প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীক সাক্ষাৎ মার্কিন প্রতিৰক্ষা সচিব লয়ড জেমছ অষ্টিন তৃতীয়ৰ

Posted On: 19 MAR 2021 8:08PM by PIB Guwahati

ভাৰত ভ্ৰমণৰত মার্কিন প্রতিৰক্ষা সচিব লয়ড জেমছ অষ্টিন তৃতীয়ই আজি প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীক সাক্ষাৎ কৰে৷

এই উপলক্ষে অষ্টিনে প্রধানমন্ত্রী মোদীক ৰাষ্ট্রপতি বাইডেনৰ হৈ শুভেচ্ছা জ্ঞাপন কৰে৷

প্রধানমন্ত্রীয়ে দুয়োখন দেশৰ মাজত উষ্ণ আৰু নিবিড় সম্পর্কক আদৰণি জনায়৷ অভিন্ন গণতান্ত্রিক মূল্যবোধ, বহুস্তৰীয় আৰু নিয়মভিত্তিক প্ৰতিশ্ৰুতিক কেন্দ্ৰ কৰি এই সম্পর্ক গঢ় লৈ উঠিছে।

দুয়োখন দেশৰ মাজত কৌশলগত অংশীদাৰিত্বৰ বিষয়ত প্রধানমন্ত্রীয়ে তেওঁৰ পৰিকল্পনাৰ কথা অৱগত কৰে৷ ভাৰত–মার্কিন সম্পর্কত দ্বিপাক্ষিক প্রতিৰক্ষা সহযোগিতাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে৷ ৰাষ্ট্রপতি বাইডেনকো প্রতিৰক্ষা সচিবৰ জৰিয়তে শুভেচ্ছা জনাবলৈ অনুৰোধ জনায়৷

দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক প্রতিৰক্ষা সম্পর্কক আৰু অধিক সুদৃঢ় কৰাৰ বিষয়ত মার্কিন চৰকাৰৰ প্ৰতিশ্ৰুতি সম্পৰ্কে অষ্টিনে পুনৰ দোঁহাৰে৷ শান্তিপূৰ্ণ, সুস্থিৰ আৰু সমৃদ্ধ ভাৰত–প্রশান্ত মহাসাগৰীয় অঞ্চল গঢ় দিয়াৰ বাবে মার্কিন চৰকাৰ কৌশলগত অংশীদাৰিত্ব বৃদ্ধি কৰিবলৈ আগ্রহী বুলিও প্ৰধানমন্ত্ৰীক অৱগত কৰে মাৰ্কিন সচিবগৰাকীয়ে৷

*****

DS/AKJ/DB



(Release ID: 1706244) Visitor Counter : 165