গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়

পিএমজিকেএৱাই আঁচনি, ২০২১ ৰ অধীনত এনএফএছএ ৰ ৮০ কোটিৰো অধিক হিতাধিকাৰীক অতিৰিক্ত ৮০ লাখ মেট্ৰিক টন খাদ্যশস্য আগবঢ়োৱা যাব

দৰিদ্ৰ আৰু ক’ভিড-১৯ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত দৰিদ্ৰ আৰু অভাৱী লোকসকলে সন্মুখীন হোৱা কষ্ট লাঘৱৰ অৰ্থে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অংগীকাৰৰ
অংশস্বৰূপে ২০২১ ৰ মে’ আৰু জুন মাহৰ বাবে পিএমজিকেএৱাই আঁচনি ঘোষণা

২০২১ ৰ মে’ আৰু জুনত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ এনএফএছএ ও পিএমজিকেএৱাই আঁচনিৰ বাবে প্ৰায় ১৭৯ লাখ মেট্ৰিক টন খাদ্যশস্য যোগান ধৰা হ’বঃ শ্ৰী পাণ্ডে

ভাৰত চৰকাৰৰ অধীনস্থ ভাৰতীয় খাদ্য নিগম সম্পূৰ্ণ সাজু হৈ উঠিছে আৰু খাদ্যশস্যৰ পৰ্যাপ্ত মজুত আছেঃ সচিব, ডিএফপিডি

Posted On: 24 APR 2021 7:21PM by PIB Guwahati

দৰিদ্ৰ আৰু কভিড-১৯ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত দৰিদ্ৰ আৰু অভাৱী লোকসকলে সন্মুখীন হোৱা কষ্ট লাঘৱৰ অৰ্থে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অংগীকাৰৰ অংশস্বৰূপে, ভাৰত চৰকাৰে ২০২১ ৰ মে’ আৰু জুন মাহৰ বাবে পিএমজিকেএৱাই আঁচনি ঘোষণা কৰিছে। খাদ্য ও ৰাজহুৱা বিতৰণ বিভাগৰ সচিব শ্ৰী সুধাংশু পাণ্ডেয়ে আজি সদ্যঘোষিত প্ৰধান মন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনা সন্দৰ্ভত সংবাদ মাধ্যমক চমুকৈ ব্যক্ত কৰে।

এই আঁচনিখনৰ অধীনত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন, ২০১৩ (NFSA) ৰ অধীনত সামৰি লোৱা প্ৰায় ৮০ কোটি হিতাধিকাৰীলৈ প্ৰতি মাহে জনমূৰি ৫ কিঃগ্ৰাঃ খাদ্যশস্য বিনামূলীয়াকৈ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। পূৰ্বৰ “প্ৰধান মন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনা (PM-GKAY)” ৰ দৰে একেই ধৰণেৰে ২০২১ ৰ মে’ আৰু জুন অৰ্থাৎ পৰৱৰ্তী দুটা মাহৰ বাবে উল্লেখিত এনএফএছএ খাদ্যশস্য আগবঢ়োৱা হ’ব।

আৰম্ভণিতে, শ্ৰী পাণ্ডেয়ে অৱগত কৰে যে ভাৰতীয় খাদ্য় নিগমে ২০২১ ৰ মে’ আৰু জুন মাহত এই বিশেষ আঁচনিখনৰ অধীনত সংশ্লিষ্ট ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চললৈ তেওঁলোকৰ নিয়মীয়া এনএফএছএ আবন্টনৰ অতিৰিক্তভাৱে আৰু ৮০ লাখ মেট্ৰিক টন খাদ্যশস্য আগবঢ়াব।

শ্ৰী পাণ্ডেয়ে লগতে কয় যে ২০২১ ৰ মে’ আৰু জুনত এনএফএছএ ও এই আঁচনিখনৰ বাবে প্ৰায় ১৭৯ লাখ মেট্ৰিক টন খাদ্যশস্য যোগান ধৰা হ’ব যাৰ অৰ্থে এফচিআই সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে আৰু ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত খাদ্যশস্যৰ পৰ্যাপ্ত মজুত ৰাখিছে।

তেওঁ লগতে কয় যে সৰবৰাহ কৰিবলৈ পৰিকল্পনা কৰা মজুত থকা খাদ্যশস্যসমূহ খাৰিফ বিপণন বৰ্ষ, ২০২০-২১ ত ক্ৰয় কৰা হয় আৰু চলিত ৰবি বিপণন বৰ্ষ, ২০২১-২২ ত অব্যাহত থকা ক্ৰয়ে এই সময়ছোৱাত যিকোনো প্ৰয়োজনীয়তা পৰিপূৰণ কৰিব।

এই বিশেষ আঁচনিখনৰ অধীনত, এনএফএছএ ৰ উভয় পৰ্য়ায় যথাঃ অন্ত্যোদয় অন্ন যোজনা (AAY) আৰু প্ৰাঅ’ৰিটি হাউছহ’ল্ড (PHH) ৰ অধীনত সামৰি লোৱা প্ৰায় ৮০ কোটি এনএফএছএ হিতাধিকাৰীক এনএফএছএ ৰ অধীনত তেওঁলোকৰ নিয়মীয়া মাহিলী সুবিধাৰ ওপৰিও মাহিলী জনমূৰিকৈ ৫ কিঃগ্ৰাঃ কৈ বিনামূলীয়া খাদ্যশস্য (চাউল/ঘেঁহু) ৰ অতিৰিক্ত কোটা আগবঢ়োৱা হ’ব।

সচিবজনে জনাই যে ২০২০-২১ ৰ সময়ছোৱাত, ভাৰত চৰকাৰে পিএমজিকেএৱাই-I (এপ্ৰিল-জুন, ২০২০) আৰু পিএমজিকেএৱাই-II (জুলাই-নৱেম্বৰ, ২০২০) ঘোষণা কৰিছিল যাৰ অধীনত এফচিআয়ে সংশ্লিষ্ট ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ ১০৪ লাখ মেট্ৰিক টন ঘেঁহু আৰু ২০১ লাখ মেট্ৰিক টন চাউল অৰ্থাৎ মুঠ ৩০৫ লাখ মেট্ৰিক টন খাদ্যশস্য সফলতাৰে যোগান ধৰে।

 

Click here for PPT

****

DJN/MS/SB



(Release ID: 1713887) Visitor Counter : 261