স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

কৰ্মস্থলী (চৰকাৰী আৰু বেচৰকাৰী)ত ক’ভিডৰ টিকাকৰণ শিৱিৰ আয়োজনকলৈ নিৰ্দেশনা জাৰি কেন্দ্ৰৰ

২০২১ৰ ১১ এপ্ৰিলৰ পৰা কৰ্মস্থলীৰ টিকাকৰণ শিৱিৰসমূহত ৪৫বছৰ বয়স বা তাতকৈ ঊৰ্ধ্বৰ সকলো কৰ্মচাৰীৰ টিকাকৰণ কৰা হ’ব

Posted On: 07 APR 2021 7:02PM by PIB Guwahati

২০২১ৰ ১ এপ্ৰিলৰ পৰা ৪৫ বছৰ বয়স বা ইয়াৰ ঊৰ্ধ্বৰ সকলো নাগৰিকক ক’ভিড-১৯ৰ টিকাকৰণ অভিযানৰ অধীনত সামৰি লোৱাৰ লগতে কেন্দ্ৰ চৰকাৰে এই বয়সৰ নাগৰিসকলৰ বাবে ভেকচিন লোৱাটো অধিক সহজ কৰি তোলাৰ লক্ষ্যৰে এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে, য’ত অধিকসংখ্যক লোক অৰ্থনীতিৰ সংগঠিত খণ্ড আৰু কাৰ্যালয় (চৰকাৰী আৰু বেচৰকাৰী) তথা নিৰ্মাণ আৰু সেৱা খণ্ডত আনুষ্ঠানিক বৃত্তিৰ সৈতে জড়িত হৈ আছে৷

স্বাস্থ্য মন্ত্ৰালয়ে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক লিখিতভাৱে জনাইছে যে এতিয়াৰে পৰা প্ৰায় ১০০জন যোগ্য কৰ্মচাৰী আৰু ইচ্ছাপ্ৰকাশ কৰা হিতাধিকাৰী থকা কৰ্মস্থলী (চৰকাৰী আৰু বেচৰকাৰী)ত ক’ভিড-১৯ টিকাকৰণ শিৱিৰ আয়োজন কৰিব পাৰিব৷ এই প্ৰচেষ্টাত ৰাজ্যসমূহৰ সহায় কৰিবলৈ কেন্দ্ৰীয় স্বাস্থ্য সচিবৰ দ্বাৰা এক নিৰ্দেশনা প্ৰস্তুত কৰি ইতিমধ্যে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক অৱগত জনোৱা হৈছে৷ এই নিৰ্দেশনাসমূহে ৰাজ্য আৰু জিলা প্ৰগেম মেনেজমেণ্টক এনে কৰ্মস্থলী(চৰকাৰী আৰু বেচৰকাৰী)ত টিকাকৰণ পৰ্ব আয়োজনৰ প্ৰয়োজনীয় তথ্য আৰু নিৰ্দেশনা প্ৰদান কৰিব৷ ২০২১ৰ ১১ এপ্ৰিলৰ পৰা সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ কৰ্মস্থলীত এই শিৱিৰ আয়োজন কৰিব পাৰিব৷

ৰাজ্যসমূহক লগতে চৰকাৰী আৰু ব্যক্তিখণ্ডৰ নিয়োগকৰ্তা আৰু ব্যৱস্থাপকৰ সৈতে কৰ্মস্থলীত টিকাকৰণ শিৱিৰ শুভাৰম্ভণিৰ বাবে সাজু হ’বলৈ আলোচনা কৰিবলৈ পৰামৰ্শ দিয়া হৈছে৷

ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰ/কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰামৰ্শৰ সৈতে ধাৰাবাহিকভাৱে আলোচনা কৰি এইটো সুনিশ্চিত কৰা হৈছে যে এই টিকাকৰণ অভিযান যথেষ্ট ফলপ্ৰসূ আৰু গ্ৰহণযোগ্য তথা হিতাধিকাৰীসকলৰ বাবেও সুবিধাজনক৷

 

https://www.mohfw.gov.in/pdf/COVID19VaccineOG111Chapter16.pdf

https://www.mohfw.gov.in/pdf/GuidancedocCOWIN2.pdf

***

MV/DB



(Release ID: 1710296) Visitor Counter : 231