তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

৬৭ তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা; ছিকিমক চলচ্চিত্ৰৰ বাবে সবাতোকৈ অনুকূল ৰাজ্যৰ বঁটা

নন-ফিচাৰ ফিল্ম শাখাত শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা এন ইঞ্জিনীয়াৰ্ড ড্ৰীমলৈ, মাৰাক্কাৰ-আৰাবিক্কাদালিণ্টে-ছিমহামে লাভ কৰে শ্ৰেষ্ঠ কাহিনী চিত্ৰৰ বঁটা

মহৰ্ষিয়ে লাভ কৰে শ্ৰেষ্ঠ জনপ্ৰিয় মনোৰঞ্জনধৰ্মী ছবিৰ বঁটা; সামাজিক বিষয়ত শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা আনন্দি গোপাললৈ

কেশৰী ছবিখনত কণ্ঠদান কৰা ‘তেৰি মিট্টী’ শীৰ্ষক গীতৰ বাবে শ্ৰেষ্ঠ পুৰুষ পাৰ্শ্ব গায়কৰ সন্মান বি প্ৰাকলৈ; ওথ্থা চেৰুপ্পু চাইজ-৭ লৈ জুৰীৰ বিশেষ বঁটা

ধনুষ আৰু মনোজ বাজপেয়ীলৈ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান

মণিকৰ্ণিকা-দা কুইন অৱ জান্সী আৰু পাংগা ছবিৰ বাবে কংগনা ৰাণাৱটলৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান

Posted On: 22 MAR 2021 5:37PM by PIB Guwahati

আজি ঘোষিত হয় ৬৭ তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা জুৰীয়ে ২০১৯ বৰ্ষৰ বাবে আজি বিজয়ীসকলৰ নাম ঘোষণা কৰে। বঁটা ঘোষণাৰ পূৰ্বে অধ্যক্ষ আৰু অন্যান্য জুৰী সদস্যসকলে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী শ্ৰী প্ৰকাশ জাভড়েকাৰক সাক্ষাৎ কৰে আৰু তেওঁৰ হাতত পুৰস্কাৰৰ বাবে নিৰ্বাচিত তালিকা প্ৰদান কৰে। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ জুৰী মণ্ডলীত ভাৰতীয় চলচ্চিত্ৰ জগতৰ বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা আৰু চলচ্চিত্ৰ ব্যক্তিত্ব অন্তৰ্ভুক্ত আছিল। এই বঁটাসমূহ কেন্দ্ৰীয় পেনেলৰ অধ্যক্ষ শ্ৰী এন চন্দ্ৰা, নন ফিচাৰ ফিল্মছৰ জুৰীৰ অধ্যক্ষ শ্ৰী অৰুণ চাধ্ধা, সবাতোকৈ চলচ্চিত্ৰ অনুকূল ৰাজ্যৰ জুৰীৰ অধ্যক্ষ শ্ৰী চাজি এন কৰুণ আৰু চলচ্চিত্ৰৰ ওপৰত শ্ৰেষ্ঠ লিখন বিভাগৰৰ জুৰীৰ অধ্যক্ষ শ্ৰী চাইবল চেটাৰ্জীয়ে ঘোষণা কৰে।

 

নন-ফিচাৰ ফিল্ম শাখাত শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা লাভ কৰে এন ইঞ্জিনীয়াৰ্ড ড্ৰীম- শীৰ্ষক ছবিখনে, মাৰাক্কাৰ-আৰাবিক্কাদালিণ্টে-ছিমহামে লাভ কৰে শ্ৰেষ্ঠ ফিচাৰ ফিল্মৰ বঁটা। আনহাতে কস্তুৰী শীৰ্ষক ছবিখনে শ্ৰেষ্ঠ শিশু ছবিৰ সন্মান লাভ কৰাৰ লগতে শ্ৰীক্ষেত্ৰ-ৰু-চাহিজাতাই শ্ৰেষ্ঠ কলা আৰু সংস্কৃতি চলচ্চিত্ৰৰ বঁটা লাভ কৰিছে।

 

 

ছিকিমক চলচ্চিত্ৰৰ বাবে সবাতোকৈ অনুকূল ৰাজ্যৰ বঁটা প্ৰদান কৰা হৈছে। সাৱনী ৰবীন্দ্ৰই মাৰাঠী ছবি বাৰডোৰ ৰান পেটালা- শীৰ্ষক গীতৰ বাবে শ্ৰেষ্ঠ মহিলা পাৰ্শ্ব গায়কৰ সন্মান লাভ কৰিছে। গিৰীশ গংগাধৰনক মালায়ালম ছবি জাল্লিক্কেট্টুৰ বাবে শ্ৰেষ্ঠ চিনেমাটোগ্ৰাফীৰ বঁটা প্ৰদান কৰা হৈছে।

 

হিন্দী ভাষাত নিৰ্মিত ছবি হলি ৰাইটছ-এ লাভ কৰে সামাজিক বিষয়ৰ(নন ফিচাৰ শাখা) শ্ৰেষ্ঠ ছবিৰ সন্মান।

 

হিন্দী ভাষাত নিৰ্মিত ছবি ভোছলে-ত কৰা অনবদ্য অভিনয়ৰ বাবে মনোজ বাজপেয়ীলৈ আগবঢ়োৱা হয় শ্ৰেষ্ঠ অভিনেতাৰ সন্মান।

 

আনহাতে মণিকৰ্ণিকা-দা কুইন অৱ জান্সী আৰু পাংগা ছবি দুখনত কৰা অনবদ্য অভিনয়ৰ বাবে কংগনা ৰাণাৱটলৈ  আগবঢ়োৱা হয় শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান।

 

তামিল ছবি ছুপাৰ ডিলাক্সত কৰা অনবদ্য অভিনয়ৰ বাবে বিজয়া সেথুপথিলৈ আগবঢ়োৱা হয় শ্ৰেষ্ঠ সহ অভিনেতাৰ সন্মান।

হিন্দী ছবি দ্য টাচকেণ্ট ফাইলছত কৰা অনবদ্য অভিনয়ৰ বাবে পল্লৱী যোশীলৈ আগবঢ়োৱা হয় শ্ৰেষ্ঠ সহ অভিনেত্ৰীৰ সন্মান।

কেশৰী ছবিখনত কণ্ঠদান কৰা ‘তেৰি মিট্টী’ শীৰ্ষক গীতৰ বাবে শ্ৰেষ্ঠ পুৰুষ পাৰ্শ্ব গায়কৰ সন্মান আগবঢ়োৱা হৈছে বি প্ৰাকলৈ।

 

মালায়ালম ছবি কোলাম্বীৰ বাবে প্ৰভা বাৰ্মালৈ শ্ৰেষ্ঠ গীতিকাৰৰ সন্মান আগবঢ়োৱা হৈছে।

 

সঞ্জয় পুৰাণ সিং চৌহানলৈ শ্ৰেষ্ঠ পৰিচালকৰ সন্মান আগবঢ়োৱা হৈছে।

 

তামিল ছবি বিশ্বাসম-ৰ বাবে ডি. ইমানলৈ শ্ৰেষ্ঠ সংগীত পৰিচালকৰ সন্মান আগবঢ়োৱা হৈছে।

 

অসমীয়া ছবি ৰণুৱা-হু নেভাৰ ছাৰেণ্ডাৰলৈ শ্ৰেষ্ঠ ছবিৰ ৰজত কমল বঁটা আগবঢ়োৱা হৈছে।

 

চিচোৰে ছবিখনে হিন্দী ছবিৰ ৰজত কমল বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।

 

***********

KG


(Release ID: 1706811)