নতুন আৰু পুনঃনবীকৰণযোগ্য শক্তি মন্ত্ৰালয়
মন্ত্ৰীসভাই উৎপাদনৰে জড়িত উদগণি আঁচনি 'নেচনেল প্ৰগ্ৰেম অন হাই এফিচিয়েঞ্চী ছ'লাৰ পিভি মডিউলছ'ক অনুমোদন দিয়ে
प्रविष्टि तिथि:
07 APR 2021 3:54PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি হোৱা মন্ত্ৰীসভাৰ বৈঠকত নবীন তথা নবীকৰণীয় শক্তি মন্ত্ৰালয়ৰ উচ্চ দক্ষতাসম্পন্ন ছ'লাৰ পিভি (ফটো ভল্টিক) মডিউলত গিগা ৱাট (জিডব্লিউ) সক্ষমতাৰ নিৰ্মাণ ক্ষমতা আহৰণ কৰিবৰ বাবে উৎপাদনৰ সৈতে জড়িত উদগণি আঁচনি (পিএলআই) 'নেচনেল প্ৰগ্ৰেম অন হাই এফিচিয়েঞ্চী ছ'লাৰ পিভি (ফটো ভল্টিক) মডিউল'ৰ প্ৰস্তাৱক অনুমোদন দিয়া হৈছে। এই পৰিকল্পনাত ৪,৫০০ কোটি টকা ব্যয় হ'ব।
বৰ্তমান ছ'লাৰ ক্ষমতা সংবৰ্ধনৰ বাবে বৃহৎ পৰিমাণত আমদানীকৃত ছ'লাৰ পিভি চেলছ আৰু মডিউলছৰ ওপৰত নিৰ্ভৰশীল, কিয়নো ঘৰুৱা নিৰ্মাণ উদ্যোগৰ ওচৰত পৰিচালন যোগ্য ছ'লাৰ পিভি চেলছ আৰু মডিউলছৰ সীমিত ক্ষমতা আছিল। নেচনেল প্ৰগ্ৰেম অন হাই এফিচিয়েঞ্চী ছ'লাৰ পিভি (ফটো ভল্টিক) মডিউলৰ পৰা বিদ্যুতৰ দৰে মহত্বপূৰ্ণ ক্ষেত্ৰত আমদানীৰ ওপৰত নিৰ্ভৰশীলতা কম হ'ব। ই 'আত্মনিৰ্ভৰ ভাৰত' পদক্ষেপকো সমৰ্থন কৰিব।
ছ'লাৰ পিভি নিৰ্মাতাসকলক এক পাৰদৰ্শী প্ৰতিযোগিতামূলক নিবিদা প্ৰক্ৰিয়াৰ জৰিয়তে বাছনি কৰা হ'ব। ছ'লাৰ পিভি নিৰ্মাণ ব্যৱস্থাপনাৰ আৰম্ভণিৰ পাঁচ বছৰৰ বাবে পিএলআই প্ৰদান কৰা হ'ব আৰু ই উচ্চ দক্ষতাসম্পন্ন ছ'লাৰ পিভি মডিউলৰ বিক্ৰীৰ ওপৰত নিৰ্ভৰ কৰিব। নিৰ্মাতাসকলক উচ্চ দক্ষতাসম্পন্ন ছ'লাৰ পিভি মডিউলছৰ লগতে ঘৰুৱা বজাৰৰ পৰা সামগ্ৰী ক্ৰয় কৰিবলৈ লাভ দিয়া হ'ব। এনেদৰে পিএলআইৰ ৰাশি মডিউল এফিচিয়েঞ্চী বঢ়াৰ লগতে বাঢ়ি যাব আৰু ইয়াৰ ফলত স্থানীয় মূল্য সংবৰ্ধনো বাঢ়িব।
এই আঁচনিৰ জৰিয়তে হ'বলগীয়া আনুমানিক লাভ/পৰিণামঃ-
১৷ সমন্বিত ছ'লাৰ পিভি মেনুফেকচাৰিং প্লেণ্টছৰ সক্ষমতাত ১০,০০০ মেগাৱটৰ বৃদ্ধি হ'ব,
২৷ ছ'লাৰ পিভি মেনুফেকচাৰিং পৰিকল্পনাত ১৭,২০০ কোটি টকাৰ প্ৰত্যক্ষ বিনিয়োগ হ'ব,
৩৷ 'সামগ্ৰী সন্তুলন'ৰ বাবে পাঁচ বছৰৰ বাবে ১৭,৫০০ কোটি টকাৰ চাহিদা বৃদ্ধি পাব,
৪৷ প্ৰায় ৩০,০০০ মানুহে প্ৰত্যক্ষ কৰ্ম সংস্থাপন আৰু ১,২০,০০০ মানুহে পৰোক্ষ কৰ্ম সংস্থাপন লাভ কৰিব,
৫৷ বছৰি প্ৰায় ১৭,৫০০ কোটি টকাৰ আমদানী কৰিবলগীয়া নহ'ব আৰু
৬৷ উচ্চ দক্ষতাসম্পন্ন ছ'লাৰ পিভি মডিউলক আহৰণ কৰিবৰ বাবে গৱেষণা আৰু বিকাশ কাৰ্যত গতি আহিব।
********
DS
(रिलीज़ आईडी: 1710294)
आगंतुक पटल : 301
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Telugu
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Kannada