ৰেল মন্ত্ৰালয়

যোৱা ২৪ ঘন্টাত প্ৰায় ১৫০ টন অক্সিজেন সৰবৰাহ অক্সিজেন এক্সপ্ৰেছৰ

মহাৰাষ্ট্ৰ আৰু উত্তৰ প্ৰদেশৰ অৰ্থে লিকুইড মেডিকেল অক্সিজেন (LMO) লৈ ক্ৰমে নাচিক ও লক্ষ্ণৌ পালেহি অক্সিজেন এক্সপ্ৰেছ

নাগপুৰ আৰু বাৰানসী অঞ্চলত মেডিকেল অক্সিজেন যোগানৰ অৰ্থে ইয়াৰ পথত কন্টেইনাৰ আনল’ড

আজি লক্ষ্ণৌৰপৰা তৃতীয়খন অক্সিজেন এক্সপ্ৰেছৰো যাত্ৰা আৰম্ভ

অধিক ট্ৰেইন পাইপলাইনত আছে

অক্সিজেন এক্সপ্ৰেছৰ ক্ষীপ্ৰ যাতায়াতত গ্ৰীন কৰিড’ৰে সহায় কৰিছে

Posted On: 24 APR 2021 6:49PM by PIB Guwahati

ক’ভিড-১৯ ৰ বিৰুদ্ধে যুঁজখনত সঁহাৰি জনোৱাৰ অৰ্থে ভাৰতীয় ৰেলে অক্সিজেন এক্সপ্ৰেছ চলাই আছে।

মহাৰাষ্ট্ৰ আৰু উত্তৰ প্ৰদেশৰ অৰ্থে লিকুইড মেডিকেল অক্সিজেন (LMO) ৰ টেংকাৰ লৈ ক্ৰমে নাচিক ও লক্ষ্ণৌ পায়হি অক্সিজেন এক্সপ্ৰেছ।

নাগপুৰ আৰু বাৰানসী অঞ্চলত লিকুইড মেডিকেল অক্সিজেন যোগানৰ অৰ্থে ইয়াৰ পথত কেইবাটাও কন্টেইনাৰ আনলড কৰা হয়। তদুপৰি, তৃতীয়খনি অক্সিজেন এক্সপ্ৰেছে আজি পুৱা লক্ষ্ণৌৰপৰা ইয়াৰ যাত্ৰা আৰম্ভ কৰিছে।

ৰেলৱেৰ সৈতে আলোচনা মৰ্মে, অন্ধ্ৰ প্ৰদেশ, দিল্লীৰ দৰে ৰাজ্যসমূহত অধিক এনে ট্ৰেইন চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে বিশাখাপট্টনম ও বোকাৰুত এলএমঅ’ ভৰ্তি টেংকাৰ বৰ্তমানে ভাৰতীয় ৰেলৰ ৰো-ৰো সেৱাৰ জৰিয়তে সৰবৰাহ কৰা হৈছে।

উত্তৰ প্ৰদেশত মেডিকেল অক্সিজেনৰ প্ৰয়োজনীয়তা পৰিপূৰণৰ অৰ্থে, ট্ৰেইনখনৰ চলাচলৰ অৰ্থে, লক্ষ্ণৌৰপৰা বাৰানসীলৈ এটা গ্ৰীন কৰিড’ৰ সৃষ্টি কৰা হয়। ট্ৰেইনখনে ২৭০ কিঃমিঃৰ দূৰত্ব প্ৰতি ঘন্টাত ৬২.৩৫ কিঃমিঃ গড় বেগত ৪ ঘন্টা ২০ মিনিটত অতিক্ৰম কৰে।

এতিয়ালৈকে প্ৰায় ১৫০ টন অক্সিজেনৰ মুঠ ১০ কন্টেইনাৰ কঢ়িওৱা হৈছে।

দীৰ্ঘ দূৰত্বলৈ ট্ৰেইনৰ জৰিয়তে অক্সিজেনৰ পৰিবহণ পথ পৰিবহণতকৈ ক্ষীপ্ৰ হৈ উঠিছে। পথ পৰিবহণৰ বিপৰীতে ট্ৰেইনসমূহ ২৪x৭ জুৰি চালিত হয়।

যোৱা বৰ্ষৰ লকডাউনৰ সময়ছোৱাতো ভাৰতীয় ৰেলে অপৰিহাৰ্য্য সা-সামগ্ৰীসমূহৰ সৰবৰাহ কৰে আৰু যোগান শৃংখলডালক অক্ষত কৰি ৰাখে আৰু জৰুৰীকালীন সময়ত ৰাষ্ট্ৰখনলৈ সেৱা আগবঢ়াই যায়।

****

DJN/MKV/SB



(Release ID: 1713885) Visitor Counter : 131