৰীয় চৰকাৰৰ আৰু ইয়াক ৰাজ্যসমূহলৈ আবন্টন দিয়া যায়

  • উদ্যোগৰ প্ৰোৎসাহন আৰু অভ্যন্তৰীণ বাণিজ্যৰ অৰ্থে বিভাগ (DPIIT) ৰ সৈতে আলোচনা মৰ্মে পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয় (MoRTH) এ এমপাৱাৰ্ড গোট-II (EG-II) ৰ সামগ্ৰিক তত্বাৱধানৰ অধীনত যোগানৰ অৰ্থে এই কন্টেইনাৰসমূহৰ আবন্টনৰ ৰূপৰেখা অংকন কৰি উলিয়াইছে।
  • বিশ্বখনৰ সৰ্ববৃহৎ টিকাদান অভিযানৰ অংশস্বৰূপে আজি দেশখনত প্ৰদান কৰা কভিড-১৯ ভেকচিন পালিৰ মুঠ সংখ্যাই ১৪.৫ কোটি অতিক্ৰম কৰিলে
  • আজি ভাৰতৰ মুঠ আৰোগ্য লাভৰ সংখ্যা ১,৪৫,৫৬,২০৯ হৈ পৰিল। ৰাষ্ট্ৰীয় আৰোগ্য লাভৰ হাৰ ৮২.৫৪%
  • যোৱা ২৪ ঘন্টাত ২,৫১,৮২৭ ৰোগীৰ আৰোগ্য লাভ।
  • যোৱা ২৪ ঘন্টাত ৩,২৩,১৪৪ নতুন ঘটনা লাভ।
  • ৰাষ্ট্ৰীয় মুঠ মৃত্যুৰ হাৰ (CFR) অৱনমিত হৈ আছে আৰু সম্প্ৰতি এই হাৰ হৈছে ১.১২%
  • যোৱা ২৪ ঘন্টাত আঠ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত এটাও কভিড-১৯ জনিত মৃত্যুৰ ঘটনা লাভ কৰা হোৱা নাই। এইসমূহ হৈছেঃ দমন ও ডিউ ও দাদৰা ও নগৰ হাভেলী, লাডাখ, ত্ৰিপুৰা, লক্ষদ্বীপ, মিজোৰাম, নাগালেণ্ড, অৰুণাচল প্ৰদেশ আৰু আন্দামান ও নিকোবৰ দ্বীপপুঞ্জ।

অধিক বিৱৰণৰ বাবেঃ

 

সমগ্ৰ ভাৰতৰ বাবে ১৬৯ ৰোধিক কভিড কেয়াৰ কছ হস্তান্তৰ কৰিলে ৰেলৱেয়ে

ভিডৰ বিৰুদ্ধে সমন্বিত যুঁজখনত, ৰেল মন্ত্ৰালয়ে ৰাজ্যসমূহে ব্যৱহাৰৰ বাবে প্ৰায় ৬৪০০০ বিছনাসহ প্ৰায় ৪০০০ কভিড কেয়াৰ কছ সাজু কৰি তুলিছে। বৰ্তমান কভিড কেয়াৰৰ অৰ্থে ভিন্ন ৰাজ্যসমূহলৈ ১৬৯ কছ হস্তান্তৰ কৰা হৈছে।

অধিক বিৱৰণৰ বাবেঃ

 

দিল্লীয়ে লাভ কৰিলে প্ৰথমখনি অক্সিজেন এক্সপ্ৰেছ

ভাৰতীয় ৰেলৱেয়ে দেশখনৰ ভিন্ন প্ৰান্তলৈ লিকুইড মেডিকেল অক্সিজেনৰ যোগান অব্যাহত ৰাখিছে। এতিয়ালৈকে, মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ ও দিল্লীলৈ ৪৫০ মেট্ৰিক টন সৰবৰাহ কৰা হৈছে। ইয়াৰ অৰ্থে ১০,০০০ কিঃমিঃৰোধিক দূৰত্ব অতিক্ৰমৰে ২৬ টেংকাৰৰ জৰিয়তে ৬ খন অক্সিজেন এক্সপ্ৰেছ উক্ত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত উপস্থিত হৈছেগৈ।

অধিক বিৱৰণৰ বাবেঃ

 

ভিড-১৯ বৃদ্ধিৰ সময়ছোৱাত দ্বিগজ আৰু তেওঁলোকৰ পৰিজনক শুশ্ৰুষাৰ অৰ্থে ৫১ হাই প্ৰেছাৰ ইচিএইচএছ পলিক্লিনিকত অতিৰিক্ত ঠিকাভিত্তিক ষ্টাফৰ অস্থায়ী নিযুক্তিত অনুমোদন জনালে প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে

এই ব্যৱস্থাই নিশাৰ ভাগতো উক্ত অঞ্চলসমূহত দ্বিগজ আৰু তেওঁলোকৰ পৰিজনৰ গুৰুতৰ ঘটনাত তাৎক্ষণিক মেডিকেল ধ্যানৰ উপলব্ধতা নিশ্চিত কৰিব। এই অনুমোদনৰ ম্যাদ ২০২১ ৰ ১৫ আগষ্টলৈকে।

অধিক বিৱৰণৰ বাবেঃ

 

ভিড-১৯ ৰ প্ৰত্যাহ্বান সত্বেও ২০২০-২১ ত ভাৰতৰ জৈৱিক খাদ্য পণ্যৰ ৰপ্তানি ৫০ ৰোধিক শতাংশ বৃদ্ধি পালে

২০২০-২১ বিত্তীয় বৰ্ষৰ সময়ছোৱাত পূৰ্ববৰ্তী বিত্তীয় বৰ্ষ (২০১৯-২০) ৰ তুলনাত মূল্য (আমেৰিকান ডলাৰ নিযুত) ৰ ভিত্তিত ভাৰতৰ জৈৱিক খাদ্য পণ্যৰ ৰপ্তানি ১০৪০ নিযুত আমেৰিকান ডলাৰ (৭০৭৮ কোটি টকা) লৈ ৫১% বৃদ্ধি পালে। পৰিমাণৰ ক্ষেত্ৰত, ২০২০-২১ বিত্তীয় বৰ্ষৰ সময়ছোৱাত জৈৱিক খাদ্য পণ্যৰ ৰপ্তানি ৩৯% বৃদ্ধিৰে ৮৮৮.১৭৯ মেট্ৰিক টন (MT) হয়। ইয়াৰ তুলনাত ২০১৯-২০ ত উক্ত পণ্যৰ চালানৰ পৰিমাণ আছিল ৬৩৮,৯৯৮ মেট্ৰিক টন।

অধিক বিৱৰণৰ বাবেঃ

 

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰপৰা লাভ কৰা ইনপুটসমূহ

মহাৰাষ্ট্ৰঃ মহাৰাষ্ট্ৰ আৰু মুম্বাইত কভিড-১৯ ৰ নতুন ঘটনাৰ সংখ্যা অৱনমিত হৈ পৰিছে। ৰাজ্যখনত টিকাদান বৃদ্ধি কৰি তোলা হৈছে। ব্যাধিটোৰ সংক্ৰমণ নিৰ্ণয় কৰিবলৈ ব্যৱহৃত অন্যতম আহিলা ৰিপ্ৰডাকশ্যন নম্বৰ বা আৰ নম্বৰৰ মান মহাৰাষ্ট্ৰত ১.১ লৈ অৱনমিত হৈছে।

 

গুজৰাটঃ গুজৰাটত সোমবাৰে কভিড-১৯ ত আক্ৰান্ত ১৪,৩৪০ টা নতুন ঘটনা লাভ কৰা হৈছে। একে সময়তে ৭৭২৭ জন কভিড ৰোগীক আৰোগ্য লাভৰ বাবে ডিচাৰ্জ দিয়া যায়। ইফালে, সোমবাৰৰ দিনটোত ১৫৮ জন কভিড আক্ৰান্ত মৃত্যুমখত পৰে।

 

মধ্য প্ৰদেশঃ মধ্য প্ৰদেশ ৰাজ্য চৰকাৰখনে ৰাজ্যখনৰ ১৮-বছৰ বয়সৰ উৰ্ধ জনসাধাৰণক কভিড-১৯ ৰ বিৰুদ্ধে ভেকচিন প্ৰদান কৰিবলৈ ১৮০ কোটি টকা ব্যয় সাপেক্ষে ৪৫ লাখ কভিশ্বিল্ডৰ অৰ্ডাৰ দিছে। ইয়াৰ প্ৰস্তুতকৰ্তা ছেৰাম ইনষ্টিটিউটৰ সৈতে প্ৰতি পালিত ৪০০ টকা দৰত এই অৰ্ডাৰ দিয়া যায়। তৃতীয়টো পৰ্য়ায়ত, ৰাজ্যখনে ৩.৪০ কোটি লোকক ভেকচিন প্ৰদান কৰিব আৰু ইয়াৰ বাবে ২৭১০ কোটি টকা ব্যয় কৰা হব।

 

চত্তীশগড়ঃ চত্তীশগড়ৰ ১৮ বছৰ আৰু ইয়াৰ উৰ্ধ বয়সৰ লোকক কভিড ভেকচিন প্ৰদানৰ অৰ্থে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। ৰাজ্যখনৰ টিকাদান প্ৰেক্ষাপট সন্দৰ্ভত শেহতীয়াভাৱে কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেশ বাঘেলৰ সৈতে টেলিফোনৰ মাধ্যমেৰে আলোচনা কৰে। ৰাজ্য চৰকাৰখনে ২৫ লাখকৈ কভিশ্বিল্ড আৰু কভাক্সিনৰ অৰ্ডাৰ দিছে।


গোৱাঃ গোৱাত কভিড ঘটনা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত, ৰাজ্যখনৰ সকলো ইএছআই ডিচপেনচেৰী বন্ধ ৰখা হব। ইয়াত কৰ্মৰত ষ্টাফক ৰাজ্যখনৰ কভিড-১৯ চিকিৎসালয়সমূহত কাম কৰাৰ নিৰ্দেশ প্ৰদান কৰা যায়। গোৱা চৰকাৰে আজি এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে।

ৰাজস্থানঃ ৰাজস্থানত সোমবাৰে ১৬,৪৩৮ টা নতুন কভিড-১৯ ঘটনা লাভ কৰা যায়। এই সংখ্যা এদিনতে অন্যতম সৰ্বাধিক হিচাপে পৰিগণিত হৈছে। ইয়াৰ ফলত ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যা ৫,৩০,৮৭৫ লৈ বৃদ্ধি পালে।

 

কেৰালাঃ কেৰালাত ২ মেত অনুষ্ঠিতব্য নিৰ্বাচনৰ ভোট গণনাৰ দিনা লকডাউনৰ আৱশ্যকতা নাই বুলি কেৰালা উচ্চ ন্যায়ালয়ে আজি কয়। ন্যায়ালয়ে লগতে কয় যে নীতি-নিৰ্দেশনা উলংঘাকাৰীৰ বিৰুদ্ধে ৰাজ্য চৰকাৰখনে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। ৰাজ্য চৰকাৰখনৰদ্বাৰা সম্পাদন কৰা এটি গৱেষণাত এই কথা প্ৰমাণিত হয় যে কেৰালাৰ তেৰখন জিলাত কৰোনাভাইৰাছৰ ডাবল মিউটেন্ট ভেৰিয়েন্ট লাভ কৰা হৈছে।

 

তামিল নাডুঃ সৰ্বোচ্চ ন্যায়ালয়ে ৰাষ্ট্ৰীয় প্ৰয়োজনীয়তা ৰ ভিত্তিত টুটিকৰিনস্থিত বেদান্তৰ অক্সিজেন প্লান্ট চালনাৰ অনুমতি প্ৰদান কৰিছে। এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে কয় যে দেশখনে ৰাষ্ট্ৰীয় সংকটৰ সন্মুখীন হৈ আছে। ইয়াৰ পৰিপ্ৰেক্ষিতত বেদান্তৰদ্বাৰা অক্সিজেন উৎপাদনক লৈ ৰাজনীতি কৰা উচিত নহয়।

 

কৰ্ণাটকঃ কৰ্ণাটক ৰাজ্য চৰকাৰে ২৬-০৪-২০২১ ত প্ৰকাশ কৰা বুলেটিনৰ তথ্য অনুসৰি, ৰাজ্যখনত লাভ কৰা নতুন কভিড-১৯ ঘটনাৰ সংখ্যা ২৯৭৪৪ টা। মুঠ সক্ৰিয় ঘটনা ২৮১০৪২ টা। নতুন কভিড-১৯ জনিত মৃত্যুৰ ঘটনা ২০১ টা।

 

অন্ধ্ৰ প্ৰদেশঃ অন্ধ্ৰ প্ৰদেশত যোৱা ২৪ ঘন্টাত ৭৪,০৪১ টা নমুনা টেষ্ট কৰাৰ বিপৰীতে ৯৮৮১ টা নতুন কভিড-১৯ ঘটনা লাভ কৰা যায়। একে সময়তে ৫১ কভিড আক্ৰান্ত মৃত্যুমুখত পৰে। ইফালে, ৪৪৩১ আক্ৰান্তই আৰোগ্য লাভ কৰাতে তেওঁলোকক ডিচাৰ্জ দিয়া হৈছে।

 

তেলেংগানাঃ তেলেংগানাই মেডিকেল অক্সিজেন ভৰ্তি প্ৰথম পাঁচখন টেংকাৰ লাভ কৰিছে। ষ্টীল অথৰিটি অৱ ইণ্ডিয়া লিমিটেড (SAIL) ৰ ৰুৰকেল্লা ষ্টীল প্লান্টৰপৰা এই টেংকাৰসমূহ লাভ কৰা যায়। কালি নিশা এইসমূহ লাভ কৰাৰ ক্ষন্তেক পাছতেই নিশাৰ ভিতৰতে এইসমূহ ৰাজ্য়খনৰ ভিন্ন প্ৰান্তত অৱস্থিত কভিড-১৯ চিকিৎসালয়সমূহলৈ প্ৰেৰণ কৰা হয়।

 

অসমঃ অসমত সোমবাৰে ১৫ কভিড পজিটিভ ৰোগী মৃত্যুমুখত পৰে। একে সময়তে ৰাজ্যখনত ৭৩,১৮১ টা টেষ্ট সম্পন্ন কৰাৰ বিপৰীতে ৩,১৩৭ টা নতুন ঘটনা লাভ কৰা যায়। ইয়াত পজিটিভিটি হাৰ হৈছে ৪.২৯ শতাংশ। ৰাজ্যখনত কভিড-১৯ ৰ দ্বিতীয়টো ঢৌ প্ৰতিহত কৰিবলৈ বলবৎ কৰা বাধ্যবাধকতাসমূহৰ ভিতৰত আছেঃ সন্ধিয়া ৬ বজাৰ লগে-লগেই দোকান আৰু বজাৰসমূহ বন্ধ কৰা তথা অন্যান্য নীতি-নিৰ্দেশনা। ৰাজ্যখনৰ সকলো জিলাতে এই নিৰ্দেশনা আৰোপ কৰা হৈছে। ৰাজ্য়খনৰ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী দহ দিনলৈ ৰাজ্যখনত পৰ্যাপ্ত অক্সিজেন যোগান থকাৰ কথা সদৰী কৰি কয় যে বৰ্তমানে দৈনিক প্ৰয়োজনীয় ২০ মেট্ৰিক টনৰ বিপৰীতে ৬১ মেট্ৰিক টন উপলব্ধ আছে। কামৰূপ মহানগৰ জিলাত দৈনিক কভিড-১৯ ঘটনাই ১,০০০ ৰ সীমা অতিক্ৰম কৰাৰ পৰিপ্ৰেক্ষিতত, জিলা প্ৰশাসনে পৰৱৰ্তী ১৫ দিনৰ বাবে হোষ্টেলসমূহকে ধৰি সকলো শৈক্ষিক প্ৰতিষ্ঠান বন্ধ ৰখাৰ নিৰ্দেশনা প্ৰদান কৰিছে।

 

মণিপুৰঃ মণিপুৰত যোৱা ২৪ ঘন্টাত কভিড-১৯ ত আক্ৰান্ত পাঁচজন ৰোগী মৃত্যুমুখত পৰাৰ ঘটনা ৰাজ্য়খনত এই বৰ্ষত এদিনতে সৰ্বাধিক কভিড-১৯ জনিত মৃত্যুৰ ঘটনা হিচাপে পৰিগণিত হৈছে। ৰাজ্য়খনৰ কভিড-১৯ কমন কনট্ৰল ৰুমে আগবঢ়োৱা শেহতীয়া তথ্য অনুসৰি, ৰাজ্যখনৰ ১,৩০,৯৭৯ লোকক কভিডৰ ভেকচিন প্ৰদান কৰা হৈছে।


মেঘালয়ঃ মেঘালয়ত শেহতীয়াভাৱে ১৩০ টা নতুন কভিড-১৯ পজিটিভ ঘটনা লাভ কৰা হৈছে। ৰাজ্যখনৰ সক্ৰিয় ঘটনাৰ সংখ্যা ১৪০৩ টালৈ বৃদ্ধি পোৱাৰ বিপৰীতে মৃত্যুৰ ঘটনা ১৬১ লৈ বৃদ্ধি পাইছে। ২৪ এপ্ৰিলত পূব খাচী পাৰ্বত্য জিলাত লাভ কৰা ১৬৬ টা নতুন ঘটনাৰ গৰিষ্ঠসংখ্যক লোকেই আছিল ৰাজ্যখনৰ বাহিৰৰপৰা অহা লোক। তেওঁলোকৰ অতিকমেও ২৫ জনে বিভাগীয় কৰ্তৃপক্ষক অশুদ্ধ মবাইল নম্বৰ দিছিল আৰু এতিয়া তেওঁলোক সংযোগ সীমাৰ বাহিৰত থকা বুলি বিভাগীয় কৰ্তৃপক্ষই সদৰী কৰিছে।

নাগালেণ্ডঃ নাগালেণ্ডত সোমবাৰে ৫৫ টা নতুন কভিড ঘটনা লাভ কৰা যায় আৰু একে সময়তে ৩ জন আক্ৰান্তই আৰোগ্য লাভ কৰিছে। ৰাজ্য়খনত সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ৭২৭ টা। অদ্যপি, ৰাজ্যখনৰ ১,৮৬,৩৫০ জন লোকক কভিড-১৯ ৰ ভেকচিন প্ৰদান কৰা হৈছে। ইয়াৰে, ৩৮,৬৯৪ জন লোকে ২য় পালি লাভ কৰিছে।

 

ত্ৰিপুৰাঃ ত্ৰিপুৰাত যোৱা ২৪ ঘন্টাত ৯৮ জন লোকৰ দেহত কভিড-১৯ পজিটিভ ধৰা পৰিছে। কালি মুঠ ৩৩৩২ টা নমুনা টেষ্ট কৰা হৈছিল। আগৰতলা পৌৰ নিগমৰ অধীনস্থ অঞ্চলসমূহত সৰ্বাধিক ঘটনা লাভ কৰা হৈছে। ইফালে জিলা প্ৰশাসনে বজাৰসমূহ মুকলি স্থানলৈ নিয়াৰ চিন্তা-চৰ্চা কৰি আছে।

ছিকিমঃ ছিকিমত কভিড-১৯ ৰ দ্বিতীয়টো ঢৌৰ ২-য় সপ্তাহত দুজন আক্ৰান্তৰ প্ৰাণহানি হোৱাত উক্ত ঢৌত মৃত্যু হোৱা আক্ৰান্তৰ সংখ্যা ৪ লৈ বৃদ্ধি পালে। ১২ এপ্ৰিলত ৰাজ্যখনত দ্বিতীয়টো ঢৌ আৰম্ভ হোৱা বুলি গণ্য কৰা যায়। এই দুটা সপ্তাহত ৰাজ্যখনত ৯০১ টা নতুন ঘটনা লাভ কৰা যায়। যোৱা ২৪ ঘন্টাত ছিকিমত ২৩ টা নতুন ঘটনা লাভ কৰা হয়। ৰাজ্যখনত অদ্যপি ১,৮৯,৯৫৩ হিতাধিকাৰীক কভিড-১৯ ৰ ভেকচিন প্ৰদান কৰা হৈছে। সোমবাৰে একে ভেকচিন প্ৰদান কৰা হয় ৩৮২৪ জনক।

 

পঞ্জাৱঃ পঞ্জাৱত কভিড-১৯ পজিটিভ ধৰা পৰা ৰোগীৰ মুঠ সংখ্যা হৈছেগৈ ৩৪৫৩৬৬ জন। ৰাজ্য়খনত সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ৪৯৮৯৪ টা। ইয়াত মুঠ কভিড-১৯ জনিত মৃত্যুৰ ঘটনা ৮৫৩০ লৈ বৃদ্ধি পাইছে।

 

হাৰিয়ানাঃ হাৰিয়ানাত অদ্যপি পজিটিভ ধৰা পৰা মুঠ নমুনাৰ সংখ্যা হৈছে ৪৩৫৮২৩ টা। ৰাজ্য়খনত মুঠ সক্ৰিয় কভিড-১৯ ত আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে ৭৯৪৬৬ জন। ইয়াত মৃত্যুৰ ঘটনা ৩৮৪২ লৈ বৃদ্ধি পাইছে।

 

চণ্ডীগড়ঃ চণ্ডীগড়ত মুঠ কভিড-১৯ ঘটনাৰ সংখ্যা হৈছে ৩৯৫১৩ টা। ইয়াত সক্ৰিয় ঘটনাৰ মুঠ সংখ্যা হৈছে ৫৫৭৫ টা। আজিলৈকে কভিড-১৯ জনিত মৃত্যুৰ ঘটনাৰ মুঠ সংখ্যা হৈছে ৪৪০ টা।

 

হিমাচল প্ৰদেশঃ হিমাচল প্ৰদেশত আজিলৈকে কভিড পজিটিভ ধৰা পৰা ৰোগীৰ মুঠ সংখ্যা হৈছে ৮৯১৯৩ জন। ৰাজ্যখনত সক্ৰিয় ঘটনাৰ মুঠ সংখ্যা হৈছে ১৪৩২৬ টা। আজিলৈকে ৰাজ্যখনত সংঘটিত কভিড-১৯ জনিত মৃত্যুৰ ঘটনাৰ মুঠ সংখ্যা ১৩৫০ টা হৈছে।

ফেক্ট চেক

*********

MV/AP/SB



(Release ID: 1714520) Visitor Counter : 146