স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

‘সাৰ্বজনীন প্ৰাথমিক স্বাস্থ্যসেৱা খণ্ড’ত গুৰুত্বপূৰ্ণ মাইল খুঁটি অতিক্ৰম কৰিলে ভাৰতে

নিৰ্দ্ধাৰিত সময়সীমাতকৈ আগতেই সম্ভৱ কৰিলে ৭০,০০০ ‘আয়ুষ্মান ভাৰত- স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ’(এবি-এইচডব্লিউচি) কাৰ্যক্ষম কৰাৰ লক্ষ্য

‘এবি-আইচডব্লিউচি’-য়ে আগবঢ়োৱা স্বাস্থ্য সেৱা এই পৰ্যন্ত গ্ৰহণ কৰিছে প্ৰায় ৪১.৩৫কোটি লোকে

‘এইচডব্লিউচি’ সমূহত ৯.৪৫লাখৰো অধিক ‘টেলি-পৰামৰ্শ’ প্ৰদান কৰা হৈছে

Posted On: 21 MAR 2021 9:55AM by PIB Guwahati

‘সাৰ্বজনীন স্বাস্থ্যসেৱা খণ্ড’ত ভাৰতে আজি আৰু এটা গুৰুত্বপূৰ্ণ সাফল্য অৰ্জন কৰিবলৈ সক্ষম হয়। চলিত বৰ্ষ অৰ্থাত্ ২০২১চনৰ ৩১মাৰ্চৰ ভিতৰত দেশত ৭০,০০০টা ‘আয়ুষ্মান ভাৰত-স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ’(এবি-এইচডব্লিউচি) কৰ্যক্ষম কৰি তোলাৰ বাবে এক লক্ষ্য নিৰ্দ্ধাৰণ কৰা হৈছিল যদিও নিৰ্দ্ধাৰিত সময়সীমাৰ আগতেই এই লক্ষ্যত উপনীত হ’ব পৰা গ’ল।

ক’ভিড মহামাৰীয়ে সৃষ্টি কৰা সংকটৰ মাজতো কেন্দ্ৰ আৰু ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ চৰকাৰৰ মাজত অব্যাহত থকা উচ্চ পৰ্যায়ৰ সমন্বয়, পৰিকল্পনাৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা দূৰদৰ্শিতা, প্ৰক্ৰিয়াৰ মান উত্তৰণ আৰু সকলো পৰ্যায়ৰ মাজত অব্যাহত ৰখা নিয়মীয়া আলোচনা, যিয়ে সমৰ্থন আগবঢ়াব পৰা পৰ্যবেক্ষণ সম্ভৱ কৰাৰ লগতে উদ্ভৱ হোৱা বিভিন্ন সমস্যাৰ আশু সমাধান সম্ভৱ কৰি তোলাত সহায় আগবঢ়ায়। এই সাফল্যক প্ৰভৱশালী বিকেন্দ্ৰীকৰণ আৰু সহযোগিতামূলক যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ উত্কৃষ্ট নিদৰ্শন বুলিও উল্লেখ কৰিব পাৰি।

https://static.pib.gov.in/WriteReadData/userfiles/image/image001WNJ7.jpg

স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ, ইউপিএইচচি ছেইখাঝৌ, ক’হিমা

২০১৮ চনৰ এপ্ৰিল মাহত আনুষ্ঠানিকভাবে শুভাৰম্ভ কৰা ‘আয়ুষ্মান ভাৰত-স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ’(এবি-এইচডব্লিউচি)আঁচনিকে ভাৰতীয় জন-স্বাস্থ্যৰ ইতিহাসত নতুন অধ্যায়ৰে সূচনা কৰিছিল। ২০২২চনৰ ডিচেম্বৰ মাহৰ ভিতৰত দেশৰ চহৰ আৰু গ্ৰাম্যাঞ্চলত থকা ১,৫০,০০০ উপ-স্বাস্থ্য কেন্দ্ৰ আৰু প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰক ‘এবি-এইচডব্লিউচি’-লৈ ৰূপান্তৰিত কৰাৰ লক্ষ্য গ্ৰহণ কৰা হৈছে। এইসমূহ কেন্দ্ৰত বিস্তৃত পৰিসৰত প্ৰাথমিক স্বাস্থ্য সেৱা আগবঢ়োৱাৰ লগতে নিদানমূলক আৰু স্বাস্থ্য উত্তৰণমূলক সেৱা আগবঢ়োৱা হব। এই সেৱা নিতান্তই সাৰ্বজনীন, বিনামূলীয়া আৰু গ্ৰাম্য আৰু চহৰাঞ্চলৰ জন-জীৱনৰ ঘনিষ্ঠ হ’ব। এইসেৱাৰ জৰিয়তে জন-কল্যাণৰ প্ৰসংগত বিশেষ গুৰুত্ব আৰোপ কৰা হ’ব। দেশৰ প্ৰতিগৰাকী নাগৰিকৰে সু-স্বাস্থ্য সম্ভৱ কৰি তোলাৰ বাবে ভাৰতে গ্ৰহণ কৰা ‘ইউনিভাৰ্চেল হেল্থ কভাৰেজ’-ৰ সপোন বাস্তৱায়িত কৰাৰ বাবে এই কাৰ্যক্ৰমক অভিযানৰ ৰূপত ৰূপায়ণত গুৰুত্ব আৰোপ কৰা হৈছে।

এটি নতুন শ্ৰেণীৰ কৰ্মবাহিনীৰ সৈতে একোগৰাকী বিএছচি নাৰ্ছিং/বিএএমএছ ডিগ্ৰীধাৰী প্ৰশিক্ষণ প্ৰাপ্ত অনা-চিকিত্সক স্বাস্থ্যকৰ্মীক সমূহীয়া স্বাস্থ্য বিষয়া(চিএইচঅ’) হিচাপে নিযুক্তি দি এইসমূহ ‘এবি-এইচডব্লিউচি’ৰ স্বাস্থ্য-কৰ্মী আৰু ‘আশা’গোটৰ নেতৃত্ব অৰ্পণৰ ব্যৱস্থা কৰা হৈছে।

এইসমূহ কেন্দ্ৰত বৰ্তমানে থকা ‘প্ৰজনন আৰু শিশু-স্বাস্থ্য’(আৰএমএনচিএইচএ-এন) সেৱাৰ উপৰি সংক্ৰমণশীল ৰোগৰ চিকিত্সা সেৱাৰ পৰিসৰ বৃদ্ধি আৰু শক্তিশালী কৰাৰ লগতে কৰ্মৰত ‘এবি-এইচডব্লিউচি’সমূহে অ-সংক্ৰমণশীল ৰোগৰ চিকিত্সা সেৱা(এনচিডি)(এনচিডি-ৰ উচ্চ-ৰক্তচাপ, মধুমেহ আৰু মুখ, স্তন আৰু চাৰ্ভিক্সৰ দৰে তিনিবিধ সাধাৰণ কৰ্কতৰোগ)ৰ পৰীক্ষণ আৰু প্ৰবন্ধন সম্পৰ্কীয় সেৱাৰ সৈতে মানসিক স্বাস্থ্য, কাণ-নাক-ডিঙিৰ ৰোগ, চকু, মুখৰ ৰোগ, বৃদ্ধ বয়সৰ অসুস্থতা আৰু বেদনা-ৰহিত কৰিব পৰা আৰু দুৰ্ঘটনাৰ শুশ্ৰূষাকে ধৰি অন্যান্য প্ৰাথমিক স্বাস্থ্য সেৱা আগবঢ়োৱা হ’ব।

শুশ্ৰূষাৰ স্থলী অথবা কেন্দ্ৰ হিচাপে সকলো ‘চিপিএইচচি’ক নকৈ গঢ়ি তোলাৰ লক্ষ্যৰে ৰোগ বিশ্লেষণৰ বাবে বৰ্তমান থকা অত্যাৱশ্যকীয় তালিকাখন সম্প্ৰসাৰিত কৰা হৈছে। সেই অনুসৰি:

এইচএছচি-এইচডব্লিউচি: বৰ্তমানৰ ৭ৰ পৰা ১৪টা পৰীক্ষালৈ

পিএইচচি-এইচডব্লিউচি: বৰ্তমানৰ ১৯ৰ পৰা ৬৩টা পৰীক্ষালৈ বৃদ্ধি কৰা হৈছে।

সেইদৰে, অত্যাৱশ্যকীয় ঔষধৰ তালিকাখনো সম্প্ৰসাৰিত কৰা হৈছে। সেই অনুসৰি:

এইচএছচি-এইচডব্লিউচি: বৰ্তমানৰ ৫৭ৰ পৰা ১০৫টা ঔষধলৈ

পিএইচচি-এইচডব্লিউচি: বৰ্তমানৰ ১৭২ৰ পৰা ২৩২টা ঔষধলৈ বৃদ্ধি কৰা হৈছে।

https://static.pib.gov.in/WriteReadData/userfiles/image/image002X3YX.jpg

ঝাৰখণ্ডৰ ৰাঁচীৰ এইচডব্লিউচিত এমচিএইচ সেৱা

প্ৰাথমিক স্বাস্থ্যসেৱাৰ অতি গুৰুত্বপূৰ্ণ প্ৰভাগ হিচাপে সেৱা আহৰণ আৰু কল্যাণ সাধনৰ ক্ষেত্ৰত লিংগ সমতা স্থাপনৰ বিশেষ সম্ভাৱনীয়তা প্ৰদৰ্শন কৰিছে এই ‘এবি-এইচডব্লিউচি’সমূহে। আজি পৰ্যন্ত প্ৰায় ৪৩.৩৫কোটি লোকে এই ‘এবি-এইচডব্লিউচি’সমূহৰ জৰিয়তে স্বাস্থ্যসেৱা গ্ৰহণ কৰিবলৈ সক্ষম হৈছে। ইয়াৰে ৫৪%ই আক’ মহিলা।

https://static.pib.gov.in/WriteReadData/userfiles/image/image003Y207.jpg

চত্তিশগড়ৰ গড়াদিৰ এইচডব্লিউচিত এনচিডিৰ পৰীক্ষা

বিভিন্ন কাৰ্যক্ৰমৰ জৰিয়তে ‘এইচডব্লিউচি’সমূহে কল্যাণ আৰু সুস্থ জীৱনশৈলী নিশ্চিত কৰাতো গুৰুত্ব প্ৰদান কৰি আহিছে। এই পৰ্যন্ত এইসমূহ কেন্দ্ৰই দেশত ৬৪.৪টা কল্যাণ-সত্ৰ অনুষ্ঠিত কৰিছে। স্থানীয় প্ৰেক্ষাপট বিবেচনা কৰি ৰাজ্যসমূহে যোগ, স্থানীয় ক্ৰীড়া, জুম্বা(উত্তৰ পূৰ্বাঞ্চলত)আদিকে ধৰি বিভিন্ন কল্যাণ কাৰ্যক্ৰম অনুষ্ঠিত কৰি আহিছে। এইসমূহ কেন্দ্ৰই বছৰটোত ৩৯টা স্বাস্থ্য উত্তৰণ সম্পৰ্কীয় দিৱসো উদযাপন কৰি আহিছে।

https://static.pib.gov.in/WriteReadData/userfiles/image/image004TNLD.jpg

মিজোৰামৰ এইচডব্লিউচি-ত বৃদ্ধাৱস্থাৰ সেৱা

এই ‘এইচডব্লিউচি’সমূহৰ জৰিয়তে আগবঢ়োৱা সেৱাসমূহৰ ভিতৰত অন্যতম গুৰুত্বপূৰ্ণ সেৱা হৈছে নিবাৰণমূলক স্বাস্থ্যসেৱা। অঞ্চলসমূহৰ ত্ৰিশোৰ্ধ্ব ব্যক্তিসকলৰ শংকা-স্তৰবিন্যাস, ‘এনচিডি’-ৰ পৰীক্ষণ আদি সন্দৰ্ভত ‘আশা’ আৰু ‘এএনএম’ৰ দৰে স্বাস্থ্যকৰ্মীৰ জৰিয়তে সম্পাদন কৰা সমূহীয়া সমীক্ষাৰ ভিত্তিত তালিকা(চিবিএচি)যুগুতোৱা হয়। বহুদিনীয়া ৰোগত ভোগাসকলক চিকিত্সা দান কৰাৰ লগতে পৰৱৰ্তি পৰ্যায়ত তেওঁলোকৰ স্বাস্থ্যৰ বুজ লোৱাৰো দিহা কৰা হয়। এই পৰ্যন্ত দেশত ৯.১কোটি লোকৰ উচ্চ ৰক্ত-চাপৰ পৰীক্ষণ, ৭.৪কোটি লোকৰ মধুমেহৰ পৰীক্ষণ, ৪.৭কোটি লোকৰ মুখৰ কৰ্কট, ২.৪কোটি মহিলাৰ স্তন-কৰ্কট আৰু ১.৭কোটি লোকৰ ‘চাৰ্ভিকেল’ কৰ্কটৰ পৰীক্ষণ কৰা হৈছে।

https://static.pib.gov.in/WriteReadData/userfiles/image/image005VQ10.jpg

ঝাৰখণ্ডৰ ৰাঁচীৰ এইচডব্লিউচিত স্তন-কৰ্কট সন্দৰ্ভত পৰামৰ্শদান

‘এইচডব্লিউচি’সমূহৰ সেৱাৰ আন এক গুৰুত্বপূৰ্ণ প্ৰভাগ হৈছে ‘টেলি-পৰামৰ্শ দান সেৱা’। এই পৰ্যন্ত এইসমূহ কেন্দ্ৰৰ জৰিয়তে ৯.৪৫লাখ লোকলৈ বিভিন্ন ৰোগ সন্দৰ্ভত ‘টেলি-পৰামৰ্শ’ আগবঢ়োৱা হৈছে।

ক’ভিড মহামাৰীৰ কালছোৱাতো সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত এই ‘এবি-এইচডব্লিউচি’সমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

সম্প্ৰসাৰিত ৰূপত ‘এবি-এইচডব্লিউচি’সমূহৰ জৰিয়তে আগবঢ়োৱা সেৱাসমূহ হ’ল:

 

  1. গৰ্ভাৱস্থা আৰু প্ৰসৱোত্তৰ কালৰ সেৱা
  2. নৱজাতক আৰু শিশু স্বাস্থ্য সেৱা
  3. শিশু আৰু চেমনীয়াৰ স্বাস্থ্য সেৱা
  4. পৰিয়াল পৰিকল্পনা, গৰ্ভনিৰোধক সেৱা আৰু অন্যন্য প্ৰজনন সম্পৰ্কীয় স্বাস্থ্য সেৱা
  5. সংক্ৰমণশীল ৰোগৰ প্ৰবন্ধন-ৰাষ্ট্ৰীয় স্বাস্থ্য কাৰ্যক্ৰম
  6. সাধাৰণ অসুস্থতা আৰু সামান্য অসুখৰ বাবে সাধাৰণ বহিঃৰোগী সেৱা
  7. অ-সংক্ৰমণশীল ৰোগ আৰু যক্ষ্মা আৰু কুষ্ঠৰ দৰে দীৰ্ঘদিনীয়া সংক্ৰমণশীল ৰোগৰ পৰীক্ষণ, নিবাৰণ, নিয়ন্ত্ৰণ আৰু প্ৰবন্ধন
  8. বুনীয়াদি মৌখিক স্বাস্থ্য সেৱা
  9. মানসিক স্বাস্থ্যৰ অসুস্থতাৰ পৰীক্ষণ আৰু বুনীয়াদি প্ৰবন্ধন
  10. চকু আৰু কাণ-নাক-ডিঙিৰ সাধাৰণ সমস্যাৰ চিকিত্সা
  11. বয়োজ্যেষ্ঠ আৰু শান্তি-প্ৰদায়িনী স্বাস্থ্য সেৱা
  12. জুঁয়ে পোৰা আৰু দুৰ্ঘটনাজনিত জৰুৰীকলিন চিকিত্সা সেৱা

https://static.pib.gov.in/WriteReadData/userfiles/image/image00683PG.jpg

ঝাৰখণ্ডৰ বোকাৰোৰ আৰাজু ‘এইচডব্লিউচি’ত ‘ফাইলেৰিয়াছিছ’ৰ সমূহীয়া ঔষধ প্ৰদান কাৰ্যক্ৰম

এবি-এইচডব্লিউচি পৰ্টেলৰ তথ্যৰ আধাৰত ২০-০৩-২০২১ পৰ্যন্ত কাৰ্যক্ষম হোৱা এবি-এইচডব্লিউচিসমূহৰ সাফল্যৰ স্থিতি:

 

ক্ৰমিক নং

ৰাজ্যৰ নাম

২১-০৩-২০২১ পৰ্যন্ত কাৰ্যক্ষম হোৱা এবি-এইচডব্লিউচিসমূহ

1

আন্দামান আৰু নিকোবৰ দ্বীপপূঞ্জ

80

2

অন্ধ্ৰ প্ৰদেশ

3411

3

অৰুণাচল প্ৰদেশ

211

4

অসম

2212

5

বিহাৰ

1738

6

চণ্ডীগড়

28

7

চত্তিশগড়

2661

8

দাদ্ৰা আৰু নগৰ হাভেলী

60

9

দমন আৰু দিউ

30

10

গোৱা

102

11

গুজৰাট

5097

12

হাৰিয়াণা

725

13

হিমাচল প্ৰদেশ

741

14

জম্মু আৰু কাশ্মীৰ

1114

15

ঝাৰখণ্ড

1462

16

কৰ্ণাটক

5838

17

কেৰালা

2318

18

লাডাখ

89

19

লাক্ষাদ্বীপ

3

20

মধ্য প্ৰদেশ

6146

21

মহাৰাষ্ট্ৰ

8603

22

মণিপুৰ

180

23

মেঘালয়

248

24

মিজোৰাম

139

25

নাগালেণ্ড

218

26

ওড়িশা

1629

27

পুডুচেৰী

119

28

পাঞ্জাৱ

2550

29

ৰাজস্থান

2482

30

ছিক্কিম

62

31

তামিল নাডু

4286

32

তেলেংগাণা

1577

33

ত্ৰিপুৰা

291

34

উত্তৰ প্ৰদেশ

8223

35

উত্তৰাখণ্ড

661

36

পশ্চিম বংগ

4681

মুঠ

70015

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

*- আঁচনিখন দিল্লীয়ে ৰূপায়ণ কৰা নাই।

 

****

MV/SJ/KB



(Release ID: 1706535) Visitor Counter : 198