স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

দেশখনৰ ক’ভিড পৰিস্থিতি উন্নত হোৱালৈকে ৰেমডেচিভিৰ ইনজেকশ্যন আৰু ৰেমডেচিভিৰ এক্টিভ ফাৰ্মাচিউটিকেল ইনগ্ৰেডিয়েন্ট (API) ৰ ৰপ্তানিত নিষেধাজ্ঞা কেন্দ্ৰৰ

ৰোগী আৰু চিকিৎসালয়সমূহে ৰেমডেচিভিৰ ৰ সহজ লাভ নিশ্চিতকৰণৰ অৰ্থে ভিন্ন পদক্ষেপ গ্ৰহণ কেন্দ্ৰৰ

Posted On: 11 APR 2021 5:25PM by PIB Guwahati

ভাৰতত শেহতীয়াভাৱে ক’ভিড ঘটনা বৃদ্ধি পাইছে। ১১-০৪-২০২১ অনুসৰি, সক্ৰিয় ক’ভিড ঘটনা হৈছে ১১.০৮ লাখ আৰু দ্ৰুতভাৱে ইয়াৰ বৃদ্ধি পাই আছে। ইয়াৰ পৰিপ্ৰেক্ষিতত ক’ভিডত আক্ৰান্ত ৰোগীসকলৰ চিকিৎসাত ব্যৱহাৰৰ অৰ্থে ৰেমডেচিভি ইনজেকশ্যনৰ চাহিদা হঠাৎ বৃদ্ধি পাইছে। আগন্তুক দিনসমূহত এই চাহিদা অধিক বৃদ্ধিৰ সম্ভাৱনা আছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ মেছাৰ্চ গিলিড চায়েন্সৰ সৈতে ভলন্টেৰী লাইচেন্সিং এগ্ৰিমেন্টৰ অধীনত সাতটা ভাৰতীয় কোম্পানীয়ে ৰেমডেচিভি ইনজেকশ্যন প্ৰস্তুত কৰি আছে। এইসমূহৰ সংস্থাপিত ক্ষমতা হৈছে প্ৰতি মাহে প্ৰায় ৩৮.৮০ লাখ ইউনিট।

এনে দৃষ্টিকোণেৰে, ভাৰত চৰকাৰে পৰিস্থিতি উন্নত হোৱালৈকে ৰেমডেচিভিৰ ইনজেকশ্যন আৰু ৰেমডেচিভিৰ এক্টিভ ফাৰ্মাচিউটিকেল ইনগ্ৰেডিয়েন্ট (API) ৰ ৰপ্তানিত নিষেধাজ্ঞা আৰোপ কৰিছে।

ইয়াৰোপৰি, ভাৰত চৰকাৰে ৰোগী আৰু চিকিৎসালয়সমূহে ৰেমডেচিভিৰ ৰ সহজ লাভ নিশ্চিতকৰণৰ অৰ্থে নিম্ন উল্লেখিত পদক্ষেপসমূহ গ্ৰহণ কৰিছেঃ

  1. ৰেমডেচিভিৰ ৰ সকলো ঘৰুৱা প্ৰস্তুতকাৰীকে ড্ৰাগ লাভ সুচলতৰ কৰিবলৈ তেওঁলোকৰ ৱেবচাইটত ষ্টকিষ্ট/বিতৰকৰ সবিশেষ প্ৰদৰ্শনৰ পৰামৰ্শ প্ৰদান কৰা হৈছে।
  2. ড্ৰাগ পৰিদৰ্শক আৰু আন বিষয়াবৰ্গক ষ্টক পৰীক্ষণ আৰু সেইসমূহৰ অপব্যৱহাৰ পৰীক্ষা আৰু গোপনে মজুত ৰখা আৰু চোৰাং কাৰবাৰ প্ৰতিৰোধ কৰিবলৈ আন ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশনা প্ৰদান কৰা হৈছে। ৰাজ্যিক স্বাস্থ্য সচিবসকলে সংশ্লিষ্ট ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ ড্ৰাগ পৰিদৰ্শকৰ সৈতে ইয়াৰ পৰ্যালোচনা কৰিব।
  3. ৰেমডেচিভিৰ ৰ উৎপাদন বৃদ্ধি কৰিবলৈ ফাৰ্মাচিউটিকেল বিভাগে ঘৰুৱা প্ৰস্তুতকৰ্তাসকলৰ সৈতে যোগাযোগ অব্যাহত ৰাখিব।

ভাৰত চৰকাৰে লগতে ৰাজ্যসমূহক এই পৰামৰ্শও প্ৰদান কৰে যে প্ৰমাণ ভিত্তিক ‘ক’ভিড-১৯ ৰ অৰ্থে ৰাষ্ট্ৰীয় ক্লিনিকেল ব্যৱস্থাপনা প্ৰট’কল’ ক বৰ্তমানে বিশেষজ্ঞ কমিটিসমূহৰ সৈতে বহু আলোচনাৰ পাছত যুগুত কৰি তোলা হৈছে আৰু ই হৈছে ক’ভিড-১৯ ত আক্ৰান্ত ৰোগীসকলৰ চিকিৎসাৰ অৰ্থে নিৰ্দেশক নথি। এই প্ৰট’কলত, ৰেমডেচিভিৰক এটা ইনভেষ্টিগেশ্যনেল থেৰাপী হিচাপে তালিকাভুক্ত কৰা হৈছে, অৰ্থাৎ ইয়াত বিস্তৃত নীতি-নিৰ্দেশনাখনিত উল্লেখিত প্ৰতিলক্ষণৰ ওপৰিও জ্ঞাত আৰু পাৰস্পৰিক সিদ্ধান্ত গ্ৰহণ হৈছে অতি প্ৰয়োজনীয়।

ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক এই পৰামৰ্শ প্ৰদান কৰা যায় যে এই পদক্ষেপসমূহৰ কথা পুনৰবাৰ ৰাজহুৱা আৰু ব্যক্তিগত উভয় খণ্ডৰ চিকিৎসালয়সমূহলৈ প্ৰেৰণ কৰা হ’ব আৰু সন্মতি নিৰীক্ষণ কৰা যাব।

****

MV/SB



(Release ID: 1711094) Visitor Counter : 217